অন্যযুগ/


অ-ফলাৰ পদ্য

গীতাঞ্জলি বৰকটকী  ভাগৱতী

অ-ই কলে অসমৰ অকণ-অকণি আমি
আ- বোলে ফাকুৱাত আবিৰ লওঁ সানি।
ই- সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজে
ঈ- বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?
উ- সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱা
ঊ-লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।
ঋ- বোলে ঋষি থাকে আশ্ৰমত ঋক্ জপ কৰি
এ-ই কলে এদিনত কেইঘণ্টা, চোৱাচোন ঘড়ী।
ঐ- বোলে ঐৰাৱত দেখি ভয় নাখাওঁ আৰু
ও- কয় ওখ ওক গছৰ পাত  ছিঙিব নোৱাৰো।
ঔ- বোলে ঔ-টেঙাৰ চকলা খাওঁ নিমখ সানি
অ-ফলাৰ আখৰ পঢ়ি নাপাওঁ আমনি৷

 

ঠিকনা:

বি.ভি.এফ্. চি.এল্. উচ্চতৰ মাধ্যমিক বিদ্যালয়
নামৰূপ, শাখা-গ
ডাক:  পৰ্বতপুৰ, জি‍লা: ডিব্ৰুগড়, অসম

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ