অন্যযুগ/


বিদেশত অধ্যয়নৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে কেনেদৰে প্রস্তুতি চলাব

ড° বুলজিৎ বুঢ়াগোহাঁই

বিদেশত অধ্যয়নৰ বাবে আগ্রহী শিক্ষাৰ্থীজনৰ সৰ্বপ্রথম খোজটো হ’ব সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰা। সাধাৰণতে, ভাৰতবৰ্ষৰ সৰহ সংখ্যক ছাত্র-ছাত্রী আমেৰিকা (United States of America), বৃটেইন (United Kingdom), অষ্ট্রেলিয়া (Australia), নিউজিলেণ্ড (New Zealand), কানাডা (Canada), জাৰ্মানি‍ (Germany), চীন (China), ছিংগাপুৰ (Singapore), আয়াৰলেণ্ড (Ireland)  আদি  বিদেশৰ  বিভিন্ন স্থানত  ইঞ্জিনীয়াৰিং বিজ্ঞান, জীৱবিজ্ঞান, আইন, বায়’টেকন’লজি‍, তথ্য প্রযুক্তিবিদ্যা, মেনেইজমেণ্ট, বাণিজ্য আদিৰ স্নাতক, স্নাতকোত্তৰ তথা পিএইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিবলৈ যায়। পাঠ্যক্রমৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ছাত্র-ছাত্রীসকল TOFEL (https://www.ets.org/toefl), GRE (https://www.ets.org/gre), ELTS (https://www.britishcouncil.org/), SAT (https://collegereadiness.collegeboard.org/sat) GMAT (http://www.gmac.com/) আদি বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হ’ব লগিব। তাৰ পাছত পাঠ্যক্ৰমটোত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা উপযুক্ত নম্বৰসহ উত্তীৰ্ণ হৈ ৱেবছাইটত থকা নিৰ্দেশনা অনুসৰি আৱেদন কৰিব লাগিব। আৱেদন কৰোঁতে শিক্ষাৰ্থীজনে পাছপ’ৰ্টৰ সবিশেষ তথ্য যোগান ধৰিব লাগিব আৰু নামভৰ্তি চূড়ান্ত হোৱাৰ পাছত student visa-ৰ বাবে আৱে‍দন কৰিব লাগিব। তদুপৰি, বিদেশ যাত্রাৰ আগতে ট্রেভেল ইঞ্চ্যুৰেঞ্চ্ আৰু লগতে জৰুৰীকালীন অৱস্থাত লাভ কৰা অত্যাৱশ্যকীয় সেৱাসমূহৰ বিষয়েও লাগতিয়াল তথ্য সংগ্রহ কৰাটো অতীৱ প্রয়োজনীয়। তদুপৰি, বিদেশৰ কিছু সংখ্যক শিক্ষানুষ্ঠানৰ পাঠ্যক্রমৰ বাবে দুই/ তিনিখনকৈ Recommendation Letter-ৰ আৱশ্যক হয়। বিভিন্ন দেশৰ শিক্ষানুষ্ঠানসমূহৰ নামভৰ্তি প্রক্ৰিয়া যিহেতু ভিন্ন হয়, সেয়েহে শিক্ষাৰ্থীজনে প্রায় এবছৰমানৰ পৰাই যাৱতীয় প্রস্তুতি চলাব লাগে। ভাৰতবৰ্ষত অৱস্থিত বিভিন্ন দেশৰ ৰাষ্ট্রদূতাবাসৰ ঠিকনা ৱেবছাইট (http://meaprotocol.nic.in/)-ৰ পৰা সংগ্রহ কৰিও সেই সেই দেশৰ পছন্দৰ শিক্ষানুষ্ঠানখনৰ নামভৰ্তিৰ প্রক্রিয়াৰ সবিশেষ জানিব পাৰি৷

বিদেশত উচ্চশিক্ষা গ্রহণ কৰিবলৈ আগ্রহী শিক্ষাৰ্থীজনে স্ক’লাৰশ্বিপ কিদৰে লাভ কৰিব পাৰি, তাৰ সবিশেষ জানি  লোৱা উচিত৷ স্ক’লাৰশ্বিপৰ তথ্যসমূহ Employment News তথা ভাৰতবৰ্ষৰ আগশাৰীৰ বাতৰি কাকতসমূহৰ পৰাও সংগ্রহ কৰিব পাৰে৷

১) শিক্ষাৰ্থীজনে বিদেশত যিটো বিষয়ত অধ্যয়ন কৰিব সেই বিষয়টোৰ ক্ষেত্রত আৰ্থিক সাহায্যৰ সুবিধাসমূহৰ  বিষয়ে জানি ল’ব লাগে৷

২) অধ্যয়ন কৰিব বিচৰা সেই দেশখনৰ চৰকাৰে আন্তঃৰাষ্ট্রীয় শিক্ষাৰ্থীক প্রদান কৰা আৰ্থিক অনুদানৰ সুবিধাসমূহৰ বিষয়েও শিক্ষাৰ্থীজনে জানি লোৱা উচিত৷

৩) কেৰিয়াৰ পৰামৰ্শদাতাৰ লগত জলপানি ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা উচিত৷

৪) ইতিমধ্যে বিদেশত অধ্যয়ন কৰি অহা ছাত্র-ছাত্রীৰ লগতো জলপানি ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব লাগে৷

৫) তদুপৰি, ইণ্টাৰনেট বৰ্তমান এক সুবিধাজনক ব্যৱস্থা, যাৰ সহায়ত বিদেশত অধ্যয়নৰ কালছোৱাত লাভ কৰিব  পৰা জলপানিৰ বিষয়ে তথ্য সংগ্রহ কৰিব পৰা যায়৷

বিদেশত শিক্ষা গ্রহণ কৰিবলৈ ভাৰতীয় শিক্ষাৰ্থীয়ে লাভ কৰিব পৰা কেইটামান জলপানি ব্যৱস্থা হ’ল—

Chinese Government Scholarship, Commonwealth Scholarship and Fellowship, Dr Manmohan Singh Scholarships, Hornby Scholarship to study in the UK, Huawei Maitree Scholarship for study in China, India4EU II Scholarship to study in Europe, Inlaks Scholarship, International PG Research Scholarship by Australia, Melbourne-India PG Scholarship, Oxford and Cambridge Society of India Scholarship, Oxford University's Rhodes Scholarship, Raman-Charpak Fellowship for Indian and French Ph.D students, Tata Scholarship for Cornell University, University of Sessex Scholarship, University of Sheffield's Scholarship, US UCD UG scholarship, USIEF Fulbright-Nehru Fellowships আদি।

এই জলপানিসমূহৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিবলৈ হ’লে শিক্ষাৰ্থীসকলে ছাৰ্চ ইঞ্জিন Google-ত প্রতিটো জলপানিৰ বিষয়ে official website-ত চাব পাৰে৷  তদুপৰি, বিভিন্ন  জলপানি  তথা  শৈক্ষিক ঋণ আদিৰ বিষয়ে জানিবৰ বাবে ভাৰত চৰকাৰৰ  শিক্ষা  মন্ত্র্যালয়ৰ ৱেবছাইট (https://www.education.gov.in/hi)-ত তথ্য লাভ কৰিব পৰা যায়৷ তদুপৰি বিদেশত শিক্ষাগ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে আগতীয়াকৈ শিক্ষানুষ্ঠানখন  থকা  অঞ্চলৰ  সবিশেষ তথ্য বিভিন্ন মাধ্যমৰ যোগেদি সংগ্রহ কৰি ল’ব লাগে৷ সেই অঞ্চলৰ খাদ্যাভ্যাস,  সংস্কৃতি, ৰীতি-নীতি, সংগীত-নৃত্য,  কথাছবি  আদিৰ  বিষয়ে  জানি  ল’ব  লাগে। বিদেশত  গৈ  সেই  অঞ্চলৰ  ভাষা  আয়ত্ত  কৰিবলৈ চেষ্টা কৰিব লাগে৷ তদুপৰি, ঘৰগোণা স্বভাৱ পৰিত্যাগ কৰি বিভিন্ন অঞ্চল ভ্রমণ তথা সেই অঞ্চলৰ লোকৰ লগত সতৰ্কতাৰে বন্ধুত্ব স্থাপন কৰিব লাগে৷ বিদেশত অধ্যয়ন কৰা এজন ব্যক্তিয়ে আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ ছাত্র-ছাত্রীৰ লগত সংযোগ স্থাপনৰ লগতে বন্ধুত্বৰ যোগেদি বিভিন্ন বিদেশী ভাষা শিকাৰো সুযোগ লাভ কৰে৷ বিদেশত গৈ অন্য এক শিক্ষা পদ্ধতিৰ লগতো পৰিচয় ঘটে৷ বিদেশত কৰ্ম পদ্ধতি ভাৰততকৈ বহুত পৃথক য’ত প্রত্যেক ব্যক্তিয়েই নিজৰ যাৱতীয় দৈন্যন্দিন কাম-কাজ আনৰ সহায় নোলোৱাকৈ নিজেই কৰি লয়। সেয়েহে বিদেশত অধ্যয়ন কৰা ছাত্র-ছাত্রীসকলো স্বাধীনভাৱে‍ যিকোনো কৰ্ম কৰিব পৰা মানসিকতাৰে পৰিপুষ্ট হৈ উঠে৷

লেখকৰ ঠিকনা :
সহকাৰী অধ্যাপক
যান্ত্রিক অভিযান্ত্রিক বিভাগ
অসম ডনবস্ক বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
-মেইল: buljit@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ