অন্যযুগ/


মহাকবি কালিদাসৰ ৰঘুবংশ

কৌস্তুভমণি শইকীয়া দত্ত 

অনুবাদৰ আনুষংগিক  


কিছু প্ৰসিদ্ধ চৰিত্ৰ অসাধাৰণ। যুগে যুগে মানুহৰ দ্বাৰা অৰ্চিত, পূজিত। 

উদাহৰণস্বৰূপে ঈক্ষ্বাকুবংশীয় ৰজা ৰামচন্দ্ৰ। কিন্তু এই বিশেষ চৰিত্ৰটো জনমানসত অৱতাৰী পুৰুষ নহ'লহেঁতেন যদিহে ৰামায়ণ নামৰ এক অসাধাৰণ সাহিত্য-কৰ্মৰে বাল্মীকিয়ে ৰামৰ জীৱন চৰিত আৰু তেওঁৰ বংশৰ আদিবৃত্ত যুগজয়ী কৰি লিপিৱদ্ধ নকৰিলেহেঁতেন। 

মেধাৱী কবিয়ে কলমৰ যাদুৰে জনমানসত গঢ়িব পাৰে ভগৱান আৰু গঢ়িব পাৰে চয়তানো। 

মহাকবি কালিদাসৰ ৰঘুবংশৰ উৎস মূলতঃ ৰামায়ণ। মহাভাৰত আৰু বিভিন্ন পুৰাণতো ইয়াৰ কিছুমান কাহিনী বৰ্ণিত হৈছে। 'ৰঘুবংশ' যুগে যুগে সচেতন সাহিত্যপ্ৰেমীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। এই কাব্যই ভাৰতীয় দৰ্শন মতে মানৱ জীৱনৰ পৰম-প্ৰাপ্তি কেনেদৰে পাব পাৰি তাক ৰঘুকুলৰ নৃপতিসকলৰ আদৰ্শৰ মাজেৰে চিত্ৰায়িত কৰিছে। এই মহাকাব্যত ঈক্ষ্বাকুবংশীয় ৰজা দিলীপৰ পৰা আৰম্ভ কৰি অগ্নিবর্ণ পর্যন্ত মুঠতে আঠাইছজন ৰজাৰ সংক্ষিপ্ত বৰ্ণনা পোৱা যায়।

ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ- এই চাৰি কৰ্ম পুৰুষাৰ্থ কৰি এইসকল নৃপতিয়ে জীৱন জয় কৰিছিল। কালিদাসৰ ৰঘুবংশ কাব্যৰ অলেখ কাহিনীয়েও এই 'পুৰুষাৰ্থচতুষ্টয়' অৰ্থাৎ চাৰি পুৰুষাৰ্থ- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ প্ৰাপ্তিৰ বাবে কৰা বিৰামহীন সংগ্ৰামকে চিত্ৰায়িত কৰিছে। তাকে কৰিবলৈ যাওতে কালিদাসে তেওঁৰ বিৰল কাব্য-চেতনাৰে সৃষ্টি কৰিছে বহু আনুষংগিক অলংকাৰ, যি আমাৰ দৰে অনুৰাগীক কৃতাৰ্থ কৰি তুলিছে। 

এই সুদীৰ্ঘ কাব্যত ১৫৫৭টা শ্লোক ১৯টা অধ্যায়ত সন্নিৱিষ্ট হৈছে। ৰঘুবংশ হৈছে কালিদাসৰ দীৰ্ঘতম ৰচনা। ভাৰতত ৰামচন্দ্ৰ সৰ্বকালৰ পূজিত পুৰুষ। ৰামায়ণী সাহিত্যৰ আধাৰত হোৱাৰ বাবেই এই গ্ৰন্থ ভাৰতত বহুলভাৱে পঠিত আৰু প্ৰাচীন-অবাৰ্চীন সকলো সময়ৰ পণ্ডিতেই এই কাব্য সম্পৰ্কে টোকা লিখি থৈ যোৱা দেখা গৈছে। বিশিষ্ট সংস্কৃত পণ্ডিত ভি. ৰাঘবেনৰ মতে কালিদাসৰ সৰ্ববৃহৎ কৰ্ম ৰঘুবংশক তেওঁৰ সৰ্বোত্তম সৃষ্টি আখ্যা দিব পাৰি কিয়নো সৰ্বগুণসম্পন্ন এই কাব্যত ভাৰতীয় দৰ্শন আৰু সংস্কৃতিৰ সকলো সুষমা আৰু আদৰ্শ মূৰ্ত হৈ আছে। দাৰ্শনিক, সংস্কৃত পণ্ডিত ড°সৰ্বপল্লী ৰাধাকৃষ্ণণে কালিদাসক বৰ্ণনা কৰিছিল এনেদৰে - "Kalidasa is the greatest representative of India's spirit, grace and genius. He has absorbed India's cultural heritage and enriched it, given it universal scope." 

সাধাৰণতে কাব্য সাহিত্যত দেখা কাম আৰু শৃংগাৰ ৰসৰ বিপৰীতে এই কাব্যত সাহিত্যৰ নৱৰসৰ পৰিপূৰ্ণ বিস্তাৰ দেখা যায়। কিন্তু মূলতঃ শান্ত ৰসৰ স্থিতপ্ৰজ্ঞতা আৰু প্ৰশান্তিয়ে অনুপম ৰঘুবংশক কৰি তুলিছে শান্ত সমাহিত সৌন্দৰ্যময় সাহিত্যৰ একক উদাহৰণ। 

এই কাব্যই সামৰি লোৱা আন এটা অতি গুৰুত্বপূৰ্ণ দিশো উনুকিয়াব পাৰি। যি আমাক আমাৰ প্ৰাচীন সাহিত্যৰ মজ্জাত শুই থকা এনে আধুনিক চিন্তাৰ বিষয়ে জনাই যি একৈশ শতিকাতো অতি প্ৰাসংগিক। 

বিষয়টো হৈছে ইক' পয়েট্ৰি। ইক' পয়েট্ৰি এতিয়া বিশ্বসাহিত্যৰ এটা বহু চৰ্চিত শব্দ। কালিদাসে তেওঁৰ প্ৰায় কেউখন কাব্যতে ইক' পয়েত্ৰিৰ অনুশীলন কৰিছিল। ভাৰতবৰ্ষত (হয়তো সমগ্ৰ বিশ্বতে) এয়াই আছিল ইক' পয়েট্ৰিৰ আদিতম চৰ্চাৰ উদাহৰণ। কবিতাৰ এই ধাৰাক লৈ বৰ্তমান বিশ্ব সাহিত্য জাগ্ৰত হৈ উঠা দেখা গৈছে। অথচ চতুৰ্থৰ পৰা পঞ্চম শতিকাৰ কালছোৱাতেই ভাৰতৰ প্ৰাচীন সাহিত্যৰ এইজন মহাৰত্নই প্ৰাকৃতিক পৰিৱেশ আৰু ইন্দ্ৰিয়জ বাসনাৰ এক যাদুকৰী সংমিশ্ৰণ ঘটাইছিল। তেওঁৰ লেখাসমূহত সেই সময়ৰ প্ৰাকৃতিক পৰিঘটনা, পৰিৱেশৰ লগতে বনজ তথা জৈৱ-বৈচিত্ৰ্য আৰু তাৰ বিৱৰ্তনৰ বৰ সুন্দৰ বৰ্ণনা পোৱা যায়। উদাহৰণস্বৰূপে ৰঘুবংশৰ ত্ৰয়োদশ অধ্যায়ত ৰাৱণ বধৰ পাছত বিমানেৰে সীতাৰ সৈতে  অযোধ্যামুখী হওঁতে ৰামে প্ৰকৃতিৰ যি বিশদ বৰ্ণনা সীতাৰ আগত দাঙি ধৰিছে, সেয়া কেৱল সাহিত্যই নহয়, পৰিৱেশ বিজ্ঞান আৰু মানুহৰ বিকাশ-বিবৰ্তনৰ এক বিদগ্ধ পৰ্যবেক্ষণো। 


এই অনুপম, আপুৰুগীয়া আৰু প্ৰায় অলংঘনীয় এই কাব্যৰ ৰূপ, ৰস, ৰং সমান মৰ্যাদাৰে অনুবাদ কৰাতো মোৰ দৰে অল্পমতিৰ বাবে অসম্ভৱ কথা। তথাপি মোহাচ্ছন্ন অনুৰাগী হিচাপে এই কাম হাতত তুলি লৈছোঁ। মহাকবি কালিদাসৰ মেধাৱী শব্দ-ভাব-কাব্যিক প্ৰক্ষেপনৰ বিপৰীতে মোৰ অনুবাদৰ প্ৰচেষ্টা হয়তো বিশুদ্ধ ভাব প্ৰক্ষেপনতে বহু ঠাইত সীমাবদ্ধ হৈ ৰৈ যাব। তাৰবাবে আগতীয়াকৈ মাননীয় পাঠক সমাজৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। 


|| মহাকবি কালিদাসৰ ৰঘুবংশ - অধ্যায় ১ ||


*প্ৰস্তাৱনা *

১)

মোৰ শব্দত হ'বৰ বাবে প্ৰাণ সঞ্চাৰিত 

প্ৰথমেই কৰিছোঁ নমন-

শব্দ আৰু অৰ্থৰ দৰে 

দুয়ো দুয়োতে লীন হৈ থকা

জগতজননী পাৰ্বতী আৰু পৰমেশ্বৰ শংকৰৰ ।


বাগর্থাবিব সংপৃক্তৌ বাগর্থপ্রতিপত্তয়ে |জগতঃ পিতৰৌ বন্দে পার্বতীপৰমেশ্বৰৌ || ১-১|| 


২) 

ক'ত সেই  ৰবি-উদ্ভৱ মহান কুল

আৰু ক'ত মই অল্পমতি সামান্য কবি! 

কিনো মোহমায়াৰ জালত পৰি 

টুলুঙা নাৱেৰে পাৰ হ'ব খোজোঁ 

অপাৰ সমুদ্ৰ। 


ক্ব সূর্যপ্রভৱো বংশঃ ক্ব চাল্পবিষয়া মতিঃ |

তিতীর্ষুর্দুস্তৰং মোহাদুডুপেনাস্মি সাগৰম্ || ১-২||


৩)

কবিৰ যশ বিচাৰি এনে মূৰ্খ

কেৱল উপহাসৰ পাত্ৰ হয়। 

যেন লোভৰ বশৱৰ্ত্তী হৈ 

কোনো বাওনাই বেঙা মেলি পাৰিব খোজে 

ওখ লোকেহে ঢুকি পাব পৰা 

গছৰ মিঠা ফল। 


মন্দঃ কবিয়শঃ প্রার্থী গমিষ্যাম্যুপহাস্যতাম্ |

প্রাংশুলভ্যে ফলে লোভাদুদ্বাহুৰিব বামনঃ || ১-৩||


৪)

তাতকৈ দেখোন ভূমুকি মাৰিব পাৰোঁ সেই বংশৰ কথালৈ 

অতীজৰ বিদ্বান মুনিৰ লেখনিৰ মাজেৰে - 

যেনেকৈ পাৰ হৈ যায় এডালি সূতা মহামূল্যৱান হীৰা-মুকুতাৰ ছিদ্ৰৰে। 


অথবা কৃতবাগ্দ্বাৰে বংশেঽস্মিন্পূর্বসূৰিভিঃ |

মণৌ বজ্রসমুৎকীর্ণে সূত্রস্যেবাস্তি মে গতিঃ || ১-৪||


৫)

সসাগৰা পৃথিৱী যি বংশজৰ অধীন

তেওঁলোকৰ ৰথৰ গতি অন্তৰীক্ষ পৰ্যন্ত স্বাধীন ।

পৰম বিশুদ্ধ যাৰ জন্ম 

কৰ্মৰ ফল প্ৰাপ্তি নকৰা পৰ্যন্ত যি নহয় ক্ষান্ত। 


সোঽহমাজন্মশুদ্ধানামাফলোদয়কর্মণাম্ |

আসমুদ্রক্ষিতীশানামানাকৰথবর্ত্মনাম্ || ১-৫||


৬)

ৰঘুবংশজাতসকলে 

বিধিৱৎ যজ্ঞাদি কৰে

পূৰ্ণ কৰে সজ মনোকামনা সততে। 

যথাবিধি বিধান কৰে দণ্ড

সময়োচিত বিধানৰ প্ৰতি সদা সতৰ্ক। 


যথাবিধিহুতাগ্নীনাং যথাকামার্চিতার্থিনাম্ |

যথাপৰাধদণ্ডানাং যথাকালপ্রবোধিনাম্ || ১-৬||


৭)

তেওঁলোকৰ সম্পদ কেৱল দানৰ বাবে 

মিতভাষী শব্দ কেৱল সত্য প্ৰকাশৰ বাবে 

বিজয় যশৰ বাবে 

আৰু বিবাহ মাথোঁ সন্তান জন্মৰ বাবে। 


ত্যাগায় সংভৃতার্থানাং সত্যায় মিতভাষিণাম্ |

যশসে বিজিগীষূণাং প্রজায়ৈ গৃহমেধিনাম্ || ১-৭||


৮)

ৰবিকুল জাতকে 

শৈশৱত কৰে বিদ্যা আহৰণ 

তাৰুণ্যত কৰে উপভোগ জীৱন। 

মুনিৰ দৰে জৰাৱস্থাত 

যোগসাধনাৰে কৰে দেহত্যাগ 

তপৰ অন্তত। 


শৈশবেঽভ্যস্তবিদ্যানাং যৌবনে বিষয়ৈষিণাম্ |

বার্দ্ধকে মুনিবৃত্তীনাং যোগেনান্তে তনুত্যজাম্ || ১-৮||


৯)

সেয়েহে যদিও মই এই শীৰ্ণ শব্দৰাজিৰে ৰঘুবংশীসকলৰ বৃত্তান্ত লিখি যাম, 

তেওঁলোকৰ যশৰ সুদীৰ্ঘ শ্ৰৱণেহে 

মোৰ হৃদয় চঞ্চল-চপল কৰি এই ৰচনাৰ বাবে প্ৰৰোচিত কৰিছে । 


ৰঘুণামন্বয়ং বক্ষ্যে তনুবাগ্বিভবোঽপি সন্ |

তদ্গুণৈঃ কর্ণমাগত্য চাপলায় প্রচোদিতঃ || ১-৯||


১০)

এই কবিতাৰ শাৰীবোৰ

সেইসকল সন্ত শ্ৰোতাৰ বাবে - 

যি সজ-অসজ কৰ্মৰ পাৰ্থক্য বুজে। 

যিদৰে জুইত পুৰিলে ধৰা পৰে

সোণৰ শুদ্ধাশুদ্ধ। 


তং সন্তঃ শ্রোতুমর্হন্তি সদসদ্ব্যক্তিহেতবঃ |

হেম্নঃ সংলক্ষ্যতে হ্যগ্নৌ বিশুদ্ধিঃ শ্যামিকাঽপি বা || ১-১০||


(ক্ৰমশঃ)

ঠিকনা :

বৰদলৈ নগৰ, তিনিচুকীয়া 

৯৪৩৫১৩৪০৮৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ