অনসূয়া বৰঠাকুৰ
(দুইৰ ভাগ)
২+১= ৩ (দুয়ে একে তিনি)
পিতায়ে আনিছে মাছ দুই কেজি কিনি।
২+২= ৪ (দুয়ে দুয়ে চাৰি)
তাৰে এক কেজি ৰৌ, এক কেজি আঁৰি।
২+৩= ৫ (দুয়ে তিনিয়ে পাঁচ)
জীয়াভৰলী নৈত পায় শিলঘৰীয়া মাছ।
২+৪=৬ (দুয়ে চাৰিয়ে ছয়)
চিতলৰ সৰুটোকে খঁৰিয়া বুলি কয়।
২+৫= ৭ (দুয়ে পাঁচে সাত)
মৈদাৰে মাছকেইটা সৰু সৰুকৈ কাট।
২+৬ = ৮ (দুয়ে ছয়ে আঠ)
ৰৌ আৰু ভকুৱাৰ বাকলি বৰ ডাঠ।
২+ ৭ = ৯ (দুয়ে সাতে ন)
পুখুৰীটোত নানামিবি, পানী বৰ দ।
২+৮ = ১০ (দুয়ে আঠে দহ)
বাছি-কাটি মাছকেইটা, খন্তেক বহ।
২+৯ =১১ (দুয়ে নয়ে এঘাৰ)
মেকুৰীয়ে নিব মাছ, ঢাকোন যদি নেমাৰ।
২+১০=১২ (দুয়ে দহে বাৰ)
বৰশী বাওঁতে পালোঁ বাত, পাভ, নাৰ।
ঠিকনা : জ’ৰথাং, দক্ষিণ ছিকিম