অন্যযুগ/


শৰৎ

 হৰেকৃষ্ণ ডেকা

 

মোৰ ঘৰৰ পদূলিৰ শেৱালিজোপা

ফুলিছে ৷ মই দূৰত ৷

 

ইয়াত প্রৱাসৰ শৰৎ ৷

তাত পাতৰ ৰঙীন মদ।

 

আজি কুঁৱলী পৰিছে।

 

ইমান দূৰত,

ইমান দূৰত!

যোৱা বছৰ ঘৰত সৰা

শেৱালীৰ গোন্ধ পাইছোঁ ৷

----

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ