অন্যযুগ/


চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম

° বুলজিৎ বুঢ়াগোহাঁই

 

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম গ্রহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে আকৰ্ষণীয় কেৰিয়াৰ গঢ়িব পাৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ, ক্লিনিক, ডায়েগনষ্টিক চেণ্টাৰ, লেবৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চিকিৎসকৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে।

চিকিৎসক হব খোজাসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনেজীৱবিজ্ঞান বিষয়টিৰ প্রতি আকৰ্ষণ থাকিব লাগিব, মানুহৰ প্রতি মৰম আৰু আচৰণ বুজি পোৱাৰ ক্ষমতা, অনুসন্ধিৎসু মন, কষ্টসহিষ্ণু দায়িত্বশীল, সূক্ষ্মদৰ্শী, সকলো শ্রেণীৰ মানুহৰ লগত কাম কৰিব পৰা দক্ষতা আদি৷

চিকিৎসা বিজ্ঞানৰ এম. বি. বি. এছ. (Bachelor of Medicine and Bachelor of Surgery) পাঠ্যক্রমৰ উপৰি চিকিৎসা বিজ্ঞানৰ আন কেইবাটাও পাঠ্যক্রম আছে। সেইবোৰৰ ভিতৰত বি.ডি.এছ., আয়ুৰ্বেদিক, মিঅপেথিক আদি উল্লেখযোগ্য

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম শিক্ষা গ্রহণ কৰিবৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজী প্রধান বিষয়ত সৈতে ৫০% নম্বৰ লাভ কৰি উত্তীৰ্ণ হব লাগে আৰু এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয়। এই পৰীক্ষাটো নামৰাষ্ট্রীয় যোগ্যতা তথা প্রৱেশ পৰীক্ষা (National Eligibility-cum-Entrance Test, NEET)  নীট (NEET) পৰীক্ষাত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিদ্যা (প্রাণীবিজ্ঞান আৰু উদ্ভিদবিজ্ঞান)ৰ প্রশ্নকাকতত মুঠ ১৮০টা প্রশ্ন থাকে৷ প্রতিখন প্রশ্ন কাকতত ৪৫ টাকৈ প্রশ্ন থাকে৷ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভর্তিৰ প্রৱেশ পৰীক্ষা নীটৰ জৰিয়তে দেশব্যাপী শিক্ষার্থীসকলক বাছনি কৰা হয়৷ উল্লেখ্য যে এম. বি. বি. এছ. (M.B.B.S.) বি. ডি. এছ (Bachelor of Dental Sciences)-ৰ লগতে বি. এ. এম. এছ. (Bachelor of Ayurvedic Medicine and Surgery), বি. এছ. এম. এছ. (Bachelor of Siddha Medicine and Surgery), বি. ইউ. এম. এছ. (Bachelor of Unani  Medicine and Surgery) আৰু বি. এইচ. এম. এছ. (Bachelor of Homeopathic Medicine and Surgery) পাঠ্যক্রমতো  নীট পৰীক্ষাৰ যোগেদি নামভর্তিৰ বাবে বাছনি কৰা হয়। সৰ্বভাৰতীয় ১৫% আসন এই কেন্দ্রীয় প্রতিষ্ঠানবোৰৰ বাবে সংৰক্ষিত আৰু বাকী ৮৫% আসনত ৰাজ্যসমূহৰ চিকিৎসা মহাবিদ্যালয়য়বোৰত কাউন্সেলিঙৰ যোগেদি নামভৰ্তি হয়। নীট (NEET) পৰীক্ষাৰ সবিশেষ ৱেবছাইট (https://neet.nta.nic.in)-ত চাব পাৰে।

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম (MBBS) পঢ়াৰ সুবিধা থকা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰ হল- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী (http://www.gmchassam.gov.in); অসম চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড় (https://amch.edu.in); শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ(http://smcassam.gov.in); যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট (https://jorhatmedicalcollege.in/jmch) ; ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা (https://www.faamcassam.co.in); তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ (http://www.tmcassam.org), ডিফু চিকিৎসা মহাবিদ্যালয় (https://www.dmcassam.in) আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (https://lmchassam.org)

চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত স্নাতকোত্তৰ অধ্যয়নৰ সুবিধা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰত আছে। স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হল -Anaesthesiology, Anatomy, Bio-Chemistry, Dermatology, ENT, FSM, Medicine, Microbiology, Obst. & Gynae, Ophthalmology, Orthopaedics, Paediatrics, Pathology, Pharmacology, Physiology, Psychiatry, Radiology, Radiotherapy, SPM, Surgery আদি। স্নাতকোত্তৰ অধ্যয়নৰ সুবিধা থকা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰ হল- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী; অসম চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ আৰু  যোৰহাট চিকিৎসা মহাবিদ্যালয়,  যোৰহাট।

শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয় (www.ssuhs.in) ৰ অধীনত চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান,তেজপুৰ(https://www.lgbrimh.gov.in)-ত থকা তিনিবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রমটো হ–Psychiatry আৰু ইয়াত আসনৰ সংখ্যা ১১ খন।

অসমৰ ডিব্রুগড়ত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্র(http://rmrcne.org.in)ত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

অসমত বি.ডি.এছ. (B.D.S.) পাঠ্যক্রম পঢ়াৰ সুবিধা আছে । অসমৰ  দন্ত   চিকিৎসা মহাবিদ্যালয়বোৰ হল - আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী; চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ আৰু  ডিব্ৰুগড় দন্ত চিকিৎসা মহাবিদ্যালয় । আঞ্চলিক দন্ত মহাবিদ্যালয়ত স্নাতকোত্তৰ(M.D.S.) অধ্যয়নৰ সুবিধাও আছে।

অসমৰ গুৱাহাটীত থকা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়(https://gacassam.webs.com)-ত আয়ুৰ্বেদিকৰ স্নাতক পাঠ্যক্রম (B.A.M.S.) পঢ়াৰ সুবিধা আছে  আৰু ইয়াত আসনৰ সংখ্যা ৫০ খন । ইয়াত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রম পঢ়া সুবিধা আছে আৰু ইয়াত আসনৰ সংখ্যা ১২ খন।

হোমিঅপেথিকৰ স্নাতক (BHMS) পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব  পৰা সুবিধা অসমত আছে । শিক্ষানুষ্ঠান কেইখন হল : অসম হোমিঅপেথিক চিকিৎসা মহাবিদ্যালয়,নগাঁও(http://ahmch.in); শ্বহীদ যাদৱ নাথ হোমিঅপেথিক চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী ; ডাঃ জে. এন. শইকীয়া হোমিঅপেথিক চিকিৎসা মহাবিদ্যালয়,যোৰহাট (http://www.hmcjorhat.in)  তিনিওখন মহাবিদ্যালয়ৰ প্রত্যেকতে  আসনৰ সংখ্যা ৫০ খন।

ভাৰতৰ যি কোনো চিকিৎসা বিশ্ববিদ্যালয়/মহাবিদ্যালয়/শিক্ষানুষ্ঠানত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি লব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- নীট (https://neet.nta.nic.in), ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (https://www.nmc.org.in),স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয় (https://www.mohfw.gov.in),  চিকিৎসাৰ কাউন্সেলিং কমিটি (https://www.mcc.nic.in),ভাৰতীয় চিকিৎসা কেন্দ্রীয়  পৰিষদ (https://www.ccimindia.org), ভাৰতীয় দন্ত পৰিষদ (https://dciindia.gov.in)আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হলেই নহব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে,সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হব লাগিব । অসমত বহুতো অস্বীকৃতিপ্ৰাপ্তি মেডিকেল শিক্ষানুষ্ঠান আছে  । বিদেশৰ ডাক্তৰী ডিগ্ৰী লোৱা সকলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (National Medical Commission, https://www.nmc.org.in)ৰ স্ক্ৰিনিং পৰীক্ষাত উত্তীৰ্ণ হলেহে ভাৰতত প্ৰেকটিচ কৰিব পাৰিব৷

ছাত্র-ছাত্রী তথা অভিভাৱকসকলে অসমত চিকিৎসা বিজ্ঞানৰ বিভিন্ন  পাঠ্যক্রমৰ সবিশেষ জানিবলৈ অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in) আৰু অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট (https://dme.assam.gov.in)   চাব পাৰে।

চিকিৎসা বিজ্ঞানৰ  শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি লাভ কৰিব পাৰে৷ চৰকাৰী চিকিৎসালয়, ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, ক্লিনিক, ডায়েগনষ্টিক চেণ্টাৰ, লেবৰেটৰী, শিক্ষানুষ্ঠান, উদ্যোগ, অনাথাশ্ৰম, বৃদ্ধাশ্রম তথা চিকিৎসা বিষয়ৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGO বোৰেও চিকিৎসকক নিযুক্তি দিয়ে । চিকিৎসা মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও চিকিৎসক এগৰাকীয়ে ইচ্ছা কৰিলে স্বাধীনভাবেও চিকিৎসা সেৱা আগবঢ়াব পাৰে। 


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ