অন্যযুগ/


টুনী চৰাই অ’ টুনী চৰাই

ধ্ৰুৱজ্যোতি দাস


টুনী

টুনী চৰাই,

তোৰ ঠোঁটত কি গুটি আনিছ

আনিছ কি গছৰ গুটি?


পানীৰ পকনীয়াই

থানবান কৰিলে গেঁৰধৰা পথাৰ;

নৈয়ে অনা বালিৰ তলত পোত গ

আৰু পোত গ

গৰ্ভৱতী ধানগছ।


’ টুনী

তোৰ ডেউকাৰে কি বতাহ কোবাইছ

তোৰ ঠোঁটেৰে কি গুটি আনিছ

কি গছৰ গুটি?


বালিভৰা পথাৰৰ বুকুৱেদি

উৰি উৰি


কোবাই তোৰ ডেউকা,

লৈ যাৱ টুনী

যাৱ 'লৈ?


ময়ো যাব পাৰোঁ -

চৰাইৰ পাখিৰ মাতৰ

পিছে পিছে

পথাৰৰ ঢকা বালিৰ বুকুৰে।


কিন্তু

মই গাব নোৱাৰোঁ কাহানিও

বগী ঢকেঢকী বালিৰ গান,

বালিৰ তলত যে

পথাৰৰ বুকুৰ হেৰাল মাত...


টুনী অটুনী

তই শুনিছ?


ইবোৰনো কি কলোঁ  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ