অন্যযুগ/


টিটিৰ দিনলিপি

তৃণ
নৱনীতা ভাট্টাচাৰ্য্য

আজিও তোমালোকলৈ টিটিৰ দিনলিপিৰ পৰা এটা নতুন গল্প লৈ আহিছোঁ। কথাবোৰ তেনেই চিনাকি আৰু পূৰণিও। পিছে টিটিৰ দৃষ্টিভংগীৰে চালে তাত আকৌ বহুতো নতুন দিশ বিচাৰি পাবা। বিশেষ কথা নবঢ়াই পোনে পোনে টিটিয়ে লিখা ধৰণেই কওঁ শুনা—
লাহে লাহে বনখন মোৰ চিনাকি হৈ পৰিছে। বহুতো চৰাই-চিৰিকটিৰ লগতো আত্মীয়তা গঢ়ি উঠিছে। পিছে বনখনক যিমানে বুজিবলৈ চেষ্টা কৰিছো সিমানে ই মোৰ মনত কৌতুহলৰ সৃষ্টি কৰিছে। ক’তযে ৰহস্য উৎঘাটন কৰিবলৈ বাকী আছে! আজি সন্মুখীন হোৱা ঘ্টনাটোৱে কম ৰহস্যজনকনে? ৰাতিপুৱা শুই উঠি পৰমপিতা পৰমেশ্বৰক নতুন দিনটো মংগলময় হওক বুলি প্ৰথমতে প্ৰৰ্থনা জনালো, তাৰপিছত খাদ্যৰ সন্ধানত ওলাই যাম বুলি ভৰিখন দাঙিছোহে মাত্ৰ, এনেতে মায়ে তাহানিতে শিকোৱা কথা এষাৰ সাউতকৈ মনত পৰিল। মায়ে কৈছিল, “বোপা, ঘৰৰ পৰা ওলাই যোৱাৰ আগতে বতৰৰ আগজাননি ল’বলৈ নাপাহৰিবা।” সেইবাবে ওলাই যোৱাৰ আগতে বতৰৰ আগজাননি ল’বলৈ চেষ্টা কৰি আকাশলৈ চালো। আৰুণোদয়ৰ লালিমাই আকাশখনত এক অপূৰ্ব দৃশ্যৰ সৃষ্টি কৰিছে। লগে লগে মোৰ মনটোও ফৰকাল হৈ পৰিল। তেনেতে মোৰ বৃহৎ গছজোপাকেইজোপাত চকু পৰিল। গগণচুম্বী গছকেইজোপা দেখিলে মোৰ মনটো ভৰি পৰে। ভগৱানৰ কি অপূৰ্ব সৃষ্টি! হেজাৰ-বিজাৰ ঠাল-ঠেঙুলিৰে ভৰ-পূৰ। মনতে কথাবোৰ পাগুলিয়াই থাকোতেই কোনোবাই মোক উদ্দ্যেশী কোৱা যেন পালো, “হেৰা আকাশলৈ চাই থাকিবা নে ভূমিলৈও চাবা। এই পৃথিৱীত আন বহুতো উদ্ভিদ আছে যিবোৰ সুকীয়া সুকীয়া বৈশিষ্টৰে ভৰপূৰ। বৃক্ষ দৰে মহান হ’ব নোৱাৰিলেও আমাৰ গুণক তুমি আওকান কৰিব নোৱাৰা।”
ইমান আবেগভৰা কন্ঠস্বৰ শুনি মই ইফালে-সিফালে চাব ধৰিলো। কোনে মোক অভিযোগ কৰিছে! মই কি ভূল কৰিলো, তাকে জানিবলৈ মোৰ মন উদগ্ৰীব হৈ পৰিল। কিন্তু ক’তা মোৰ ওচৰতটো কোনো নাই। একো আও-ভাও ধৰিব নোৱাৰি মই ক’লো, “হেৰা! কোন? ক’ৰ পৰা কৈছানো? তুমি কি বুজাব বিচাৰিছা? মোৰ সন্মুখলৈ আহি সকলো খুলি কোৱা।”
মোৰ অনুৰোধ শুনি তেওঁ পূনৰ ক’লে, “হেৰা! মই হ’লো তোমাৰ ভৰিৰ তলৰ তৃণ। সন্মুখলৈ আহোনো কেনেকৈ? ভগৱানে আমাক দলিচাৰ দৰেই স্ৰজন কৰিছে। মোৰ লগত যদি কথা পাতিব বিচাৰিছে তেনেহ’লে তুমি মূৰ দোৱাই তললৈ চোৱা।”
সেই অচিন কন্ঠস্বৰৰ অনুৰোধ মৰ্মে মই মূৰ তল কৰি চাই দেখো, “হয়! মই দলিচা সদৃশ বনৰ ওপৰতে ঠিয় হৈ আছো।” কথাটো ইমানদিনে মন কৰাই নাছিলো যে এই পৃথিৱীত গগণচুম্বী বৃক্ষবোৰৰ উপৰিও বহুতো গছ-লতিকা আছে যিবোৰৰ সহায়তে আমি জীয়াই আছো। বৃক্ষৰ গুণ-গৰিমাত মগন হৈ থাকোতে সকলো যেন পাহৰিয়ে আছিলো। সেইবাবে বনজোপাকে সুধিলো, “বাৰু! তোমাৰ নাম বাৰু জানিলো। গুণ-গৰিমাও অশেষ যেন মনে ধৰিছে। মোৰ অজ্ঞতাক ক্ষমা কৰি বন্ধু বুলি আকোৱালী ল’ব পাৰিবানে? এই বননিখনলৈ অহাৰে পৰা মই বহুতো স্মৰণীয় অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছো। এই বনখনত মই নতুন, সেইবাবে মোৰবাবে সকলোবোৰে নতুন। ইমানদিনে য’ত বাস কৰিছিলো তাত বৈচিত্ৰতাৰ তেনেই অভাব আছিল। যিফালে চোৱা সেইফালে কেৱল বৰফ বৰফ আৰু বৰফ। সেয়েহে কিবা ...।”
মোৰ কথাষাৰ শেষ হ’বলৈ নাপালেই এনেতে বনজোপাই পুণৰ ক’লে,“বুজিছো, বুজিছো। সকলো বুজিছো। এইকেইদিন তোমাক দেখিয়ে আছো নহয়। মোৰ দলিচাৰ ওপৰৰে খোজকাঢ়িয়ে তুমি এই বননিত প্ৰবেশ কৰা নাই জানো।”
“অ’ হয় দিয়া, তোমালোকে এই বননিখনক এখন দলিচাৰ নিচিনাকৈ আবৰি ধৰি কিমান সুন্দৰ কৰি তুলিছা।”
“অকল সুন্দৰ বুলি ক’লে ভুল হ’ব! আৰামদায়কো কৰি তোলা নাইনে?
“হয় ঠিকে কৈছা, বনৰ ওপৰত খোজ কঢ়াৰ আমেজে সুকীয়া। তোমালোকে এই কঠিন ভুমিকো কহুৱা কোমল কৰি তুলি আমাক বৰকৈ সহায় কৰিছা।”- বনজোপাৰ কথাৰ সহাৰি জনাই মই কথাষাৰ ক’বহে পালো, সি একেবাৰে ভোকাহি মাৰি ক’লে, “ৰ’বা অকল বাহ্যিক গুণতে ভোল নাযাবা।”
বনজোপাৰ কথা শুনি মই ক’লো, “বাৰু মই কি ভুল ক’লো কোৱাচোন, তোমাৰ অলপ প্ৰশংসাহে কৰিছো।”
“কিন্তু, তুমি অকল বাহ্যিক গুণত ভোল গ’লেই নহ’ব নহয়। মোৰো আৰু বহুতো বিশেষত্ব আছে।”
মোৰ কথাত বনজোপাই দুখ পোৱা যেন দেখি ক্ষমা বিচাৰি ক’লো, “মই তোমাক কৈছোৱেচোন, এইবনখনত মই একেবাৰে নতুন। কথাবোৰ অলপ খুলি কোৱাচোন।”
মোৰ কথাত তেওঁ কিছু ক্ষান্ত হৈ ক’বলৈ ধৰিলে, “এই পৃথিৱীখনৰ সকলো ঠাইতে আমাৰ বসতি। সমগ্ৰ পৃথিৱীৰ প্ৰায় ২০% মাটি আমি আবৰি ধৰি আছো। পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ বন দেখা পোৱা যায়। আমিবোৰে মাটিদৰা শুৱনি কৰাই নহয় বহুতো উপকাৰো সাধো। যেনে ধৰা, আমি সদায় একেলগে ঠোপা-ঠোপে গজি মটিটুকুৰা একেবাৰে আবৰি ধৰো। আমাৰ শিপা বোৰ একেবোৰে চুলিৰ লেখিয়া মিহি আৰু সৰু সৰু। এই শিপাবোৰে মাটিদৰাক খামুচি ধৰি খহনীয়া ৰোধ কৰে। তাৰোপৰি আমি বনখনৰ চাৰিওফালে গজি বনখনৰ তাপমাত্ৰা ৰোধ কৰাত সহায় কৰো আৰু অক্সিজেনৰ যোগান ধৰো। আমি প্ৰায়বোৰ তৃণভোজী প্ৰাণীৰে প্ৰিয় খাদ্য। কিন্তু আমাৰ সুকীয়া গুণৰ বাবে এই প্ৰাণীবোৰে খালেও আমাৰ বিশেষ লোকচান নহয় আৰু কিছুদিনৰ পিছতে পুনৰ ঠন ধৰি উঠো। যিবোৰ ঠাইত বন গজে সেই ঠাইবোৰত ধুলি-মাকটিও ক’ম হয়, কিয়নো আমি মাটিৰ পৰা ধুলি-মাকটি উৰিব নোৱাৰাকৈ গোটেই মাটিডৰাক আবৰি ধৰি থাকো। ফলত ঠাইটুকুৰাও স্বস্থ্যকৰ হৈ পৰে।”
হয় দিয়া তোমালোকৰো ইমান গুণ আছে বুলি মোৰ মনে ধৰা নাছিল। ভৰিৰ তলত থাকি কিনো উপকাৰ সাধিবা বুলি মনতে ভুল ধাৰণা এটা পুহি ৰাখিছিলো। আজি তোমাৰ কথাত মোৰ ভ্ৰম ভাঙিল।”
“হেৰা! মই মাটিত লিপিট খাই ধাৰি থাকিলো বুলিয়ে সকলো তৃণকে তেনেকৈ নাভাবিবা। আমাৰ মাজতো এনে প্ৰজাতিৰ তৃণ আছে যিবোৰ ডাঙৰ-দীঘল হয়। সেই কুঁহিয়াৰ জোপালৈয়ে চোৱাচোন কিমান ওখ হৈ গৈ আছে।”
“এই নিশকটীয়া দেহাটোৰে সি যিমান পাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰিছে। পিছে....”
মোৰ মুখৰ পৰা কথাষাৰ সৰি পৰিল কি নপৰিল এইবাৰ সি জাঙুৰ খাই উঠি ক’লে, “আমাৰ গা-গছ কোমল হ’লেও তুমি নিশকটীয়া বুলি নক’বা। আমাৰ গা-গছ ঠাল-ঠেঙুলিৰে ভৰ-পুৰ নহয় যদিও আমাৰ সুকীয়া বৈশিষ্টবোৰক তুমি উলাই কৰিব নোৱাৰা। মোৰ নিচিনা মাটিত লিপিট খাই ধৰি থকা উদ্ভিদকে অকল তৃণ বুলি ধৰা নহয়। তুমি সেই বাঁহডৰালৈ চোৱাচোন। কেনেদৰে গগণ ভেদিবলৈ ওলাই আহিছে। এই বাঁহগছজোপাও তৃণ প্ৰজাতিৰ ভিতৰতে অন্তৰ্ ভুক্ত। তুমি আকৌ এই বাঁহগছকেইজোপা অকল ওখ বুলিয়ে নাভাবিবা, পৃথিৱীৰ ভিতৰতে আটাইতকৈ দ্ৰুত গতীত বাঢ়ি যোৱা উদ্ভিদ বুলিও ইয়াৰ বিশেষ নাম আছে।”
তৃণৰ কথা শুনি মই আচৰ্য্য প্ৰকাশ কৰি ক’লো, “ইমান বিচিত্ৰতা! তোমাৰ কথা শুনি মোৰ মন ভৰি গ’ল। তোমালোক সঁচাকৈয়ে একক অনন্য। ইমানদিনে বৈচিত্ৰহীন জীৱন যাপন কৰি সময় অতিবাহিত কৰিছিলো। এই বনখনে মোৰ বহুতো নতুন অভিজ্ঞতা আহৰণ কৰাত সহায় কৰিলে। তোমালোকৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰ’ম। পিছে এতিয়া বিদায়হে।”
এতিয়া তোমালোকে কোৱাচোন টিটিৰ দিনলিপিৰ নতুনত্ব আছে নে নাই? সেইবাবেইটো মই দিনলিপিখন সযতনে সাঁচি থৈছো।


ঠিকনা :
বেলতলা তিনিআলি
ভ্ৰাম্যভাষ: ৯৮৬৪২৩৩৩৫০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ