অন্যযুগ/


দুল

জয়ন্ত দত্ত



গান এটাই চকটো কপাই থাকে
পুতৌৰ হাতবোৰে হুমুনিয়াহ কাঢ়ে
চকুৰ আন্ধাৰ নেওচি উজলে মাতৰ সোণ-ৰূপ
কণ্ঠ ফাটি নিগৰা তেজে সেই অন্ধত্বৰ সিপাৰৰ
ট ট দুহালি চকুৰ ভোগ মচে....

সেই গানৰ কঁপনিৰ তলেৰে
দুলৰ প্ৰতিদিনেই অহা-যোৱা
যোগ্যতাৰ শিখৰত উঠিও প্ৰতিবাৰেই
সি ৰৈ যায়....
বিয়াগোম টেবুলত সজাই থোৱা
ঘোছৰ লোলুপ ফুলদানিবোৰৰ সিয়াৰে মূৰ জ্বলাই...

সি অজানিতে চকটো কঁপোৱা গান এটা গোৱাৰ
আখৰা কৰে...
নিষেধ কৰাৰ কথা ভাবে নখাল পোহৰক

তাৰ শেৱালি নামৰ এটা অতীত আছিল
শেৱালিৰ দীঘল হাতৰ বাপেকে প্ৰাপ্তিৰ সমস্ত
ৰঙে‍ৰে আঁকি তাইক টিক্‌টিকিয়া কৰিছিল

আৰু এদিন তাই উঠি গৈছিল ভোগৰ চূড়া এটাৰ মনিব নোৱৰা ওখলৈ...
দুলো ওখ হ’ব খুজিছিল নমাবলৈ তাইক

পিছে শেৱালি শেৱালি হৈ নাই
ঠগ খাই বেলিৰ মুখ নাচাওঁ বুলি
আন্ধাৰতে সৰা শেৱালিফুলৰ দৰে
তাই আজি এটা কাহিনী


ঠিকনা :
দ গাঁও নলনি খাত
ডাক— গৰখীয়া দ'
যোৰহাট— ৭৮৫০১৫
ভ্ৰাম্যভাষ— ৯৩৬৫৪৫৭৭৫১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ