নৱনীতা ভট্টাচাৰ্য্য
আজি তোমালোকক সাৰুৱা
কথাকেইষাৰমান ক’ম বুলি ভাবিছোঁ। সাৰুৱা বুলি এইবাবেই কৈছোঁ,
সাৰে যেনেকৈ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰি গছ এজোপা লহ-পহকৈ বাঢ়ি যোৱাত
সহায় কৰে, ঠিক তেনেদৰে এই কথাবোৰেও তোমালোকৰ মানসিক
শ্ৰীবৃদ্ধিত সহায় কৰিব। মানসিক শ্ৰীবৃদ্ধি বুলি কওঁতে কথা এষাৰ মনলৈ আহিছে,
মাতৃভাষাত শিক্ষা লাভ কৰিলে মানসিক শ্ৰীবৃদ্ধি সঠিক ৰূপত হোৱাৰ লগতে
উৎসাহজনকো হয়। কিয়নো মাতৃভাষাত শিক্ষা লাভ কৰাটো অতিকে সহজ। সেইবাবে মাতৃভাষাত
শিক্ষা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে। অৱশ্যে এই কথাটোও ঠিক আজিৰ বিজ্ঞান আৰু
প্ৰযুক্তিবিদ্যাৰ যুগত বিশ্বৰ শ্ৰেষ্ঠ লোকসকলৰ শাৰীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ’লে আমি মাতৃভাষাৰ লগতে ইংৰাজী ভাষাও শিকিব লাগিব। তাৰ উপৰি ভাষা আৰু
সংস্কৃতিৰ আদান-প্ৰদানে সদায় সমাজৰ উন্নতিত সহায় কৰে।
কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে নিজৰ সকলো জলাঞ্জলি দি আনক আপোন কৰি ল’ম। অন্যথা আমি আমাৰ পৰিচয় হেৰুৱাই পেলাম। সেইবাবে মাতৃভাষা বা মাতৃভূমিৰ
উন্নতিৰ বাবে সদায় চেষ্টা কৰিব লাগে।
আমাৰ মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষাৰ উন্নতিৰ হকে একাণপটীয়াকৈ কাম কৰা এটা অনুষ্ঠানৰ নাম হ’ল অসম সাহিত্য সভা। এই অনুষ্ঠানটিৰ জন্ম বুৰঞ্জী বুলি ক’লে আমি প্ৰথমতে সেই সময়লৈ উভতি যাব লাগিব যেতিয়া এইখন অসমতে স্কুল-কলেজকে আদি কৰি সকলো শিক্ষানুষ্ঠান, ক’ৰ্ট-কাছাৰি আদিত বঙালী ভাষাক প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল। সেয়া আছিল ১৮৩৬ চন যেতিয়া অসমত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল। তোমালোকে হয়তো ভাবিছা অসমত আকৌ বঙালী ভাষাক কোনে চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিব! ইয়াণ্ডাবু সন্ধিৰ পাছত যেতিয়া অসম ইংৰাজসকলৰ অধীনলৈ যায়, তাৰ পাছতে এই ঘটনাটো ঘটিছিল৷ কিয় ঘটিছিল তোমালোকে অলপ হ’লেও অনুমান কৰিব পাৰিছা। ইয়াৰ প্ৰধান কাৰণ আছিল বাঙালী ভাষাৰ আধিপত্য আৰু সচেতন তথা শিক্ষিত অসমীয়া লোকৰ অভাৱ। সি যি কি নহওক অসমীয়া লোকৰ চেষ্টাতেই ১৮৭৩ চনত অসমীয়া ভাষাৰ পুনৰাগমন ঘটিছিল। তেতিয়াৰ এচাম অসমীয়া ডেকাৰ তৎপৰতাৰ ফলতেই অসমত নানা অসমীয়া আলোচনী, বিভিন্ন সভা-সমিতি, গোট-সংগঠনৰ সৃষ্টি হৈছিল, যাৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষাৰ সৰ্বতোপ্ৰকাৰে উন্নতি সাধন কৰা। এই সংগঠনবিলাকৰ ভিতৰত ১৮৬৯ চনত প্ৰতিষ্ঠা হোৱা “গুৱাহাটী স্কুল-ক্লাব”, ১৮৭২ চনত কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰসকলে প্ৰতিষ্ঠা কৰা “অসমীয়া ছাত্ৰৰ সাহিত্য সভা”, ১৮৮৮ চনত কলিকতাত অধ্যয়নৰত অসমীয়া ছাত্ৰসকলে পতা “অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা”, ১৯১৬ চনত প্ৰতিষ্ঠা হোৱা “অসম ছাত্ৰ সন্মিলন” আদি উল্লেখযোগ্য। অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সফলতাই সাহিত্য চৰ্চাৰ লগত জড়িত লোকসকলক সাহিত্য চৰ্চাৰ বাবে মুকলি মঞ্চ এখন গঢ়ি তোলাৰ বাবে উৎসাহী কৰি তুলিছিল। ছেগ চাই কঠীয়া পৰাৰ মানসেৰে সেই সময়তে শিৱসাগৰত ৰজহুৱা সভা এখনৰ আহ্বান কৰা হৈছিল। সেই সভাতে অসমীয়া শিক্ষিত আৰু সাহিত্যানুৰাগীসকলক নিমন্ত্ৰণ কৰি এখন সদৌ অসম সাহিত্য সভা গঠন কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল। সেই অনুসাৰে ১৯১৭ চনৰ ২৬ ডিচেম্বৰ তাৰিখে শিৱসাগৰত “সদৌ আসাম সাহিত্য সন্মিলনী” বহিছিল। ১৯৪৩ চনৰ অধিৱেশনত এই অনুষ্ঠানটিক “অসম সাহিত্য সভা” নামেৰে নামকৰণ কৰা হৈছিল। সাহিত্য সভাৰ হৈছিল আৰু অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰাই সভাৰ মূল লক্ষ্য হ’ব বুলি ঘোষণা কৰা হৈছিল।
১৯১৭ চনৰ ২৬ আৰু ২৭
ডিচেম্বৰ মাহত দুদিনীয়া কাৰ্যসূচীৰে সাহিত্য সন্মিলনখন পতা হৈছিল। এই সন্মিলনৰ
সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। ২০১৭ চনত পঞ্চমবাৰৰ বাবে শিৱসাগৰত বিশেষ
শতবৰ্ষীয় অধিৱেশনখনো পতা হৈছিল। এইখিনিতে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ
বিষয়ে দুষাৰমান কওঁ শুনা- অসমীয়া সাহিত্যৰ অন্যতম যুগনায়ক পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হৈছিল ১৮৭১ চনত, ডিব্ৰুগড় জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ নকাৰী গাঁৱত। পিতৃ ঘিনাৰাম বৰুৱা লখিমপুৰৰ মৌজাদাৰ হোৱা বাবে তেওঁ উত্তৰ
লখিমপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা ছাত্ৰবৃত্তি পৰীক্ষা পাছ কৰি শিৱসাগৰ চৰকাৰী
বিদ্যালয়ত নামভৰ্তি কৰিছিল। তাৰ পাছত তেওঁ ১৮৯০ চনত কলিকতাত বৰ্তমানৰ কোলকটাত এফ-এ
আৰু ওকালতি পঢ়েগৈ। কলিকতাত পঢ়ি থকা কালতে তেওঁ “অসমীয়া
ভাষা উন্নতি সাধিনী সভা”ৰ লগত জড়িত হৈছিল। তেওঁ “বিজুলী” নামৰ আলোচনীখনৰ দ্বিতীয় বছৰৰ সম্পাদক
হৈছিল। বিভিন্ন অজুহাতত তেওঁ শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে অসমলৈ উভতি আহিবলগীয়া
হৈছিল। এই বিষয়ে তেওঁ নিজে এনেদৰে উল্লেখ কৰিছে, “কলিকতীয়া
ছাত্ৰবিদ্যা মিছাই গ’ল যদিও আনে নেদেখাকৈ কাষলতিৰ তলত নিজ
মাতৃভাষা আৰু জাতীয় সাহিত্যৰ টোপোলা এটি অতি সন্তৰ্পণে লুকাই লৈ আহিলোঁ।”
তাৰ পৰা আহি তেওঁ কহিমাত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল। কলিকতাত থকা কালতেই তেওঁৰ প্ৰথম উপন্যাস “ভানুমতী” প্ৰকাশ হয়। এই উপন্যাসখন বিজুলী আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ হৈছিল আৰু এইখনেই অসমীয়া ভাষা-সাহিত্যৰো প্ৰথমখন উপন্যাস। ১৮৯২ চনত তেওঁৰ দ্বিতীয়খন উপন্যাস “লাহৰী” প্ৰকাশ হৈছিল। সাহিত্যৰ প্ৰায় সকলো বিভাগতে তেওঁ হাত দিছিল। তেওঁ পাঠ্যপুথি, বুৰঞ্জী, উপন্যাস, নাটক, জীৱনী, ধৰ্মপুথি আদি সকলো ধৰণৰ কিতাপ ৰচনা কৰি অসমীয়া সাহিত্যক নিজৰ ভৰিত থিয় দিব পৰাকৈ শক্তিশালী কৰি থৈ গৈছে৷ আন কথাত ক’বলৈ গ’লে তেওঁ যি বিষয়তে অসমীয়া ভাষাৰ কিতাপৰ অভাৱ দেখা পাইছিল সেই বিষয়তে কিতাপ লিখিবলৈ লৈছিল। তেওঁ মুঠতে ২০খনমান গ্ৰন্থ ৰচনা কৰি গৈছে। তেওঁৰ বুৰঞ্জীমূলক নাট্যাৱলী হ’ল- ‘লাচিত বৰফুকন’ (১৯১৫), ‘জয়মতী’ (১৯০০), ‘গদাধৰ’ (১৯০৭), ‘সাধনী’ (১৯১১)। পৌৰাণিক নাটক হ’ল- “বাণৰজা” (১৯৩২)। তেওঁৰ ধেমেলীয়া আৰু সংস্কাৰমূলক নাটক হ’ল- “গাঁওবুঢ়া” (১৮৯৭), “টেটোন তামুলী” (১৯০৯) আৰু “ভূত নে ভ্ৰম” (১৯২৪)। “জুৰণি” (১৯০০), “লীলা” (১৯০১), “ফুলৰ চানেকি” (১৯৪১)- এইকেইখন হ’ল তেওঁৰ কবিতাপুথি৷ “জীৱনী-সংগ্ৰহণ’’ নামৰ কিতাপখনত তেওঁ অসমীয়া জাতিৰ প্ৰগতিৰ ক্ষেত্ৰত বৰঙণি যোগোৱা নমস্য ব্যক্তিসকলৰ জীৱনী লিখি থৈ গৈছে। ইয়াৰ উপৰি “অসম বুৰঞ্জী” নামৰ কিতাপখন হ’ল আধুনিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে লিখা ঐতিহাসিক বিষয়ক কিতাপ। তত্ত্বমূলক গ্ৰন্থ গীতাসাৰ আৰু শ্ৰীকৃষ্ণ তেওঁৰ আন এক শ্ৰেষ্ঠ সাহিত্য কৰ্ম।
প্ৰথমবাৰৰ বাবে
চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন আৰু বৃটিছ চৰকাৰৰ পৰা ৰায়বাহাদুৰ খিতাপ লাভ কৰোঁতা
পদ্মনাথ গোহাঞিবৰুৱাই ডিব্ৰুগড়ত বহা ‘অসম ছাত্ৰ সন্মিলন’ আৰু ‘আসাম এছ’চিয়েশ্যন’ৰ অধিৱেশনতো সভাপাতিত্ব কৰিছিল আৰু অসম
সাহিত্য সভাৰ জন্মৰ বহুবছৰ আগতেই, ১৮৯৫ চনত প্ৰতিষ্ঠা হোৱা কহিমা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদকো আছিল৷ তেওঁ ‘অসম লেজিছ্লেটিভ কাউঞ্চিলৰ অনাৰেবল আহোম প্ৰতিনিধি’ আছিল। তেজপুৰৰ
ৰংগমঞ্চৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। প্ৰথম আধুনিক
অসমীয়া উপন্যাসৰ জন্মদাতা, ঐতিহাসিক নাটকৰ সূচনাকাৰ এইজনা ওজা সাহিত্যিকৰ ১৯৪৬ চনত তেজপুৰৰ নিজা ঘৰ ‘পদ্মকুটীৰ’ত স্বৰ্গী হয়।
প্ৰথমতে মই তোমালোকক
কৈছোঁ যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। এই
অধিৱেশনতেই সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ উদাত্ত ভাষণ শুনি সভাথলীতেই দানস্বৰূপে
নগদ ২২৪২ টকা আদায় দিয়াৰ প্ৰতিশ্ৰুতি পোৱা গৈছিল। ডিব্ৰুগড়ৰ ডাঃ হৰিকৃষ্ণ দাসে
জেপৰপৰা দহ টকীয়া নোট এখন উলিয়াই দি সভাৰ প্ৰথমজন দাতাস্বৰূপে স্বীকৃতি
লাভ কৰিছিল। এইখিনি কথা শুনি তেওঁৰ ভাষণত এনে কি কথা লুকাই আছে তাকে
জানিবলৈ তোমালোকৰ মন গৈছে নিশ্চয়। বাৰু, পাছৰ খণ্ডত পদ্মনাথ
গোহাঞিবৰুৱাৰ ভাষণটোৰ বিষয়ে ক’বলৈ চেষ্টা কৰিম৷ আজিলৈ
ইমানতে এৰিছোঁ।
ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০