অন্যযুগ/


তোমালোকৰ হাতবোৰ

ঋতুবাস্তৱ হাজৰিকা


তোমালোকৰ হাতবোৰে কাৰ পৰা শিকিছে নকঁপাৰ মন্ত্ৰ

শিলৰ দৰে কঠিনকৈ কিহেৰে গঢ়িছা হাতবোৰ

ক’ৰ পৰা আমদানি কৰিছা ৰূঢ়তা


দেখিলেই কঁপি উঠা একোটা ঘটনা

তোমালোকৰ হাতবোৰে সহজ কৰি পেলায়

চকুৰ পছাৰতে ছুৰীকাঘাত

চকুৰ পছাৰতে বলাৎকাৰ

তথাপি নিৰ্বিকাৰ !


তোমালোকৰ নকঁপা হাতবোৰ দেখি

মোৰ সমগ্ৰ শৰীৰ কঁপি উঠে

শুকাই আহে জিভাৰ পানী


সেই নিষ্ঠুৰ হাতবোৰ দেখি

মই মোৰ হাত দুখন চুই চাওঁ


মাজে মাজে মোৰো ভয় হয়

কিজানি মোৰো হাত দুখন

তোমালোকৰ হাতবোৰৰ দৰেই হয় 


ঠিকনা :
গোলাঘাট
ফোন : ৯৩৬৫৫৩২২২৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ