অন্যযুগ/


মূঢ়মতি

ধীমান বৰ্মন

 

দুটা শাৰীৰ মাজৰ শূন্যতাক

পঢ়িবলৈ নিশিকিলোঁ

 

আমি মূঢ়মতি

নাজানো ভকতি

 

আমি কি মূঢ়মতি?

সঁচাই নাজানো ভকতি?

 

আমি পঢ়িলোঁ

'লা আৰু বগা ছাগলীয়ে

একেলগে ঘাঁহ খাই থকা এখন পথাৰ

 

পথাৰৰ সজন কাঁটাৰ সৰু সৰু জেং

সৰি থকা

কুঁহি এখিলা  আৰু বুঢ়াপাত এটাৰ মাজৰ

যৎকিঞ্চিত ঘাঁহ

 

ভকতি কৰিবলৈ শকতি নাই

শকতিত থাকিবনে ভকতি??

 

তথাপি

আমি যে মূঢ়মতি

 

দীঘল দীঘল শাৰী

মাজৰ খালী ঠাইহে পঢ়িব নোৱাৰি

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ