অন্যযুগ/


স্বাধীন চাৰিগাঁৱৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা

 হেমন্ত গগৈ

শৰীৰং ক্ষণবিদ্ধংসি কল্পান্তস্থায়ীনো গুণাঃ” - শৰীৰৰ ক্ষন্তেকতে বিনাশ ঘটে কিন্তু গুণবোৰ কল্পান্ত পৰ্যন্ত স্থায়ী হয়; গুণবোৰ চিৰস্থায়ী, চিৰ শাশ্বত৷

 

হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে সমগ্ৰ ভাৰতবৰ্ষ জুৰি স্বৰাজ আন্দোলনৰ দামামা বাজিছিল৷ দাসত্বৰ শিকলি খুলি দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ অভিযান তেতিয়া তুংগত উঠিছিল৷ ভাৰতৰ পূৰ্ব দিশত এজন উঠন কিশোৰৰ বুকুত জাগ্ৰত হৈছিল জাতীয় চেতনাৰ অবিনাশী মন্ত্ৰ,  মাতৃ পূজাৰ বোধন মন্ত্ৰ৷

 

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলত প্ৰকৃতাৰ্থত অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায়৷  সেই সূত্ৰে অসমত ছশ বছৰীয়া আহোম ৰাজত্বৰ বেলি মাৰ গৈ ব্ৰিটিছৰাজৰ বেলি উদয় হৈছিল৷ ঔপনিৱেশিক মানসিকতাৰ ইংৰাজ-ৰাজৰ অধীনত না না লঘু-লাঞ্ছনা আৰু বঞ্চনাৰ বলি হৈ অসমীয়াৰ বুকুত উমি উমি জ্বলিছিল ক্ষোভৰ জুই৷ পৰাধীনতাৰ শিকলি ছিঙাৰ উদগ্ৰ আকাংক্ষাৰ দাবানল এদিন বিদ্ৰোহলৈ পৰিণত হৈছিল৷ ১৮২৮ চনত নকছাৰিৰ ৰজাবাৰীৰ গমধৰ কোঁৱৰ , জিউৰাম দুলীয়া বৰুৱা আদি অসমীয়াই এই বিদ্ৰোহৰ অগনি প্ৰতিজন অসমীয়াৰ প্ৰাণলৈ বোৱাই দিছিল৷ ১৮৫৭ চনত উত্তৰ ভাৰতত আৰম্ভ  হোৱা চিপাহী বিদ্ৰোহৰ জুয়ে অসমকো জ্বলাই যায়৷ স্বাধীন অসমৰ শেষ ৰাজধানী যোৰহাটত এই জুইৰ উত্তাপত মুক্তিযুঁজে প্ৰাণ  পাই উঠে৷  ইংৰাজ চৰকাৰ বাহাদুৰে বিদ্ৰোহৰ উকমুকনি কঠোৰ হাতেৰে মষিমূৰ কৰিবলৈ ষড়যন্ত্ৰকাৰী বুলি দোষী সাব্যস্ত কৰি আহোমৰ শেষ ৰজা কমলেশ্বৰ সিংহ, মণিৰাম দেৱান, পিয়লি বৰুৱা আদিক আটক কৰে৷  মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচি দিয়ে৷ বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলিকে ধৰি কেইবাজনো মুক্তি যুঁজাৰুক কলীয়াপানীলৈ দেশান্তৰিত কৰে৷        

  

১৯১৫ চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা আহি ভাৰতীয়ৰ হাতত তুলি দিছিল এপাত অমোঘ অস্ত্ৰ৷ সেইপাত অস্ত্ৰৰে জনজননি নোতোলাকৈ মানুহৰ অন্তৰত জগাই তুলিছিল অহিংসাৰ মহা মুক্তিমন্ত্ৰ৷ ভাৰতীয়ৰ মনৰ পুঞ্জীভূত ক্ষোভক মহামানৱ মহাত্মা গান্ধীয়ে সংগঠিত ৰূপ দি অহিংস স্বাধীনতা বিপ্লৱলৈ ৰূপান্তৰ কৰিলে৷ সত্যাগ্ৰহী স্বাধীনতা সেনানীৰ মনত মাজে-সময়ে হিংসাই ঠাই নোপোৱা নহয়৷ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰে কূটাঘাটমূলক কাৰ্যৰে ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰি চৰকাৰৰ শাস্তি হেলাৰঙে মূৰ পাতি লৈ ফাঁচিকাঠত ওলমিছিল৷ দেশৰ স্বাধীনতাৰ প্ৰতীক ত্ৰিৰংগ পতাকা আৰক্ষী থানাত উৰুৱাবলৈ যাওঁতে সত্যাগ্ৰহীৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ পুলিচ বাহিনীয়ে নিৰ্বিচাৰে গুলী বৰ্ষণ কৰে৷ সেই গুলী নিৰ্ভীক গাভৰু কনকলতা আৰু মুকুন্দ  কাকতীয়ে বুকু পাতি লৈছিল৷ এইসকল জাতীয় শ্বহীদৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা ৰল৷ অন্যহাতে  স্বদেশী আন্দোলনত  ভাগ লৈ কাৰাবৰণ কৰা, নানা লঘু-লাঞ্ছনা আৰু অশেষ নিৰ্যাতন ভোগা বহুতো স্বাধীনতা সেনানীৰ তথ্য-পাতি কংগ্ৰেছৰ অফিচ পুলিচ বাহিনীয়ে লণ্ডভণ্ড কৰি  চলোৱা অত্যাচাৰত নষ্ট হল৷ সেই সময়ৰ কথা জনা মানুহ মৰি কাল হল৷ তথ্য-পাতিৰ অভাৱত বহুজনৰ ত্যাগৰ কথা, পৰিয়ালে ভোগা নিৰ্যাতনৰ কথা বৰ্তমান প্ৰজন্মৰ অলক্ষিতে চৰ্চা নোহোৱাকৈ ৰৈ গল৷    

 

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ভাৰত চৰকাৰে উদযাপন কৰা “আজাদী কা অমৃত মহোৎসৱ” ৰ লগত সংগতি ৰাখি স্থিৰ কৰা ভাবনাটো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আঁৰৰ বীৰ-বীৰাংগনা৷ আমি আজি তেনে এজন বীৰক সুঁৱৰিম যাৰ চিন্তাধাৰা আছিল অভূতপূৰ্ব , অহিংস অথচ ব্যতিক্ৰমী৷

 

কৰ্ণই যেনেকৈ নিজকে সুত-পুত্ৰ বুলি পৰিচয় দি মহাভাৰতত জিলিকি উঠিছিল , ঠিক তেনেদৰে ব্যতিক্ৰমী কামেৰে সমাজত নিজৰ পৰিচয়  জিলিকাবলৈ সক্ষম হোৱা নমস্য ব্যক্তিজনৰ নাম  প্ৰয়াত ৰাষ্ট্ৰপতিলক্ষেশ্বৰ বৰুৱা৷   তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ যোৰহাট মহকুমাৰ চাৰিগাঁৱত ১৮৯৪ চনত লক্ষেশ্বৰ বৰুৱাই জন্ম গ্ৰহণ কৰে৷ তেখেতৰ পিতৃৰ নাম আছিল সভাৰাম বৰুৱা আৰু মাতৃৰ নাম তৰা বৰুৱা৷ তেখেতৰ তিনিজন সুযোগ্য ভাতৃৰ নাম হল কৰ্মযোগী প্ৰয়াত ৰামেশ্বৰ বৰুৱা, ৰত্নেশ্বৰ বৰুৱা আৰু সিদ্ধেশ্বৰ বৰুৱা৷ তীক্ষ্ণবুদ্ধিৰ লক্ষেশ্বৰ বৰুৱাই ৬নং চাৰিগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰ পাতনি মেলে৷ জ্যেষ্ঠ ভাতৃ ৰামেশ্বৰ বৰুৱাৰ লগত শিৱসাগৰ চৰকাৰী হাইস্কুলত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰি অষ্টম মানত নগাঁও হাইস্কুলত নাম লগায়৷ পিছত ১৯১৮ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত  আই. এছ. ছি. পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ তেওঁ তাতে স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰে৷

সঁচা অৰ্থত ১৯২১-১৯৪২ চনলৈ চলা স্বাধীনতা বিপ্লৱক তেজোময় গতি দিছিল সেই সময়ত হাইস্কুল আৰু কলেজত পঢ়ি থকা ডেকাসকলে৷ ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধী অসমলৈ আহি ডেকাশক্তিক জগাই তোলেহি৷ তেখেতৰ আহ্বানত জাকে জাকে অসমীয়া ডেকা-গাভৰুৱে বিদ্যালয়-মহাবিদ্যালয় এৰি আন্দোলনত জঁপিয়াই পৰে৷  লক্ষেশ্বৰ বৰুৱায়ো কটন কলেজৰ বিজ্ঞান স্নাতক মহলাৰ শিক্ষা আধৰুৱাকৈ এৰি স্বদেশী আন্দোলনত জঁপিয়াই পৰে৷ মুক্তি কিম্বা মৃত্যুপণেৰে সৰ্বান্তঃকৰণে দেশমাতৃৰ উদ্ধাৰৰ বাবে কাম কৰাৰ অপৰাধত চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰি চাৰিমাহৰ বাবে কাৰাদণ্ড বিহে৷  কাৰাবাসৰ অন্তত ১৯৩০ চনত তেওঁ দেশত বাহাল থকা বৰবিহ কানি আৰু মদৰ দৰে ৰাগিয়াল দ্ৰব্য নিবাৰণৰ বাবে কাম কৰে৷ কানিৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি ইংৰাজ চৰকাৰে ভাৰতৰ লগতে অসমীয়া লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল৷ ১৯২১ চনত গঠন হোৱা অসম কংগ্ৰেছ কানি তদন্ত কমিটিৰ সভাপতি দেশনেতা কুলধৰ চলিহা আৰু সম্পাদক অসম গৌৰৱ ৰোহিণীকান্ত হাতীবৰুৱাৰ নেতৃত্বত অসমত কানি-নিবাৰণী আন্দোলন স্বাধীনতা বিপ্লৱৰ লগতে অপৰিহাৰ্য কাৰ্যসূচী হিচাপে চলি আছিল৷ দীনবন্ধু এনদ্ৰুজ চাহাব আৰু হোৰেছ আলেকজেণ্ডাৰ নামৰ দুজন ভাৰতপ্ৰেমী ইংৰাজ চাহাবৰ পৃষ্ঠপোষকতা আৰু কানি-নিবাৰণী কমিটিৰ ঐকান্তিক প্ৰচেষ্টাত জেনেভাত বহা আন্তঃৰাষ্ট্ৰীয় কানি তদন্ত সন্মিলনৰ প্ৰতিজন সদস্যলৈ কানি তদন্ত প্ৰতিবেদনপঠোৱা হৈছিল৷ প্ৰতিবেদনত ১৯২৬ চনৰ পৰা ৫ বছৰৰ ভিতৰত অসমত কানি নিৰ্মূল কৰাৰ বাবে অনুমোদন জনাইছিল৷ একে সময়তে ব্ৰিটিছ চৰকাৰক Dangerous Drugs Act.-খন প্ৰৱৰ্তন কৰিবলৈ আৱেদন জনোৱা হৈছিল যদিও ইংৰাজ চৰকাৰে বথাম কমিটিআৰু ৰয়েল কমিচন’-ৰ কোনো পৰামৰ্শ কাৰ্যকৰী নকৰিলে৷ এই দুজন ভাৰতপ্ৰেমী ইংৰাজ চাহাবৰ সহায়ত ৰোহিণীকান্ত হাতীবৰুৱাই ইংলেণ্ডৰ কানিংহামকে ধৰি মূখ্য প্ৰধান চহৰ সমূহত কানিৰ অপকাৰিতা সম্পৰ্কে জনমত গঠন কৰি ইংৰাজ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিল৷ চাৰিগাঁও মৌজাৰ লগতে ওচৰৰ মৌজাবোৰত মাদক দ্ৰব্য নিবাৰণী কাৰ্যসূচী লক্ষেশ্বৰ বৰুৱাদেৱৰ তৎপৰতা আৰু বলিষ্ঠ নেতৃত্বত সুকলমে চলিছিল৷  ১৯৩০ চনত কানিংহাম চাৰ্কুলাৰৰ প্ৰতিবাদত পিকেটিং কৰি যোৰহাটৰ  অষ্টম মানত পঢ়ি থকা কৰ্মী সৰ্ব্বেশ্বৰ বৰদলৈয়ে কাৰাদণ্ড ভূগিব লগীয়া হৈছিল৷ প্ৰকৃত  কংগ্ৰেছী ভাবাদৰ্শৰ লক্ষেশ্বৰ বৰুৱাদেৱে ১৯২১ চনৰে পৰা গ্ৰাম্য উন্নয়নৰ হকে কাম কৰি আহিছিল৷  চাৰিগাঁৱৰ লগতে ওচৰৰ অঞ্চলবোৰত খাদী বস্ত্ৰ আৰু অন্যান্য কুটিৰ শিল্প উৎপাদনত গুৰুত্ব দিবলৈ সজাগতামূলক আঁচনি ৰূপায়ন কৰিছিল৷ ১৯৪০ চনত সত্যাগ্ৰহ আন্দোলনত সক্ৰিয় অংশগ্ৰহনৰ বাবে তেখেতে দ্বিতীয়বাৰ কাৰাবৰণ কৰিব লগা হয়৷

১১৪২ চনত পূৰ্ণ স্বৰাজ বিচাৰি সমগ্ৰ  ভাৰতবৰ্ষত ভাৰত ত্যাগ আন্দোলনৰ ধুমুহা বয়৷ চৰকাৰে না না প্ৰকাৰৰ দমনমূলক নীতি প্ৰয়োগ কৰি আন্দোলনকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত অমানুষিক অত্যাচাৰ চলায়৷ লক্ষেশ্বৰ বৰুৱাই এইবোৰলৈ কেৰেপ নকৰি দেশ মাতৃৰ বাবে চৰম ত্যাগৰ চিনাকি দিলে৷ ১৯৪২ চনৰ ৯ ছেপ্তেম্বৰত ৰেৱকান্ত বৰুৱা পাব্লিক স্কুলত অনুষ্ঠিত হোৱা এখন বিশাল গণসভাত বৃটিছ চৰকাৰহে নালাগে সমগ্ৰ বিশ্বকে আচৰিত কৰি প্ৰায় ২০ বৰ্গ কি.মি. মাটিকালিৰ চাৰিগাঁও মৌজাক “স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰ” হিচাপে ঘোষণা কৰে৷ ইয়াতে ক্ষান্ত নাথাকি চৰকাৰৰ মূৰ কামোৰণি তুলি নিজকে স্বাধীন চাৰিগাঁৱৰ  ৰাষ্ট্ৰপতিবুলি ঘোষণা কৰি সাতজনীয়া প্ৰেছিডেঞ্চিয়েল কেবিনেট মন্ত্ৰীসভা গঠন কৰে৷  সেই কেবিনেটৰ সদস্যসকল আছিল :

 

ৰাষ্ট্ৰপতি :  লক্ষেশ্বৰ বৰুৱা

গৃহমন্ত্ৰী :  জগত শইকীয়া

শিক্ষামন্ত্ৰী :  গোলাপ দত্ত

কুটীৰ আৰু উদ্যোগ মন্ত্ৰী :  কৃষ্ণপ্ৰসাদ দত্ত

ৰাজহ মন্ত্ৰী :  যজ্ঞেশ্বৰ বৰদলৈ

গড়কাপ্তানী মন্ত্ৰী :  সোণাৰাম শইকীয়া

প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী :  দেৱীচৰণ বৰবৰুৱা

        

সেই সভাতে তেখেতে মন্ত্ৰীসকলক কৰ্তব্য আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়৷ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱাদেৱৰ সাহসেৰে অনুপ্ৰাণিত হৈ বহুজন ডেকাই “মৃত্যু বাহিনী”ত যোগদান কৰি ভাৰত ত্যাগ আন্দোলন ত্বৰাণ্বিত কৰি তুলিছিল৷ ভয়ত বিতত চৰকাৰে মন্ত্ৰীসভাৰ কাম আৰম্ভ নৌ হওঁতেই ৰাষ্ট্ৰপতিকে ধৰি বিষয়ববীয়াসকলক যোৰহাট কাৰাগাৰত নজৰবন্দী কয়দী হিচাপে কাৰাবন্দী কৰি ৰাখে৷ ৩ বছৰ ৬ মাহ কাৰাবাসৰ অন্তত ১৯৪৫ চনৰ এপ্ৰিল মাহত তেখেতে মুক্তি লাভ কৰে৷

দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৮ চনত লক্ষেশ্বৰ বৰুৱা গ্ৰামোন্নয়ন বিষয়া হিচাপে নিযুক্ত হয়৷ সঁচা অৰ্থত গাঁৱৰ উন্নয়নৰ বাবে তেখেতে পঞ্চবাৰ্ষিক পৰিকল্পনা আঁচনিৰ আলমত নিষ্ঠা আৰু কুশলতাৰে কাম কৰিছিল৷ প্ৰকৃত গান্ধীবাদী এই কৰ্মযোগীজনে স্বাৱলম্বনৰ অৰ্হি দেখুৱাই চাৰিগাঁৱৰ পথাৰত কেঁকোৰা নাঙলৰ মুঠিত ধৰি ধানখেতি কৰিছিল৷ ঘৰতে এখন গেলামালৰ দোকান খুলিছিল৷ শুধ বগা খাদী বস্ত্ৰ পৰিধান কৰি অনাড়ম্বৰ জীৱন যাপন কৰিছিল৷ সংগীত সাধনাৰে বৰুৱাদেৱে সাংস্কৃতিক মনটোৰ পৰিচয় দিছিল৷ চাৰিগাঁৱৰ ঘৰখনলৈ কলিকতাৰ ওস্তাদ ৰামচৰণ চৌধুৰী বেনাৰ্জীক আমন্ত্ৰণ কৰি আনি সংগীত বিদ্যালয় স্থাপন কৰি চাৰিগাঁৱৰ লগতে যোৰহটীয়া ছাত্ৰ-ছাত্ৰীৰ সংগীত শিক্ষাৰ বাট মুকলি কৰি দিছিল৷ আজিও এই ধাৰা বৰ্তাই ৰাখি তেখেতৰ পো-নাতিসকলে সংগীত চৰ্চা অব্যাহত ৰাখিছে৷

নিজৰ বলিষ্ঠ নেতৃত্বৰে স্বৰাজ আন্দোলনক প্ৰাণৱন্ত কৰি তোলা এইজনা মুক্তি যুঁজাৰুৰ বিষয়ে বিশদ চৰ্চা  হোৱা দেখা নাযায়৷  অথচ ভাৰতৰ ভালে কেইজন লেখকৰ লেখাত লক্ষেশ্বৰ বৰুৱাৰ দ্বাৰা সংঘটিত অনন্য আৰু একক ঘটনাটোৰ  উল্লেখ আছে৷ শাৰদ পাৱাৰে তেখেতৰ ‘Contemporary Political Leadership’ গ্ৰন্থত ঘটনাটো উল্লেখ কৰিছে৷ প্ৰফেছৰ অনিল কুমাৰ শৰ্মাই তেখেতৰ ‘Quit India Movement’ গ্ৰন্থত লক্ষেশ্বৰ বৰুৱাৰ বিষয়ে লিখিছে৷ মন্মথ নাথ গুপ্তৰ “ভাৰতীয় ক্ৰান্তিকাৰী আন্দোলন কা ইতিহাস” (১৯৬০ চন, পৃঃ ৪০৯ ) নামৰ গ্ৰন্থত চাৰিগাঁৱক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা ঘটনাটো লিপিবদ্ধ কৰিছে৷

 

১৯৮৮ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ছোনিয়া গান্ধীৰ সৈতে যোৰহাটৰ নিমাতী ঘাট পৰিদৰ্শন কৰিবলৈ যাওঁতে চাৰিগাঁও-নিমাতী পথৰ কাষত থকা লক্ষেশ্বৰ বৰুৱাৰ বাসগৃহত সোমাই তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন  কৰিছিল৷ এবাৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় ত পতা এখন সভাত মুখ্য অতিথি হিচাপে সভা শুৱনি কৰিছিল তেতিয়াৰ  ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে৷ তেখেতৰ চকুত পৰিছিল দৰ্শকৰ আসনত উপৱিষ্ট বগলী পাখিহেন খাদী পোছাক পৰিহিত লক্ষেশ্বৰ বৰুৱাদেৱক৷  দেখা মাত্ৰকে তেখেতে আপুনিহে আচল ৰাষ্ট্ৰপতি” বুলি বৰুৱাদেৱক সাদৰ-সন্মানেৰে মঞ্চলৈ মাতি নি নিজৰ আসনত বহিবলৈ দিছিল৷

 

ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলোতে উদাৰমনা এই সিংহপুৰুষগৰাকীৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্মই আমাৰ ধৰ্ম৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম জিলিকাই নিজৰ জীৱনক মহীয়ান কৰা লক্ষেশ্বৰ বৰুৱাৰ জীৱনগাথা উত্তৰ পুৰুষৰ বাবে আদৰ্শস্বৰূপ৷  এইজনা মহান ব্যক্তিৰ ১৯৯০ চনৰ ১১ জানুৱাৰি তাৰিখে ৯৬ বছৰ বয়সত মহাপ্ৰয়াণ ঘটে৷ চাৰিগাঁও-সেউজীপাৰ সংযোগী পথাৰৰ মাজত বালিজানৰ পাৰত থকা তেখেতৰ সমাধি এটা যুগৰ সাক্ষী হৈ আছে৷ যোৰহাটৰ মুক্তিযোদ্ধা ভৱনটি বৰুৱাদেৱৰ স্মৃতিত অৰ্পণ কৰা হৈছে৷ তেখেতৰ মৃত্যুৰ লগতে এটা ঘটনাবহুল আৰু বৰ্ণিল যুগৰ অৱসান ঘটে৷



ঠিকনা :
প্ৰযত্নে নিৰু  দত্ত
সৰুপথাৰ - ৭৮৫৬০১
গোলাঘাট
ভ্ৰাম্যভাষ: ৭০০২২৪১১৪৫

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ