অন্যযুগ/


নিত্যানন্দ মৰিছে

নীলাভ সৌৰভ


নিত্যানন্দই
তাৰ পষ্ট-মৰ্টেম ৰিপৰ্ট শুধৰাবলৈ
নগৰৰ হস্পিটেললৈ গৈছিল
অঞ্চলটোত চাঞ্চল্যৰ বতাহ

প্ৰতিদিনে
ঘৰলৈ অহা-যোৱা কৰিবলৈ খৰচ নথকা নিত্যানন্দই
 
কাছাৰিৰ দেৱালতে আউজি ৰাতি খেদি আছিল
কাগজ এডোখৰত তাৰ জীৱটো লাগি আছিল

কাছাৰিত এদিন সাংবাদিকে পাই কিবা সুধিলত
একো কব নোৱাৰি সি কেৱল কান্দিছিল

দিনৰ হিচাপ নাই
প্ৰতিদিনে সাৰ পাই উঠি সি দেখে কাছাৰিৰ সমুখত
মৃতকল্প মানুহৰ শাৰী লাগিছে

নগৰত মৰিলে চিকিৎসকে যাতে
 
ৰিপ
ৰ্টত শাৰীৰিক দুৰ্বলতাৰ হেতুকে 

মৰা বুলি নিলিখে
সেয়ে কাছাৰিৰ পৰা দুবাৰমান সি হস্পিটেললৈকো গৈছিল

কেইদিনমানৰ আগলৈকে
এইটো দেহাৰে সি পাঁচবিঘা মাটিত হাল বাইছিল

মৰাৰ আগতে পষ্টমৰ্টেম ৰিপৰ্ট শুধৰাবলৈ অহাত চিকিৎসকে তাক ধমকিয়াই ওভতাই পঠিয়াইছিল

মাটিৰ কাগজখন উলিয়াব পৰা হলে
নিত্যানন্দ নমৰে
খোজকাঢ়ি ঘূৰি গলহেঁতেন তিৰপালৰ তলৰ নতুন ঘৰলৈ

যাওঁতে ঘৈণীয়েকক সি কৈ গৈছিল
 
— হয় কাগজ নহয় মৰণ
ভোক লাগি থাকোঁতে সিদিনা
বুলডজাৰ আহি তাৰ মূৰত পৰিছিল
কিছুদিনৰ আগতে
ভাত খাই থাকোঁতে নদীয়ে মাটিডোখৰ ভাঙিছিল

যিবোৰ মানুহৰ বাবে ক্ষমতাই অক্সিজেন
তেনে মানুহ পাৰ কৰিবলৈ পুলিচে
কাছাৰি-মুখৰ শাৰী ভাঙি
 
ম্ৰিয়মাণ মানুহবোৰ ছাইড কৰি থাকোঁতে
 
নিত্যানন্দ জীয়াই আছিল

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ