অন্যযুগ/


ইউক্ৰেইন

ৰিপুঞ্জয় বৰুৱা ঋমন

 

ঔ-ৰা মাত দিবচোন

 

মোকেই কলে?

 

হয় আপোনাকেই।

খঅৰ (খৱৰ) কেনে?

 

ৰবৰৰ দৰে

টানিলে দীঘল এৰিলে চুটি।

 

নলগা জেঙাত লাগি লাগি 

প্ৰগতিশীল অধোগতি।

 

ভাইৰেল গৰমত ঘামি জামি

প্ৰিক্‌লি হিট পাউদাৰ সানি

ডেভেলপ কৰি আছোঁ পিঠিৰ ফিতাহি!

 

কি ক

কিমান ক

সময় কম

 

, নকব হব হ

 

কি হ?

সুখ হ

 

সুখ নহলেও খহু হব।

হাঁহি উঠে ফকটীয়া

 

ঔ-আই এইবাৰ সৰ্বানন্দ এক্সপ্ৰেছত বৰদৈচিলা

 

জেৰেঙাত জয়া

তত পছোৱা

তই থাক মই যাওঁ

 

কাষলতিৰ তলত সেয়া কিহৰ গোন্ধ

 

ইউক্ৰেইনৰ!


 

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং - ১০১

গুৱাহাটী - ০৪

ভ্ৰাম্যভাষ : ৬৯০১৮৫৬০৮৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ