অন্যযুগ/


নিশাচৰ চৰাই ফেঁচাৰ বিষয়ে কিছু কথা

 Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচা

ৰূপজ্যোতি হাজৰিকা


        আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ চৰাই৷ দিনৰ ভাগত ইহঁত গছৰ ডাল বা গছৰ ধোন্দত জিৰণী লৈ থাকে৷ এই চৰাই বিধ ৰাতিৰ পৰা সূৰ্যaদয়ৰ সময়লৈকে সক্ৰিয় হৈ থাকে৷ জানিব পৰা মতে অন্য চৰাই উৰিলে এক প্ৰকাৰৰ শব্দৰ সৃষ্ট হয় কিন্তু ফেঁচাৰ পাখীৰ গঠন বিন্যাসৰ বাবে ইহঁত উৰিলে কোনো শব্দৰ সৃষ্টি নহয়৷ সেই বাবে ইহঁতে অতি সহজে নিশা চিকাৰ কৰিবলৈ সুবিধা হয়৷

        জানিব পৰা মতে ফেঁচাই গ্ৰহণ কৰা খাদ্যৰ কিছু অংশ বমি কৰি উলিয়াই দিয়ে৷ সেই উলিয়াই দিয়া অংশবোৰক পেলেট বুলি কোৱা হয়৷ সেই পেলেটৰ বিশ্লেষণ কৰি ফেঁচাৰ খাদ্যৰ সম্পৰ্কে তথ্য লাভ কৰিব পৰা যায়৷

        ফেঁচাৰ বাৰ মাহত তেৰটা মাত বুলি কোৱা হয়৷ বিভিন্ন সময়ত ইহঁতে বিভিন্ন মাত মতা শুনা যায়৷ আমাৰ সমাজত ফেঁচাৰ মাতৰ লগত কিছুমান বিশ্বাস (অন্ধবিশ্বাস?) জড়িত হৈ আছে, যেনে - নিঁউ নিঁউ বুলি মাত দিয়া শুনিলে মানুহ মৰাৰ ইংগিত বা অঘটন ঘটিব পাৰে বুলি বিশ্বাস কৰা দেখা যায়৷ ঠিক তেনেদৰে উৰুলf দিলে বিয়া বা ভাল খবৰৰ ইংগিত বহন কৰে বুলি বিশ্বাস কৰা যায়৷

        আমাৰ অসমত পোৱা কেইবিধমান ফেঁচা হল- ফুটুকী ফেঁচা (Spotted Owlet ), লক্ষ্মী ফেঁচা (Barn Owl), মুগা ফেঁচা (Oriental Bay Owl), কাণ চুটি ফেঁচা (Short-Eared Owl), পাহাৰী নিউ ফেঁচা (Mountain Scops Owl), কাল ফেঁচা / নিউ ফেঁচা (Collared Scops Owl), সৰু ফেঁচা ( Collared Owl), বহুৰূপী ফেঁচা (Scops Owl), চেকচেকী ফেঁচা (Asian Barred Owlet), দুধকুশী হুদু (Spot-bellied Eagle Owl), হুদুম (Dusky Eagle Owl), মাছুৱা হুদু (Brown Fish Owl), বৰ মাছুৱা হুদু (Tawny Fish Owl), কাঠ হুদু (Brown Wood Owl), বৰ হুদু (Eurasian Eagle Owl), দুখী ফেঁচা (Brown Hawk Owl).

        হুদু নামৰ এই ফেঁচাবিধক বৰ বেছিকৈ দেখা পোৱা নাযায়৷ হুদুৰ লগত এটা অন্ধবিশ্বাস জড়িত হৈ থকাৰ কথা আইতাহঁতৰ পৰা শুনিবলৈ পাইছিলোX৷ যদি হুদু চৰাই কোনো লোকৰ ঘৰ বা বাৰীত পৰে তেতিয়া সেই লোকৰ বেয়া দিন সমাগত বুলি ধৰা হয়৷ লগতে সেই বাৰী-ঘৰ ভাঙি নতুনকৈ বাৰী পাতিব লগা হয়৷ সেই বাৰীক হুদুপৰা বাৰী বুলি কয়৷ এইবোৰ এক প্ৰকাৰৰ অন্ধবিশ্বাস৷

        এই নিyন্ধত উল্লেখ কৰা ফেঁচাবিধ হ- দুখী ফেঁচা৷ ইংৰাজী নাম Brown Hawk Owl বা Brown Boobook বুলি কোৱা হয়৷ এই ফেঁচাবিধৰ সন্ধান কৰি পাইছিলোঁ নিমাতীঘাটৰ সমীপৰ অঞ্চলত৷ নিশাচৰ স্বভাৱৰ বাবে ইহঁত দিনৰ ভাগত কমকৈহে চকুত পৰে৷ দিনৰ ভাগত ফেঁচাবিধ কম সক্ৰিয় হোৱাৰ বিপৰীতে ৰাতি ইহঁত অধিক সক্ৰিয় হৈ পৰে৷ ইহঁতৰ বৰণ খয়েৰী হোৱাৰ লগতে মাজে মাজে বগা দাগ দেখা পোৱা যায়৷ চকুৰ মণি হালধীয়া হয়৷ অন্য ফেঁচাৰ দৰেই সিহঁতৰ খাদ্যাভাস একেই হয়৷

        গভীৰ নিশা মৃদু শব্দৰে উউক... উউক কৈ মাতে৷ মাতটো বৰ দুখত মতা যেন লাগে বাবে ইয়াৰ স্থানীয় নাম দুখী ফেঁচা৷ স্থানীয় নামবোৰ ঠাই লৈ সলনি হোৱাও দেখা যায়৷


ঠিকনা :
বাহনা, যোৰহাট
ফোন নং - ৭০০২২৫১১৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ