অন্যযুগ/


সহ-অভিনয় আৰু অসম

 অবন্তিকা পৰাশৰ


(ব্ৰজনাথ শৰ্মাৰ সৈতে কলিকতালৈ  নাটকৰ ৰেক’ৰ্ডিং কৰিবলৈ যোৱা দলটো)


অসমৰ প্ৰথম অসমীয়া অভিনেত্ৰী কোন বুলিলে, অৱধাৰিতভাৱে এটাই নাম আমাৰ সকলোৰে মুখলৈ আহে – গোলাঘাটৰ আইদেউ সন্দিকৈ৷ সম্বন্ধীয় ককায়েকৰ  সৈতে ‘পানীত ওপঙা ঘৰ’ চাবলৈ গৈ প্ৰথম অসমীয়া বোলছবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰ নাম ভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান অবিস্মৰণীয়৷ ‘পৰপুৰুষ’ৰ সৈতে অভিনয় কৰি ‘বঙহৰদেউ’ বুলি সম্বোধন কৰা বাবে তেখেতে যি যে এক বিষময় জীৱন যাপন কৰিবলগীয়া হৈছিল, সেয়া নজনা মানুহ অসমত হয়তো কমেই ওলাব৷ কিন্তু মন কৰিবলগীয়া কথা হৈছে এয়ে যে, ‘জয়মতী’ত অসমৰ প্ৰথম সহ-অভিনয় হোৱা নাছিল৷ কিয়নো বৰ্তমান অসমীয়া ৰংগমঞ্চ আৰু চলচ্চিত্ৰ জগতত পুৰুষ আৰু মহিলাৰ যি সহ-অভিনয় আমি দেখিবলৈ পাওঁ, সেয়া আৰম্ভ হৈছিল ‘আসাম কহিনুৰ অপেৰা পাৰ্টি’ৰ মঞ্চত, এতিয়াৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত, ব্ৰজনাথ শৰ্মাৰ তত্ত্বাৱধানত ১৯৩৩ চনত৷ সৈনিক-শিল্পী শৰ্মাৰ এই সাহসী পদক্ষেপৰ অংশীদাৰ হৈছিল ফুলেশ্বৰী দাস, লাৱণ্য দাস, বিনদা গগৈ, সৰ্বেশ্বৰী দাস, গোলাপী দাস আৰু শৈলৱালা দেৱী৷ ইয়াৰো প্ৰায় এটা দশক পূৰ্বে সেই একে ধৰণৰ প্ৰয়াসত বিফল হৈছিল অকয়া (বৰপেটা জিলা) গাঁৱৰ ভূৱন বায়ন (বাইন), যাৰ ইতিহাস সম্প্ৰতি পাহৰণিৰ গৰ্ভত৷ এই লেখাটিত এই দুটি প্ৰয়াসৰ বিষয়ে চমুকৈ আলোকপাত কৰা হ’ব৷       

যাত্ৰা ওস্তাদ উদয় ভাগৱতীৰ লেখাত পোন প্ৰথমবাৰৰ বাবে ভূৱন বায়নৰ লিখিত উল্লেখ পোৱা যায়৷ সেই অনুসৰি আনুমানিক ১৯২৬ চনত পাঠশালাৰ নিকটৱৰ্তী ডুবিত (বজালী জিলা) ভূৱন বায়নৰ নেতৃত্বত এটা চৌখিন যাত্ৰাদল গঠন কৰা হৈছিল৷ নাটকৰ স্ত্ৰীচৰিত্ৰসমূহ মহিলাৰ দ্বাৰাই ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈ ডুবি-পৰিহৰেশ্বৰ মন্দিৰৰ দেৱদাসী কেইগৰাকীমানক নিৰ্বাচন কৰি উলিওৱা হৈছিল (তেওঁলোকৰ পৰিচয় সম্পৰ্কীয় কোনো তথ্য এতিয়ালৈকে পোৱা হোৱা নাই)৷ নাটক আছিল ‘শ্ৰীদুৰ্গা’(বাঙালী)৷ যদিওবা দেৱদাসীসকল নৃত্য-গীতত পাৰ্গত আছিল, তথাপি অভিনয়ৰ প্ৰশিক্ষণৰ বাবে প্ৰায় দুমাহৰ প্ৰয়োজন হৈছিল৷ আখৰাৰ অন্তত মন্দিৰ প্ৰাংগণত সীমিত সংখ্যক দৰ্শকৰ উপস্থিতিত নাটকখন সফলতাৰে মঞ্চস্থ হৈছিল যদিও, বৰক্ষেত্ৰী মৌজাৰ ‘ভিতৰোৱা গাঁৱ’ত (মৌজাদাৰ শৰৎ চৌধুৰীৰ গৃহত), কালাগৰ দৌল উৎসৱ আদিত হোৱা মঞ্চায়নত দৰ্শকৰ উদ্ভণ্ডালি আৰু বিশৃংখলতাৰ বাবে নাট প্ৰদৰ্শন আধাতে বন্ধ কৰি দিবলগীয়া হয়৷ এনেদৰে প্ৰত্যেক পালাতে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰাত দলটোৰ মনোবল ভাগি যায় আৰু শেষত ইয়াক ভাঙি দিয়াৰ সিদ্ধান্ত লোৱা হয়৷

বিশিষ্ট অভিনেতা চন্দ্ৰ চৌধুৰীৰ আত্মজীৱনীত অৱশ্যে ডুবি আৰু ভূৱন বায়নৰ সহ-অভিনয়ৰ প্ৰয়াসৰ কথা আন এক ধৰণেহে পোৱা যায়৷ তেখেতৰ ভাষ্য অনুসৰি ১৯২৯ চনত ডুবি গাঁৱৰ পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসীসকলে অকয়া সত্ৰ(গাঁও)ৰ ভূৱন বায়নৰ পৰিচালনাত দেৱালয়ৰ দুৰ্গা পূজা উপলক্ষে ‘বিজয়-বসন্ত’ নামৰ বঙালী নাটক এখনত অভিনয় কৰে৷ অভিনেতা অবিহনে মঞ্চস্থ হোৱা নাটকখনত অভিনয় কৰিছিল সাৱিত্ৰীৱালা, সৰোজিনীৱালা, ৰোহিণীৱালা, গয়াৱালা, শশীৱালা, অহল্যাৱালা আদি মহিলাই৷ অৱশ্যে পুৰুষ চৰিত্ৰৰ অনুপস্থিতিত এওঁলোকক অভিনেত্ৰী বুলিলেও, এই প্ৰয়াসক সহ-অভিনয় বুলি ক’ব পৰা নাযায়৷

আনহাতে যোৰহাটৰ সঞ্জীৱ বৰঠাকুৰে উল্লেখ কৰামতে ১৯২০ চনত পাঠশালা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্তৰাম চৌধুৰীয়ে যাত্ৰাদলত মহিলাক অন্তৰ্ভুক্ত কৰাৰ কথা শুনা যায়৷ পাছত ৰঞ্জিত শৰ্মা, ভূৱন বায়ন, মতি বাবু আৰু জল্টিৰামৰ উদ্যোগত ১৯২৭ চনত ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ কেইগৰাকীমান দেৱদাসীক লৈ ‘নটৰৰ গান’ নামৰ এটা দল খোলা হৈছিল৷ মাংগলিক কাৰ্যত দেৱদাসীৰ অংশগ্ৰহণ সহজলভ্য হোৱা হেতু হয়তো এই প্ৰয়াসৰ বিশেষ বিৰোধিতা হোৱা নাছিল৷

ইয়াৰ পাছত সহ-অভিনয়ৰ আনুষ্ঠানিক প্ৰয়াস আৰম্ভ হয় ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত৷ বিশিষ্ট অভিনেতা ফণী শৰ্মাৰ সৈতে পৰামৰ্শ কৰি তেওঁ ইয়াৰ বাবে চিনাক্ত কৰি উলিয়াইছিল তিনিগৰাকীকৈ দেৱদাসী – সাৱিত্ৰীৱালা, ৰোহিণীৱালা আৰু সৰোজিনীৱালা৷ তিনিওগৰাকীকে ব্ৰজনাথ শৰ্মাই নিজৰ তত্ত্বাৱধানত ৰাখি এমাহমান অভিনয়ৰ প্ৰশিক্ষণ দিছিল৷ কিন্তু শৃংখলিত নাটকীয় পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাব নোৱৰাত ব্ৰজ শৰ্মাই তিনিওকে বিদায় দি আন বিকল্পৰ সন্ধানত নামি পৰে৷ 

এই ঘটনাৰ কিছুদিন পাছত ব্ৰজনাথ শৰ্মাই নগাঁৱৰ পুৰণিগুদামৰ বিপিন চন্দ্ৰ বৰুৱাৰ সৈতে বিচাৰি উলিয়ায় তিনিগৰাকী অভিনেত্ৰী – পুৰণিগুদামৰ দুই বাই-ভনী গোলাপী আৰু সৰ্বেশ্বৰী দাস আৰু চামগুৰিৰ ফুলেশ্বৰী দাসক (অভিনেতা চন্দ্ৰ চৌধুৰীৰ মত অনুসৰি গোলাপী নাথ, সৰ্বেশ্বৰী নাথ আৰু ফুলেশ্বৰী হাজৰিকা)৷ তিনিওগৰাকীৰে স্কুলীয়া শিক্ষা প্ৰায় নাছিল বুলিবই পাৰি৷ পাছৰ পৰ্যায়ত অভিনেত্ৰীৰ তালিকাখনত যোগ হৈছিল যোৰহাটৰ ৰজামৈদামৰ শৈলৱালা দেৱী, উত্তৰ গুৱাহাটীৰ লাৱণ্য দাস আৰু নাজিৰাৰ বিনদা গগৈ৷

গোলাপী দাস : পিতৃ ৰহাই কোঁচ আৰু মাতৃ কণিকী৷ ঘৰ নগাঁৱৰ পুৰণিগুদামৰ বৰুৱাচুকত৷ প্ৰকৃত নাম দিনমাই৷ শিক্ষা বুলিবলৈ মাথোঁ যুক্তাক্ষৰ বিনে স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ পঢ়িব পাৰিছিল৷ সৰ্বেশ্বৰী দাস তেওঁৰ সহোদৰা আছিল৷ দল ভগাৰ পাছত তেওঁ নগাঁৱৰ কৰিয়ণীলৈ বিয়া হৈ যায়৷

সৰ্বেশ্বৰী দাস : পিতৃ ৰহাই কোঁচ আৰু মাতৃ কণিকী৷ গোলাপী দাসৰ সহোদৰা৷ ঘৰ নগাঁৱৰ পুৰণিগুদামৰ বৰুৱাচুকত৷ এখেতৰ প্ৰকৃত নাম লেৰেলী আৰু এখেত নিৰক্ষৰ আছিল৷ দল ভগাৰ পাছত এওঁ পাঠৰিলৈ বিয়া হৈ আহে৷ উল্লেখ্য যে এই দুই বাই-ভনীক বিচাৰি উলিওৱাত ব্ৰজনাথ শৰ্মাক বৰুৱাচুকৰে দেৱনাথ বৰুৱা আৰু ৰামচৰণ বৰাই যথেষ্ট সহায় কৰিছিল৷

ফুলেশ্বৰী দাস : ফুলেশ্বৰী দাস নগাঁৱৰ চামগুৰি অঞ্চলৰ ছোৱালী আছিল আৰু তৃতীয় শ্ৰেণীলৈকে পঢ়িছিল৷ বাৰ বছৰ বয়সত তেওঁ দললৈ আহিছিল৷ কিন্তু অভিনয়ৰ অসমৰ্থতাৰ বাবে তেওঁক পাছত ওভতাই পঠিওৱা হয়৷

শৈলৱালা দেৱী : শৈলৱালা দেৱী  যোৰহাটৰ ৰজামৈদাম অঞ্চলৰ এটি সম্ভ্ৰান্ত ব্ৰাহ্মণ পৰিয়ালৰ বাল্য বিধৱা তথা গোলাঘাটৰ (সম্ভৱতঃ) জীয়াৰী  আছিল৷ শিক্ষাগত অৰ্হতা এম. ভি. উত্তীৰ্ণ৷ দল ভাগি যোৱাৰ পাছত তেওঁ স্বামীগৃহলৈ উভতি আহে আৰু কোৱা হয় যে নানানটা মানসিক আঘাতত বিকাৰগ্ৰস্ত হৈ মৃত্যুক সাবটি লয়৷

লাৱণ্য দাস : লাৱণ্য দাস উত্তৰ গুৱাহাটীৰ জীয়ৰী আছিল৷ দল ভগাৰ পাছত তেওঁ সম্ভৱতঃ আনৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকি জীৱিকা নিৰ্বাহ কৰিছিল৷

বিনোদা গগৈ


বিনদা গগৈ : বিনদা গগৈ (পুটি) শিৱসাগৰৰ নাজিৰাৰ জীয়ৰী৷ পিতৃ লক্ষ্মীকান্ত গগৈ চৰকাৰী চাকৰিয়াল আছিল৷ অভিনয় বাদ দিয়াৰ পাছত তেওঁ সহ অভিনেতা চন্দ্ৰ চৌধুৰীৰ সৈতে বিৱাহপাশত আৱদ্ধ হোৱাৰ লগতে ডিব্ৰুগড়ৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল৷ পৰিতাপৰ কথা যে খুউব কম বয়সতে তেওঁ মৃত্যুক সাবটি লয়৷

১৯৩৩ চনৰ অক্টোবৰ মাহত দুৰ্গাপূজাৰ সময়ত সাত নিশাৰ নাট্যাভিনয়ৰ নিমন্ত্ৰণেৰে ব্ৰজ শৰ্মা এতিয়াৰ তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰত উপস্থিত হৈছিলগৈ৷ তাত ইতিমধ্যেই হৰিহৰ চৌধুৰী, ভৃগু চৌধুৰী, শিল্পী চন্দ্ৰ বৰুৱা, প্ৰিয় বৰুৱা, বাসৱ গগৈ, মোহিত চন্দ্ৰ গগৈ প্ৰভৃতি লোকৰ উদ্যোগত আৰু ডুমডুমা নাট্য মন্দিৰৰ ছত্ৰছায়াত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ গঢ় লৈ উঠিছিল৷ তাতেই অষ্টমী পূজাৰ দিনা সফলতাৰে মঞ্চস্থ হৈছিল কমালানন্দ ভট্টাচাৰ্যৰ নাট ‘মৰাণ জীয়াৰী’৷ সেয়া আছিল অসমৰ নাট্যজগতত প্ৰথম আনুষ্ঠানিক সহ অভিনয়৷

‘মৰাণ জীয়াৰী’ নাটৰ সমালোচনা বাতৰি কাকতত প্ৰকাশ পাইছিল এইদৰে, “...মৰাণ জীয়াৰী নাটকৰ দুটি প্ৰধান ভূমিকাত অৱতীৰ্ণ হৈ আৰু ‘পদ্মিনী’ আৰু ‘লক্ষ্মী’ৰ ভাও বেছ দক্ষতাৰে কৰি দেখুৱালে যে অসমীয়া তিৰোতাই সুবিধা আৰু উদ্গনি পালে অইন ক্ষেত্ৰৰ দৰে নাট্যকলা অনুশীলনতো বিশেষ কৃতিত্ব দেখুৱাব পাৰে৷ এই দুগৰাকী মহিলাৰ এগৰাকী যোৰহাটৰ বিধৱা ব্ৰাহ্মণী আৰু ইগৰাকী নগাঁৱৰ ছোৱালী৷ ...পদ্মিনী, সাৱিত্ৰী আদিয়ে বজাৰৰ নকলী ছিল্কৰ কাপোৰ পিন্ধাতকৈ মুগা বা পাটৰ ৰিহা মেখেলাই ভাল৷ ‘চক্ৰধ্বজ’ৰ সাজ-পাৰ আহোম ৰজাৰ নিচিনা নহয়৷ ...নৰ্তকীসকলৰ প্ৰত্যেক নাচতে যাবৰ সময়ত পাকঘূৰণি দিয়া দেখিলে মূৰ ঘূৰাই যায়৷ – ‘নিশাচৰ’ (সাদিনীয়া অসমীয়া, ৭ অক্টোবৰ, ১৯৩৩ চন)৷”

উজনি অসমৰ বিভিন্ন ঠাইত সহ-অভিনয়ে জনপ্ৰিয়তা লভাৰ পাছত যোৰহাট আৰু নলবাৰীত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ হেতু ১৯৩৬ চনত ব্ৰজনাথ শৰ্মাই সহ-অভিনয় বন্ধ কৰি দিয়ে৷ ১৯৩৪ চনত দলভুক্ত হোৱা গয়া দাস, সাৱিত্ৰী দাস আৰু অম্বা দাস তথা পূৰ্বৰ বিনদা গগৈ সহিতে তেখেতে ১৯৩৫-৩৬ চনৰ ভিতৰত কলিকতাৰ মেগাফোন কোম্পানীৰ আমন্ত্ৰণমৰ্মে মনোমতী, পতিতা আৰু সীতা শীৰ্ষক তিনিখন নাটকৰ ৰেক’ৰ্ডিং কৰি উঠি সক্ৰিয় নাট্য জীৱনৰ পৰা অৱসৰ লয় আৰু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে৷ সেয়া আন এক অধ্যায়৷

 

ঠিকনা :

জিলা সংগ্ৰহালয় বিষয়া, যোৰহাট

দূৰভাষ : ৯৯৭১৫৫৬৫৯০

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ