অন্যযুগ/


আহাঁ একেলগে সূৰুজমুখী হওঁ

বিজয় শঙ্কৰ শৰ্মা


সকলো সপোনেই সপোন হৈ নাথাকে
তাৰে কিছু দিঠকো হয়৷

কোনোবাই কয়,
হাঁহিতকৈ
হুমুনিয়াহৰ তৃপ্তিহে অলপ বেছি


শব্দৰ পৃথিৱীত
কবিতা কেতিয়াবা একোখন সাগৰ হয়
কেতিয়াবা বৈ থকা নৈ

পুৰাতনীয়া সময়ৰ বৰষুণত
সঘনাই জহি যায়
সপোনৰঙী কঠিন শিলালিপি
পানীৰ বেজি আৰু শিলৰ চোলা বিচাৰি
উত্তাল হোৱা সময়

জীৱনক আৰু কিমাননো গালি পাৰিবা?
আহাঁ একেলগে সূৰুজমুখী হওঁ৷

ভ্ৰাম্যভাষ: ৭৮৯৬১৮৯১৯৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ