আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ পকীঘৰটোৰ চুকবোৰত তামোলৰ
পিক পেলায়নে?
আপুনি আপোনাৰ কাষৰ উচ্চ শিক্ষানুষ্ঠানৰ কোঠাবোৰৰ চুকত,
তাৰ প্ৰস্ৰাৱাগাৰৰ চুকবোৰত পাণ খোৱা পিক, তামোলৰ পিক পেলায়নে?
এনেকুৱা দুৰ্ভাগ্যজনক প্ৰশ্নবোৰৰ সৈতে মুখামুখি হওঁ
আৰু অসহায় হৈ মাজে মাজে জবাবদিহি হওঁ ঃ কি কৰি আছোঁ আমি? কাৰ
উত্তৰণৰ কাৰণে, কেনে ধৰণৰ কাম কৰি আছোঁ আমি? আমাৰ ক্ষমতাই কিমান দূৰলৈকে সামিৰব পাৰে?
... প্ৰচলিত ব্যৱস্থানুযায়ী আমি কি কৰিব পাৰোঁ ?
ধৰি লওক, এখন নগৰৰ মাজৰ ৰাস্তা এটা বহল কৰা হ’ল৷ কাৰণ
নগৰৰ মাজত গাড়ী-ঘোঁৰাৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ নগৰবাসীয়ে ভাবিছিল, আহল-বহল
ৰাস্তাত পূৰ্বতকৈ আৰামেৰে আৰু অধিক নিৰাপদভাৱে অহা-যোৱা কৰিবলৈ সুচল হ’ব৷ পিছে ৰাস্তা
বহল হোৱাৰ পাছত দেখা গ’ল যে ৰাস্তাটোৰ আধাতকৈও অধিক অংশ বিভিন্ন স্তৰৰ লোকসকলে গাড়ী-মটৰ
ৰখাবলৈহে ব্যৱহাৰ কৰাৰ ফলত ৰাস্তাটো আগতকৈও ঠেকহে হৈ পৰিল৷ দুৰ্ঘটনাৰ আশঙ্কাও পূৰ্বতকৈ
বাঢ়িল৷ গতিকে জিলা প্ৰশাসনে বিষয়টোৰ প্ৰতি পৌৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ তেতিয়া
নগৰখনৰ পৌৰ প্ৰশাসনে কৰিলে কি, যিবোৰ ঠাইত সততে মানুহে গাড়ী-মটৰ ৰখায়, সেইবোৰ ঠাইত
একোশাৰী প্লাষ্টিকৰ খুঁটি থিয় কৰাই খুঁটিবোৰত ৰছী কিছুমান আঁৰি দিলে৷ মাজে মাজে ঠিয়
কৰাই দিলে ন’ পাৰ্কিং লিখা ফলক একোখন৷
এতিয়া প্ৰশ্ন হ’ল, উপৰি উক্ত ৰাস্তাটো বহল কৰা কামটো
অৰ্থপূৰ্ণ হ’লনে? ৰাস্তাটো নগৰখনৰ এটা সম্পদ৷ এই সম্পদৰ ব্যৱহাৰ নিশ্চিতভাৱে যাতায়াতৰ
বাবে হোৱা উচিত৷
আমাৰ সমাজ জীৱনত এনেকৈয়ে, চকুৰ সম্মুখতে আমি আমাৰ সম্পদসমূহৰ
অপব্যৱহাৰ কৰি আহিছোঁ৷ ইয়াৰ কাৰণ বহু সময়ত আমাৰ মানুহৰ সামাজিক শৃঙ্খলা মানি নচলিব
খোজা মানসিকতা, বহু সময়ত সম্পদ পৰিচালনাৰ দায়িত্বত থকাসকলৰ পৰিকল্পনাত থকা ত্ৰুটি৷
সম্পদৰ ব্যৱহাৰৰ বেলিকা আমাৰ দেশখনক একেবাৰে পিছপৰা
বুলিয়েই ক’ব লাগিব৷ দেশ বোলোঁতে অৱশ্যে ইয়াত কেৱল জনপ্ৰতিনিধিসকলে চলোৱা চৰকাৰ বোলা
ব্যৱস্থাটোৰ কথা ক’ব খোজা নাই৷ সামগ্ৰিকভাৱেই ভাৰতীয় মানুহখিনিয়ে নিজৰ নিজৰ সম্পদৰ
সুব্যৱহাৰৰ বেলিকা ধাৰাৱাহিক ব্যৰ্থতাৰ প্ৰমাণ দি আহিছে৷ এই মন্তব্যৰ সমৰ্থনত কিছুমান
উদাহৰণ দাঙি ধৰিব পাৰি৷ যেনে–
ক) আমাৰ বহু লোকৰে খেতিৰ মাটি আছে৷ কিন্তু সেই মাটি
বছৰৰ সৰহখিনি সময় এনেয়ে পৰি থাকে৷ তিনিটামান মাহতহে সেই মাটিখিনিৰ ব্যৱহাৰ হয়৷ আজি
কিছু বছৰৰ পূৰ্বে আৰম্ভ হোৱা এন্ৰেগা (আজিকালি মন্ৰেগা) নামৰ আঁচনিখনে কাম কৰিবলৈ সুবিধা দিয়াৰ পৰা, কামৰ সুবিধা নাপালে
ধন লাভৰ সুবিধা দিয়াৰপৰা বহু খেতিৰ মাটি থকা লোকেও খেতিলৈ মন নেমেলা হ’ল৷ দিনহাজিৰাৰ
নামত নানান কাম কৰিব পৰা বহু লোকে সেই আঁচনিৰ সুবিধা পোৱাৰেপৰা তেনে কাম-কাজ কৰিবলৈকে
এৰিলে৷ তাৰ পাছত বিনামূলীয়া, এটকীয়া বা তিনিটকীয়া চাউল যোগান ধৰা আঁচনিখন অহাৰ পাছত
খেতিৰ প্ৰতি এচাম মানুহে একেবাৰেই পিঠি দিলে৷
খ) আমাৰ সমাজত বিভিন্ন স্তৰৰ বহু শিক্ষানুষ্ঠান আছে৷
সেইবোৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীও আছে৷ কিন্তু বহু স্কুল-কলেজত পঢ়া-শুনাৰ
চৰ্চা বিশেষ নহয়৷ ৰাজহুৱা ধনেৰে দৰমহা লৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে
ল’বলগীয়া যত্নখিনি নলয় নাইবা ছাত্ৰ-ছাত্ৰীয়ে পাবলগীয়া যত্নখিনি পাইছেনে নাই, নাই পোৱা
যদি কিয় পোৱা নাই এনে প্ৰশ্নবোৰ অভিভাৱকসকলে বা স্থানীয় আন আন মানুহে কাহানিও কাকো
সোধা নাই৷
গ) নগৰেবাৰত বিৰাট বিৰাট হস্পিটেল সজা হৈছে ৰাজহুৱা
ধনেৰে৷ সেই হস্পিটেলত চিকিৎসাৰ দায়িত্বত নিয়োজিত চিকিৎসকসকলে ব্যক্তিগত মালিকানাৰ চিকিৎসালয়ত
মোটা অঙ্কৰ ধনৰ বিনিময়ত মানুহক চিকিৎসা কৰেগৈ৷ তেওঁলোকে চৰকাৰী হস্পিটেলতো কিন্তু ৰাজহুৱা
পুঁজিৰপৰাই দৰমহা পায়৷ অৰ্থাৎ চৰকাৰী হস্পিটেলতো তেওঁলোকে বিনামূলীয়া সেৱা আগ নবঢ়ায়৷
কিন্তু ৰাজহুৱা পুঁজিৰপৰা তেওঁলোকে লাভ কৰা ধনেৰে তেওঁলোকৰ প্ৰয়োজন পূৰণ নহয়৷ তেওঁলোকক
চিকিৎসা-বিজ্ঞান পঢ়োঁতেও কিন্তু ৰাজহুৱা ধন ব্যয় হয়৷
ঘ) সাধাৰণ জনতাৰ কাম কৰি দিয়াৰ বাবে নিয়োজিত কৰ্মচাৰী
একোজনে কামৰ বিনিময়ত আকৌ সংশ্লিষ্ট লোক একোজনৰপৰা লজ্জাজনকভাৱে চাহপানীৰ খৰচ বিচাৰে৷
তেনে খৰচ যোগাব নোৱৰা লোকৰ কামৰ ফাইলবোৰ সংশ্লিষ্ট অফিচৰপৰা হেৰাই যায়!
ঙ) বহু লোকে নিজৰ প্ৰাসাদোপম ঘৰটোলৈ সোমোৱা ৰাস্তাটো
আন কোনোবাই সাজি দিব বুুলি বছৰৰ পাছত বছৰ অপেক্ষা কৰি থাকে৷ তেনে ৰাস্তাৰ ওপৰতে নিজৰ
গাড়ী-ঘোঁৰা ৰখা, ধোৱা-পখলা কৰা আদিৰ বাবে তেনে লোকে লাজ নাপায়; বৰং আন কোনোবাই খন্তেকৰ
বাবে তাত গাড়ী এখন ৰাখিলেও উচ্চ-বাচ্য কৰে৷ বহুতেই ৰাজহুৱা ৰাস্তাত শিল-বালি জমা কৰি
ৰাজহুৱা যাতায়াত ক্ষতিগ্ৰস্ত কৰি নিজৰ নিজৰ দালান সাজে৷
চ) নগৰৰ মাজৰ তিনিআলি-চাৰিআলিত যান-বাহন নিয়ন্ত্ৰণৰ
বাবে জ্বলি থকা ৰঙা লাইটটো নুমাবলৈ পাঁচ ছেকেণ্ডমান থকাৰপৰাই সেই ৰঙা লাইটৰ তলেৰে কোঁকোঁৱাই
যান-বাহনৰ গতি আৰম্ভ হয়– যেন প্ৰতিখন বাহনেই একোখন এম্বুলেঞ্চ নাইবা ফায়াৰ ব্ৰিগ্ৰেডৰ
গাড়ীহে৷ এনে নাটক সকলো সময়তে নিৰৱে উপভোগ কৰি ম’বাইলত কথা পাতি থাকে সেই ঠাইত নিয়োজিত
যান-বাহন আৰক্ষীৰ কৰ্মী একোজন৷
জ) সাহিত্যৰ জগতত বিখ্যাত বা নামী লেখক-সমালোচকসকলে
বয়সত সৰু আৰু অখ্যাত বা কম খ্যাত লেখকসকলেনো কি লিখি আছে তালৈ চকু নিদিয়ে৷ দুই-এজনে
চকু দিলেও ব্যক্তিগত স্তৰত প্ৰশংসাবাণী শুনোৱাতে নিজৰ ভূমিকা সীমাৱদ্ধ কৰি ৰাখে, ৰাজহুৱাকৈ
একো নকয় বা নিলিখে। অখ্যাত¸ লেখকে প্ৰখ্যাত লেখকক তেওঁলোকৰ কিতাপ উপহাৰ হিচাপে নিদিয়ালৈকে
তেওঁলোকৰ কিতাপ-পত্ৰই চৰ্চালৈ অহাৰ অৰ্হতা অৰ্জন নকৰে৷
ঝ) সভা-সমিতি কৰা বিশেষ এশ্ৰেণী মানুহ আছে৷ তেওঁলোক
চিকিৎসা বিজ্ঞানৰপৰা সাহিত্য-দৰ্শনলৈ, ইলেক্ট্ৰনিক্সৰপৰা সাংস্কৃতিক জগতলৈকে সকলো
ক্ষেত্ৰৰ সকলো জ্ঞানেৰে সমৃদ্ধ যেন একোজন সৰ্ববিদ্যাবিশাৰদ৷ তেনে বিশাৰদসকলৰ আধিপত্যৰ
ফলস্বৰূপে একোখন ক্ষেত্ৰৰ আলোচনা-পৰিকল্পনাত প্ৰকৃততেই যিসকল বিশেষজ্ঞ সেইসকলে সদায়ে
প্ৰকৃত ক্ষেত্ৰখনলৈ অৱদান আগ বঢ়াবলৈ সুযোগ নাপায়৷ সম্প্ৰতি ছচিয়েল মিডিয়াতো এবিধ সৰ্ববিদ্যাবিশাৰদ
লোকে আত্মপ্ৰকাশ কৰিবলৈ ধৰিছে। হাতত এণ্ড্ৰয়ড ফোন একোটা আৰু সেই ফোনত গুগলত তথ্য বিচাৰিব
পৰা সুবিধাটোৱে এনে সৰ্ববিদ্যাবিশাৰদৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি কৰিছে।
ঞ) চৰকাৰে কি কি কাম কৰি আছে তাকে জনাবলৈ কাকত-আলোচনীত
বিজ্ঞাপন প্ৰকাশ কৰে৷ এনে বিজ্ঞাপনৰ বিপৰীতে কাকত-আলোচনীবোৰক মূল্য পৰিশোধ কৰিবলগীয়া
হয়৷ অতিসম্প্ৰতি বিশেষ বিশেষ দিৱসত দেশবাসী বা ৰাজ্যবাসীক ওলগ-অভিনন্দন জনোৱা বা বিশেষ
বিশেষ ব্যক্তিৰ স্মৃতিদিৱসত তেখেতলোকলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেও ৰাজহুৱা ধন
ব্যয় কৰি বিজ্ঞাপন প্ৰকাশ কৰাৰ প্ৰৱণতা এটাও আৰম্ভ হৈছে৷
ট) কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ উদ্দেশ্যে নগৰসমূহত হাজাৰ
হাজাৰ কোটি টকা খৰচ কৰি নলা-নৰ্দমা নিৰ্মাণ কৰা হয়৷ কিন্তু জৰীপ আৰু প্ৰকল্প-পৰিকল্পনাত
থকা ত্ৰুটিৰ বাবে সেই নলাবোৰেদি বৰ্জিত পানী নগৰৰপৰা ওলাই নাযায়৷ তদুপৰি নগৰবাসীসকলে
সেই নলা-নৰ্দমাক জাবৰ পেলোৱা স্থান বুলি গণ্য কৰাৰ ফলস্বৰূপেও সেই নলা-নৰ্দমাবোৰ হৈ
পৰেগৈ চূড়ান্ত অপচয়ৰহে পৰিচায়ক৷
ঠ) বতৰে বাৰিষা কাল আৰম্ভ হোৱাৰ ইঙ্গিত দিয়াৰ লগে লগে
বান ব্যৱস্থাপনাৰ দায়িত্বত থকা মন্ত্ৰী, বিষয়া-কৰ্মচাৰী আদি তৎপৰ হৈ উঠে সমাগত বানৰ
ফলত হ’ব পৰা সমস্যাসমূহৰ সমাধানৰ বাবে৷ প্ৰতি বছৰেই৷ কিন্তু দীৰ্ঘম্যাদী আঁচনিৰে এখন
এখনকৈ নৈৰ বান সমস্যাৰ চিৰন্তন সমাধানৰ যত্ন কৰা দেখা নাযায়৷
উপৰি উক্ত বাৰটা মাত্ৰ উদাহৰণেই আমাৰ সম্মুখত হৈ থকা
বিভিন্ন ধৰণৰ সম্পদৰ অপচয়ৰ উদাহৰণ৷ যোৱা কেইটামান বছৰত হোৱা আন দুই প্ৰকাৰৰ সম্পদৰ
অপচয়ো নিশ্চয় ৰাইজে লক্ষ্য কৰি আহিছে৷ অসম চৰকাৰে নিম্নবিত্ত পৰিয়ালৰ ল’ৰা-ছোৱালীক
পঢ়া-শুনাৰ সুবিধা দিবৰ কাৰণে যি নিয়ম প্ৰৱৰ্তন কৰিছিল তাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ
ছাত্ৰ-ছাত্ৰীয়ে সংশ্লিষ্ট প্ৰমাণপত্ৰৰ সৈতে একোটি গছপুলি ৰোপণ কৰাৰ ফ’টোগ্ৰাফ জমা দিবলগীয়া
নিয়ম এটাও আছে৷ পিছে এই নিয়মটোৱে কেইবাটাও দিশত সম্পদৰ অপচয় হোৱা বুলি প্ৰমাণ কৰিছে৷
সেইবোৰ হৈছে–
ক) দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ ঘৰৰ বহু লোকেও নিম্ন আয়ৰ প্ৰমাণপত্ৰ
যোগাৰ কৰি কেই হাজাৰমান ৰাজহুৱা টকা আদায় কৰিছে৷
খ) নৈতিকতা-নিয়মানুৱৰ্তিতা, চৰিত্ৰ গঠন, ব্যক্তিত্ব
বিকাশ আদি ধুনীয়া ধুনীয়া প্ৰসঙ্গবোৰৰ সৈতে জড়িত শিক্ষানুষ্ঠান একোখনত প্ৰৱেশ কৰোঁতেই
তেওঁলোকে প্ৰবঞ্চনাৰ আশ্ৰয় লৈছে৷
গ) তেওঁলোকে ৰোপণ কৰা গছপুলিটো জী আছেনে মৰিলে তাৰ খবৰ
ৰখাৰ দায়িত্ব তেওঁলোকে লোৱা নাই৷
ঘ) বহুতে গছ একোজোপাৰ ডাল একোটা ভাঙি আনি মাটিত গোঁজ
মাৰি ফ’টো উঠিও জমা দিছে৷
ঙ) জমা লোৱা লাখ লাখ ফ’টো পৰীক্ষা কৰাৰ কিবা ব্যৱস্থাপনা
সম্ভৱতঃ বৰ্তমানলৈকে চৰকাৰে কৰা নাই৷ ইত্যাদি৷
এনে সম্পদৰ অপচয়ক প্ৰশ্ৰয় দিয়া আঁচনি একোখনে প্ৰকৃততে
কাৰ কি উপকাৰ কৰিছে বুলিও প্ৰশ্ন উত্থাপন হ’ব পাৰে৷
আকৌ, বিশেষ পৰীক্ষা এটাত বিশেষ স্থান অৰ্জন কৰি উত্তীৰ্ণ
হোৱা ছাত্ৰীসকলক স্কুটি বোলা দুচকীয়া বাহন একোখন দিয়াৰ ব্যৱস্থা এটা যোৱা কেই বছৰমানত
অসমত চলি আছে৷ এই আঁচনিয়ে কি সুফল দিছে? কম বয়সীয়া ছোৱালীহঁতক ক্ৰমে ক্ৰমে এনে আঁচনিয়ে
দুৰ্বল কৰি তোলা নাইনে? আৰ্থিকভাৱে যিসকল ছাত্ৰীৰ ঘৰখন স্বচ্ছল নহয় তেওঁলোকে বাহনখন
চলাবলৈ নব্বৈটকীয়া পেট্ৰ’ল কেনেকৈ যোগাৰ কৰিছে? হাজাৰ হাজাৰখন এনে বাহনে সামগ্ৰিকভাৱে
পৰিৱেশ প্ৰদূষণতো সহায় কৰা নাইনে?
এই পৰিস্থিতিবোৰ, প্ৰশ্নবোৰে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে উপলব্ধ সম্পদৰ যথোপযুক্ত ব্যৱস্থাপনা আৰু ব্যৱহাৰৰ দিশত আমাৰ সমাজখনৰ প্ৰতিটো অংশই ব্যৰ্থ হৈছে৷ এনে ব্যৰ্থতাৰ কাৰণবোৰ নিৰ্মোহভাৱে অধ্যয়ন আৰু বিশ্লেষণ হোৱা উচিত৷ এনে কাৰণবোৰ আঁতৰ কৰিবলৈও সৰ্বাত্মক জাগৰণ হোৱা বাঞ্ছনীয়৷ পিছে জনজাগৰণৰ বেলিকাও আমাৰ সমাজত সম্পদৰ অপচয়হে হোৱা দেখা যায়৷ কাৰণ প্ৰতিটো জাগৰণেই কোনোবা নহয় কোনোবা সংগঠন, সংস্থা বা ব্যক্তিৰ খ্যাতি বঢ়ায়; মান-সন্মান, সামাজিক মৰ্যাদা বঢ়ায়৷ কিন্তু যি বিষয় বা সমস্যাক লৈ জাগৰণ সৃষ্টি কৰা হয় সেইবোৰ সদায়ে থাকি যায়৷ গতিকে এই ক্ষেত্ৰত আগ বাঢ়োঁতে সৰ্বাধিক সতৰ্কতা বাঞ্ছনীয়৷