অন্যযুগ/


নগৰীয় সমস্যা নিয়ন্ত্ৰণ আৰু এক সংশোধিত পৌৰ প্ৰশাসন

 পঙ্কজ প্ৰতিম বৰদলৈ


কৰনা মহামাৰীৰ ব্যাপক প্ৰভাৱে সমাজৰ সৰ্বস্তৰৰ লোককে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আক্ৰান্ত কৰিছে। মহামাৰীৰ এই ব্যাপকতালৈ চাই ইয়াৰ নিয়ন্ত্ৰণক লৈ গ্ৰহ কৰা ব্যৱস্থাসমূহক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। বিশেষজ্ঞসকলে গুৰুত্ব দিয়া এটা উল্লেখযোগ্য দিশ হৈছে এনে ধৰণৰ মহামাৰীৰ নিয়ন্ত্ৰণ কেন্দ্ৰীয়ভাৱে কৰাত অধিক সফলতা আছে নে স্থানীয় প্ৰশাসনৰ দ্বাৰা অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এই নতুন চিন্তাধাৰাৰ আলমতে আমাৰ দেশৰ চহৰ অঞ্চলৰ স্থানীয় প্ৰশাসন ব্যৱস্থাৰ  কিছু পৰিৱৰ্তিত  ধাৰণাৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। কৰণা মহামাৰী বৰ্তমান সৰ্বত্ৰে বিয়পি পৰিছে যদিও প্ৰথমাৱস্থাত এই ৰোগে চহৰ আৰু বৃহৎ মহানগৰসমূহতে প্ৰভাৱ বিস্তাৰ কৰিছিল। বৰ্তমান উপলব্ধ তথ্যমতে ভাৰতৰ ষাঠি শতাংশ ৰোগী কেৱল মাত্ৰ আঠখন বৃহৎ মহানগৰৰ। সেই কেইখন হৈছে মুম্বাই, দিল্লী, আহমেদাবাদ, পুণে, থানে, ইন্দোৰ, চেন্নাই আৰু জয়পুৰ। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে এনে মহামাৰীয়ে অধিক জনবহুল এনে মহানগৰবোৰতে অধিক ধ্বংসলীলা চলাইছে।

যেতিয়াই এনে ধৰণৰ সমস্যাই ভাৰতীয় চহৰসমূহ আৱৰি ধৰে, তেতিয়াই এনে কিছু চিন্তা-চৰ্চা কৰা দেখা যায় যে, ভাৰতৰ মহানগৰ আৰু চহৰসমূহৰ পৌৰ প্ৰশাসন ব্যৱস্থাটো অধিক শক্তিশালী কৰি মেয়ৰসকলক অধিক ক্ষমতা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হওক, কিন্তু কাৰ্যত এনে হৈ উঠা নাই। লণ্ডন চহৰৰ পাছত বিশ্বৰ দ্বিতীয়খন পুৰণি চহৰ প্ৰশাসন পৰিষদ মাদ্ৰাছ পৌৰ নিগম ১৬৮৭ চনতে স্থাপন কৰা হৈছিল। ১৭২৬ চনত কলিকতা আৰু বোম্বে পৌৰ নিগম প্ৰতিষ্ঠা হয়। লৰ্ড ৰিপনৰ সময়ত স্থানীয় প্ৰশাসনৰ ব্যাপক প্ৰসাৰ হয়। ১৯৯২ চনৰ সংবিধানৰ ৭৪ সংখ্যক সংশোধনী অনুসৰি নগৰ পঞ্চায়ত, পৌৰসভা আৰু পৌৰনিগম ব্যৱস্থাৰ সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হয়। কিন্তু কাৰ্যকৰীভাৱে পৌৰনিগমসমূহৰ ব্যৱহাৰ হোৱা নাই বুলি চহৰ প্ৰশাসনৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

ৰনা মহামাৰী আৰু ভাৰতৰ মূল চহৰসমূহত তাৰ পৰৱৰ্ত্তীকালত উৎপন্ন হোৱা সমস্যাৱলীয়ে, প্ৰত্যেক চহৰৰ ভিন্ন সমস্যা তথা এক কেন্দ্ৰীভূত ব্যৱস্থাৰে যে ইয়াৰ সমাধান সম্ভৱ নহয় তাক প্ৰতীয়মান কৰিছে। স্থানীয় পৰ্যায়ৰ কাৰ্যপালিকাৰ জৰিয়তে যে নিয়ন্ত্ৰণ ফলপ্ৰসূ হব পাৰে একেসময়তে সেয়াও কিছুদূৰ পৰ্যন্ত প্ৰতিপন্ন হৈছে। এই মহামাৰীৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বাবে  বৃহন্মুম্বাই পৌৰ নিগম আৰু আহমেদাবাদ পৌৰনিগমৰ আয়ুক্ত দুজনক বদলি কৰিব লগা হৈছে। ভাৰতত ব্ৰিটিছকালীন এক ব্যৱস্থাৰ আধাৰত ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা নিযুক্ত পৌৰআয়ুক্তজনহে কাৰ্যতঃ দায়িত্ব পালন কৰে আৰু মেয়ৰজনক এক আনুষ্ঠানিক পদবী হিচাপেহে গণ্য কৰা হয়। একে উশাহতে কেইজন পাঠকে গুৱাহাটীৰ মেয়ৰজনৰ নাম কব পাৰিব? বহুতেই নিশ্চয় নোৱাৰিব। আচলতে এই পদবীটো জনমানসৰ বাবেও মাত্ৰ পৌৰ নিৰ্বাচনৰ সময়তহে জৰুৰী হৈ থাকে। কিন্তু, বিশ্বৰ আগশাৰীৰ চহৰসমূহত এই পদবীৰ ব্যাপক গুৰুত্ব আছে তথা যথেষ্ট সফল হৈছে। নগৰৰ মেয়ৰ হিচাপে দায়িত্ব পালন কৰি বহু কেইজন ভূতপূৰ্ব মেয়ৰে নিজ নিজ দেশৰ ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি নিউ য়ৰ্ক চহৰৰ এসময়ৰ মেয়ৰ, সফল ব্যৱসায়ী মাইকেল ব্লমবাৰ্গ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ শক্তিশালী দাবীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইটালীৰ কুখ্যাত মাফিয়াৰাজক নিয়ন্ত্ৰণ কৰাৰ বাবে পালেৰ্মু চহৰৰ বিখ্যাত মেয়ৰ লিউলুকা অলাৰ্ণ্ডক কোনে পাহৰিব পাৰে! আধুনিক ছিংগাপুৰ চহৰৰ জন্মদাতা লী কুৱান য়েউ অথবা ইণ্ডোনেছিয়াৰ এতিয়াৰ ৰাষ্ট্ৰপতি জউইড’, যি ছুৰাকাটা চহৰৰ মেয়ৰ আৰু জাকাৰ্টা চহৰৰ গভৰ্ণৰ আছিল, এনেধৰণৰ উদাহৰণ থাকোতেও ভাৰতত, পৌৰ প্ৰশাসনৰ সংস্কাৰ সাধন কৰাৰ দিশে বিশেষ চিন্তা কৰা হোৱা নাই। কিন্তু কৰনা মহামাৰীৰ পৰৱৰ্তী সময়ছোৱাত এই কথা প্ৰতীয়মান হৈছে যে চহৰসমূহৰ প্ৰশাসনৰ এক কেন্দ্ৰীভূত ব্যৱস্থাৰ অত্যন্ত প্ৰয়োজন আছে আৰু দিল্লীত থাকি এনে সমস্যাৰ প্ৰকৃত স্বৰূপ অনুধাৱন কৰিব নোৱাৰি। ভাৰতৰ চহৰী ব্যৱস্থাপনাৰ দিশসমূহ প্ৰধানকৈ জিলা উপায়ুক্ত আৰু নগৰ নিগমৰ আয়ুক্তসকলে চোৱা-চিতা কৰে আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰায় সকলো দিশতে নিয়ন্ত্ৰণ থাকে। যত এক কেন্দ্ৰীভুত আৰু জনতাৰ প্ৰতি দায়িত্বশীল তথা জবাবদিহি ব্যৱস্থা নাই। মেয়ৰসকল এক আনুষ্ঠানিক পদবী বাবে জনতাও তেওঁলোকক লৈ উদাসীন। 

কিন্তু প্ৰকৃততে কেৱল মেয়ৰসকলক পোনপটীয়াকৈ নিৰ্বাচিত কৰিলেই সমস্যাবোৰৰ সমাধান হবনে? তাৰ লগতে আন কি ধৰণৰ সংস্কাৰৰ প্ৰয়োজন হব সেয়াও বিচাৰ্য বিষয়। বিশেষজ্ঞসকলে সততে মত প্ৰকাশ কৰে যে ভাৰতৰ গ্ৰামীণ স্থানীয় শাসন ব্যৱস্থা চহৰীয় স্থানীয় শাসন ব্যৱস্থাতকৈ অধিক প্ৰণালীবদ্ধ আৰু সংগঠিত। সমগ্ৰ ভাৰতৰ প্ৰায় সকলো চহৰৰ মেয়ৰসকলৰ নিৰ্বাচনৰ পদ্ধতি আৰু কাৰ্যকাল ভিন্ন। প্ৰত্যেক চহৰৰ পৌৰ আইনমতে ওপৰোক্ত বিষয়টো ঠিক কৰা হয়। মোদী চৰকাৰে স্মাৰ্ট চিটি’ ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু সেয়ে চহৰ সমূহৰ প্ৰশাসনৰ বিষয়েও কিছু আমূল সংস্কাৰৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত প্ৰথমতেই আকৌ এক সাংবিধানিক সংশোধনৰ প্ৰয়োজন হব। দেশৰ সকলো ৰাজ্যৰ নগৰ নিগমৰ মেয়ৰৰ প্ৰত্যক্ষ নিৰ্বাচন আৰু নিৰ্দিষ্ট কাৰ্য্যকাল (অন্ততঃ পাঁচ বছৰ)ৰ বাবে এই ব্যৱস্থা এই কাৰণেই লব লাগিব কাৰণ, ‘স্থানীয় শাসনহৈছে ৰাজ্যসমূহৰ অধীনৰ বিষয় আৰু প্ৰত্যক্ষভাৱে আইন প্ৰণয়নৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই। সংবিধান সংশোধন এক জটিল বিষয় যদিও কেন্দ্ৰত পূৰ্ণ বহুমত থকা চৰকাৰৰ বাবে ই অসম্ভৱ নহয়। এই ক্ষেত্ৰত আন আনুষংগিক দিশসমূহো পৰ্যালোচনা কৰি চাব লাগিব। ভাৰতত কেৱল মেয়ৰজনেই নহয় সমগ্ৰ নিগম বা পৌৰসভাসমূহেই এক দুৰ্বল অনুষ্ঠান। গতিকে সিদ্ধান্ত গ্ৰহণ, বিত্ত আৰু নগৰীয় ৰাজহ সংগ্ৰহ, প্ৰকল্প আদিৰ কাৰ্যকৰীকৰণ তথা আন বিভাগসমূহৰ লগত সমন্বয় সাধনৰ বাবে নিগমবোৰক সৱল কৰিব লাগিব আৰু স্বতন্ত্ৰ ক্ষমতা দিব লাগিব। সাধাৰণতেই মেয়ৰ আৰু পৰিষদৰ আন সদস্যৰ মাজত সৃষ্টি হব পৰা সংঘাতৰ এক ফলপ্ৰসূ সমাধানৰ দিশটোৱেও প্ৰাধান্য পাব। অন্যথা এই ব্যৱস্থা প্ৰকল্প কাৰ্যকৰীকৰণত এক বাধা হৈ হে ঠিয় দিব। কংগ্ৰেছ দলৰ সাংসদ শশী থাৰুৰে ইতিমধ্যেই এখন ব্যক্তিগত বিধেয়ক সংসদত উত্থাপন কৰি থৈছে,ত এই দিশসমূহ বিশদভাৱে আলোচনা কৰি ভাৰতত মেয়ৰ ব্যৱস্থাৰ আমূল সংশোধনৰ বাট মোকলাই থৈছে।

ভাৰতৰ নগৰীয় প্ৰশাসন ব্যৱস্থাটোৰ সংস্কাৰ আৰু একে ধৰণৰ ব্যৱস্থা সমগ্ৰ দেশতে হব লাগে বুলি কিছু চিন্তা-চৰ্চা যোৱা কিছু বছৰৰ পৰা চলি আহিছে আৰু কৰনাৰ সংকটে ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিছে। ভাৰতৰ প্ৰতিখন চহৰৰ সমস্যা আৰু পৰিচালনাৰ দিশসমূহ ভিন্ন হব পাৰে আৰু সেই চহৰৰ জনতাৰ দ্বাৰা নিৰ্বাচিত এজন ব্যক্তিৰ এক ব্যক্তিগত আৰু সামাজিক দায়িত্ববোধ নিশ্চয়কৈ থাকিব। মেয়ৰসকলৰ নিজৰ চহৰসমূহৰ সম্পৰ্কে একোটা সম্যক ধাৰণা থাকে আৰু চহৰৰ সমস্যা আদিৰ জ্ঞানো থাকে, সেইমতে সিদ্ধান্ত লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সুবিধা হয়। স্থানীয় সম্পদ, ৰাজহৰ উৎস, নগৰকেন্দ্ৰিক সমস্যাৰ সমাধানৰ উপায় তথা নগৰৰ অধিবাসীৰ লগত প্ৰত্যক্ষ সম্পৰ্কৰ ফলত এই সকলোবোৰ দিশৰ সমস্যা এজন দক্ষ মেয়ৰে সফলতাৰে মোকাবিলা কৰিব পাৰে। জিলা উপায়ুক্ত, পৌৰ আয়ুক্ত, নগৰ উন্নয়ন কৰ্তৃপক্ষ আদি বহুধা-বিভক্ত স্থানীয় প্ৰশাসন ব্যৱস্থালৈ ই এক কেন্দ্ৰীভূত আৰু দক্ষ প্ৰশাসনৰ সুবিধা দিব। বৰ্তমান সময়ত ভাৰতৰ চহৰৰ জনতাই নিজেই নাজানে যে তেওঁলোকে মুখামুখি হোৱা সমস্যাৰ বাবে কাক জবাবদিহি কৰিব লাগে। এই অজ্ঞতাৰ সুযোগ লৈ চৰকাৰী সংস্থাসমূহে নিজৰ দোষ আন সংস্থালৈ দি দিয়ে।

এই সংস্কাৰকৰণত কিছু প্ৰত্যাহ্বান জড়িত আছে যদিও এয়াও সত্য যে উপযুক্ত ক্ষমতা আৰু স্বতন্ত্ৰতা পালে নিজৰ চহৰখনক ভালদৰে বুজিব পৰা এজন দক্ষ ব্যক্তিৰ বাবে চহৰখনৰ প্ৰশাসন আৰু উন্নয়নৰ দিশবোৰ সূক্ষ্ম পৰ্যৱেক্ষণ কৰি সুচাৰুৰূপে পৰিচালনা কৰাটো অসম্ভৱ নহব। মহামাৰী তথা অন্যান্য নগৰীয় সমস্যাৰ ক্ষেত্ৰত  ভাৰতৰ চহৰসমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ মোকাবিলা কৰাটোতো এই ব্যৱস্থা ফলপ্ৰসু বিবেচিত হব পাৰে আৰু স্মাৰ্ট চিটি’ৰ প্ৰকৃত লক্ষ্যত উপনীত হোৱাতো সহায়ক হ, যদিহে পৌৰ প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰৰ দিশতো চৰকাৰে গুৰুত্ব সহকাৰে চিন্তা কৰে।

 

ঠিকনা :

ৰাষ্ট্ৰতি ভৱন সংগ্ৰহালয়

ৰাষ্ট্ৰপতি ভৱন

নিউ দিল্লী-১১০০০৪

ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮

ই-মেইল : protimpankaj@gmail.com

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ