অন্যযুগ/


শিশুৰ ক’ৰ’না আৰু সুৰক্ষা

 ডাঃ নৰেন কুটুম 

  


ইতিহাসে আমাক বাৰম্বাৰ শিক্ষা দি আহিছে যে আদিম অৱস্থাৰ পৰাই মানৱ জাতিয়ে বিভিন্ন ৰোগৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে আৰু এই সংগ্ৰাম আজিৰ উন্নত চিকিৎসা বিজ্ঞানৰ যুগতো অব্যাহত আছে৷ প্ৰকৃতিৰ বুকুত উৎপন্ন হোৱা ক্ষুদ্ৰ-ক্ষুদ্ৰ বীজাণুবোৰেই হল প্ৰায়বোৰ ৰোগৰ অন্যতম কাৰণ৷ সেই ক্ষুদ্ৰ ক্ষুদ্ৰ বীজাণুবোৰৰ উপদ্ৰৱৰ পৰাই উদ্ভৱ হোৱা প্লেগ, স্পেনিছ ফ্লুৰ নিচিনা অতিমহামাৰীৰ আতংকময় দিনবোৰৰ কথা মানৱ জাতিৰ কলা ইতিহাসৰ বুকুত লিপিবদ্ধ হৈ আছে৷ যিবোৰৰ ইতিহাস পঢ়িলে আজিও আমি আতংকিত হওঁ৷ প্লেগ, স্পেনিছ ফ্লুৰ দৰেই আজিৰ পৃথিৱীৰ আতংকৰ অন্য এটা নাম হল - ক’ৰ’না৷ এই আতংক আমাৰ মন-মগজুত দকৈ শিপাবলৈ ধৰিছে৷

        ক’ৰ’নাৰ শিপা বিচাৰিলে আমি পাওঁ যোৱা ২০১৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে চীন দেশৰ ৱাহান নগৰ (Wuhan City)-ত নিউমোনিয়া সদৃশ ৰোগত কিছুমান মানুহ আক্ৰান্ত হৈছিল৷ চীনা চৰকাৰে এই নিউমোনিয়াৰ কাৰণ হিচাপে ২০২০ চনৰ ৭ জানুৱাৰীত এবিধ ভাইৰাছ চিনাক্ত কৰিছিল আৰু এই ভাইৰাছবিধৰ নাম সেই সময়ত সাময়িকভাৱে Novel Corona Virus - ২০১৯ n Cov  বুলি নামাকৰণ কৰিছিল৷ Novel Corona Virus - ২০১৯ (n Cov) -ৰ এটা নতুন উৎপৰিৱৰ্তিত ৰূপত মানুহক আক্ৰান্ত কৰা ভাইৰাছবিধ পিছৰ সময়ত Covid - ১৯ Virusবুলি নামাকৰণ কৰা হল৷

উক্ত ভাইৰাছবিধৰ সংক্ৰমণৰ ব্যাপকতা আৰু ভয়াৱহতালৈ চাই ২০২০ চনৰ ১১ মাৰ্চ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ই ৱাহান চহৰত পোৱা ৰোগবিধক আন্তৰ্জাতিক মহলত অতিমহামাৰী হিচাপে ঘোষণা কৰে আৰু ইয়াৰ নাম দিয়ে Corona Virus Disease -২০১৯”, চমুকৈ Covid -১৯৷ এই ৰোগ সৃষ্টি কৰা বীজাণুবিধক Severe Acute Respiratory Syndrome Corona Virus- ২ (SARS Cov ২) বুলি চিনাক্ত কৰা হল৷

শেহতীয়াকৈ আমাৰ দেশত এই অতিমাৰীৰ দ্বিতীয়টো ঢৌ শাম কটাৰ লক্ষণ দেখা দিছে যদিও বিভিন্ন চিকিসাবিজ্ঞানীয়ে অতি সোনকালেই ইয়াৰ তৃতীয় ঢৌ আৰম্ভ হব বুলি আগ জাননী দিছে। তেওঁলোকৰ বহুতেই ভৱিষ্যদ্বাণী কৰিছে যে কনাৰ তৃতীয়টো ঢৌত সৰ্বাধিক ক্ষতিগ্ৰস্ত হব শিশু আৰু কিশোৰসকল। যদি তেনে হবলৈ হয় সেয়া হব অতিকে অবাঞ্ছনীয়। সেয়েহে এই ৰচনাত আমি কভিড- ১৯ ভাইৰাছে শিশুসকলক কেনেকৈ আক্ৰান্ত কৰে, লক্ষণবোৰ কেনেকুৱা হব পাৰে আৰু শিশু সুৰক্ষাৰ বাবে আমি কি পদক্ষেপ লব পাৰোঁ এই বিষয়ে সকলোৱে বুজিব পৰাকৈ চমু আলোচনা আগবঢ়াম৷

আক্ৰান্ত শিশুৰ লক্ষণ কেনেকুৱা হব পাৰে

এনে এক অতিমহামাৰীৰ বিপদসংকুল সময়ত সকলো পিতৃ-মাতৃয়ে বা পৰিয়ালৰ অন্য সদস্যসকলেও আক্ৰান্ত শিশুৰ লক্ষণবোৰ কেনেকুৱা হব পাৰে জানি থোৱাটো অত্যন্ত জৰুৰী বুলি আমি ভাবোঁ৷

আক্ৰান্ত শিশুৰ লক্ষণ তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰা হৈছে -

        (১) Asymptomatic (লক্ষণহীন)

(২) Mild Disease (মৃদু ৰোগ)

        (৩) Moderate Disease (মধ্যমীয়া ৰোগ)

        (৪) Severe Disease (জটিল ৰোগ)

        (৫) MIS-C (Multisytemic Inflammatory Syndrome in Children)

এতিয়া আমি এটা এটাকৈ আলোচনা কৰিম -

(১) Asymptomatic  (লক্ষণহীন) : ভাইৰাছটো দেহত থাকে যদিও কোনো ধৰণৰ লক্ষণ দেখা নিদিয়ে৷ এনে ৰোগীবোৰক Asymptomatic বা লক্ষণহীন ৰোগী বুলি কোৱা হয়৷

(২) Mild disease (মৃদু ৰোগী) : এই শ্ৰেণীৰ ৰোগীবোৰৰ লক্ষণ এনে ধৰণৰ হোৱা দেখা যায় - সামান্য জ্বৰ, পানী লগা, কাহ, ডিঙিৰ সামান্য বিষ অনুভৱ কৰা নতুবা সুৰসুৰণি হোৱা, পনীয়া বা ঢিলা পায়খানা (ডায়েৰীয়া) হোৱা, বমি হোৱা৷ উল্লfখিত যিকোনো এটা বা ততোধিক লক্ষণে দেখা দিলে এনে ৰোগীক মৃদু ৰোগীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা  হয়৷

(৩) Moderate disease (মধ্যমীয়া ৰোগী) : এই শ্ৰেণীত ৰোগীক অন্তৰ্ভুক্ত কৰিবলৈ হলে আমি কিছুমান কথা জানিব লাগিব৷ যিহেতু আজিকালি জ্বৰ জোখা সৰু মেচিন (থাৰ্মোমিটাৰ) সকলো ঠাইতে উপলব্ধ৷ আমি নিজৰ ঘৰতে যিকোনো সময়ত গাৰ উত্তাপ জুখিব পাৰো৷ জ্বৰ যদি পাঁচ দিনতকৈও বেছি থাকে আৰু কাষলতিৰ উত্তাপ ৩৭.৫ ডিগ্ৰী চেলছিয়াছতকৈ বেছি হলে নতুবা কাষলতিৰ উত্তাপ ৩৫.৫ ডিগ্ৰী চেলছিয়াছতকৈ কম থাকিলে, যদি শিশুটোৰ উশাহ লোৱাটো ঘন হলে, এই শ্ৰেণীৰ ৰোগীক মধ্যমীয়া ৰোগী বুলি কোৱা হয়৷

কেতিয়া আমি কৰণাত আক্ৰান্ত হোৱা শিশুক ঘনকৈ উশাহ লৈছে বুলি ধৰি ল?

সকলোৱে বুজিব পৰাকৈ তলত টেবুল এখন দিয়া হল -

                   বয়স                            উশাহৰ হাৰ

                  ২ মাহ                            ৬০ বাৰ এক মিনিটত

                  ২ - ১২ মাহ                      ৫০ বাৰ এক মিনিটত

                  ১২ মাহৰ পৰা ৫ বছৰলৈ          ৪০ বাৰ এক মিনিটত

                  ৫ বছৰৰ ওপৰৰ                  ৩০ বাৰ এক মিনিটত

ওপৰৰ টেবুলখনৰ অৰ্থ আমি এনেদৰেও বুজাব বিচাৰিম -

·            ২ মাহৰ তলৰ শিশুৰ ক্ষেত্ৰত এক মিনিটত ৬০ বাৰ নতুবা ৬০ বাৰতকৈ বেছি হলে৷

·           ২ মাহৰ পৰা ১২ মাহৰ শিশুৰ ক্ষেত্ৰত এক মিনিটত ৫০ বাৰ নতুবা ৫০ বাৰতকৈ বেছি লে৷

·            ১২ মাহৰ পৰা ৫ বছৰৰ শিশুৰ ক্ষেত্ৰত ৪০ বাৰ নতুবা তাতকৈ বেছি হলে৷

·           ৫ বছৰৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত ৩০ বাৰ নতুবা তাতকৈ বেছি হলে৷

উক্ত কথাখিনিৰ জ্ঞান থাকিলে ডাক্তৰ-নাৰ্ছৰ উপৰি সকলো পিতৃ-মাতৃয়েই নিজৰ শিশুটোৱে সঠিকভাৱে উশাহ লৈছেনে ঘনকৈ উশাহ লৈছে সহজেই ঠাৱৰ কৰিব পাৰিব৷ এইখিনিতে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় দিশটো হল উশাহৰ হাৰ গণনা কৰোতে সম্পূৰ্ণ এক মিনিট সময় গণনা কৰিব লাগে৷ তেতিয়াহে শুদ্ধ ৰিজাল্ট পোৱা যাব৷ আধা মিনিট সময় গণনা কৰি পোৱা সংখ্যাটো দুইৰে পূৰণ কৰিলে ভুল ৰিজাল্ট ওলোৱাৰে আশঙ্কা থাকে। যদি বয়স অনুযায়ী উশাহৰ হাৰ বেছি হয় তেতিয়া সংশ্লিষ্ট মহলৰ লগত যোগাযোগ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে৷ কেৱল কনাৰ কাৰণেহে যে শিশু এটাই ঘনকৈ উশাহ লব পাৰে তেনে নহয়৷ যিকোনো বীজাণু বা অন্য কাৰণত নিউমোনিয়াত আক্ৰান্ত হলেও শিশুৱে ঘনকৈ উশাহ লব পাৰে৷ তেনে ক্ষেত্ৰত আমি ঘনকৈ উশাহ লোৱাৰ কাৰণ হিচাপে অকল কনাৰ কথাহে নাভাবি অন্য কাৰণবোৰৰ কথাও ভাবিব লাগিব৷

(৪) জটিল ৰোগী (Severe disease) -ৰ লক্ষণ -

·      উশাহ লওঁতে গেঁথনি অহা আৰু লগতে নাকৰ পাহি ফুলি উঠা,

·     উশাহ লওঁতে বুকুৰ তলৰ অংশ ভিতৰলৈ সোমাই যোৱা,

·      মুখেৰে খাব নোৱাৰা হোৱা আৰু সৰু শিশুৰ ক্ষেত্ৰত আগতকৈ কমকৈ খোৱা,

·      অলস ভাব বা ভাগৰুৱা অনুভৱ কৰা,

·      হাত-ভৰি ঠাণ্ডা পৰা,

·     শৰীৰত অক্সিজেনৰ পৰিমাণ ৯৪% তকৈ কম হোৱা,

·       শৰীৰৰ অস্বাভাৱিক কঁপনি নতুবা অজ্ঞান হোৱা৷

(৫) MIS-C (Multisystem Inflammatory Syndrome in Children):

যদি শিশুটি ১৮ বছৰৰ তলৰ হয় আৰু তলৰ লক্ষণবোৰ যদি দেখা দিয়ে তেতিয়া আমি MIS-C হৈছে বুলি সন্দেহ কৰিব পাৰো৷ এই পৰ্য্যায়টো অতি গুৰুতৰ অৱস্থা বুলি বিবেচনা কৰিব লাগে৷ নতুনকৈ আক্ৰান্ত হৈ থকা নতুবা আগত আক্ৰান্ত হোৱা ২ ৰ পৰা ৬ সপ্তাহৰ ভিতৰত MIS-Cব পাৰে৷

·         জ্বৰ ৩ দিন বা ৩ দিনতকৈ বেছি থাকিলে আৰু দেহৰ উত্তাপ ৩৮ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ বেছি হোৱা,

·         অন্য আকস্মিক চিহ্ন- যেনে- শৰীৰৰ ৰক্ত সঞ্চালন হ্ৰাস পায় (Shock) উশাহ লবলৈ অতি কষ্ট হোৱা বা

·         পাকস্থলী তথা অন্ত্ৰৰ অসুবিধা- যেনে - ঢিলা শৌচ, বমি বা পেটৰ বিষ বা

·         চকুৰ পৰা পূঁজ নোলোৱাকৈ চকু ৰঙা পৰা বা জিভা ৰঙা পৰা বা গাত হাত-ভৰিত ৰঙা ফুটফুটীয়া দাগ পৰা৷

(চিকিৎসা সম্পৰ্কীয় কথাখিনি ৰচনাখনৰ শেষৰফালে উল্লেখ কৰিম৷)

শিশুক কেতিয়া আমি কভিড টেষ্ট কৰিবলৈ পৰামৰ্শ দিম?

(১) পৰিয়ালত কোনোবা এজন ব্যক্তি যদি Covid-১৯ পজিটিভ হয় আৰু শিশুৱে যদি পৰিয়ালৰ পজিটিভ ব্যক্তিজনৰ লগত একেলগে থাকে৷

(২) যদি শিশুৰ গাত ক’নাৰ লক্ষণে দেখা দিয়ে (লক্ষণবোৰ ইতিমধ্যে উল্লেখ কৰা হৈছে)৷

(৩) যদি শিশুৰ জ্বৰ তিনি দিনতকৈ বেছি থাকে৷

(৪) দুগ্ধপান কৰি থকা শিশুৱে কমকৈ দুগ্ধপান কৰিলে৷ অলপ ডাঙৰ বয়সৰ শিশুৱে যদি খোৱা বস্তুত স্বাদ নাপায় বা গোন্ধ নাপায়৷

ভিড কেনেকৈ সংক্ৰমিত হব পাৰে :

(ৰ) আক্ৰান্ত লোকে হাঁচিয়ালে বা কাঁহিলে বতাহত বীজাণুযুক্ত কণিকা বিয়পি পৰে যাৰ ফলত মাস্ক পৰিধান নকৰিলে দেহত প্ৰৱেশ কৰে৷

(২) বীজাণুযুক্ত কণিকা কোনো ব্যক্তি বা পৃষ্ঠৰ লগত হাতৰ স্পৰ্শ হলে এই বীজাণুযুক্ত হাতেৰে যদি নাক, মুখ স্পৰ্শ কৰে তেতিয়া দেহত ভাইৰাছৰ প্ৰৱেশ হয়৷

ভিড - ১৯ -ত আক্ৰান্ত ৰোগীয়ে কিমান দিনলৈ ৰোগ বিয়পাব পৰা ক্ষমতা থাকে

ৰোগ বিয়পাব পৰা সময়খিনিক আমি সংক্ৰমণৰ সময়সীমা বুলি কওঁ৷ কভিড- ১৯-ৰ ক্ষেত্ৰত এই সময়সীমা হল লক্ষণ দেখা দিয়াৰ দুই দিনৰ আগৰ পৰা আৰু লক্ষণ দেখা দিয়াৰ আঠ দিন পৰ্যন্ত।

এই সময়খিনিত আমি শিশুসকলক ৰোগীৰ পৰা দূৰত ৰাখিব লাগে৷

পিতৃ-মাতৃয়ে কেতিয়া বেছি সতৰ্ক হোৱাৰ প্ৰয়োজন : 

পিতৃ-মাতৃয়ে বেছি সতৰ্ক হব লাগে যদিহে শিশুৰ গাত সহ-ব্যাধি (Co-morbidities) থাকে, যেনে - দীৰ্ঘস্থায়ী বৃক্ক, হৃদযন্ত্ৰ, যকৃতৰ ৰোগত ভুগি থাকিলে, কেঞ্চাৰত আক্ৰান্ত হলে, শিশু অৱস্থাতেই মধুমেহ ৰোগত আক্ৰান্ত হলে, কম প্ৰতিৰোধ ক্ষমতা থকা শিশু (Immunocompromised), পুষ্টিহীনতাত ভুগিলে৷

না আৰু নৱজাতক

বহুতৰে মনত প্ৰশ্নৰ উদয় হয় নৱজাতক নাত আক্ৰান্ত হব পাৰেনে? মাতৃ যদি নাত আক্ৰান্ত হয় নৱজাতকক মাকৰ দুগ্ধপান কৰাব পাৰিনে? এই অতিমহামাৰীৰ সময়ত চিকিৎসক বা চিকিৎসা কৰ্মীসকলে প্ৰায়ে তেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হোৱা দেখা যায়৷

বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে মাতৃদুগ্ধক সংক্ৰমিত কৰিব পৰা জীৱিত SARS - Cov-২ ভাইৰাছ, যাৰ পৰা নৱজাতকৰ সংক্ৰমণ হব পাৰে তেনে জীৱিত ভাইৰাছ মাতৃদুগ্ধত এতিয়ালৈকে পোৱা নাই৷ এই কাৰণে একে আষাৰে এই কথা কব পাৰি যে নাত আক্ৰান্ত মাতৃয়েও নৱজাতকক দুগ্ধ পান কৰাব পাৰে যদিহে মাক সুস্থ অৱস্থাত থাকে৷ দুগ্ধ পান কৰাৰ সময়ত মাকে ভালকৈ মাস্ক পৰিধান কৰিব লাগে৷ কেঁচুৱাটোৰ যত্ন লোৱাৰ সময়ত হাত ভালকৈ ধুব লাগে৷

যদি মাকে দুগ্ধপান কৰাব পৰা অৱস্থাত নাথাকে তেতিয়া নাৰ্ছ বা পৰিয়ালৰ অন্য সদস্যসকলে কেঁচুৱাটোক গাখীৰ খুৱাব লাগে৷ যিমান পাৰে কমকৈ কেঁচুৱাটো স্পৰ্শ কৰিব লাগে৷ কিন্তু কেঁচুৱাক দুগ্ধপান কৰাৰ সময়ত তেওঁলোকেও মাস্ক পৰিধান কৰা, ভালকৈ হাত ধোৱাটো অত্যন্ত জৰুৰী৷

নৱজাতক নাত আক্ৰান্ত হব পাৰেনে?

নৱজাতক কভিড-১৯ পজিটিভ মাতৃৰ পৰা তিনিধৰণে সংক্ৰমণ হব পাৰে -

১) পজিটিভ মাতৃ বা যতন লওঁতাৰ (স্বাস্থ্য কৰ্মীকে ধৰি) প্ৰত্যক্ষ সংস্পৰ্শ বা মাস্ক নিপিন্ধাকৈ কাহিলে বা হাঁচিয়ালে প্ৰসৱোত্তৰ কালত সংক্ৰমণ হব পাৰে৷ সংক্ৰমণৰ এইটোৱেই আটাইতকৈ সাম্ভাব্য মাধ্যম৷

২) প্ৰসৱৰ সময়ত মাকৰ তেজ বা নিঃসৰণৰ প্ৰত্যক্ষ সংস্পৰ্শৰ্লৈ আহিলে - অতি বিৰল৷

৩) গৰ্ভফুলৰ মাজেৰে গৰ্ভাৱস্থাত মাকৰ পৰা গৰ্ভস্থ শিশুটিলৈ সংক্ৰমণ যি অতি বিৰল৷ যাক সংক্ৰমণৰ মাধ্যম হিচাপে বিবেচনা কৰা নহয়৷

নৱজাতক কভিড - ১৯-ত আক্ৰান্ত হলে কি কৰিব?

নৱজাতক কভিড-১৯-ত আক্ৰান্ত হলেও চিন্তিত হোৱাৰ কাৰণ নাই৷ যিহেতু আক্ৰান্ত নৱজাতকৰ অৱস্থা গুৰুতৰ হোৱাৰ বা মৃত্যুৰ হাৰ একেবাৰেই কম৷ কিন্তু আমি সাৱধান হোৱা ভাল আৰু নিৰীক্ষণ কৰি থাকিব লাগে৷ গাখীৰ খোৱা কম হলে, কমকৈ লৰচৰ কৰিলে, ঘনকৈ উশাহ ললে বা তেনেকুৱা ধৰণৰ সমস্যাই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰলৈ নিব লাগে৷ কিন্তু অপৈণতভাৱে জন্ম হোৱা নৱজাতকৰ ক্ষেত্ৰত কৰণা হলে জটিলতা দেখা যায়৷

চিকিৎসা :

আগতে উল্লেখ কৰি আহিছোঁ যে শিশুৰ Covid-১৯ অধিক সংখ্যকেই লক্ষণহীন৷ তেনে ৰোগীৰ চিকিৎসাৰ প্ৰয়োজন নাই৷ (১০-২০ শতাংশ লক্ষণ থকা শিশুৰ চিকিৎসাৰ প্ৰয়োজন হয়৷) মাত্ৰ  -৩ শতাংশইহে আই চি ইউত চিকিৎসা কৰিবলগীয়া হয়৷

·   মৃদু লক্ষণ থকা ৰোগীৰ ক্ষেত্ৰত জ্বৰ কমাবলৈ পেৰাচিটামল খুৱাবলগীয়া হয়৷ ডিঙিৰ বিষ হলে বা সুৰসুৰণি হলে নিমখ পানীৰে কুলকুলি কৰাব পাৰে৷ কিন্তু লক্ষণহীন বা মৃদু লক্ষণ থকা শিশুবোৰ সময়মতে নিৰীক্ষণ কৰি থাকিব লাগে৷ উক্ত শ্ৰেণীৰ ৰোগীৰ গাত যদিহে মধ্যমীয়া বা জটিল শ্ৰেণীৰ লক্ষণে দেখা দিয়ে তেতিয়া স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰি শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা উচিত৷

·    এম আই এছ চি হল এটা অতি জটিল আৰু ইমাৰজেঞ্চি পৰ্যায়ৰ ৰোগী৷ MIS - C-  কোনো লক্ষণ থাকিলে তাৎক্ষণিকভাৱে হস্পিটেললৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে নহলে যিকোনো মুহূৰ্ততে আমি ৰোগীক হেৰুৱাব পাৰো৷

মাক-দেউতাকে ঘৰত কৰিবলগীয়াখিনি :

যদি তেওঁলোকৰ শিশুৱে আক্ৰান্ত হৈছে তলৰ কথাখিনি মন কৰিব লাগে -

·   দিনত দুবাৰ বা তিনিবাৰ শিশুটোৰ উশাহ গণনা কৰিব লাগে৷ কান্দি থকা সময়ত উশাহ গণনা কৰিব নালাগে৷

·   শিশুটোৱে জোৰকৈহে উশাহ লৈছে নেকি বা উশাহ লওঁতে বুকুৰ তলৰ অংশ ভিতৰলৈ সোমাই গৈছে নেকি?

·    গাটো নীলা পৰিছে নেকি?

·    হাত-ভৰি ঠাণ্ডা পৰিছে নেকি?

·    প্ৰস্ৰাৱ সঠিকভাৱে কৰিছেনে?

·    যদি সুবিধা আছে অক্সিজেনৰ পৰিমাণ সঠিক মতে আছেনে নাই চাব লাগে৷ কিন্তু শিশুৰ ক্ষেত্ৰত একেবাৰে অভিজ্ঞ নহলে ঘৰত অক্সিজেনৰ পৰিমাণ সঠিকমতে চাব পৰা নাযায়৷ তেনে ক্ষেত্ৰত নিজে অক্সিজেনৰ পৰিমাণ চালে অযথা ভয়ৰ কাৰণ হৈ পৰিব পাৰে৷ সজুঁলিটো ভালকৈ আঙুলিত খাপ খাই নপৰিলেও ভুল ৰিজাল্ট দিব পাৰে৷ সৰু শিশুৰ ক্ষেত্ৰত এইটো হোৱাৰ সম্ভাৱনা অধিক।

·   মাক দেউতাকে লগত আশাকৰ্মী, এ. এন. এম. নাৰ্ছ বা ডাক্তৰৰ ফোন নম্বৰ সংগ্ৰহ কৰি ৰাখিব লাগে যাতে প্ৰয়োজন হলেই ফোন কৰি সহায় লব পাৰে৷

শিশুসকলক আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰিম

শিশুৰ ক্ষেত্ৰত

শিশুসকলক কভিড - ১৯ ৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ তলত দিয়া নিয়মসমূহ পালন কৰিব লাগে -

·  সাধাৰণতে দি থকা নিয়মীয়া ভেকচিনবোৰ সময়মতে দি থাকিব লাগে৷

·   ভাল পুষ্টিকৰ আহাৰৰ ব্যৱস্থা কৰিব লাগে৷

·  সাধাৰণতে হোৱা শিশুৰ ৰোগসমূহৰ সময়মতে চিকিৎসা কৰিব লাগে৷

·  এজনে আনজনৰ পৰা যথোচিত দূৰত্ব বজাই ৰাখিব লাগে৷

·   কাহোতে বা হাঁচি মাৰোতে ৰুমালেৰে মুখ, নাক ভালকৈ ঢাকি লবলৈ শিকাব লাগে৷

·   পিতৃ-মাতৃ বা যতন লওঁতাৰ তত্ত্বাৱধানত ৬ - ১১ বছৰৰ শিশুৱে মাস্ক্ ব্যৱহাৰ কৰিব পাৰে৷

·   ১২ বছৰৰ ওপৰৰ শিশুৱে ডাঙৰৰ দৰে মাস্ক পিন্ধিব পাৰে৷ মাস্ক্ স্পৰ্শ কৰাৰ পাছত হাত ভালকৈ ধুব লাগে৷

অভিভাৱকৰ ক্ষেত্ৰত

·  পৰিয়ালত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা৷

·  যদি কাৰোবাৰ গাত কভিডৰ লক্ষণ থাকে তেওঁলোকে নিজেই শিশুৰ পৰা নিজকে পৃথক কৰি ৰখা৷

·   বাহিৰৰ পৰা উভতি অহাৰ পিছত সকলো প্ৰাপ্তবয়স্কই শিশুৰ ওচৰলৈ অহাৰ আগতে তেওঁলোকৰ কাপোৰ সলনি কৰিব লাগে আৰু নিজকে পৰিষ্কাৰ কৰিব লাগে৷

·  শিশুসকলক ঘৰত ৰাখিবলৈ অভিভাৱক সকলে চেষ্টা কৰিব লাগে৷ কিন্তু ঘৰৰ চোতালত বা মুকলি ঠাইত খেলা-ধূলা বা ব্যায়াম কৰিব দিব লাগে৷

·  সকলো প্ৰাপ্তবয়স্কই কভিডৰ টীকা লব লাগে যাতে তেওঁলোকৰ পৰা কভিড শিশুলৈ সংক্ৰমিত হব নোৱাৰে৷

 ভিড-১৯ এটা নতুন ৰোগ৷ দিন যোৱাৰ লগে লগে ৰোগ সৃষ্টিকাৰী বীজাণুবিধৰ চৰিত্ৰ সলনি হৈ (উৎপৰিৱৰ্তন) গৈ থকাৰ দৰে ৰোগৰ লক্ষণবোৰো বিভিন্ন ধৰণে দেখা দিছে৷ হয়তো অনাগত দিনত আৰু পৰিৱৰ্তিত ৰূপত বীজাণুৰ চৰিত্ৰ আৰু ৰোগৰ লক্ষণ দেখা দিব পাৰে৷ এই ৰচনাখন আৰম্ভ কৰোঁতেই আতংকশব্দটো আমি উল্লেখ কৰিছোঁ৷ আতংক শব্দটি সাম্প্ৰতিক সময়ৰ পৃথিৱীত কেৱল মানুহৰ মনতেই বিৰাজ কৰি থকা নাই, এই শব্দটো এতিয়া সকলো ঠাইতে, আনকি বতাহতো যেন ভাহি ফুৰিছে! আতংক শব্দটো আমি যিমান ভয়ানকভাৱে কঢ়িয়াই ফুৰিছোঁ, প্ৰকৃতাৰ্থত ই ইমান ভয়ানক নহয়৷ আতংক, উদ্বিগ্ন আদি শব্দবোৰৰ পৰা আমি মুক্ত হব লাগে৷ কিয়নো আমি জানো যে শব্দই ব্ৰহ্ম৷ মানুহৰ মুখৰ পৰা ওলোৱা এটা শব্দই মানুহৰ মন আৰু শৰীৰত ধনাত্মক আৰু ঋণাত্মকভাৱে প্ৰভাৱ পেলাব পাৰে৷ আমি অনাহকত যিমান আতংকিত হম সিমানেই আমাৰ শৰীৰ আৰু মনত ঋণাত্মক প্ৰভাৱ পৰিব৷ যিহেতু সুস্থ স্বাস্থ্য হৈছে মন আৰু শৰীৰৰ সুস্থ ভাৰসাম্যতাৰ এক প্ৰতিফলিত ৰূপ৷ কিন্তু ন্যূনতম জ্ঞান, সতৰ্কতা আৰু সময়োচিতভাৱে চিকিৎসা কৰালেহে নিজকে সুৰক্ষিত কৰাৰ লগতে আনক বা সমাজক সুৰক্ষিত কৰিব পাৰিম৷ তাৰ বাবে আমি সকলো শ্ৰেণীৰ নাগৰিক সচেতন হোৱাটো জৰুৰী আৰু তাক একান্ত কৰ্তব্য বুলি গণ্য কৰিব লাগে৷

সহায়ক উৎস :

Ø            ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ Webinar -ৰ পৰা পোৱা তথ্য (MHFW, GOI)

Ø            National Health Mission, Assam -Training Modules.

Ø            ইণ্টাৰনেটৰ IAP -ৰ পৰা পোৱা তথ্য৷


ঠিকনা : 

শিশুৰোগ বিশেষজ্ঞ

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়

জিলা : বিশ্বনাথ

ভ্ৰাম্যভাষ : ৮৬৩৮৮৬৩৩২৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ