অন্যযুগ/


ভেকুলী বৰষুণ

প্ৰাঞ্জল হাজৰিকা

জিভা ওলোটাই টোৰটোৰাই মাতিবলৈ

ল'ৰাটোক মাকে শিকালে

খোনা ভাল হ'ব

আৰু বেচেৰাই দাঁত কামোৰ খালে

খেতিয়কৰ ল'ৰা ।


অকস্মাৎ ভেকুলীবোৰ আকাশৰ পৰা সৰি পৰিছে

১৯৫৪ চন

১২ জুন

বাৰ্মিংহাম চহৰত ভেকুলী সৰিছে

সৰিয়েই সিহঁত পথাৰলৈ দৌৰিছে ।


এতিয়া এহাল সংগমৰত ভেকুলী ধৰি অনা হৈছে 

উৎস টোৰটোৰণি


মাহ হালধি সনা হৈ গৈছে ইতিমধ্যে ।

...

ফোন : ৯৪৩৫৯০৩৫৪৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ