অন্যযুগ/


বদনামী কবি

নৃপেন গোস্বামী


কবিতাৰ মানুহবোৰ বৰ বদনামী


লিখে কবিতা

সাঁচে সপোন


পূৰঠ নোহোৱা সপোন দেখি দেখি

বদনামী কবিতাৰ মানুহবোৰ


ইয়াত কবিতাৰ মানুহবোৰ

কবি নহবও পাৰে


কাৰণ কবিৰ সদনাম তেনেই  ন্যূনতম


যুগজয়ী কবি বদনামী

কালজয়ী একা   


কবিৰ চেতনাত মাতৃ

কবিৰ অন্তৰ ধাত্ৰীৰ

তাৰ পাছতো 

বদনামী  কবি


কবিক লগ পালে কোনেও নোসোধে 

কিয় লিখে কবিতা

কিয় পঢ়ে কবিতা


দিন বাগৰে 

জীৱনৰ সন্ধ্যাবোৰ পূৰঠ হয়

পূৰঠ নহয় মাথোঁ কবিতা পঢ়া মানুহৰ মন


কবিক সন্দেহৰ চকুৰে চোৱা অভ্যাস

অতি পুৰণি


কবি সচেতন নাগৰিক

কবি সচেতন পথিক

ভোক বিসৰ্জন দি পাতে মেল

বজায় ৰণডংকা

আইৰ মান কবিৰ অভিমান


কবি নাছিলোঁ কোনোকালে

তথাপি শব্দৰ বাহক হৈ থাকিম মৰিবলে


বদনামৰ আঁত

কেঁচা সুতানেছাৰ দৰেই 


বদনামী শব্দৰ সহজ পৰিভাষা লৈ

লৈ গতিশীল 

কবিজগত


হয়

কবিৰ বদনাম সৰহ

কাৰণ কবিৰ সমকক্ষ তৰা অতি আপেক্ষিক।


ভ্ৰাম্যভাষ : ৭০০২১৯৪২৮৬, ৯৪৩৫৪২৬১৬৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ