অন্যযুগ/


বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক


()


সময়ৰ লগে লগে মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গল৷

মহেশ পূৰ্বতকৈও বেছি সাহসী হৈ উঠিল৷ একে সময়তে মানুহৰ সততা আৰু শঠতাৰ মাজৰ পাৰ্থক্যও মহেশে বেছিকৈ বুজিব পৰা হৈ আহিল৷

সভাসদসকলেই নহয়, মাজে সময়ে মহেশৰ বাক্‌পটুতা আৰু বুদ্ধিৰ ওচৰত স্বয়ং শ্বাহেনশ্বাহ আকবৰো জব্দ হবলৈ ধৰিলে৷ মহেশৰ তীব্ৰ বিদ্ৰুপ ভৰা বাক্য একোটাই আকবৰৰ কাম-কাজৰ বিসঙ্গতিকো ধৰা পেলাবলৈ সক্ষম হল৷

সাধাৰণ ৰজা হোৱা হলে মহেশক কোনোবাদিনা আকবৰে হত্যাই কৰালেহেঁতেন; কাৰণ আকবৰ মহেশৰ কথা-কাণ্ডৰপৰা মাজে মাজে লজ্জিত হবলৈ বাধ্য হৈছিল৷ মাজে মাজে তেওঁ মহেশক এৰাই চলিবলৈও যত্ন কৰিছিল৷

কিন্তু আকবৰ আছিল উদাৰ আৰু গুণীৰ গুণ বুজা লোক৷ তেওঁ জানিছিল যে ফটা কঁথাতহে সোণ থাকে৷

এতেকে দেখিবলৈ বৰ সুন্দৰ নাছিল যদিও মহেশৰ মনৰ সুন্দৰতা আৰু জ্ঞানৰ গভীৰতা লক্ষ্য কৰি আকবৰে মহেশক নতুন নাম এটাৰে বিভূষিত কৰিলে : বীৰবল৷ অৰ্থাৎ জ্ঞানীলোক৷

কালক্ৰমত মহেশ নামটো তল পৰিল৷ সকলোৱে মহেশক বীৰবল বুলিহে চিনি পোৱা হল৷

 

(৩)

মাজে মাজে এনেকুৱা ঘটনা একোটা ঘটে যে বীৰবলক শ্বাহেনশ্বাহে বেয়া পাই যায়৷ তেতিয়া দৰবাৰৰপৰা বীৰবলক বাহিৰ কৰি দি সম্ৰাটে কয় :

: তুমি ওলাই যোৱা বীৰবল৷ আৰু কোনোদিনে মই তোমাৰ মুখ চাব নোখোজো৷

বীৰবল ওলাই আহে৷ কেইদিনমান নিজৰ ঘৰতে সোমাই থাকে৷ দুদিনমানৰ মূৰত শ্বাহেনশ্বাহৰ কটকী আহি কয়হি,

: মন্ত্ৰীবৰ, আপোনাক শ্বাহেনশ্বাহে দৰবাৰলৈ মাতিছে৷

বীৰবল এনেভাৱে দৰবাৰ পায়গৈ যেন তেওঁ নোৱৰাতহে গৈছে! তেতিয়া শ্বাহেনশ্বাহে ধন-সোণৰ উপহাৰ দি বেয়া নাপাবলৈ ওভোটাই বীৰবলকহে খাটনি জোৰে৷

বীৰবলে মনৰ ভিতৰতে হাঁহি এটা মাৰে৷ কোনেও নেদেখে৷

 

()

ভাৰতবৰ্ষৰ নিচিনা প্ৰকাণ্ড দেশ এখন চলোৱা মুখৰ কথা নেকি? নহয়৷ শ্বাহেনশ্বাহ আকবৰৰো দেশ চলাই চলাই মাজে মাজে ভাগৰ লাগে৷ ভাগৰ পলুৱাবলৈ তেওঁ যমুনা নৈৰ পাৰত এটা চালে চকু ৰোৱা মনোৰম ভৱন নিৰ্মাণ কৰিলে আৰু তাতে মন ভাল লগাব পৰা গান-বাজনাকে ধৰি সকলো ব্যৱস্থা কৰি ললে৷

মাজে মাজে ৰাজ কাৰেঙৰ পৰা গৈ পাত্ৰ-মন্ত্ৰীৰ সৈতে তেওঁ কেইটামান দিন তাতে কটায়গৈ৷ সেই কেইদিন ৰাজ্যশাসনৰ একো কথাকে তেওঁ চিন্তা নকৰে– তেহেলৈ বামুণেই মৰক বা লগুণেই ছিগক৷ যমুনাৰ পানী চুই বৈ যোৱা শীতল মলয়াই যেতিয়া সেই ভৱনত বাদশ্বাহৰ শৰীৰ জুৰ পেলায় তেতিয়া তেওঁ হৈ পৰে জগতৰ আটাইতকৈ সুখী মানুহজন৷

সেই কেইদিন প্ৰজাসকলৰ যি আহি যিহকে বিচাৰে শ্বাহেনশ্বাহে তাকে দিয়ে; কাকো বিমুখ নকৰে৷ সুখী হওক৷ চব সুখী হওক৷

তেনে দিন এটাৰে ঘটনা৷ মজলিছ চলি আছে৷ উপস্থিত সকলোৱে শ্বাহেনশ্বাহৰ সৈতে আনন্দত ভাগ লৈছে৷ বীৰবলে মন কৰিলে, তো যেন কোনো মানুহৰ কোনো সমস্যা নাই; কাৰো যেন অসুখ বিসুখ, অকাল মৰণ হোৱা নাই!

এনে আনন্দ উলাহ ভাল নাপালেও বীৰবলে শ্বাহেনশ্বাহৰ বিৰোধিতা নকৰে৷ ৰজা-মহাৰজাসকলৰ বিভিন্ন ধৰণৰ খেয়াল-খুচি থাকে৷ থাকিবই৷

হঠাৎ মহাৰাজে সোঁহাতখন দাঙিলে৷ গান-বাজনা বন্ধ হল৷ সভাসদসকল সাৱধান হবতো নোৱাৰি সম্ৰাটৰ খঙেই উঠিছে নে তেওঁৰ মনত নতুন প্ৰশ্নৰে উদয় হৈছে৷

আকবৰে মাৰ্বলৰ মজিয়াত তুলিকা এডালেৰে এডাল আঁচ টানিলে৷ সকলোৱে তেওঁৰ প্ৰশ্ন শুনিবলৈ উৎকৰ্ণ হৈ ৰল৷ বীৰবলো৷

: শুনা সভাসদগণ! বজ্ৰৰ দৰে কঠোৰ মাতেৰে আকবৰে ঘোষণা কৰিলে,

: এই ৰেখাডাল চুটি কৰি দিব লাগে৷ কিন্তু কোনেও ইয়াৰ সামান্য অংশও মচিব নোৱাৰিব৷

ইজনে সিজনৰ মুখলৈ চালে আৰু তলমূৰ কৰিলে৷ আটায়ে৷ বীৰবলে কিন্তু কেৱল ৰেখাডাললৈ চায়েই তধা লাগি ৰল৷ আকবৰে সুধিলে, সভাসদসকল! পাৰিবনে? কোনেও মূৰ তুলি চাবলৈ সাহস নকৰিলে৷

সম্ৰাটে আকৌ কলে, যিসকলে নোৱাৰে নিজৰ নিজৰ হাত দাঙক৷

দাঙো নাদাঙোকৈ সভাসদসকলে ইখনৰ পাছত সিখনকৈ হাত দাঙি গল৷ সম্ৰাটে দেখিলে, কেৱল বীৰবলৰ বাহিৰে বাকী আটায়ে হাত দাঙিলে৷

গোঁফকোছাৰ তলেদি মিহি হাঁহি এটা মাৰি আকবৰে বীৰবলক সুধিলে,

: বীৰবল! তুমিযে হাত নাদাঙিলা?

বীৰবলে একো নকলে৷ কেৱল দুয়োখন হাত যোৰ কৰি সম্ৰাটক শ্ৰদ্ধা-সম্ভাষণ জনালে আৰু সম্ৰাটৰ সন্মুখৰ ৰঙৰ টেমি এটাৰপৰা তুলিকা এডালত ৰং অকণ লৈ সম্ৰাটে অঁকা আঁচডালৰ ওচৰতে আন এডাল দীঘল আঁচ টানিলে৷

হয়৷ সম্ৰাটে অঁকা আঁচডাল চুটি হৈ গল৷

বীৰবলে তুলিকাডাল থৈ পুনৰ শ্বাহেনশ্বাহক নমস্কাৰ জনাই নিজৰ আসনত বহিলহৈ৷ মুখেৰে তেওঁ এষাৰো কথা নকলে৷

হঠাৎ আকবৰে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে৷ লগে লগে ক্ৰমশঃ বাকীসকল সভাসদেও৷

বীৰবলে থিয় হৈ পুনৰ সকলোকে সম্ভাষণ জনালে৷

()

এদিন ৰাজদৰবাৰত শ্বাহেনশ্বাহে সমজুৱাসকললৈ এটা প্ৰশ্ন নিক্ষেপ কৰিলেআটাইতকৈ প্ৰিয় কি বা কোন?

বিভিন্নজনে বিভিন্ন উত্তৰ দিলে৷ সৰহ সংখ্যকে কলে যে মাক-দেউতাকৰ বাবে সন্তানতকৈ প্ৰিয় আৰু একো হব নোৱাৰে৷ এই কথাষাৰ বাদশ্বাহৰ মনঃপুত হল৷

পিছে বীৰবলৰ মুখখন দেখি সম্ৰাট আচৰিত হবীৰবলে যেন এই উত্তৰটো মানি লব পৰা নাই৷ এনেকুৱা লাগিল আকবৰৰ৷ তেওঁ সুধিলে,

: কি হেবীৰবল? নিজে উত্তৰ দিব নোৱাৰিলা নাই৷ আনৰ উত্তৰটোক লৈও তুমি সন্তুষ্ট হব পৰা নাই যেন লাগিছে কিয়?

বীৰবলে হাতযোৰ কৰি কলে,

: জাহাপনা! মোৰ মনত উত্তৰ এটা জন্ম হৈছে ঠিকেই; কিন্তু সৰহভাগৰে মতৰ আগলৈ ওলাবলৈ সি লাজ কৰিছে৷

: কোৱাঁ কোৱাঁ৷ নিৰ্ভয়ে কোৱাঁ৷ বাদশ্বাহে কলে৷

: জাহাপনা! বীৰবলে কবলৈ ধৰিলে, মোৰ উত্তৰটো আপুনি হয়তো ভাল নাপাব৷ কিন্তু মোৰ মতে সকলোৰে আটাইতকৈ প্ৰিয় বস্তু নিজৰ প্ৰাণটোহে৷

বাদশ্বাহে চকু ঘোপা কৰি বীৰবললৈ চালে আৰু সুধিলে৷

: তুমি তোমাৰ মত প্ৰমাণ কৰিব পাৰিবানে?

: যত্ন কৰিম জাহাপনা৷ বীৰবলে সবিনয়ে কলে৷

পাছদিনা বীৰবলে জাহাপনা আৰু পাত্ৰ-মন্ত্ৰীসকলক লৈ চিৰিয়াখানাত সোমালগৈ৷ ঘূৰি পকি এটা সময়ত তেওঁলোকে দুটা পোৱালিৰ সৈতে খেলি থকা বান্দৰী এজনী দেখিলে৷ বীৰবলে জাঁপ মাৰি গৈ মাকজনীৰ পৰা পোৱালি দুটা কাঢ়ি দ গাঁত এটাত পেলাই দিলে আৰু লগে লগে কৰবাৰপৰা দুজন কৰ্মী আহি গাঁতটোত পানী ঢালিবলৈ ধৰিলে৷

সম্ৰাটে বীৰবলক তিৰস্কাৰ কৰিলে : ই কেনে ব্যৱহাৰ বীৰবল? বন্য পশুৰ ওপৰত তোমাৰ এনে নিৰ্দয় আচৰণ কিয়?

বীৰবলে নামাতিলে৷ তেওঁ কেৱল কৰ্মী দুজনক পানী ঢালি থাকিবলৈ ইঙ্গিত দি থাকিল৷

সম্ৰাটে ভাবিলে, ই নিশ্চয় বীৰবলৰ কিবা নাটকেই হব৷ নাটকখন শেষলৈ চাবলৈ তেওঁ সাজু হল৷

মাক বান্দৰীজনীয়ে দেখিলে যে তাইৰ পোৱালি দুটা মৰিব এতিয়া! লগে লগে তাই নিজেও গাঁতটোত জাঁপ দিলে আৰু পোৱালি দুটাক উদ্ধাৰ কৰিবলৈ যত্নপৰ হল৷

সঙ্গোপাঙ্গসকলে কলে,

: দেখিছে জাহাপনা? পুত্ৰ-কন্যাৰ সমান প্ৰিয় যে কোনো নাই ইয়েই প্ৰমাণ৷

: বীৰবল! সম্ৰাটে কলে, সন্তানতকৈ প্ৰিয় আৰু আন কোনো হব নোৱাৰে৷

বীৰবলে কৰ্মী দুজনক পানী ঢালিয়েই থাকিবলৈ নিৰ্দেশ দি থাকি কলে,

: নাটকখনৰ শেষ দৃশ্যটো চাই লওকচোন জাহাপনা!

আকবৰে দেখিলে, বান্দৰীজনীয়ে পোৱালি দুটাক নিজৰ মূৰৰ ওপৰত তুলি ৰক্ষা কৰিব খুজিছে৷ ইফালে বীৰবলৰ নিৰ্দেশত কৰ্মীদ্বয়ে গাঁতটোত পানী ভৰায়েই  আছে৷

এটা সময়ত বান্দৰীজনী নিজেও ঠাৱৰিব নোৱৰা হল৷ পোৱালি দুটাক ৰক্ষা কৰাৰ চেষ্টা বাদ দি এইবাৰ তাই নিজে গাঁতটোৰপৰা পাৰলৈ উঠিবলৈ যত্ন কৰিবলৈ ধৰিলে৷

বীৰবলৰ নিৰ্দেশত কৰ্মী দুজনে পানী ঢলা বন্ধ কৰিলে আৰু মাক আৰু পোৱালি তিনিওকে উদ্ধাৰ কৰি পাৰলৈ তুলিলে৷

বীৰবলে সম্ৰাটক সুধিলে : জাহাপনা, সন্তানতকৈ প্ৰিয় একো নাই বুলি এতিয়াও আপুনি ভাবেনে?

আকবৰে বীৰবলৰ মত দ্বিধাহীনভাৱে মানি ললে৷ বাকীসকলক সভাসদেও৷

(৬)

জাৰকালি৷ সকলোৱে জোতা, টুপিকে ধৰি গৰম কাপোৰেৰে নিজৰ শৰীৰ গৰম কৰি ৰাজ দৰবাৰলৈ গৈছে৷

বীৰবলো৷

পিছে আটায়ে আচৰিত হল৷ স্বয়ং শ্বাহেনশ্বাহে দেখোন জাৰ গুচাব পৰা কানি-কাপোৰ একো পিন্ধা নাই! কিয়? সকলো সভাসদেই ইজনে আনজনক সুধিবলৈ ধৰিলে৷

বীৰবলে কিন্তু কিবা এটা ৰহস্যৰ গোন্ধ পালে৷ আজি নিশ্চয় শ্বাহেনশ্বাহৰ কিবা মতলব আছে; নহলে এনে হাড় কঁপোৱা জাৰৰ দিনত এনেকৈ থাকিব কিয়৷

শ্বাহেনশ্বাহে সকলোলৈকে চাই  হাঁহি এটা মাৰিলে৷ তাৰ পাছত অন্তেষপুৰৰ ফালে ইঙ্গিত দিলে৷ লগে লগে এজন সেৱকে শৰাই এখনত কিবা আনি শ্বাহেনশ্বাহৰ সম্মুখত থৈ গুচি গল৷

শ্বাহেনশ্বাহে সভাসদ এজনক মাতি শৰাইখনত কি আছে চাবলৈ কলে৷

: জাহাপনা, এইখন দেখোন এখন কম্বল! সভাসদজনে কলে৷

: সেইখন মেলকচোন৷ বাদশ্বাহে নিৰ্দেশ দিলে৷

সভাসদজনে কম্বলখন মেলিলে৷ ই কি? প্ৰায় এহাত বহল আৰু সমান দীঘল এইখন কম্বল নে হাত মচা ৰুমাল?

: শুনক সভাসদসকল! – শ্বাহেনশ্বাহৰ গুৰুগম্ভীৰ কথা শুনি দৰবাৰ নিতাল মাৰিলে৷ তেওঁ কৈ গ,

: এইখন কম্বল মোৰ শৰীৰত এনেকৈ দিব লাগে যাতে মোৰ জাৰ গুচে৷ পাৰিবনে?

এইজনে কয় কি! সভাসদসকলে ফুচ্‌ফুচনি তুলিলে, ৰুমালখনৰ সমান কম্বলখনেৰে বাৰু ইমান ওখ-ডাঙৰ মানুহজনৰ জাৰ গুচাব পাৰিনে?

নোৱাৰি! নোৱাৰি!! কোনোপধ্যেই  নোৱাৰি!

আটায়ে হাৰ মানিলে৷

তেতিয়া বীৰবল নিজৰ আসনৰ ৰা উঠিল আৰু সিংহাসনৰ ফালে এখাজ-দুখোজকৈ আগবাঢ়িল৷

সমজুৱাসকলে আকৌ ইজনে সিজনে চোৱাচুই কৰি ফিচিঙা ফিচিঙি কৰিবলৈ ধৰিলে : অসাধ্য সাধন কৰিবলৈ গৈছে চোঁৱা! পাৰিবহে যেনিবা!

বীৰবলে সম্ৰাটক প্ৰণাম কৰিলে আৰু কম্বল টুকুৰা লৈ আথেবেথে সম্ৰাটৰ ভৰিৰ পতা দুখন ঢাকি দিলে৷

সম্ৰাট আনন্দিত হল৷ বীৰবলো পুৰস্কৃত হল৷

বাকীসকল সভাসদৰ মুখবোৰ ৰঙাচিঙা পৰিল৷ লাজত৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ