অৰ্চনা ঠাকুৰীয়া
চেপি ধৰা শিলৰ ফাঁকেৰে বৈ আহে এছাটি গৰম বতাহ
যেন হুমুনিয়াহ! না... নহ’বও পাৰে
অ’, এয়া উশাহ
জীৱনৰ মধুৰ সংগীত... যাৰ ভাৱ-সুৰ
অদেখা-অদেহী
যেন হুমুনিয়াহ! না... নহ’বও পাৰে
অ’, এয়া উশাহ
অদেখা-অদেহী
সেই উশাহৰ গৰাকী জনতা বিশ্ববিদ্যালয়ৰ
সাৰস্বত সাধক,
ভালপোৱা যাৰ হাতত, চকুত
এনেকি তেওঁৰ পৰিধেয় বস্ত্ৰতো
বশীকৰণ মন্ত্ৰৰে হৃদয় জিনাৰ কৌশলী
কিম্বা বন ফৰিঙৰ সক্ৰিয়তাৰ দৰে সজীৱ আৰু তগবগ তেওঁৰ নক্ষত্ৰখচিত মনাকাশ
ক্ৰমশঃ দহি আহে হৃদয়
দুৰ্যোধন-প্ৰসৱ ব্যথাৰে ব্যথিত তেওঁ
সুখ, যাৰ বাবে গদ্যত থকা ছন্দৰ দৰে অন্তৰ্নিহিত
জেউতি ঘৰলৈ আহিলেও কলাপাতত কাউৰী পৰে
আৰু তাই থাকিবলৈ ল’লে
পাচিটো আগচোতালত জ্বালামুখী হৈ বহে
অঘাটত লগাই থোৱা নাওখনৰ লংগৰ হেৰাল কেনি
কোনে নিচুকায় দুখৰ বেলি
তেজে-ধোৱা তেওঁৰ দেহ
জুইফুলীয়া গছত এটি বালিমাহী