অন্যযুগ/


জলছবিত জীৱনৰ আঁক-বাক

 অংকিতা বৰুৱা


মেঘৰ গাজনি আৰু দপদপিয়া বৰষুণজাকৰ শব্দত গভীৰ টোপনিৰপৰা উচপ খাই সাৰ পাই উঠিলোঁ৷ চকুহাল মোহাৰি কেইটানো বাজিছে চাবলৈ শিতানত থকা মবাইলটো হাতেৰে খেপিয়াই অনুমানতে বুটামটো টিপিলোঁ।

ৰাতিৰ শেষ প্ৰহৰ  ...

পুনৰ এটা প্ৰচণ্ড কাণ তাল মৰা শব্দত বিছনাখনতে খকমকাই উঠি বহিলোঁ৷ হোঁ হোঁৱাই বলি থকা বতাহজাকত  ইজোপাৰ লগত সিজোপা গছৰ ঠাল-ঠেঙুলিবোৰ ঘঁহনি খাই এটা অদ্ভূত শব্দ ওলাইছে৷ বতাহৰ  প্ৰাবল্যত  শিপালৈকে উভলি গছবোৰ মেৰমেৰাই শব্দ তুলি মাটিত বাগৰি পৰিছে। মাজে মাজে চাৎ চাৎকৈ পোহৰ বিয়পাই বুকু কঁপাই যোৱাকৈ আকাশখনে গৰজি উঠিছেযেন কৰবাত আকাশখন টুকুৰা-টুকুৰ হৈ ভাগিহে পৰিব৷ কাণ তাল মাৰি যোৱা শব্দত এই যেন ফাটি পৰিব খেয়ালী আকাশখনৰ অন্তঃস্থল৷ এফালৰপৰা জহি-খহি আহি আকাশখনে যেন এইমাত্ৰ আমাক উশাহ লব নোৱৰাকৈ ঢাকিহে ধৰিবহি !

সাধাৰণতে এনে বৰ্ষণমুখৰ ৰাতিবোৰত শোৱাৰ এক সুকীয়া আমেজ আছে। বৰষুণৰ ঝৰ্‌ৰ্‌ শব্দই মোৰ তন্দ্ৰালস চকুযুৰিলৈ চিকুণ টোপনিৰ সুখ অকণমান কঢ়িয়াই আনে। দিনটোৰ বিভিন্ন ব্যস্ততাৰ শেষত ৰাতিৰ এই আমেজকণ বিচাৰি অৱচেতন মনটোৱেও হয়তো হাহাকাৰ কৰি থাকে৷  পাতলীয়াকৈ ফেনখন চলাই  এখন পাতল কাপোৰ কঁকাললৈকে উজাই ফস্তি মাৰি শোৱাৰ যি আমেজ সেয়া মোৰ দৰে আৰামপ্ৰিয় মানুহে খুব ভালদৰে বুজি পাওঁ৷ মোৰ এই স্বভাৱৰ সৈতে বাৰুকৈয়ে খাপ খাই পৰিছে মোৰ প্ৰিয়তমা পত্নী ছন্দামিতা আৰু আমাৰ যমজ সন্তানহাল৷ মধ্যবিত্তীয় জীৱন এটাত সিঁহতে বৰ আয়াসত জীৱনৰ সুখবোৰ বুটলিবলৈ শিকিছে৷ ময়ো এজন আদৰ্শবান স্বামী আৰু পিতৃ হিচাপে সিঁহতক সেই সুখকণ দিবলৈ সৰ্বদা সতৰ্ক হৈ থাকোঁ৷

কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে আজিৰ এই ধুমুহা বৰষুণজাকে মোৰ টোপনিত ব্যাঘাত জন্মাইছে৷ সুখনিদ্ৰাৰ পৰিৱৰ্তে যেন এখন অন্ধকাৰ জগতলৈ নিজৰ অজানিতেই ধাৱমান হৈছোঁ মই  ...

পদপথত বাস কৰা চকুৰ চিনাকী মুখবোৰে আহি আমনি কৰিছেহি মোক। সিঁহতৰ শুকান জেংখৰিৰ দৰে দেহাকেইটাক কোনোমতে চোঁচৰাই মোৰ ফালে যেন সিহঁত আগ বাঢ়ি আহিছে ! সিঁহতৰ কাতৰ চাৱনিবোৰত থূপ খাই আছে সমস্ত জগতৰ অযুত প্ৰাৰ্থনা !  জোঙা জোঙা আঙুলিবোৰেৰে সিঁহতৰ শীৰ্ণ হাতবোৰ মোৰ ফালে মেলি সহায় ভিক্ষা কৰিছে  আৰু চকুৰ পলকতে মোৰ সন্মুখত সেই হাতৰ সংখ্যা ক্ৰমে দুখনৰপৰা চাৰিখন হৈছে, চাৰিৰপৰা আঠ, আৰু লাহে লাহে সেই সংখ্যা বাঢ়ি  গৈ শীৰ্ণ হাতৰ জোঙা জোঙা  আঙুলিবোৰে এখন কাঁইটীয়া জাল হৈ মোক মেৰিয়াই ধৰিছে৷

আৰু মই !

সিঁহতৰ অসহায়তাত বিমূঢ় মই সকলো দেখিও নেদেখাৰ ভাও ধৰি সেই কাঁইটীয়া জালখন ফালি আঁতৰি আহিছোঁ।ঘৰৰপৰা নাতিদূৰৈত অৱস্থিত পদপথটোত আশ্ৰয় লৈ থকা সেই মুখবোৰ সদায় দেখি দেখি সিহঁত মোৰ চকুৰ চিনাকি হৈ পৰিছে। কিন্তু আজিৰ দৰে আগতে কোনোদিনে মোৰ মনত সিঁহতৰ কথাই ৰেখাপাত কৰা নাছিল। আগতে কাহানিও সিঁহতে মোৰ চিন্তাৰ পৃথিৱীখনত সামান্যতমো ঠাই অধিকাৰ কৰা নাছিল। যিমানেই কৰ্কশ শব্দৰে আকাশে গৰজিছে সিমানেই  মোৰ দুচকুত ভাহি উঠিছে সিঁহতৰ শুকান ৰুক্ষ মুখকেইখন৷

মই ৰণ আৰু ৰুণীলৈ চালোঁ এবাৰ। ছন্দামিতাই দুয়োটাকে উমাল ব্লেঙ্কেটখনৰে আৱৰি বুকুত সুমুৱাই নিশ্চিন্তে টোপনি গৈছে। আনদিনা হোৱা হলে ময়ো সিঁহতৰ দৰেই সুখনিদ্ৰাত বুৰ গৈ থাকিলোঁহেঁতেন৷ কিন্তু আজি হঠাতে, আহোঁতে- যাওঁতে সদায় দেখি থকা অচিন চিনাকী মুখবোৰলৈ মনত পৰি মই ধৰফৰাই উঠিছোঁ৷ অথচ আজিয়েইতো প্ৰথমবাৰলৈ এনেদৰে ধুমুহা বৰষুণ শিলাবৃষ্টি হোৱা নাই ...

তেনেহলে !

কেনেকৈ পাৰ কৰে এই প্ৰলয়ঙ্কৰী ৰাতিবোৰ সিঁহতে ! ৰণ আৰু ৰুণিৰ দৰে কণ কণ লৰা ছোৱালীবোৰক এই বৰষুণৰপৰা ৰক্ষা কৰিবলৈ সামৰ্থ্য আছেনে তেনে নিঃস্ব পিতৃ-মাতৃবোৰৰ ?  কিয়েইবা কৰিছে বৰষুণে ধুই নিয়া পদপথটোত সিঁহতে! অদ্ভূত ধৰফৰনি এটাই মোক ক্ৰমে ক্ৰমে গিলি পেলাইছেহি। মই চটফটাই উঠিছোঁ - কত আশ্ৰয় লৈছে আজিৰ নিশাটোত সিঁহতে, পাইছেনে এখন টিনৰ চালি, কংক্ৰীটৰ দেৱাল অথবা সামান্য এখন উমাল কাপোৰ? কিদৰে নিচুকাইছে সিহঁতে ভয়ত কান্দি কান্দি ঠেৰেঙা লগা কেঁচুৱাকেইটাক? তেনে পিতৃ-মাতৃয়ে এই দুৰ্যোগত কিদৰে আহৰণ কৰিছে  ধৈৰ্য আৰু স্থিৰতাৰ অমোঘ শক্তি ? 

পুৱতি নিশাৰ চিকুণ টোপনিকণে মোৰ  দুচকুত ভৰ কৰাৰ পৰিৱৰ্তে এখন বিচিত্ৰ অন্ধকাৰ পৃথিৱীৰ ভাসমান ছবিয়ে মোৰ অন্তঃস্থললৈকৈ জোকাৰি গৈছে। কিন্তু এই ধৰফৰনিটোক বুকুত বৈ থকাৰ বাহিৰেনো কি কৰিব পাৰোঁ মই সিঁহতৰ বাবে? পাৰিম জানো সিঁহতক এধানি আশ্ৰয় দিব অথবা দুবেলাৰ দুসাজ পেট ভৰাই খাব পৰাকৈ খাদ্যৰ যোগান ধৰিব? মধ্যবিত্তীয় সামৰ্থ্যবোৰ কেৱল নিজৰ ঘৰখনতেই সীমাৱদ্ধ হৈ ৰৈ যায় চাগে, বহু হিচাপ-নিকাচৰ মাজেৰে...৷ স্বাচ্ছন্দ্যৰ জীৱন এটাৰ সপোন কোনেনো নেদেখে ! সপোন বাবেই হয়তো সদায় তেনে এটা জীৱনৰ মৰীচিকা খেদি ফুৰিছোঁ। এই কাষতে পাওঁ যেন লাগে অথচ হাত মেলিলেই আঁতৰি গুচি যায় বৈষয়িক সুখবোৰ। তথাপি তাতেই সুখী হৈছোঁ মই আৰু মোৰ পত্নী ছন্দামিতা। ৰণ-ৰুণিকো পোৱাখিনিতে সুখী হবলৈ শিকাইছোঁ আমি দুয়ো।

জীৱন... !

এয়াই হয়তো মধ্যবিত্তীয় জীৱন !

পাকঘূৰণি খোৱা কথাবোৰে অৱশ কৰি আনিছে মোৰ মগজুটো৷ গাৰ কাষতে এলাগী হৈ পৰি থকা পাতল কাপোৰখন মেৰিয়াই ওপৰমুৱাকৈ শুই দুই হাতৰ তলুৱাৰে মূৰটো চেপি ধৰিলোঁ৷

... হঠাৎ এধল পানী হুৰুসকৈ সোমাই আহি মোৰ নাকে-মুখে সোপা মাৰি ধৰিলেহি। ককবকাই উঠি বহিলোঁ বিছনাখনত। পানীৰ কোবাল সোঁতত উটি-ভাহি গৈছে মোৰ চিনাকি ঘৰখন। ঘৰৰ আচবাববোৰেও পানীৰ সোঁতত  নাচিবলৈ ধৰিছে৷

খৰালি শুকাই গৈ অঁকোৱা-পকোৱা নৈৰ সাঁচ এটাৰ দৰে ৰূপ লোৱা চিৰ চিনাকী নৈখন ভৰ বাৰিষাত ফেনে-ফোটোকাৰে ওফন্দি উঠিছে। আমাক একো সুযোগ নিদিয়াকৈ বাঢ়নী পানীয়ে হঠাতে মথাউৰি ভাঙি গোটেই গাঁওখন বুৰাই পেলাইছেহি।

যোৱাবাৰ মথাউৰিৰ বান্ধোন দেখিয়েই গাঁওবাসীৰ মাজত প্ৰশ্ন উঠিছিল - অহাবাৰ বাৰিষালৈ এই মথাউৰি থাকিবগৈনে ? ‘গাঁওবাসীৰ আশংকাক সঁচা প্ৰমাণিত কৰি চোতালৰ জেওৰা-জপনা মহতিয়াই হিলদল ভাঙি পানী সোমাই আহিছে গাঁওখনৰ ভিতৰলৈ। ৰাইজৰ মৰণ কাতৰ চিঞৰেও টলাব পৰা নাই নৈখনৰ অকৰা খং। সকলো উটিছে - ভাহিছে। গোহালিৰ গৰু, গঁৰালৰ ছাগলী, হাঁহ, কুকুৰা, পাৰবোৰ কুঁহিলাৰ দৰে উটিছে-ভাহিছে। শিপা-ছিঙি উভাল খাই পৰিছে ডাঙৰ ডাঙৰ গছবোৰ। গঞা ৰাইজৰ মাজত লৰা-ধপৰা লাগিছে। কোনে কি থাপতে পায় সামৰিবলৈ উঠি-পৰি লাগিছে। যত জীৱনৰেই ভৰষা নাই, তাত কি বয়-বস্তুৰ প্ৰতি মোহ ! তথাপি মানুহৰ সহজাত আকৰ্ষণ আপোন বস্তুবোৰলৈ। যেন নিজ হাতে গঢ়া ঘৰখনৰ প্ৰতিটো বস্তুৱেই হাতৰ মুঠিতে সামৰি লব ! চকুৰ পচাৰতে নৈৰ পানীত গলি শেষ হবলৈ ধৰা জীয়া সপোনবোৰক এই যেন আঁচলৰ গাঁঠিত আঁটি আঁটি বান্ধি লব !

মায়ে হিয়া ঢাকুৰি কান্দিছে। মোক আৰু ভাইটিক বিছনাৰপৰা চোঁচৰাই আনি আঁচলৰ আঁৰত লুকুৱাইছে মায়ে, যেন পৃথিৱীৰ হাজাৰ বিপদক নেওচিব পাৰে আইৰ এই আঁচলে !

এনে এক অভাৱনীয় পৰিস্থিতিলৈ আমি মুঠেও সাজু নাছিলোঁ। দুৰ্বল শৰীৰৰ পিতায়ে পানীৰে বিস্তৃত চৌপাশলৈ চাই উৱাদিহ হেৰুৱাইছে। এখলপীয়া সৰু ভঁৰাল ঘৰটোলৈ খপজপাই উঠি গৈ পিতায়ে উমান লৈছে, ধানকেইটা ৰক্ষা পৰিবনে এইবেলি! বছৰটোৰ বাকীছোৱা সময়লৈ ভাতমুঠিৰ যোগাৰ সম্ভৱ হবগৈনে! পিতায়ে অসহায় হৈ হুকহুকাই কান্দিছে। 

ঘৰৰ মজিয়াত তেতিয়ালৈ একাঁঠু পানী। আমাৰ পিছে কিশোৰ মনত ভয়-ভীত একো নাই। পানী দেখি আমাৰ স্ফূৰ্তিত ঠাই নোহোৱা হল। চলৌপ চলৌপ শব্দ তুলি মই আৰু ভাইটিয়ে পানী খেলিবলৈ ধৰিছোঁ। ভাইটিয়ে মোৰ গালৈ পানী ছটিয়াইছে আৰু মই তালৈ। এসময়ত থেপেং থেপেংকৈ পানীত জপিয়াই কিৰিলিয়াই আমি হাঁহিত বাগৰি পৰিছোঁ।  মায়ে আমাৰ কাণ্ড দেখি বকিছে- কোন কত বাছি থাকোঁ তাৰে নাই ঠিক, তহঁতে পানী খেলিছ! খেলাৰ সময় এয়া?’ থোকাথুকি মাতেৰে কোৱা কথাকেইষাৰত মালৈ মূৰ তুলি চালোঁ। মাৰ কান্দি থকা দুচকুলৈ আমি তেতিয়াহে ভালকৈ মন কৰিলোঁ৷

কিবা এটা যেন বিপদৰ গোন্ধ পালোঁ আমিও ...

পানী হোৰাহোৰে বাঢ়িয়েই আছে। গাঁৱৰ কিছু লোকে আগতীয়াকৈ কলগছৰ ভূৰ সাজি এনে এটা পৰিস্থিতিৰ বাবে সাজু হৈয়ে আছিল। দুই এটা সম্পদ বুকুত বান্ধি তেওঁলোকে ইতিমধ্যে ভূৰত উঠি যাত্ৰা আৰম্ভ কৰিছে। কলৈ গৈছে তেওঁলোকে নিজেও হয়তো  নাজানে। কিন্তু জীৱনটো বচোৱাৰ হেঁপাহত সেই ভূৰকেইখনেই এতিয়া একমাত্ৰ সম্বল।

ভাইটি আৰু মই বুজা-নুবুজাৰ দোমোজাত চাই আছোঁ সকলোবোৰ। মায়ে দুৱাৰৰ চেপত গোটাই থোৱা পলিথিনৰ পেকেটত আমাৰ কিতাপ-বহীবোৰ ভৰাইছে। খোৱাবস্তু থকা মামৰ লগা টিনকেইটামান একেলগ কৰিছে। দুই-এসাজ কাপোৰ কিতাপ-বহীৰ পেকেটটোত একেলগে ভৰাই পিতাই ভঁৰাল ঘৰৰপৰা নামি অহালৈ উৎকণ্ঠাৰে বাট চাইছে। পানী বাঢ়িয়েই আছে৷ ভাইটি আৰু মোৰ বুকুলৈকে ডুব গৈছে। আমাৰ বাবে কিছু সময়ৰ আগলৈকে খেল হৈ পৰা পানীখিনিলৈ এতিয়া আমাৰ ভয় লাগিবলৈ ধৰিছে। ভাইটিয়ে ভেঁ ভেঁকৈ কান্দিছে৷ মই তাক সাবটি ধৰি পিতাই’ ‘পিতাইবুলি চিঞৰাত লাগিছোঁ।

পানীৰ সোঁতৰ সৈতে ভাহি অহা মানুহবোৰৰ বুকুভগা কান্দোনে আমাকো কান্দিবলৈ বাধ্য কৰিছে। এতিয়াহে বুজিব পাৰিছোঁ আচলতে কি হবলৈ গৈ আছে আমাৰ লগত। কোন থাকিম, কোন বাচিম এই সময়ত কোনেও নাজানো। কোনে কাক হেৰুৱাম নাজানোঁ। পানী কলকল শব্দৰে বাঢ়িয়েই আছে। পিতায়ে শীৰ্ণ খোজেৰে এপাকত নামি আহি মা, ভাইটি আৰু মোক কোনোবা নিৰাপদ ঠাইত ৰখাৰ উপায় বিচাৰি অসহায়ভাৱে ইফালে সিফালে চালে। পিতাইৰ মুখখন দেখি মোৰ বুকুখনত কিয় জানো কিবা এটা যন্ত্ৰণাই খুঁচি থৈ গল। পিতায়ে যেনেতেনে আমাক ঘৰৰ মুধচত উঠাবলৈ যত্ন কৰিলে।

মায়ে গোটাই থোৱা টেমা-টুমলি, আমাৰ কিতাপ-বহী আৰু কাপোৰৰ টোপোলা আমাৰ চকুৰ আগতে নাচি নাচি পানীত উটি গল। আমি মাথোঁ অসহায়ভাৱে চাই থাকিলোঁ। বহুতে ৰখাৰ দৰে আমাৰ ভূৰ সাজি থোৱা হোৱা নাছিল। পিতাই অলপ দূৰদৰ্শী হোৱা হলে আমাৰ জীৱনটোও নিশ্চয় আজিৰ দৰে নহলহেঁতেন। আমাৰ সন্মুখেদিয়ে ইতিমধ্যে কেইবাখনো ভূৰ পাৰ হৈ গল। চিনাকি মানুহবোৰ ক্ৰমাৎ আমাৰপৰা দূৰলৈ গৈ থাকিল। পিতায়ে অসহায় হৈ গাঁৱৰে দুই এজনৰপৰা চিঞৰি চিঞৰি সহায় বিচাৰিলে। মায়ে সদায় কয়- মানুহক বিপদৰ সময়তে আটাইতকৈ ভালদৰে চিনিব পাৰিবি। আজি মাৰ কথাৰ সঁচা ৰূপটো দেখিলোঁ। পিতাইৰ চিঞৰ শুনি দুই একে কৈছিল– ককাইদেউ এই ভয়াৱহ সময়ত নিজৰ পৰিয়ালটোক বচাব পাৰিলেই বহুত। তয়ো নিজাকৈ কিবা এটা যোগাৰ কৰি ল৷’ 

দেউতাৰ ভয়াৰ্ত মুখখন দেখি মায়ে ঘৰৰ মুধচৰপৰাই ৰিঙিয়াই মাতিলে- হেৰি! আপুনিও ইয়ালৈকে আহক। বাচিলে ইয়াতে বাচিম। মৰিলেও আটাইকেইটা ইয়াতেই মৰিম৷’

ৰুক্ষ দুচকুৰে আমালৈ মূৰ তুলি চাই পিতায়ে চলৌপকৈ চলৌপকৈ এবুকু পানী ঠেলি ঘৰৰ মুধচত উঠিলেহি৷ আমি চাৰিটি প্ৰাণীয়ে ইটোৱে সিটোক সাটি ধৰি উচুপিছোঁ। কৰিবলৈ একো নাই। যেনেতেনে মুধচৰ টিঙখনত আমিকেইটা থিয় হৈ আছোঁ। মায়ে তেতিয়াও হিকটিয়াই হিকটিয়াই কান্দিয়েই আছে। পানীৰ কোবাল সোঁতত আমাৰ অতিকৈ মৰমৰ কলী গাইজনী আৰু এমাহ আগতে জন্ম হোৱা পোৱালিটো উটি গল।  চোতাল, গোহালিৰ একো চিন-মোকাম নাই আৰু এতিয়া। এক মুহূৰ্ততে সকলো নিঃচিহ্ন। সকলো অতীত।

নিশাৰ  দোপালপিটা বৰষুণজাক এতিয়া নাই। তথাপি আকাশখন গোমা। আকৌ এজাক অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আকাশে গাজি-গুমৰি মাজে মাজে হুংকাৰ দিয়েই আছে৷ ৰাতিৰ গাজনি ঢেৰেকনিকেইটালৈ এতিয়াহে মনত পৰিল মোৰ৷ টোপনিৰপৰা খকমকাই সাৰ পাই মাৰ বুকুৰ মাজত কুচি-মুচি সোমাই আছিলোঁ৷ যেন আকাশখন ভাগি টুকুৰা-টুকুৰ হল৷  যেন হুৰুসকৈ খহি পৰিল আকাশখন  আমাৰ মূৰৰ ওপৰতে৷ ভয়তে মাক আৰু  জোৰকৈ সাটি ধৰিছিলোঁ৷

ৰাতিৰ বৰষুণজাকৰ কথা ভাবি থাকোঁতেই দপদপকৈ শব্দ তুলি আকৌ এজাক বৰষুণে আমাক তিয়াই পেলালেহি৷ আমি থিয় হৈ থকা টিঙখনৰ যৎসামান্য শুকান অংশ বৰষুণৰ পানী পৰি পিছল হৈ পৰিল৷ ভাইটি আৰু মোৰ সৰু সৰু ভৰিকেইটাৰে খোপনি পুতি ধৰিবলৈকে অসুবিধা হল৷  মাৰ হাতৰপৰা এৰুৱাই দেউতাই  আমাক  জোৰেৰে খামুচি ধৰিবলৈ লওঁতেই ভাইটিৰ হাতখন সুলকি পৰিল৷ এক ছেকেণ্ডৰ ব্যৱধানত সি এঢলীয়া টিঙখনৰপৰা খহি  পৰিল পানীত৷ মায়ে বিকট চিঞৰ এটা মৰি কান্দোনত গগন ফালিলে৷ ভাইটি ককবকাই পানীৰ সোঁতত উটি গৈ আছে৷ মই চিঞৰিছোঁ- ভাইটি ... ভাইটি ! ভয় নকৰিবি আমি আছোঁ৷ মায়ে মোক জোৰকৈ চেপি ধৰিছে৷ পিতায়ে এখন্তেকো পলম নকৰি- নিৰ্মলা ডাঙৰ ধনক চম্ভালাবুলি কৈ পানীত জঁপিয়াই দিলে৷ মা আৰু মই অসহায় দুটি প্ৰাণী থিয় দি ৰলোঁ টিংখনতে৷ ভাইটি যেনি উটি গৈছে পিতায়ে সেইপিনেই তাক বিচাৰি গৈছে বুলি ধৰিব পাৰিছোঁ৷ কিন্তু অলপ দূৰ যোৱাৰ পাছত ভাইটিৰ দৰে দেউতাকো আমি নেদেখা হলোঁ৷

মা আৰু মই উৎকন্ঠাৰে ৰৈ আছোঁ ভাইটিক কান্ধত তুলি দেউতা পানী ঠেলি ঠেলি তামোল খাই ৰঙা হোৱা দাঁতকেইটাৰে  হাঁহি এমোকোৰা লৈ উভটি আহিব৷

বৰষুণজাক আকৌ থামিছে৷ মায়ে বাউলীৰ দৰে ইফালে সিফালে ডিঙি মেলি দেউতাহঁতক দেখে নেকি চালে৷ নাই, তো নাই দেউতা আৰু ভাইটি৷ কাঠৰ টুকুৰা, ৰু, , ছাগলী, ভূৰ কেইখনমান, বাটি-কাঁহী, কাপোৰ চব উটি-ভাহি গৈ আছে৷ কিন্তু দেউতা আৰু ভাইটি আমাৰ দৃষ্টিৰ পৰিসৰত নাই৷ দিনৰ দিনটো ধিতিঙালি কৰি ঘূৰি ফুৰা এঘাৰ বছৰীয়া মই যেন কিবা এটা বুজি উঠিছোঁ !

এই কথাই কথা নহয় !

কিবা এটা কৰিবই  লাগিব৷

সময় গৈ আছে৷ বৰষুণজাক অলপ থামোতেই কিবা এটা উপায় উলিয়াব লাগিব৷ অলপ আঁতৰত চকুত পৰিল কোনোবা এজন অকলশৰে ভূৰ এখনত উঠি আহিছে৷ ওচৰ পোৱাত চিনিব পাৰিলোঁ সৌৱা গাৱঁৰে কনক খুড়া৷ মই এটা শেষ চেষ্টা কৰি চাওঁ বুলিয়েই তেওঁক ৰিঙিয়াই মাতিলোঁ- খুড়া, মা আৰু মোকো লৈ যাওকচোন আপোনাৰ লগতে৷ দেউতা আৰু ভাইটি পানীত উটি গৈছে৷

মোৰ কথা শুনি খুড়াজনে ভূৰখন আমাৰ ফালে পোনালে৷ তেওঁ বাঢ়নী পানীতো এজন পাকৈত নাৱৰীয়াৰ দৰে ভূৰখন চম্ভালিছে৷ চকুৰ পচাৰতে আহি তেওঁ একেবাৰে কাষ পালেহি আমাৰ৷ তেওঁৰ হাতত ধৰিয়ে মা আৰু মই ভূৰখনত উঠিলোঁ৷ এক অনিশ্চিত যাত্ৰা আৰম্ভ কৰিলোঁ মা আৰু মই৷ পানীৰ মাজে মাজে চলাৎ চলাৎ শব্দ তুলি আমাৰ ভূৰখন উটি গৈছে৷ মায়ে তেতিয়াও মোৰ হাতখন খামোচ মাৰি ধৰি সন্ধানী দুচকুৰে ইফালে সিফালে চাই গৈছে৷ আমি নাজানো ইয়াৰ পাছত আমাৰ কি হব৷ ৰাজআলিৰ কাষতেই আমাৰ জীৱন হব নে  আমাৰ আপোন ঘৰখনলৈ পুনৰ আহিব পাৰিম আমি নাজানোঁ৷

পানীৰ মাজেৰে এক অনিশ্চিত, অনিঃশেষ যাত্ৰা আমাৰ ...

হঠাতে খকমকাই সাৰ পাই উঠিলোঁ৷ কত আছোঁ বুজিবলৈ মোৰ কেইমিনিটমান লাগিল৷ ঈষৎ নীলা লাইটটোৰ ক্ষীণ পোহৰত দেখিলোঁ ছন্দামিতাৰ বুকুত সোমাই নিৰাপদে শুই আছে ৰণ আৰু ৰুণী৷

মৃদু লহৰত অহৰহ ঘূৰি থকা চিলিং ফেনখনলৈ কিছুবেলি চাই ৰলোঁ মই৷ ৰামধেনুৰ ৰঙতকৈও বহুবৰ্ণী জীৱনৰ চকৰীটোক এই মুহূৰ্তত মোৰ চকচকাই ঘূৰি থকা ফেনখনৰ দৰেই লাগিল৷ জীৱনৰ নিৰন্তৰ গতিক সময়ৰ বাহিৰে আন কিহে ৰুধিব পাৰে !

সপোনৰ বাট এটাৰে সৰকি আহি এখন জলছবি মোৰ বৰ্তমানটোত ওলমি থাকিল৷ সকলোৰে বুকুতে হয়তো সংগোপনে এখন বিষাদেৰে ভাৰবাহী নৈ বৈ থাকে ৷ সময়ে সময়ে আমাৰ যাতনাবোৰ আওখালি নৈখন বাৰিষাৰ নৈ এখনৰ দৰেই ভৰুণ হৈ আমাৰ বুকুলৈকে উজাই আহে৷ কৈশোৰতে এখন ভৰা নৈক এৰি থৈ আহিলোঁ যদিও বুকুৰ নৈখনক যে আজিও লালন কৰি আছোঁ আজিহে বেছিকৈ অনুভৱ কৰিলোঁ৷

বাহিৰখন এতিয়া শান্ত৷ অলপ আগৰ ভয়ানক ধুমুহাজাক এতিয়া নাই৷ বৰষুণজাকৰ দপদপ শব্দও নাই। পদপথত জমা হোৱা পানীবোৰো  ক্ৰমাৎ শুকাইছে নিশ্চয় !

পাৰিব, সিঁহতেও যুঁজিব পাৰিব৷

পদপথৰ জীৱনেই হওক বা বানে ধোৱা জীৱন ! নিজাকৈ যুঁজ এখন চবৰে থাকে৷ যি যুঁজৰ অংশীদাৰ কোনো নাই৷

অকলেই ...৷

অকলেই সকলো মাৰি-মোহাৰি নিজক গঢ়াৰ যুঁজখন কেৱল নিজৰ৷ সিঁহতেও যুঁজিব পাৰিব লাগিব...৷ এইখন যুঁজ একান্তই নিজৰ৷ সকলোৰে।

নিজকে নিজে কথাখিনি কৈ অলপ সকাহ পোৱা যেন লাগিল মোৰ৷

এৰা !

পানীৰ মাজত অনিশ্চিত যাত্ৰা কৰাৰ দিনা মইতো জনা নাছিলোঁ মোৰ যুঁজখনে মোক কলৈ লৈ যাব ! মইতো জনা নাছিলোঁ মোৰ জীৱনলৈ এদিন ছন্দামিতা আহিব, এহাল মৰমলগা লৰা-ছোৱালী আহিব৷ সৰুকৈ হলেও এটা চাকৰি যোগাৰ কৰি মই মোৰ পৰিয়ালটোক দুবেলাৰ দুসাজ খুৱাব পাৰিম৷ ৰাজআলিৰ কাষত প্লাষ্টিকেৰে বেৰা দি অস্থায়ী ঠিকনাটো গঢ়ি লওঁতে মইতো জনা নাছিলোঁ যে এদিন ময়ো এদিন এটা কংক্ৰিটৰ ঘৰ সাজিম৷

সিঁহতেও এদিন সকলো বাধা ওফৰাই নিজক প্ৰতিষ্ঠা কৰিব পাৰিব... পাৰিব লাগিব সিঁহতে৷ 

পৰ্দাৰ ফাঁকেৰে সেমেকা পোহৰ এটা চকুত পৰিল৷  খিৰিকীখন খুলি দিলোঁ৷ কিচিৰ-মিচিৰ শব্দৰে ঘৰৰ মুধচত বাহ সজা ঘৰচিৰিকাহাল খিৰিকীখনতে পৰিলহি  কিবা এটা প্ৰশান্তিত মোৰ চকুহাল জাপ খাই আহিল৷ ডিঙিলৈকে কাপোৰখন উজাই লৈ মই শুবলৈ চেষ্টা কৰিলোঁ৷

 

--- সমাপ্ত –

  জুৰোড তিনিআলি
   গুৱাহাটী - ২৩
   মোবাইল - ৯৮৫৪০৮৫৭২০
   ইমেইল - ankitabaroah@gmail.com
   ফেচবুক - https://www.facebook.com/ankita.bordoloi
    

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ