জ্যোতিনীলিমা গগৈ
গভীৰ টোপনিৰ পৰা উঠি আহিছোঁ
মৈদামৰ কাষতে লগ পাই ককাদেউতাৰ হুমকি
— সিদিনা আহিছিলোঁহে 
অতপালি তহঁতৰ
বোলোঁ সাৰে আছনে? 
বুজি পালোঁ
এৰি যোৱা ঘৰৰ থাপনাৰ চাকিত সেয়া 
ককাৰ তেজ আৰু ঘাম 
চিকচাক মজিয়াত আমাৰ মৌ-মেল 
বাতামী বেৰত অঁৰা পহুৰ শিং 
অন্তেষৰ জঁপাৰ পৰা বেতনিৰ ঔলৈকে
জপনা-দুৱাৰ-ধূতি-নীতি গৌৰৱ অপাৰ
গো-বাটেদি গৈ গৈ কঠিয়ানি বেৰাত সোমাইছোঁ কি নাই 
চিলনী এটা হৈ ককাই যেন কাণৰ কাষতে চিঞৰি যায় 
— হেৰৌ বুজাই নাই তই 
আগলৈ মূৰ তুলি চা 
— ক’তনো ককা? 
সমুখত দেখোঁ পকা মধুৰিজোপা
— গজমূৰ্খ, সমুখত তোৰ ঘাতক দুনিয়া
দেখি আছোঁ সকলো
অথচ শোৱাৰ ভাও লৈছোঁ
চাই আছোঁ 
দুখ-শোক-প্ৰেম-যাতনাৰ শৰত ধৰাশায়ী খোদ ব্যাধ 
চাই আছোঁ— দেখা নাই 
শুনি আছোঁ— শুনা নাই 
সাৰে আছোঁ মাটিত মুখ গুঁজি
সমুখত ঘাতক দুনিয়া
কথা দিলোঁ একো দেখা নাই...
আমোলাপট্টি, ঢকুৱাখনা, 
লখিমপুৰ— ৭৮৭০৫৫
