অন্যযুগ/


শোণিতগাথা

আকাশ দীপ্ত ঠাকুৰ


“উঠাঁ পাঞ্চালী... উঠাঁ৷ চোৱাঁ... অৱশেষত ময়ো পতিত হ’লোঁ৷ সম্পূৰ্ণ নহ’ল মোৰ সশৰীৰ স্বৰ্গাৰোহণ৷ সৌৱা চোৱাঁ... জ্যেষ্ঠ ভ্ৰাতা ধৰ্মৰাজ অকলেই আগ বাঢ়িছে...৷ এতিয়া মাথোঁ তেওঁৰ সংগী সেই সাৰমেয়৷”

নিথৰ হৈ পৰা দ্ৰৌপদীৰ শৰীৰটোলৈ চাই বিহ্বল হৈ পৰিল বৃকোদৰ৷ দূৰৈত পৰি আছে স্নেহৰ ভাতৃদ্বয়–মাদ্ৰীতনয় সহদেৱ আৰু নকুলৰ নিষ্প্ৰাণ দুটি শৰীৰ৷ যদিওবা দুয়োটা শৰীৰৰ মাজৰ ব্যৱধান বহুত, তথাপি
কেঁকুৰি ঘূৰি ঘূৰি ঊৰ্ধ্বগামী হোৱা এই গিৰিপথত পৰি থকা তেওঁলোকৰ নশ্বৰ দুটি দেহে অদ্যাপি বৃকোদৰৰ দৃষ্টিৰ সীমনা এৰি যোৱা নাই৷ ভীমে জানে, তাৰো বহু আগলৈ পৰি আছে আৰু দুটা শৰীৰ– প্ৰথমটো মাতা কুন্তীৰ প্ৰাণৰো প্ৰাণৰ গাণ্ডীৱধাৰী ধনঞ্জয়ৰ৷ আৰু শেষৰটো... বৃকোদৰৰ নিজৰে শৰীৰ৷ ‘ন যযৌ ন তস্থৌ’ অৱস্থাত গিৰিপথত পৰি যোৱাৰ সময়ত শেষবাৰৰ বাবে বৃকোদৰে ধৰ্মৰাজক সুধিছিল— “অৱশেষত ময়ো বাগৰি পৰিলোঁ৷ ... কোৱাঁহে প্ৰিয় ভ্ৰাতা মোৰ; অন্তিম আকুতি এয়া– মই কিয় পৰি গ’লোঁ? কিয় সম্পূৰ্ণ নহ’ল মোৰ স্বৰ্গাৰোহণ? কি ভুল আছিল মোৰ, যাৰ বাবে অন্তিম ক্ষণলৈকে তোমাক সংগ দিব নোৱাৰিলোঁ...কোৱাঁ ভ্ৰাতা৷”

আৰু নিৰ্লিপ্ত ধৰ্মৰাজে এবাৰলৈও উভতি নোচোৱাকৈ অত্যধিক ভোজনবিলাসিতাৰ বাবেই যে তেওঁৰ যাত্ৰা অসম্পূৰ্ণ হ’ল, সেই কথা কৈ শেষ কৰাৰ সময়ত বৃকোদৰৰ পাৰ্থিৱ শৰীৰটো ঢলি পৰিছিল পথৰ মাজলৈ‍৷

...আৰু হঠাৎ যেন সাৰ পাই উঠিছিল পৱনতনয়! গিৰিপথেদি তললৈ এবাৰ দৃষ্টি নিক্ষেপ কৰি বহু দূৰৈত দেখিছিল দ্ৰুপদনন্দিনীৰ নিথৰ শৰীৰটো৷ মুহূৰ্ততে বহি থকাৰপৰা থিয় হৈছিল তেওঁ...৷ বিতত হৈ লৱৰি আহিছে বৃকোদৰ এয়া কৃষ্ণাৰ কাষলৈ৷

পথৰ ঠিক মধ্যাংশৰপৰা অলপ বাঁওকাষলৈ একাষৰীয়াকৈ পৰি যোৱা পাঞ্চালীৰ শৰীৰৰ ঊৰ্ধ্বাংশ আৱৰি ৰখা উজ্জ্বল গেৰুৱা বৰণৰ উত্তৰীয়খন বতাহত কঁপি আছিল৷ পিঠিয়েদি বাগৰি কঁকালৰ তললৈকে বৈ পৰা অৰ্ধমুক্ত কেশৰাজিয়ে বিশৃংখল হৈ বাৰে বাৰে ঢাকি পেলাইছিল দিনমণিৰ সাতোৰঙী আভাৰ দৰে অনিন্দ্যসুন্দৰ তেওঁৰ সুকোমল আননৰ উন্মুক্ত অংশ৷

এক মুহূৰ্তৰ বাবে সেই ঠাইতে ৰৈ পৱনপুত্ৰই একেথৰে চাইছিল তেওঁৰ প্ৰাণহীন শৰীৰটোলৈ৷ তাৰ পাছতে চিৎকাৰ কৰি উঠিছিল— “উঠাঁ পাঞ্চালী... উঠাঁ...৷”

... বহুবাৰ সেইদৰে আহ্বান কৰাৰ পাছতো কোনো সঁহাৰি নাপাই এইবাৰ দ্ৰুপদনন্দিনীৰ নিথৰ শৰীৰটোৰ কাষতে তেওঁ বহি পৰিল৷ অধৈৰ্য হৈ দুহাতেৰে ধৰি তেওঁ জোকাৰি দিবলৈ চেষ্টা কৰিলে যাজ্ঞসেনীৰ শৰীৰ৷ কিন্তু এয়া কি! হাজাৰ চেষ্টাৰেও তেওঁ দেখোন স্পৰ্শ কৰিব পৰা নাই কৃষ্ণাৰ পাৰ্থিৱ দেহা৷ দুবাহুত ধৰিব খুজিছে, দুহাতেৰে তুলি ল’ব খুজিছে; কিন্তু বাৰে বাৰেচোন তেওঁৰ দুয়োহাত দেহাৰ মাজেৰেই সৰকি যায়, অথচ শৰীৰটো চুব নোৱাৰে কোনোপধ্যে!

উপায়বিহীন হৈ ঠাইতে লেপেটা কাঢ়ি বহি পৰিল ভীম৷ কোঁচাই লোৱা বাঁওভৰিৰ আঁঠুত বাঁওহাতৰ কিলাকুটীৰে ভেজা দি তলুৱাৰে মুখখন মোহাৰিবলৈ লওঁতেই যেন... হঠাৎ... ভাহি আহিল কাৰোবাৰ খিল্ খিল্ হাঁহিৰ শব্দ৷ ভীম বৰ আচৰিত হ’ল— এই হেন নীৰৱ-নিস্তব্ধ পৰিৱেশত কোন আহিল গিৰিপথৰ ইমান ঊৰ্ধ্বতম অংশলৈ৷ আশে-পাশে এবাৰ দৃষ্টি নিক্ষেপ কৰিও তেওঁ কাকো দেখা নাপালে৷ নিজৰেই ভুল হ’ল বুলি ভাবি পুনৰ এবাৰ পৰি থকা দ্ৰৌপদীৰ শৰীৰটোলৈ চাওঁতেই আকৌ ভাহি আহিল সেই হাঁহি... যেন ফাল্গুনী লহৰৰ ঢৌৱে ঢৌৱে বিয়পি পৰিল সেই হাঁহিৰ মৃদু গুঞ্জন৷ কেইটামান মুহূৰ্ত... পুনৰ অনুধাৱন কৰিবলৈ চেষ্টা কৰিলে বৃকোদৰে...। তেওঁৰ অনুভৱ হ’ল— যেন কিবা সামান্য কৌতুক মিহলি হৈ আছে এই হাঁহিৰ ধ্বনিমালাত৷

এইবাৰ থিয় হ’ল বৃকোদৰ৷ গিৰিপথৰ সোঁকাষে সুউচ্চ সুমেৰু শৃংগৰ সমীপলৈ বুলি সদম্ভে নিজৰ অস্তিত্বৰ সংবাদ দি আছে পৰ্বতৰ এঢলীয়া অংশই৷ আলসুৱা শুভ্ৰ মেঘ চপৰাই যিদৰে সুদূৰত ধেমালি কৰিছে বৃক্ষৰাজিৰ শীৰ্ষত, ঠিক সেইদৰে যেন তেওঁৰ নিচেই কাষৰ পৰ্বতৰ শৰীৰাংশও চানেকীয়া কুঁৱলীয়ে আৱৰি আছে৷ এইবাৰ তেওঁ উভতি চাই পঠিয়ালে বাঁওকাষে তললৈ৷ ... কি আচৰিত! গিৰিপথটোৰপৰা বাঁওকাষে বহু তললৈ ঘন সেউজ উপত্যকাৰ দৰে সামান্য এঢলীয়া অংশত ডালে-পাতে মনোমোহা হৈ পৰা এজোপা বিশাল বটবৃক্ষৰ ঠিক তলতে ৰৈ ভীমলৈ চাই হাঁহি আছে সেয়া স্বয়ং বাসুদেৱ, শ্ৰীকৃষ্ণ! সোণ বৰণীয়া চুৰীয়াখনৰ সন্মুখৰ থোৰটোৱে পাতলীয়া ফাল্গুনী ঢৌত নাচোন তুলিছে৷ তেওঁ ৰৈ থকাৰপৰা তললৈ বৈ পৰিছে এটি খৰস্ৰোতা পাহাৰীয়া জুৰি৷ এনে মনোময় ৰূপ এই সুমেৰু পৰ্বতাংশৰ... ভীমে আগতে কিয় মন কৰা নাছিল! নহয় নহয়, সেইবোৰ মন কৰিবলৈ, নৈসৰ্গিক সৌন্দৰ্যত বিভোৰ হ’বলৈতো সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি পঞ্চপাণ্ডৱ আৰু ভাৰ্যা দ্ৰৌপদী স্বৰ্গাৰোহণলৈ বুলি যাত্ৰা কৰা নাছিল৷ প্ৰাকৃতিক ৰূপ-সুধা পান কৰাৰ নাছিল কোনো অৱকাশ, নাছিল কোনো অভিলাষ৷ আৰু... এই ঠাইতে পথৰ কাষলৈ পাণ্ডৱ-জায়া দ্ৰৌপদী পৰি যোৱাৰ সময়ত বিচলিত হৈ পৰিছিল দ্বিতীয় কৌন্তেয়...; কিন্তু তেওঁ যে নিৰুপায় আছিল৷

তাৰমানে বাসুদেৱে তেওঁলোকক দেখি আছিল? ভীমে ঘোপাকৈ চালে কৃষ্ণলৈ৷ প্ৰায় অৰ্ধ ক্ৰোশ দূৰত্বত থাকিও ইমান যেন সমীপত...! বাসুদেৱে যেন পঢ়ি পেলাইছে বৃকোদৰৰ অন্তৰৰ ব্যথা৷

“দাদা... ইমান উন্মাদৰ দৰে কি কৰি আছে তাত?” যশোদাতনয়ে ৰিঙিয়াই সোধা সুৰটোতো যেন হাঁহি মিহলি হৈ আছে৷

স্বভাৱগত গাম্ভীৰ্যৰে ভীম পথৰ কিছু কাষলৈ আহিল৷ যিমান পাৰি উচ্চ স্বৰত ক’লে— “তুমি ইমান সময়ে আমাক নিৰীক্ষণ কৰি আছিলা হে দৈৱকীনন্দন? ক’তা...? ক’ত গ’ল তোমাৰ ইমান আন্তৰিকতা? সখী সম্বোধনেৰে আমৃত্যু আপোন হৈ পৰা দ্ৰুপদনন্দিনী এয়া ইয়াত পৰি আছে প্ৰাণহীন এটি শৰীৰ হৈ৷ আৰু তুমি? সেইখিনিতে ৰৈ সকলো চাই আছা?”

মিচিকি হাঁহিয়ে ঢৌ খেলি গ’ল গোবিন্দৰ ঈষৎ ৰঙা দুটি অধৰত– “দাদা, কেৱল সখীয়েই জানো সেইদৰে পৰি আছে? সহদেৱ, নকুল, অৰ্জুন আৰু... তুমি নিজেওতো পৰি আছা... সৌৱা৷ তেন্তে...? তোমাৰ অন্তৰখন কেৱল সখীৰ বাবে এনেকৈ কিয় ব্যথিত হৈ পৰিছে? সহোদৰ ভাতৃৰ বাবে... আনকি তুমি নিজলৈও এবাৰো নাভাবি লৱৰি আহিলা কেৱল পাঞ্চালীৰ কাষলৈ? কিয় দাদা?”

ভীম যেন সামান্য অপ্ৰস্তুত হ’ল– “নাই নাই, তেনেকুৱা কথা নহয়৷ ... কিন্তু... পাঞ্চালী... তেওঁ মোৰ পত্নী... অৰ্ধাংগিনী৷ আমাৰ দৰে কঠিন নহয় তেওঁৰ শৰীৰ...৷”

পুনৰ হাঁহি উঠিল যদুমণিয়ে– “দাদা... পাঞ্চালী কেৱল তোমাৰেই পত্নীতো নহয়৷ অথচ... তেওঁৰ বাবে কেৱল তোমাৰ অন্তৰ ইমান বিচলিত হৈ পৰাৰ... নিশ্চয় অন্য কাৰণো আছে৷ হয়নে বাৰু? ... বাৰু দাদা, সেইবোৰ বাদ৷ তোমাৰ অন্তৰৰ কথা তুমি জানা৷ কিন্তু সেইখিনিত তেওঁক কিয় বিচাৰিছা দাদা? পাঞ্চালীতো ইয়াত আছে৷ এয়া চোৱাঁ৷ কাহানিবাৰেপৰা তেওঁ এইখিনিতে আছে, মোৰ সৈতে... আমি দুয়ো সখীয়ে প্ৰাণ খুলি কথা পাতি আছিলোঁ৷”

ভীমে অবাক হৈ এবাৰ ভালকৈ চাবলৈ চেষ্টা কৰিলে৷ শুভ্ৰ মেঘালীয়ে মাজে মাজে আৱৰি ধৰিব খোজে সেই সেউজ উপত্যকা৷ দূৰৈত বুৰ যাবলৈ যোজা কৰা দিনমণিৰ পোহৰ হঠাৎ যেন তীব্ৰ হৈ পৰিল৷ হেঙুল কিৰণ পৰি জিলমিলাই উঠা এচপৰা মেঘ লাহে লাহে নোহোৱা হ’ল৷ আৰু... সেই বটবৃক্ষৰ কাষেদি শৈলশৰীৰত ঠেকা খাই বৈ যোৱা তটিনী তীৰত উদ্ভাসিত হৈ পৰিল যজ্ঞৰ অগনিৰে বিধৌত যাজ্ঞসেনীৰ উজ্জ্বল শৰীৰ– যেন শত-কোটি নক্ষত্ৰ গলি গলি নিৰ্গত হৈছে দেহৰ সেই অম্লান জ্যোতি৷ ম্লান হৈ পৰিল দিনমণিৰ আভা... হেৰাই গ’ল সাতোৰঙী বৰ্ণালী!

“আহাঁ দাদা, ইয়ালৈ আহাঁ৷ এয়া চোৱাঁ তোমাৰেই প্ৰতীক্ষাত ৰৈ আছে এয়া মুক্তকেশী যাজ্ঞসেনী৷”

যদুপতিৰ আহ্বানত যেন ভীম আৰু ৰৈ থাকিব নোৱাৰিলে৷ গিৰিপথেদি কিছু দূৰ নামি আহি বাঁওকাষৰ অজস্ৰ গুল্ম-বৃক্ষৰ কাষেদি তললৈ নামি যোৱা ঠেক দুৰ্গম এটি পথেৰে সকলো বাধা নেওচি আগ বাঢ়িল বৃকোদৰ৷

কিন্তু... এয়া কি! যিমানেই তেওঁ অগ্ৰসৰ হ’ল কৃষ্ণ আৰু দ্ৰৌপদী ৰৈ থকা সেই স্থানলৈ... সিমানেই যেন তীব্ৰ বেগেৰে সময় দৌৰিছে অতীতলৈ...৷ চৌপাশৰপৰা ৰিণি ৰিণিকৈ ভাহি আহিছে বাসুদেৱৰ অমৃতময় কণ্ঠস্বৰ— “আহাঁ দাদা, নামি আহাঁ...৷”

লাহে লাহে যেন কেৱল কৃষ্ণৰ কণ্ঠস্বৰ ধবনিত হ’বলৈ ধৰিলে সৰ্বত্ৰ; গিৰিশিখৰৰ শৈলশৰীৰত প্ৰতিধবনিত হৈছে সেই সুৱদী কণ্ঠ...৷ আৰু তেওঁ নিজে... তেওঁ যেন তাত নাই৷

“আহাঁ দাদা৷ আজি আৰু নিজকে গোপন কৰি নাৰাখিবা৷ প্ৰতিজ্ঞা পূৰণৰ সময় এয়া দাদা... কাষলৈ আহা পাঞ্চালীৰ৷ উন্মুক্ত কৰা তোমাৰ হূদয়ৰ অকথিত ইতিহাস... আহাঁ দাদা... এয়াইযে সেই সময়... এই সময় কেৱল তোমাৰ... কেৱল তোমাৰ৷”

আগুৱাই আহিছে ভীম এয়া পাঞ্চালীৰ কাষলৈ... অদূৰৈত সেয়া মুক্তকেশী পাঞ্চালী; যেন প্ৰতীক্ষা সেই ক্ষণলৈ–কলিজাৰ শোণিতেৰে বিধৌত হ’ব আজি এই মুক্ত কেশ...৷

সলনি হৈছে সময়...সলনি হৈছে সকলো...৷

... ... ... ... ...

“দুহাতৰ তলুৱাত এয়া কেঁচা তেজ আনিছোঁ পাঞ্চালী, ভয়াৰ্ত নহ’বা আজি৷ এই দুহাতেৰেই... এই দুহাতেৰেই জীয়া কলিজা তচনচ কৰি আহিছোঁ, বিতত নহ’বা আজি দ্ৰুপদনন্দিনী৷ যুগে যুগে চলি অহা লাঞ্ছনা, প্ৰতিশোধৰ অগনি আজি নিৰ্বাপিত কৰিবলৈ আহিছোঁ– কাষ চাপি আহাঁ মুক্তকেশী৷ পাঁচোজনকৈ স্বামী– তোমাৰ অংগৰক্ষক! আৰু মোৰ প্ৰতিজ্ঞা... কেৱল মোৰ! তোমাৰ মৌন উপহাস! এয়া চোৱাঁ তাৰ প্ৰত্যুত্তৰ... এবাৰ মূৰ তুলি চোৱাঁ পাঞ্চালী...৷”

উন্মাদ হৈ পৰিছে বৃকোদৰ৷ অদূৰৈত সৌৱা পাঞ্চালৰাজতনয়া৷ দুচকুত ভয়াৰ্ত চাৱনি৷

“আৰ্য! এয়া কি? আপুনি... আপুনি এনেকুৱা কিয় কৰিছে নাথ? আপুনি অধৈৰ্য হৈ পৰিছে৷ ক্ষান্ত হওক নাথ৷” দ্ৰৌপদীৰ দুচকুত ফুটি উঠিল বিস্ময়মিশ্ৰিত আকুতি৷

“অধৈৰ্য নহয় কৃষ্ণা৷ উন্মাদ হৈছোঁ আজি৷ তপত শোণিত পান কৰি আজি মই অসুৰ... দানৱ হৈ পৰিছোঁ৷ চোৱাঁ পাঞ্চালী–মোৰ দুহাতৰ তপ্ত শোণিত সৰি পৰিছে– টোপাটোপে৷ মজিয়াত আজি ৰক্তবীজৰ যন্ত্ৰণা, মগজুত... মগজুত মোৰ উত্তাল মহাসমুদ্ৰ৷ এয়াযে প্ৰতিজ্ঞা পূৰণৰ সময়৷ আৰু আঁতৰি নাযাবা কৃষ্ণা৷ কাষ চাপি আহাঁ... কাষ চাপি আহাঁ...৷”

দুহাতত উষ্ম ৰক্ত, ৰক্তৰঞ্জিত ভয়ানক এক চেহেৰা, ভীষণ ৰূপ লৈ বৃকোদৰক আগুৱাই অহা দেখি দুখোজ হুঁহকি গ’ল দ্ৰৌপদী৷ দুয়ো হাতেৰে মুখ ঢাকি বিশাল সেই বটবৃক্ষৰ মূলত বহি পৰিল কৃষ্ণা৷ এবাৰ ভীমৰ চকুলৈ চাই তীব্ৰ স্বৰেৰে চিৎকাৰ কৰি উঠিল৷ পাছ মুহূৰ্ততে হাতৰ তলুৱাৰে মুখ ঢাকি হুকহুকাই কান্দি উঠিল৷

ক্ষণিকৰ বাবে যেন স্তব্ধ হৈ ৰৈ গ’ল বৃকোদৰ৷ সম্বিৎ ঘূৰি আহিল মনলৈ৷ সন্মুখত সৌৱা ক্ৰন্দনৰতা জায়া৷ সকলো সহ্য কৰিব পাৰিলেও বৃকোদৰে নোৱাৰে সহিব পাঞ্চালীৰ দুচকুত পানী৷ হয়তো কোনো হৃদয়বান পুৰুষেই নোৱাৰে সহিব প্ৰিয়তমাৰ দুচকুৰ অশ্ৰুধাৰা!

দুখোজ কাষলৈ আহি পাঞ্চালীৰ সমীপত এটি পাথৰৰ ওপৰত বহি পৰিল ভীম৷ এপলক চাই ৰ’ল কৃষ্ণাৰ ফালে৷...হৃদয়ত উমি উমি জ্বলি থকা একুৰা তুঁহজুইত যেন অকণমান বতাহ লাগিল৷ আঁঠুত মুখ গুজি উচুপি থকা পাঞ্চালীৰ পিঠিয়েদি কঁকালৰ তললৈকে বৈ পৰা চুলিকোছা মাজে মাজে অবাধ্য হৈ পৰিব খোজে৷

ভীমে এবাৰ চাৰিওফালে চালে– অলপ সময়ৰ আগতে এই ঠাইতেইতো আছিল যদুকুলশিৰোমণি মোহন কানাই৷ হঠাৎ কেনি গ’ল ক’লীয়া কানাই? ইফালে-সিফালে এবাৰ চাবলৈ লওঁতেই হঠাৎ দিনমণিৰ পোহৰে চকু চাৎ মাৰি ধৰাত দুচকু মুদি দিলে কৌন্তেয়ই৷

“কোৱাঁ দাদা, সকলো কৈ দিয়াঁ... মুক্ত হওক আজি তোমাৰ হৃদয়৷ মুক্ত হওক ইতিহাসৰ এটি অনালোচিত অধ্যায়৷ মোক নিবিচাৰিবা দাদা, মই তোমাৰ অন্তৰত আছোঁ৷ ভাবি চোৱাঁ এবাৰ– পাঞ্চালীৰ এই মুক্তকেশৰ মেঘালী... তাতেইতো লুকাই আছে এটি অকথিত বিষাদগাথা– এখনি মৌন, পৰাভুত অন্তৰৰ...৷”

উচপ খাই উঠিল ভীম! –এয়াতো বাসুদেৱৰ কণ্ঠ৷ কিন্তু ক’ত... ক’ত তেওঁ...? তাৰমানে তেওঁ সকলো কথাই জানে! আৰু... সেয়েহে¸ আজি... তেৱোঁ বিচাৰিছে উন্মুক্ত হওক বৃকোদৰৰ হৃদয়৷ যেতিয়ালৈকে বুকৰ তলীত গোট মাৰি থাকিব এই কাহিনী, মোক্ষলাভ নহ’ব ভীমৰ কাহানিও৷ মোক্ষলাভ নহ’ব দ্ৰুপদকন্যাৰো৷ সেয়েহে আজি তেওঁ...৷

হওক তেন্তে, মুকলি হওক আজি সকলো গোপন কথা৷

ভীমে এবাৰ দ্ৰৌপদীলৈ চালে৷ তেওঁৰ কান্দোন বন্ধ হৈছে৷ নিৰ্বিকাৰ হৈ সন্মুখলৈ চাই থুঁতৰিৰে আঁঠুত ভেঁজা দি বহি আছে৷ কেনে শান্ত-সৌম্য-সমাহিত এই সৌন্দৰ্যৰ আভা! কেনে নিষ্পাপ তেওঁৰ চাৱনি৷ ... যুগ যুগান্তৰলৈ বৰ্ণিত হ’ল, নিন্দিত হৈ ৰ’ল কুৰুৰাজসভাত পাঞ্চালৰাজদুহিতাৰ ওপৰত হোৱা সেই অত্যাচাৰ, লাঞ্ছনাৰ কৰুণ কাহিনী৷ নিৰ্দোষী অবলাৰ ওপৰত দুৰাচাৰী পুৰুষৰ বীৰত্ব, অত্যাচাৰৰ সকৰুণ কাহিনী৷

নিৰ্দোষী অবলা! নিজৰ অজানিতেই ভীমৰ ওঁঠত খেলি গ’ল এটি তীৰ্যক হাঁহি৷ এই নিৰ্দোষী অবলাই এদিন স্বয়ম্বৰ সভাত সদম্ভে ঘোষণা কৰিছিল– ‘‘সুতপুত্ৰক নকৰোঁ বৰমাল্যদান!’’ কি ভীষণ তাচ্ছিল্য আছিল অধিৰথতনয়ৰ প্ৰতি, মহাপৰাক্ৰমী ধনুৰ্ধৰ ৰাধেয়ৰ প্ৰতি! এই নিৰ্দোষী-অবলাই কুৰুৰাজপুত্ৰলৈ নিক্ষেপ কৰিছিল তীৰ্যক বাক্যবাণ– “অন্ধৰ পুত্ৰতো অন্ধই হ’ব!”

ভীমে আনফালে মুখ ঘূৰালে৷ দৃষ্টি নিৱদ্ধ হ’ল তটিনীৰ প্ৰৱাহিনী ধাৰাত৷ পাশাখেলত যেতিয়া পণ্যৰ সামগ্ৰী কৰিছিল ধৰ্মৰাজে, তেতিয়া অজ্ঞ আছিল দ্ৰুপদতনয়া৷ বিনা দোষত সহিবলগীয়া হ’ল অসহনীয় যাতনা৷ যুগান্তৰলৈ খোদিত হ’ল সেই লাঞ্ছনাৰ ভয়ংকৰ কাহিনী...৷ কিন্তু... পৰ্ণকুটিৰৰ দ্বাৰত যেতিয়া মগজুত আঁচোৰসনা বাক্যবাণ ভাহি আহিছিল–“যি আনিছা, পাঁচোজনে ভগাই লোৱাঁ...৷” তেতিয়া? কিয় নকৰিলা প্ৰতিবাদ হে যাজ্ঞসেনী? কোনে সজাইছিল তোমাক ভোগৰ সামগ্ৰী–নাৰীয়ে? নে পুৰুষে? এবাৰো নকৰিলা বিচাৰ? আৰু বিৱেচনা? ক’ত হেৰাই গ’ল তোমাৰ যুক্তি আৰু বাদানুবাদ? ক’ত? পঞ্চপাণ্ডৱৰ শয্যাসংগী হ’লা– নীৰৱে? আৰু জগতে পূজিলে– সতী! কেনেকৈ, কি যুক্তিমতে...? কোৱাঁ হে কৃষ্ণা! ছল-চাতুৰী-চক্ৰান্তৰে পাশাখেলত তোমাক নিৰ্যাতন কৰা হ’ল, অসহায় হৈ পৰিলোঁ আমি৷ চক্ৰান্তৰে বন্দী কৰা হ’ল, পিন্ধোৱা হ’ল দাসত্বৰ শৃংখল৷ কিন্তু... তোমাৰ সখা অন্তৰ্যামী ভগৱান, তেওঁতো অনাথৰ নাথ; দ্বাৰকাৰ পতি; তোমাৰ লজ্জা-নিবাৰণৰ বাবে পলমকৈ আহিল তেওঁ... কাৰণ? –আহ্বানতেই আছিল হেনো ভুল; আছিল হেনো তেওঁ তোমাৰ হৃদয়ত, আৰু বিচাৰিলা তুমি দ্বাৰকাত! নাই নাই, তেওঁৰ কোনো দোষ নাই৷ তেওঁযে পৰমেশ্বৰ! গতিকে... ভক্তিত নিমজ্জিত হিয়া৷

কিছু উত্তেজিত হৈ পৰিল ভীম– “শুনা কৃষ্ণা৷ বহু কথা আছে তোমাক ক’বলৈ; যি কথা অপ্ৰকাশ্য হৈয়ে ৰৈ গ’লহেঁতেন চিৰদিন-চিৰকাল, এই ভুমণ্ডলত নাজানিলে কোনো দ্বিতীয় প্ৰাণীয়ে; সেই কথা তুমি শুনিব লাগিব আজি৷”

দ্ৰৌপদীয়ে অবাক হৈ ভীমৰ ফালে চালে৷

ভীম নিৰ্বিকাৰ– “মই জানো কৃষ্ণা, পঞ্চপাণ্ডৱৰ পত্নী হৈও তোমাৰ অন্তৰত প্ৰেম আছিল কেৱল গাণ্ডীৱধাৰীৰ প্ৰতি৷ পক্ষপাতদোষ; যি দোষৰ বাবে সোঁশৰীৰে স্বৰ্গলৈ যাব নোৱাৰি পৰি ৰ’লা তুমি পথৰ কাষত৷ যি কথা কেৱল মই জানিছিলোঁ, বুজিছিলোঁ; সেই কথা আজি প্ৰকাশ হ’ল ধৰ্মৰাজৰ মুখত৷”

দ্ৰৌপদী উচপ খাই উঠিল– কি শুনিলে এয়া...? ধৰ্মৰাজ যুধিষ্ঠিৰে জানিছিল সেই কথা? কেনেকৈ? আৰু আৰ্যপুত্ৰ ভীমে তাৰো আগতেই জানিছিল! আচৰিত!

“জানিও কেৱল অজান হৈ আছিলোঁ কৃষ্ণা৷ জানিব বিচাৰিছিলোঁ কেৱল এটা কথা– যাক তোমাৰ অন্তৰে ভাল পাইছিল, তেৱোঁ তোমাক সেইদৰেই ভাল পাইছিলনে? কিন্তু আচৰিত হৈছিলোঁ তেতিয়া, যেতিয়া ভৰা ৰাজসভাত প্ৰেয়সী-পত্নীৰ ইমান লাঞ্ছনা দেখিও সেই প্ৰেমিকেই এবাৰো নকৰিলে প্ৰতিবাদ৷ নিদিলে কোনো আশ্বাস, নকৰিলে কোনো প্ৰতিজ্ঞা, নাছিল সামান্যতমো সঁহাৰি তোমাৰ প্ৰতিশোধপৰায়ণ অন্তৰৰ প্ৰতি; নাছিল... নাছিল, একোৱেই নাছিল৷”

ক্ষণিকৰ বাবে ভীমৰ কণ্ঠ আৱেগিক হৈ পৰিব খুজিছিল৷ নিজকে তেওঁ সংযত কৰি ল’লে গোপনে৷ আৰম্ভ কৰিলে যেতিয়া শেষো কৰিব লাগিব আজিয়ে... এই ক্ষণতে৷

অবাক হৈ পৰিল দ্ৰুপদতনয়া– নিৰ্বাক-নিৰুত্তৰ, নিষ্পন্দ-নিশ্চল৷ অন্যমনস্ক হৈ পৰিল ভীম৷ স্বগতোক্তিৰ দৰেই দ্ৰৌপদীৰ মুখৰপৰা ওলাল– “প্ৰেমিকাৰপৰাতো সকলো পালোঁ– মন, শৰীৰ, হৃদয়... সেয়েহে বাৰে বাৰে প্ৰতাৰণা কৰে প্ৰেমিকে৷ আৰু...এনে প্ৰতাৰণাৰে অনেক নাম–সুভদ্ৰা, উলুপী, চিত্ৰাংগদা...৷”

নিঃশব্দে উচুপি উঠিল কৃষ্ণাই৷ আঁচলেৰে দুচকু ঢাকিলে৷ এইবাৰ দ্ৰৌপদীৰ চকুপানীয়ে বিচলিত কৰিব নোৱাৰিলে বৃকোদৰক৷ বৰঞ্চ বহুখিনি উত্তেজিত কৰিহে তুলিলে–“জানা কৃষ্ণা; প্ৰতিজ্ঞা কৰে কেৱল অৱহেলিত পুৰুষে– প্ৰেমিকাৰ লাঞ্ছনা সহিব নোৱাৰি৷ ... প্ৰেমৰ নামত আজীৱন যি পালে মাথোঁ প্ৰহসন; সেই প্ৰেমিকেহে কৰিব পাৰে ভীষণ প্ৰতিজ্ঞা৷ আপোন ভাতৃক হত্যা কৰি, তপত শোণিত পান কৰি সেই প্ৰেমিকেই প্ৰতিজ্ঞা পালন কৰে৷ দানৱৰ কলিজা চিৰি দুহাতত লৈ আনে উষ্ম ৰক্ত৷”

হঠাৎ যেন সৃষ্টি হ’ল এজাক ধুমুহাৰ... কৰ্ণকুঁহৰত অনুৰণিত হ’ল ভীমৰ মুখনিঃসৃত প্ৰতিটো শব্দ! জিকাৰ খাই উঠিল দ্ৰুপদনন্দিনী৷ অজান এক শিহৰণ বৈ গ’ল শৰীৰৰ শিৰা-উপশিৰাইদি৷ মূৰ তুলি চালে বৃকোদৰলৈ... তেওঁৰ হৃদয়ত অনুভূত হোৱা অবিশ্বাস্য, বিস্ময়কৰ ভাবনা দুচকুৰ চাৱনিত প্ৰকট হৈ পৰিল৷

ভীমে লক্ষ্য কৰিলে কৃষ্ণাৰ মনোভাৱ৷ হয়তোবা সেমেকি উঠিল তেওঁৰ অন্তৰাত্মা৷ যি কথা হৃদয়ৰ নিভৃতত গোপনে আছিল অতদিন– সেয়াযে পূৰ্ণ প্ৰকাশৰ পথত৷

“তুমিতো নাছিলা কৃষ্ণা অন্ধৰ দুহিতা; তথাপি... অন্ধৰ নিখুঁত অভিনয়! নেদেখিলা... কাহানিও নেদেখিলা এই বাহুবলীৰ অন্তৰৰ ব্যথা; নেদেখিলা মৌন হৃদয়ৰ নীৰৱ আকুতি, শত অনুনয়-বিনয়...৷ অন্তৰ উজাৰি ভালপোৱাৰ বিনিময়ত... কি পালোঁ মই? কেৱল প্ৰাণহীন শৰীৰৰ খেলা?” ভাঙি পৰিব খুজিও সংযত হ’ল বৃকোদৰ– “মৌন প্ৰেম ভিক্ষাৰেই পাৰ কৰিলোঁ যৌৱন... পাৰ হ’ল জীৱন!”

নিজকে আৰু সংযত কৰি ৰাখিব নোৱাৰিলে দ্ৰুপদতনয়াই; দুহাতেৰে মুখ ঢাকি সশব্দে উচুপি উঠিল... বাগৰি আহিল বাধাহীন দুচকুৰ নীৰ৷

কেইটামান মুহূৰ্ত... আঁচলেৰে চকুলো মচি কিবা এষাৰ ক’বলৈ বুলি বৃকোদৰলৈ চালে কৃষ্ণাই; কিন্তু ভীমৰ চাৱনি সহিব নোৱাৰি তলমূৰ কৰিলে পুনৰ৷ নালাগে... মৌন হৈয়ে ৰ’ব আজি পাণ্ডৱ-জায়া৷ আজি... আজি কেৱল তেওঁৰেই কোৱাৰ পাল৷ কৈ যাওক... কৈ যাওক তেওঁ নিৰৱধি...৷ শুনিব দ্ৰৌপদীয়ে এই আবেগবিহ্বল হৃদয়ৰ অকথিত ব্যথা, হয়তোবা অৱদমিত বাসনাৰ মূৰ্ত প্ৰকাশ!

বহি পৰিল দ্ৰৌপদী৷ বিশাল সেই বটবৃক্ষৰ শৰীৰলৈ আঁউজি মূৰটো হাওলাই দিলে ধীৰে ধীৰে৷

“জানা কৃষ্ণা; প্ৰত্যাখ্যান কৰিছিলোঁ হিড়িম্বাৰ নিঃস্বাৰ্থ প্ৰেম হেলাৰঙে... উপেক্ষা কৰিছিলোঁ বাৰে বাৰে৷ কিয় জানা? নকৰোঁ বুলি কেৱল তোমাক প্ৰতাৰণা৷” ভাগৰুৱা যেন হৈ পৰিল কণ্ঠস্বৰ– “উপেক্ষা কৰিছিলোঁ ৰাক্ষসীৰ প্ৰেম, নুবুজি মানৱীৰ ছলনা...৷ –সেয়াওযে এক অপ্ৰকাশিত বেদনা, উজাগৰী নিশাৰ মালিতা...৷”

এটা হুমুনিয়াহ নিৰ্গত হ’ল ভীমৰ নিশ্বাসত– “উৰি যাব...পৱনপুত্ৰ বৃকোদৰ এদিন উৰি যাব কালৰ বুকুত এজাক ধুমুহা হৈ...৷”

নিথৰ হৈ বহি ৰ’ল দ্ৰৌপদী বটবৃক্ষৰ মূলত– গিৰিপথত পৰি থকা সেই প্ৰাণহীন শৰীৰটোৰ দৰে৷

এইবাৰ বহি থকাৰপৰা থিয় হ’ল ভীম৷ আগুৱাই আহিল দ্ৰৌপদীৰ ফালে–“নেদেখিলা... কাহানিও নেদেখিলা কৃষ্ণা এই বীৰবাহু বৃকোদৰৰ অন্তৰৰ ধুমুহা৷ সবল শৰীৰৰ মাজতেই থাকে এখনি কোমল হৃদয়, প্ৰেম আকলুৱা অন্তৰ; যি অন্তৰে কাহানিও কৰিব নাজানে প্ৰতাৰণা৷”

ভীম অগ্ৰসৰ হ’ল দ্ৰৌপদীৰ সন্মুখলৈ– “উঠাঁ কৃষ্ণা৷ ভয়াৰ্ত নহ’বা আজি৷ তুমি আৰু ভয় কৰিবলৈ একো নাই; যেনেকৈ মোৰ আৰু পাবলৈ বা হেৰুৱাবলৈও একো নাই৷”

অলসপ্ৰায় হৈ পৰা শৰীৰটোৰে দ্ৰৌপদী লাহে লাহে থিয় হ’ল৷

দুহাত প্ৰসাৰিত কৰি ভীমে আহ্বান কৰিলে পুনৰ– “আহাঁ কৃষ্ণা, কাষলৈ আহাঁ৷ এবাৰো নাভাবি এয়া কাৰ ৰক্ত; তোমাৰ মুক্তকেশত সানি লোৱা পাঞ্চালী৷”

দুখোজ কাষলৈ আহি প্ৰসাৰিত দুহাতেৰে দ্ৰৌপদীৰ মুক্ত কেশ স্পৰ্শ কৰিলে বৃকোদৰে– “জানা কৃষ্ণা... জানিব এই বিশাল বিশ্বই, সাক্ষী হৈ ৰ’ব অন্তৰীক্ষ৷ আৰু... আৰু জানিব অৱহেলিত পুৰুষসমাজে; পাব চিনি– অত্যাচাৰী দুঃশাসনৰ কলিজাৰ তেজত মিহলি হৈ থকা বৃকোদৰৰ কলিজাৰ গোট মৰা তেজৰ সেই চিনাকি সুগন্ধ...৷”

ভীমে দ্ৰৌপদীৰ মুক্ত কেশত সানি দিলে দুহাতৰ ৰক্ত৷

তাৰ পাছত... বাঁও হাতেৰে দ্ৰৌপদীৰ হাতত ধৰি আগুৱাই যায় তটিনীৰ তীৰলৈ... যেন তেওঁ হৈ পৰিছে অপ্ৰতিৰোধ্য এক সত্তা– “সানি দিলোঁ তোমাৰ মুক্ত কেশত এয়া কেঁচা তেজ...! তেজ নহয় যাজ্ঞসেনী–এয়া... এয়াযে প্ৰতিবাদ৷ জানা কৃষ্ণা, পুৰুষে কাহানিও নকৰে বঞ্চনাৰ প্ৰতিবাদ; এয়া সেই মৌন প্ৰতিবাদৰে অন্য এক ভাষা৷”

অট্টহাস্য কৰে ভীমে...৷ তেওঁ যেন উন্মাদ হৈ পৰিছে– “তোমাৰ মুক্ত কেশত এয়া একাঁজলি কেঁচা তেজ পাঞ্চালী৷ এয়া... এয়া কাৰ তেজ জানা? পাঞ্চালীৰ মুক্ত কেশত এয়া তপ্ত শোণিত– বৃকোদৰৰ উদং কলিজাৰ...৷”

স্তব্ধ হৈ ৰৈ গ’ল দ্ৰৌপদী৷ তেওঁৰ হাত মুক্ত কৰি দি আগুৱাই গ’ল বৃকোদৰ৷

একেথৰে কেইটামান মুহূৰ্ত চাই ৰ’ল দ্ৰুপদনন্দিনীয়ে ভীমৰ ফালে৷ পুনৰাই উচুপি উঠিল তেওঁৰ অন্তৰাত্মা– ‘এইখিনি কথা... আগতে এবাৰো কিয় প্ৰকাশ নকৰিলে নাথ? কিয়... কিয়? হয়... মই দোষী, পক্ষপাতদোষত পৰিছিলোঁ মই৷ ... ভাল পাইছিলোঁ মই গাণ্ডীৱধাৰী অৰ্জুনক মোৰ সমগ্ৰ সত্তাৰে, স্বয়ম্বৰত যি মোক জিনি আনিছিল কঠিন লক্ষ্য ভেদি৷ মোৰ মনটো তেওঁৰ হৈছিল মোৰ অজানিতেই৷ এবাৰলৈও মই ভাবি চোৱা নাছিলোঁ– তেওঁৰ অন্তৰতো আছোঁ নেকি কেৱল মই! আৰু আপুনি... ওৰেটো জীৱন আপুনি কেৱল মোকেই ভাল পালে... এবাৰো নকৰিলে প্ৰকাশ...৷ কিমান নিষ্পাপ, পৱিত্ৰ এই প্ৰেম! আৰু... সহিব নোৱাৰি মোৰ অপমান, ভৰা ৰাজসভাত আপুনি... কেৱল আপুনিয়ে কৰিছিল সেই ভীষণ প্ৰতিজ্ঞা৷’

আৰু ভাবিব নোৱাৰিলে দ্ৰৌপদীয়ে৷ একেথৰে চাই ৰ’ল অদূৰৈত ৰৈ থকা বাহুবলীৰ উদং তাম্ৰবৰ্ণ শৰীৰটোলৈ৷ ভাগৰুৱা দিবাকৰৰ ঈষৎ হেঙুলী ৰহণ পৰি তিৰবিৰাইছিল আটিল শৰীৰটোৰ প্ৰতিটো উন্মুক্ত অংগ৷

মন্ত্ৰমুগ্ধ সৰীসৃপৰ দৰে দ্ৰৌপদী আগুৱাই গ’ল বৃকোদৰৰ ফালে৷ অন্যমনস্ক হৈ থকা ভীমে গম নাপালে কেতিয়া কৃষ্ণা আহি ৰ’লহি তেওঁৰ নিচেই সমীপত৷

আবেগ-বিহ্বল এয়া দুখনি হৃদয়! এটি মাথোঁ পল... ভীমৰ মুখলৈ আকুল নয়নেৰে চাই ৰ’ল দ্ৰৌপদীয়ে৷ লাহে লাহে এহাতেৰে স্পৰ্শ কৰিলে তেওঁৰ উদং বলিষ্ঠ বাম বাহুত৷ অপ্ৰত্যাশিত সেই স্পৰ্শত ভীমে উভতি চালে পাঞ্চালীৰ ফালে৷

মনৰ মাজতে উজাই আহিব খোজা কান্দোনটো হেঁচি ধৰিলে দ্ৰৌপদীয়ে৷ সমৰ্পণ কৰিলে নিজকে বৃকোদৰৰ বিশাল বক্ষত৷

কেইটিমান মুহূৰ্ত ! লাহে লাহে ভীমেও আকোঁৱালি ল’লে কৃষ্ণাৰ সমৰ্পিত শৰীৰ৷ বুৰ যোৱা দিনমণিয়ে অন্তিম আভা সিঁচি থৈ গ’ল কৃষ্ণা-বৃকোদৰৰ নিভৃত একাকী দুটি শৰীৰত...৷

... ...

ঠিকনা :

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট - ১

ভ্ৰাম্যভাষ - ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ