অন্যযুগ/


গুণোৎসৱত গুণমান নিৰ্ণয় হ'বনে?

 সত্যজিৎ গগৈ

(লেখাটোৰ মতামত লেখকৰ ব্যক্তিগত। সম্পাদনা সমিতি এই মতৰ বাবে দায়ী নহয়।)

 

    

বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰে বিদ্যালয়সমূহৰ মূল্যায়নৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে।বিদ্যালয়সমূহেও খৰখেদাকৈ যি যেনেকৈ পাৰি এদিনৰ বাবে সাজু কৰিছে।যেনে ধৰক বিদ্যালয়খনৰ ঘৰ-বোৰ ৰঙীন কৰিছে, ছাত্ৰ-ছাত্ৰীসকলক প্ৰাৰ্থনা শিকাইছে, পঢ়িবলৈ শিকাইছে।গুণোৎসৱ বুলি প্ৰাতঃসভাত এদিনৰ বাবে গীত এটি গাবলৈও বা অভিনয় কৰি দেখুৱাবলৈও ছাত্ৰ-ছাত্ৰীসকলক শিকাইছে। অসম আৰু ভাৰতৰ মন্ত্ৰীসকলৰ নাম মনত ৰাখিবলৈ শিকাইছে। বিদ্যালয়ৰ বিভিন্ন শিতানৰ ফাইলসমূহ আপদেট্ কৰিছে। বহু দিনলৈকে যদি পৰিচালনা সমিতিৰ সভা পতা নাই, তেন্তে সেয়াও খৰধৰকৈ পাতিছে।বছৰত এবাৰো বিদ্যালয়ৰ মুখ নেদেখা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক এদিনৰ বাবে ভাড়া দি হ'লেও বিদ্যালয়লৈ মাতি অনা হৈছে। মধ্যাহ্ণ ভোজনৰ কৰ্মীসকলৰ বাবে ৰান্ধনীৰ পোছাক চিলাইছে। বিদ্যালয়সমূহৰ প্ৰাচীৰ পত্ৰিকা এৰাতিৰ ভিতৰতে সাজু কৰিছে।

 

 মুঠৰ ওপৰত গুণোৎসৱৰ বাবে এটা মাহৰ ভিতৰতেই বিদ্যালয়সমূহে চৰকাৰক চমক দিবলৈ সাজু হৈ উঠিছে। কিয়নো বহিৰ্মূল্যায়কগৰাকীয়ে কি বিচাৰিব, কি নিবিচাৰিব তাৰ কোনো ঠিক নাই। যিহেতু চৰকাৰৰ চকুত ধুলি মাৰি হ'লেও বিদ্যালয় সমূহে  A+ লাভ কৰিবই লাগিব। নিৰ্দিষ্ট দিনটোত বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াসকলে প্ৰশিক্ষণ লৈ পুৱাতে বিদ্যালয়সমূহলৈ আহে। উৎসৱ বুলিয়েই সকলো বিদ্যালয়ে পদুলিতে কলপুলি ৰুই ফুলৰ মালা গাঁঠি বহিৰ্মূল্যায়কগৰাকীক আদৰিবলৈ ৰৈ থাকে।

 

 সেইখিনিলৈকে সকলো ঠিকেই আছে। মন কৰিবলগীয়া কথাটো হ'ল যে বহু বিদ্যালয়ে পদুলিতে ৰঙা ফিটা এডাল বান্ধি বিদ্যালয়খনৰ দুৱাৰ মুকলি কৰিবলৈ হে ৰৈ থকা যেন দেখা যায়। বহিৰ্মূল্যায়কগৰাকীয়েও ট্ৰে'ত ধুনীয়াকৈ সঁজাই থোৱা কেচিখনেৰে ৰঙা ফিটাডাল কাটি বিদ্যালয়ত প্ৰৱেশ কৰে। কিন্তু কিয় ৰঙা ফিটা বান্ধে আৰু মূল্যায়কগৰাকীয়ে কিয় ৰঙা ফিটা কাটি বিদ্যালয়ত প্ৰৱেশ কৰে? আমি জানো যে কোনো আধাৰশিলা, চৰকাৰী গৃহ, সংঘৰ গৃহ, কাৰ্যালয়, নতুনকৈ খুলিবলৈ লোৱা যিকোনো দোকান বা ব্যৱসায়, প্ৰাচীৰ পত্ৰিকা আদি উন্মোচন বা উদ্বোধন কৰিবলৈহে ৰঙা ফিটা বান্ধি ৰখা হয়। বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে বিশেষভাৱে নিমন্ত্ৰিত গায়ন-বায়নেৰে মূল্যায়কগৰাকীক পদুলিৰ পৰা আদৰি নিয়াও দেখা যায়।

 

 এতিয়া আহিলোঁ ভিতৰৰ পৰ্যায়লৈ। মূল্যায়কে প্ৰশ্ন আৰু উত্তৰ বহীসমূহ অভিভাৱকসকলৰ উপস্থিতিত খোলাৰ পাছত শিক্ষাগুৰুসকলে নিজ নিজ শ্ৰেণীত বিতৰণ কৰে। ছাত্ৰ-ছাত্ৰীসকলেও নতুনকৈ দেখা প্ৰশ্নকাকতখন লৈ ইফাল-সিফাল কৰি চায়। বহু মূল্যায়কে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীসকলক পাঠ পঢ়ুৱাই নম্বৰ দিয়ে। পঞ্চম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলেই উত্তৰ বহীত ক'লা বা নীলা চিঞাহীৰে গোল কৰে। কেৱল প্ৰথম শ্ৰেণীৰ উত্তৰ বহীখিনি ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নসমূহৰ লগত থকা উত্তৰৰ বিকল্পসমূহৰ ভিতৰত শুদ্ধ বুলি দিয়া চিন  অনুযায়ী শিক্ষাগুৰুসকলে গোল কৰে। তাৰ মাজতে বহিৰ্মূল্যায়কে উপস্থিত থকা অভিভাৱক আৰু পৰিচালনা সমিতিৰ বিষয় ববীয়াসকলৰ লগত মত বিনিময় কৰে।

 

 এতিয়া কথাটো হ'ল যে বহু বহিৰ্মূল্যায়কে শ্ৰেণীত সোমোৱাটো দূৰৰে কথা, ছাত্ৰ-ছাত্ৰীৰ পঠনো নলয়। অভিভাৱকসকলৰ লগতো মত বিনিময় নকৰে। তাৰ বিপৰীতে সকলো ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহী শিক্ষাগুৰুসকলেই ১০০ % শুদ্ধ কৰি গোল কৰে। এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰকৃত মূল্যায়ন হ'লনে? বহিৰ্মূল্যায়কসকলেও কিয় বিদ্যালয়সমূহৰ গুণমান নিৰ্ণয়ৰ ক্ষেত্ৰত সৱল ভূমিকা গ্ৰহণ নকৰে? এনে হ'লে চৰকাৰে গুণোৎসৱৰ নামত কোটি কোটি টকা খৰচ কৰাৰ কোনো অৰ্থ নাথাকিব।

 

 ঠিকনা :

 চাচনি-৭৮৬৬১০

 নাহৰকটীয়া,  ডিব্ৰুগড়.

 অসম।

 

ভ্ৰাম্যভাষ -৭৩৯৯৬৬২৮৬৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ