অন্যযুগ/


ছিষ্টেম

গীতাঞ্জলি বৰকটকী


পৃথিৱীখন এটা ছিষ্টেমতে ঘূৰি আছে

ছিষ্টেমৰ  কক্ষপথত তৰপে তৰপে
মামৰৰ চামনি
 
ধনেই ধৰ্মৰ মূল, নহ’লেই যায় জাতি-কুল...
ছিষ্টেমত লিখা আছে

পৰ্বতৰ গুহাৰ পৰা মহাকাশত বিচৰণ
তথাপি ছিষ্টেমৰ  কক্ষপথত বহুতো কৃষ্ণগহ্বৰ

পুতিব নোৱাৰি

ভাৰ্ছুৱেল পৃথিৱীৰ দুৱাৰ খোল খায়
দাতা অনত
অন্যথাই ছিষ্টেমৰ বিচ্যুতি

অথচ  হাঁহি উঠাকৈ ছিষ্টেমৰ চাবি-কাঠি  আমাৰেই হাতত ন্যসত

গছৰ পৰা গুটি
গুটিৰ পৰা গছ
এটা ছিষ্টেম 


কাউৰীয়ে বাহ সাজিব নাজানি কুলিৰ বাহত  কণী পৰাটো
এটা ছিষ্টেম! 
 
পোহৰৰ সিপিঠিতে অন্ধকাৰ

বৰঘৰৰ ল’ৰাই বৰপীৰাত বহে
ছিষ্টমতে বন্ধা আছে
চিন্তামণি চোৰ হ’লেও বৰঘৰৰ
ছিষ্টেমত বন্ধা খাটিব নালাগে

শিয়ালে নীলপানীত জোবোৰা মাৰি
ৰজা হয়

ছিষ্টেমৰ বাটত প্ৰকাণ্ড গাঁত
পিছলি নপৰাকে কিমান দূৰ আগুৱাম

উজুটিত ভাগে দাঁত তেজত বেদনাৰ উত্তাল

ছিষ্টেমে একলব্যৰ পৰা গুৰুদক্ষিণা বিচাৰে
আৰু কৰ্ণ পৰিচয়হীন হয় 
অগ্নিপৰীক্ষাৰ জুই জ্বলিয়ে আছে

মেৰিয়াইছে ছিষ্টেমৰ আৰোৱানে 
ঘৰৰ মজিয়াতে বিহলঙনি গজিছে

শামুকৰ খোলাৰ শূন্যতাত 
মৰি আহে আমাৰ  বিশ্বাস

কছ্ থিটা, ছাইন্ থিটাৰ দৰেই মগজুত দোলা দি আছে 
ছিষ্টেমে৷

 
ঠিকনা :

বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়৷
নামৰূপ৷ ছেক্টৰ চি৷
জিলা: ডিব্ৰুগড়৷ অসম৷
দূৰভাষ: ৮৬৩৮৫২২৩৮৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ