অন্যযুগ/


যুদ্ধ

হজৰত আলী

দুয়োপাৰি দাঁতৰ যুঁজত তামোল হয় গুড়ি, 
আইতাই তামোল চোবায় চপক্‌ চপক্‌ কৰি।
 

কঁকাল বেঁকা ককায়েকে মূঢ়া এটাত বহি,

লাঠিৰ লগত যুদ্ধ কৰোঁতে কাপোৰ পৰিল খহি৷

নাতিয়ে কয়, আইতা সাধু এটা কোৱা,
পাৰিলে এবাৰ মোক
 কোলাত তুলি লোৱা৷


আইতাই কয় নাতিপোনা লৰ মাৰি
 আহা,
তোমাক সাধু কোৱাটো মোৰ
 প্ৰতিদিনৰ বেহা৷

ককাই আহি পাটীত বহি নাতি ল’ৰাক মাতে,
ককা-আইতাই গল্প কৰে
 নাতি ল’ৰাৰ স’তে৷


আইতাৰ সাধু নাতি ল’ৰাই
 ভাল বুলি কয়,
ককাই মিছা খং কৰি
 পেন্দোৱাকৈ চায়।৷

বুঢ়া তুমি নাতি ল’ৰাক খং কিয় কৰা,
তোমাৰ স’তে যুদ্ধ হ’ব যদি এনে কৰা।


কঁকাল বেঁকা হৈছো বুলি
 নাভাবিবা বুঢ়ী,
তোমাৰ নাতি মোৰো নাতি ল’ব লাগে গঢ়ি।


ঠিকনা :  
গাঁও আৰু ডাক:  নায়েৰ আলগা— ৭৮৩৩৪৮
জিলা: ধুবুৰী, অসম
ম’বাইল: ৮৬৩৮৬২৩১২০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ