অন্যযুগ/


নিঃসংগতাত

ধ্ৰুৱকুমাৰ তালুকদাৰ


ধূলিৰ তৰপবোৰ মচি আছোঁ-

দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায়
হয়তো কোনোবা আহি ওলাব

কেইটামান মহ
মাখি
হয়তো এজনী মেকুৰী...

মকৰাৰ জালবোৰ চাৰিওফালে আছে
মকৰাবোৰ নাই
বিছনাৰ তলত ঘূণৰ গুড়ি
ঘূণপোকবোৰ নেদেখোঁ-

বাহিৰত ৰদ খেলাবোৰ চাই থাকোঁ
বতাহ আৰু বৰষুণ গান
শুনি থাকোঁ শুনি থাকোঁ
শুনা নাপাওঁ

ধূলিৰ তৰপবোৰৰ মাজত
এটা আচঁ টানি ৰাখিব পাৰি
নমচাকৈ
কাইলৈ হয়তো তাত এটা নতুন তৰপ পৰিব
হয়তো ধূলিৰে...

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ