অন্যযুগ/


পৰিধি

ময়ূৰী কাকতি



        (And her only thirty-one.) I can't help it, she said, pulling a long face, 

         It's them pills I took, to bring it off, she said. 

                                A Game of Chess, The Waste Land)

চকু মুদিলেই যেন বেৰখনত ভাহি থকা ছাঁটো আগুৱাইহে আহিব, ‘নাহিবি নাহিবি যা’,পুহমহীয়া ঠেঁটুৱৈ ধৰা জাৰতো তাই ঘামি-জামি ভয়ে ভয়ে বিছনাৰপৰা নামি আহি লাইটৰ চুইচ্ছটো টিপিছে । নাই কোনো নাই, কিন্তু ডিম লাইটৰ মায়াময় পোহৰত কোনোবা এটা যে তাইৰ কোঠাত আছিল সেইটো ঠিক । থক থককৈ কঁপি কঁপি তাই শুই পৰে।  

: মাইনু আমি পিকনিক যাম। ৰাহুলহঁতো যাব তয়ো ওলাবি দেই । ভাল লাগিব,এনজয় কৰিম।”   

: ‘‘না না, মই মানে মাৰ লগত কৰবালে যাম। থকাকৈ।’’  

: “বাদ দে অ। এইজনীক সোধাই বেকাৰ “...। 

কলেজৰ দিনবোৰত মাইনু হব নোৱাৰিলে কাকলিহঁতৰ সংগী। সেই চিনাকি কেঁচা মঙহৰ দৰে গোন্ধোৱা ভয়টোৰ বাবেই ...যদি অঘটন ঘটে !” ঘৰগোনা মাইনু, নিবোকা চামোন মাইনু, মানুহ মাতিব নজনা মাইনু”... সকলোৱে দিয়া নাম-উপনামে মাইনুৰ জগতখনত ঠাই উলিয়াই লওঁতেই তাই ভাবিছিল, কেতিয়াবা নিজৰ সকলোবোৰ নিজৰ খোলাটোতেচোন বিচাৰি পাব পাৰে মানুহে । খোলাৰ পৰা ওলালেই যেন কোনোবা অজান ঠাইৰ অদেখা-অচিন শিলত উজুটি খাই পৰিব ! “তুমি বন্দী মোৰ দৰে নে মুকলি মোৰ দৰে !! এই দ্বীপৰপৰা ওলোৱাটো তাত সোমোৱাতকৈও যে কঠিন!” ... কেতিয়াবা চাটাৰ আইলেণ্ডৰ নায়কজনেহে যেন তাইক ফুচফুচাই কয় ।  ৰাতি প্ৰায়ে চিনাকি যন্ত্ৰণাত তাই চিঞৰি উঠে। কেৱল তাইৰ দৰে কোনোবাইহে জানে ৰাতি এটাৰ চিঞৰিব পৰাকৈ চিনাকি যন্ত্ৰণা থাকে ... উপশম নোহোৱা।                          

চেণ্ট্ৰেল মাৰ্কেটৰ পাচলিৰ দোকানীকেইটাই গ্ৰাহকবোৰক মাতিছে... “বাইদেউ কি দিম কওক ...।” ধনিয়া, বিলাহী, বেঙেনাৰে ভৰ্তি পলিথিনৰ কেৰীবেগতো আগবঢ়াই দিয়া দোকানীৰ হাতখনত হাত নলগাকৈ সাৱধানে তাই বস্তুখিনি ললে। দোকানীটোও ছাঁটোৰ সতে একে ...। ৰসৰাজত চাহ একাপ খাই গধূলি হোৱাৰ আগতেই ঘৰ পাবগে লাগিব বুলি খৰখেদাকৈ ওলাই অহা তাই গৈ স্কুটিখনৰ ওচৰ নৌপাওতেই মানুহ এজনক খুন্দিয়ালে, মানুহজনে বেঁকাকৈ মৰা হাঁহিটোত গোটেই মানুহজনী জ্বৰে ঘমাদি ঘামি উঠিল ...গাটো যেন বিছাইহে ডাকিছে। ঘৰ আহি পায়ে ঘিণতে ঘঁহি-পিহি গাটো ধুই  পেলালে।

পাগলী সেইজনী। লৰা দেখিলে পলায়। সীমান্তই কিমান লগ পাবলৈ বিচাৰিলে তাইক, তাই গুৰুত্বই নিদিলে... কোনে ভাল পাব সেইজনীক...।” মাইনুক লৈ এনে কথা-বতৰাই চলে।

পাৰ্টিটোত মাইনুক দেখি বহুকেইখন মুখত অবাক চাৱনি ফুটি উঠিছিল । মন নাছিল তাইৰ পাৰ্টিত জইন কৰিবলৈ। কিন্তু লগৰবোৰে আনছচিয়েলবুলি সমালোচনা কৰি থকা বাবে আৰু কলিগ চন্দনাই বৰকৈ লগ ধৰাৰ বাবে নয়নাৰ ৰূমতে হোৱা পাৰ্টিটোলৈ আহোঁ-নাহোকৈ আহিছিল তাই । ... গাৰ্লছ পাৰ্টিবোৰ এনেকুৱাই নে ! এইবোৰ কেনেকৈ চায় ইহঁতে? হলহলকৈ বাথৰুমত বমি কৰি ওলাই আহিছিলহে তাই ... পৰ্ণ ফিল্মখন চাই এক্সাইটেড্ হৈ থকা ঝৰ্ণাক দেখি আকৌ বমি কৰি দিছিল তাই। হাত-ভৰিবোৰ যেন নিথৰ হৈ পৰিছিল তাইৰ...। “আৰে চ্ছিল্ আউট্মাইনু। কি হব একো নাই ... প্ৰথম নিশাৰ পাছত সদায় মন যাব চাবি, ৰৈ থাকিবি হাব্বীলৈ। হয়েই তেনেকুৱা ভাৰ্জিনবোৰৰ।” ... নিশাৰ কথাত তাইলৈ চাই হাঁহি থকা বাকীবোৰৰ আগত একেবাৰে অপ্ৰস্তুত হৈ পৰিছিল মাইনু। 

কিয় এনে তাই?

কথাবোৰ কাকো বুজাব নোৱাৰিলে মাইনুৱে । নিজেও বুজিব নোৱাৰে যেন। লকডাউন্ খুলিলেই তাইৰ বিয়াখন হব বুলি কেতিয়াবাৰেপৰা হুংকাৰ দি আহিছিল ঘৰৰ মানুহে । তাইৰ বয়স হিচাপ কৰি থকা মানুহবোৰৰ ভুল নাই। তাইৰ লগৰ প্ৰায়ভাগৰে নিজৰ ঘৰ-সংসাৰ হৈছে। তাইৰো হব লাগে। ব্লকৰ চাকৰিয়াল ছোৱালী, এম. এ. পাছ । অৱশেষত সকলোৰে মনৰ পছন্দৰ দৰাই পালে । কিন্তু  কেৰেলুৱাৰ আকাৰ লোৱা মনটো তাইৰ ...!! কিয় তাই সপোনবোৰ দেখিব নাজানে ! বিয়াৰ প্ৰথম নিশা বহুত সময় তাই বাথৰূমতে সোমাই থাকিল... কব নোৱাৰাকৈয়ে চিৎকাৰ কৰি তাইৰ কাষলে আগবাঢ়ি অহা মনোজক গঁতিয়াই মাটিত পেলাই দিলে । হয়তো তাই মূৰ্ছাও গৈছিল । হুঁচ আহিলত প্ৰথমবাৰৰ বাবে কোনোবা পুৰুষক ইমান সহৃদয় ৰূপত পাইছিল তাই । মনোজ ভাল মানুহ, জীৱনত কোনো লৰাকে বন্ধু পাতি নোপোৱা মাইনুৱে লাহে লাহে বন্ধুৰ দৰেই ভাবি লব পাৰিছে যেন মনোজক। মনোজক বিয়াৰ আগতে তাই দুই-এদিনহে লগ পাইছিল, কেইবাখনো বিয়া ভাঙি সকলোৰে অপ্ৰিয় হৈ পৰা তাই কেৱল অসুস্থ মাকৰ ইচ্ছা পূৰাবলৈহে বিয়াত বহিছিল । তাইৰ বাবে মনোজ এজন পুৰুষ, তাতকৈ অধিক জনাৰ আগ্ৰহেই নাছিল তাইৰ তেতিয়া। সকলো পুৰুষ একেনে ! 

বিয়াৰ এবছৰৰ পাছতো তাই মনোজৰ পৰা আঁতৰি থাকিল, মৰমিয়াল মানুহটোৱে তাইক সহজ কৰিবলৈ চেষ্টা কৰি চাইছিল ...।

কণমাণি এজনীক নৰপিশাঁচ কেইটামানে ফালি-ছিৰি পেলালে, তাৰে দীঘলীয়া ৰিপৰ্টিং... তাই লৰালৰিকৈ টিভিটো বন্ধ কৰি দিলে। তাইৰ চকুৰ আগত ভাহি উঠিল বহুতো অস্পষ্ট ছায়াছবি। কিবা এক অজান যন্ত্ৰণাত দীঘল দীঘল উশাহ লৈও তাই বুকুৰ ধপধপনি কমাব পৰা নাই। ভাববোৰ উদ্ভট নহয় যেন তাইৰ দুনিয়াত। সকলোতে সেই ছাঁটো, ক্ৰমান্বয়ে ওখ হৈ উঠি আহে । তাইৰ হাত-ভৰি নিথৰ হৈ চেঁচা পৰি ৰয়, উশাহ লবলৈ যেন তাইৰ কাৰণে অক্সিজেনৰ অভাৱ হয় বতাহত ...। মনোজ সেই ছাঁটোৰ সতে মিলি যায়, তাই তুলিৰ তলৰ খুকুৰিখন খেপিয়াই চায় ... ছাঁটো মৰি যাওক। চব ঠিক কৰি দিব তাই, পৃথিৱীখনৰ পৰা দুখ আঁতৰিব, তাই সফল হব...। 

আন্ধাৰ কোঠাটোত লাইটটো জ্বলি উঠিল, হতভম্ব মনোজক দেখি তাই কান্দি দিলে ... “তুমি ৰিয়েকচন কৰা মনোজ, মই জানো মই অসমৰ্থ, মোক ডিভোৰ্চ দি অন্য কাৰোবাৰ সৈতে সংসাৰ কৰাঁ...।” বিবেকৰ দংশন আৰু নিজৰ মানসিক অৱস্থাই এটা প্ৰকাণ্ড অজগৰ হৈ তাইক লাহে লাহে মূৰলৈকে গিলি পেলাইছে। মনোজে আকোৱালি লওতে তাৰ বুকুখনত পিছে তাই ভয় কৰা ছাঁটো নাই । সকলো পুৰুষ কেৱল লিংগৰ ক্ষমতাৰে বলিয়া নহয়। হুক্‌হুকাই কান্দি উঠিল তাই। 

পোষ্ট ট্ৰমেটিক ষ্ট্ৰেচ্ ডিজৰ্ডাৰত ভুগি আহিছে মাইনু। cognitive behavioral therapy চলিছে, antidepressant ব লাগিব। দীঘলীয়া চিকিৎসা চলিব 

ডাক্তৰ শ্যামল দেশৰ ভিতৰতে নামজ্বলা মনোৰোগ বিশেষজ্ঞ । ... মাইনু মাইনু বুলি মৰমত পাগল হৈ থকা তাইৰ আপোন বৰদেউতাকৰ লৰা মিঠু দাদাক আৰু তাৰ লগৰটোৱে ঘৰত কোনো নথকাৰ সুযোগ লৈ সদ্যপুষ্পিতা অকণমানি মাইনুজনীক হাত ভৰি বান্ধি ধৰ্ষণ নকৰা হলে...। মনোজৰ দুচকুত পানী, আজিলৈকে কোনেও শুনিব নোখোজা কথাবোৰ তাইৰ... একোডাল বিষধৰ কাঁড় হৈ তাৰ বুকুত আঘাত কৰিছেহি । ডাক্তৰৰ চেম্বাৰৰ পৰা ওলাই আহি ফৰকাল মন এটাৰে তাই মনোজলৈ চাই হাঁহিছে । ছাঁটো তাইৰ জীৱনৰ কেৱল এটা দুস্বপ্ন হওক - ৰবাত যেন মনোজ আৰু মাইনুৰ চিন্তাৰ পৰিধি এক হৈ পৰিছে।          

ভ্ৰাম্যভাষ  : ৮৪০২০৫০২৩৮

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ