অন্যযুগ/


প্ৰান্তত

বৰ্ণালী বৰা

 

 

এঙাৰ গিলা আকাশখনে কিছুমান কাহিনী পুহি ৰাখে

জুই ভালপোৱা মানুহবোৰে কাহিনীৰ আঁত বিচাৰি ফুৰোঁতে নিজেই একোটা কাহিনীৰ জুমুঠি হৈ পৰে

 

কাহিনীবোৰ বতাহত উৰে

কাহিনীবোৰ চোলাৰ জেপত নাচে

 

আঙুলিৰ মূৰত নিমখৰ দাম গণি সেয়া কোন আহে আৰু যায়

শতিকাজোৰা যাত্ৰা

এবোজা ভৰি

ভৰিত শিকলি

নকবা

নাচাবা

নাভাবিবা

 

কাহিনীৰো থাকে নিজা ইতিহাস

চুই চোৱাৰ, উৰি যোৱাৰ, মোহাৰি পেলোৱাৰ

 

কাহিনীৰ পম খেদি খেদি কাহিনীকেই হেৰুৱালোঁ

জীৱনৰ গান গাই জীৱনকেই পুতি থলোঁ

এতিয়া কত ঢাকি থওঁ ঘোপমৰা কলিজা

ত সামৰোঁ আঁজুৰি নিয়া দেহৰ আধাপোৰা চামৰা

ত !  


ঠিকনা : 

গৱেষক, অসমীয়া বিভাগ 

ডিব্ৰুগড় বিশ্ববিদ্যালয় 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ