অন্যযুগ/


শীত

অংকুৰিতা ফুকন

টোপ টোপ টোপ টোপ
নিয়ৰ সৰিল
খিৰিকীৰে চাই দেখোঁ
খৰালি আহিল।

জাৰকালৰ দিনবোৰত
কিযে লাগে মজা-
মোজা-চুৱটাৰ পিন্ধোঁ,
খাওঁ বাদাম ভজা।

চেঁচা পানী চুলেই দেখোঁ
হাত-ভৰি কঁপে,
লোপৰ তলত সোমালেই
আকৌ উম লাগে।

চুটি শীতৰ দিনবোৰ
ৰাতিবোৰহে দীঘল
শুই শুই থাকি জানা
লাগি যায় ভাগৰ।

নহয়নে বাৰু কোৱাঁচোন
শীত কালেই ভাল
গৰমকালি ঘামি জামি
বৰ আহুকাল।

সকলোৱে শীতকালক
বৰ ভাল পায়
গধূলি বহি জুহালত
জুইৰ সেক লয়।



ফোন নং-৮৪৫৩৩৮৯৪৫০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ