অন্যযুগ/


পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ

নিৰু দত্ত




        আমাৰ সৰুকালত পঢ়া-শুনাত পাল মাৰিলে আমাক মা-দেউতাই যিজন পুৰুষৰ উদাহৰণ দিছিল একাগ্ৰতাৰে অধ্যয়ন কৰা বুলি, সেইজন প্ৰাতঃস্মৰণীয় ব্যক্তি পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিন ২০ জুলাইত। শ্ৰদ্ধাৰে সুঁৱৰিছো ১৮৯৮ চনত যোৰহাটৰ "সাতঘৰীয়া" আহোম ফৈদৰ পৰিয়ালত জন্ম লাভ কৰা পণ্ডিতজনাক। তেখেতৰ পিতৃ আছিল দানবীৰ ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈ।

             গভীৰ অধ্যয়ন সংক্ৰান্তিয়   তেখেতৰ বিষয়ে মুখ বাগৰা ঘটনা এটা আছিল এই যে - বৰ ভূঁইকঁপৰ সময়ত তেখেত পঢ়া টেবুলৰ পৰা নুঠা দেখি লগুৱাটোৱে কৈছিল গৈ - "দেউতা ভূঁইকঁপ আহিছে উঠক।" তেখেতে উত্তৰ দিছিল বোলে "বহিবলৈ দিয়াঁ।" আমাক মা-দেউতাই পঢ়াত মনোযোগ দিবলৈ 'জয় ঢোল কোবালেউ নুঠা' ৰজিতা নিদি সেই ঘটনাটো উল্লেখ কৰিছিল।

          যাৰ বিভিন্ন সময়ত মুখ নিসৃত বক্তৃতাসমূহেই একো একোখন মূল্যবান গ্ৰন্থলৈ পৰিণত হৈছিল  আৰু পিছলৈ গৱেষণাৰ বিষয় হৈ পৰিছিল, সেইজন কৃষ্ণকান্ত সন্দিকৈ আছিল সংস্কৃতৰ  এজন বিদগ্ধ পণ্ডিত , স্ব-মহিমামণ্ডিত  সৰ্বোত্তম শিক্ষাবীদ , অসাধাৰণ লেখক, ৯ বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আসন অলংকৃত কৰা প্ৰতিষ্ঠাপক উপাচাৰ্য  আৰু মাত্ৰ ৩৯ বছৰ বয়সতে "অসম সাহিত্য সভা" ৰ গুৱাহাটী অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰা  আমাৰ নমস্য ব্যক্তি । অসাধাৰণ পাণ্ডিত্যৰ স্বীকৃতি স্বৰূপে তেখেতক বিভূষিত কৰা হৈছিল 'প্ৰাচ্যবিদ্যাৰ্ণৱ' , 'পাণ্ডিত্যবাৰিধি' আদি অভিধাৰে।  
  
        শিক্ষা জীৱন : কৃষ্ণকান্ত সন্দিকৈ দেৱৰ স্কুলীয়া জীৱন যোৰহাটত আৰম্ভ হয়। যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯১৩ চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰি ১৯১৫ চনত সুখ্যাতিৰে আই. এ. আৰু ১৯১৭ চনত  কলিকতা সংস্কৃত কলেজৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ' প্ৰসন্নকুমাৰ সৰ্বাধিকাৰী স্বৰ্ণপদক ' লৈ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বৈদিক শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি এম. এ. ডিগ্ৰী লাভ কৰে। ১৯২০ চনত তেখেত বিলাতলৈ যায় আৰু আৰু ১৯২৩ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ' আধুনিক ইতিহাস ' বিষয়ত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰে। ১৯২৭ চনত যোৰহাটলৈ ঘুৰি অহালৈকে বছৰ কেইটা ইউৰোপীয় ভাষা-সাহিত্যৰ বহুমূলীয়া তথ্য বিচাৰি ফ্ৰান্স , জাৰ্মানী আৰি ইটালীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে। তেখেতে ১৩ টা মান ভাষা জানিছিল। তাৰে ৮ টা ইউৰোপীয় আৰু বাকীখিনি ভাৰতীয় ভাষা আছিল। ভ্ৰমণকালত সংগ্ৰহ কৰা মূল্যৱান দুহাজাৰৰ ওপৰ গ্ৰন্থ তেখেতে স্বদেশলৈ লৈ আহে।

     কৰ্ম জীৱন : যোৰহাটলৈ ঘুৰি আহি কিছুদিন পৈতৃক চাহ-বাগিচাৰ পৰিচালনাত হাত দিয়ে। ১৯৩০ চনত নিজা পৰিকল্পনাৰে যোৰহাটত উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়  "উজনি অসম মহাবিদ্যালয়" স্থাপন কৰে, যিখন মহাবিদ্যালয় আজি "জগন্নাথ বৰুৱা মহাবিদ্যালয়" চমুকৈ জে.বি. কলেজ নামেৰে উচ্চ শিক্ষাৰ লেখত ল'বলগীয়া মহাবিদ্যালয় হিচাপে স্বীকৃত হৈছে। তেখেতে একেৰাহে ১৭ বছৰ কাল অধ্যক্ষতাৰে মহাবিদ্যালয়খনক লেখৰ মহাবিদ্যালয়লৈ উন্নিত কৰি কাললৈ খ্যাতি ৰাখিলে। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য  হিচাপে নিযুক্তি লাভ কৰি তিনিটা কাৰ্যকাল সুপৰিকল্পনাৰে সমাপন কৰে।

     সাংসাৰিক জীৱন : ১৯২৮ চনত সন্দিকৈদেৱৰ নগাঁৱৰ উমাচৰণ গোঁহাইৰ কন্যা হেমলতা আইদেউৰ সেতে  শুভ পৰিণয় ঘটে। সুখী বৈবাহিক জীৱনৰ স্বীকৃতি স্বৰূপে তেওঁলোকৰ দুগৰাকী কন্যা ক্ৰমে প্ৰমীলা আইদেউ, অহল্যা আইদেউ আৰু একমাত্ৰ পুত্ৰ অসমৰ ৰাজনীতিৰ চিনাকি নাম বিজয়কৃষ্ণ সন্দিকৈয়ে কোলা শুৱনি কৰে। ১৯৬১ চনত পত্নীৰ বিয়োগ ঘটে। তেখেতৰ স্মৃতিত যোৰহাটত "হেমলতা মেমৰিয়েল ইনষ্টিটিউট" নামৰ এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠাপন কৰি তাৰ সমুদায় খৰচ পৰিয়ালে বহন কৰাৰ দায়িত্ব লয়।

       সাহিত্য কৰ্মঃ আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিতজনে কেইবাখনো গৱেষণামূলক আৰু পাণ্ডিত্যপূৰ্ণ মূল্যৱান গ্ৰন্থ প্ৰনয়ন  কৰি থৈ গৈছে। তাৰে ভিতৰত কেইখনমান হ'ল- শ্ৰীহৰ্ষৰ  'নৈষধ চৰিতম'ৰ অনুবাদ 'নৈষধ চৰিত অব্ শ্ৰীহৰ্ষ' ( ১৯৩৪ ), সোমদেৱৰ কাব্যৰ আধাৰত 'যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ'  ( ১৯৪৯), 'প্ৰবৰ সেনজ সেতুবন্ধ'  ( ১৯৫৮ ) আদি।

         তেখেতৰ মৃত্যুৰ পাছত ১৯৮৪ চনত সমস্ত ৰচনাৰাজি  "কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ"  নাম দি একত্ৰ সংকলন সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা হৈছে। এই সংকলনত আছে কুৰিটা প্ৰবন্ধ, দুখন জীৱনীমূলক ৰচনা, দুটা অশ্ৰু অঞ্জলি, চাৰিটা ভাষণ, চাৰিটা বিবিধ টোকা, এখন বিশেষ পত্ৰ, চাৰিখন শিশু উপযোগী ৰচনা, চাৰিটা ভূমিকা, চাৰিটা কবিতা, এঘাৰটা গীত আৰু 'ওপৰঞ্চি'ত আছে কেইখনমান গুৰুত্বপূৰ্ণ পত্ৰ। ১৯৮৫ চনত মৰণোত্তৰভাৱে ৰচনাসম্ভাৰলৈ সাহিত্য অকাদেমি বঁটা আগবঢ়োৱা হয়।

     তেখেতে লাভ কৰা সন্মানীয় উপাধিবোৰ : ১৯৭৮ চনত অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান  'সদস্য মহীয়ান' , দেশৰ অসামৰিক সন্মান 'পদ্মশ্ৰী' ১৯৫৫ চনত আৰু ১৯৬৭ চনত 'পদ্মবিভূষণ' উপাধিৰে বিভূষিত কৰা হয়। তেখেতক গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি. লিট. উপাধি প্ৰদান কৰা হয়।

         ১৯৮২ চনৰ ৭ জুন তাৰিখে সংস্কৃত জগতৰ জ্যোতিষ্কৰ মহাপ্ৰয়াণ ঘটে। তেখেতৰ নামত প্ৰতিষ্ঠাপন কৰা  উত্তৰ-পূৱ ভাৰতৰ সৰ্ব বৃহৎ পুথি ভঁৰাল "কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ"  আৰু "কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়"-এ তেখেতৰ পাণ্ডিত্য আৰু অৱদানক সোঁৱৰাই থাকিব।

 ***



ঠিকনা :
বিষয় শিক্ষয়িত্ৰী ( ৰসায়ন বিজ্ঞান )
সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
সৰুপথাৰ -৭৮৫৬০১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ