অন্যযুগ/


গছ

 গীতুমণি তালুকদাৰ

 

মই প্ৰাতঃকালতে দেখিছিলোঁ

বতাহৰ ডাল আৰু পোহৰৰ ফুলেৰে ভৰুণ এজোপা গছ;

ত প্ৰতিপাহ ফুলেই

আপোনপেটীয়া আৰু চকুচৰহাৰ মনৰ পৰা খান্দি উলিয়ায় অন্ধকাৰ,

প্ৰতিটো ডালেই নিৰ্মল সুৱাসেৰে ভৰাই তোলে চৌদিশ৷

 

দুপৰৰ বেলিটো মূৰত লৈ

গৰম হয় জুৰ বতাহ

জ্বলিবলৈ ধৰে ডাল

 

ফুলবোৰৰ পৰা সৰা চকুলো গধুৰ, যেন ভাৰাক্ৰান্ত

অৱকাশ, অপূৰ্ণতা, চেষ্টাবিহীনতাৰ দ্বাৰা৷

 

অস্তিত্বত বুৰ যাবলৈ যেতিয়া খুলি দিলোঁ

দুৱাৰ-খিৰিকী

গছডালত নাছিল এপাহো ফুল

গছডালে কাঢ়িছিল হুমুনিয়াহ

আধাপোৰা ডালবোৰ লৈ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ