অন্যযুগ/


শিশুৰ মাত-কথা

 মুন্মি মহন্ত

প্ৰত্যেক শিশুৰে মাত সমান বয়সত নুফুটে। সকলোৰে ক্ষেত্ৰত ভিন্ন হয়। কিছুমানে এবছৰ পাৰ হোৱাৰ পাছতে বাক্য কবলৈ শিকে আৰু আন কোনোৱে শিকে কিছু পলমকৈ। শিশুৰ মাত-কথাৰ ক্ষেত্ৰত মাকগৰাকীৰ ভূমিকা যথেষ্ট মন কৰিবলগীয়া। কাৰণ শিশুৱে সকলোতকৈ বেছি মাককে অনুকৰণ কৰে। মাকৰ প্ৰতিটো শব্দ, আনকি কথাৰ ভঙ্গিমালৈকে সিহঁতে তৎক্ষণাত আয়ত্ত কৰি লয়।

এইখিনিতে এগৰাকী মাকৰ কৰণীয়বোৰ 

১) শিশুটিয়ে প্ৰথম মা-দেউতা বুলি উচ্চাৰণ কৰিবলৈ শিকাৰ পাছতে চৌপাশে থকা বস্তুবোৰ, যেনে ঘৰখনৰ ভিতৰৰ ব্যৱহৃত আচবাবৰ পৰা বাহ্যিক পৰিৱেশৰ উপাদানবোৰলৈকে সিহঁতক সম্পূৰ্ণ শুদ্ধকৈ পৰিচয় কৰাব লাগে।

সাধাৰণতে আমি চমু ভাষাত ‘জিজি’ ‘নিনি’ ‘মাম মাম’ ‘মানী’ ইত্যাদিৰ ব্যৱহাৰ কৰাতকৈ স্পষ্ট ভাষাত বুজাই দিলে সিহঁতে তৎমুহূৰ্তত নহলেও লাহে লাহে সকলো কথা সঠিকভাৱে কবলৈ শিকে।

মাকগৰাকীয়ে শিশুটিক খুৱাওঁতে, গা ধুৱাওঁতে বা আন যিকোনো সময়তে উচ্চ স্বৰত শিশুটিৰ লগত ভাবৰ আদান-প্ৰদান কৰিব লাগে, উদাহৰণস্বৰূপে

“মোৰ নাম অমুক।”

“মোৰ দেউতাৰ নাম তমুক।”

“তুমি মোক কিমান ভাল পোৱাঁ সোণ?”

“মই তোমাক ইমান ভাল পাওঁ।”

“এইখন বাগিচা।”

“এয়া ফুল।”

“এইটো জোনবাই, চন্দ্ৰ।”

“এয়া তৰা।”

পখিলা, বিছা, জোক... ইত্যাদি সকলো প্ৰাণীৰ লগত শিশুটিক পৰিচয় কৰোৱা উচিত। লাগিলে শিশুটিৱে প্ৰত্যুত্তৰত একো নকওকেই, বা বিশেষ প্ৰতিক্ৰিয়া নেদেখুৱাওকেই। কিন্তু সিহঁতৰ মগজুত প্ৰথম অৱস্থাতেই সকলো বস্তু সম্পৰ্কীয় শুদ্ধ ধাৰণা এটা দিবলৈ নিজৰ মাতৃভাষাৰ শব্দটো শুদ্ধ উচ্চাৰণেৰে শুনিবলৈ দিয়া উচিত।

 ২) শিশুটিয়ে যেতিয়া এটা শব্দ ভুলকৈ উচ্চাৰণ কৰিব, যেনে 

“মা বিস্কুট এটা দিয়াটোন।”

আমি লগে লগে শুধৰাই দিয়া উচিত...

“টোন নহয়, দিয়াচোন বুলি কোৱা...চো...ন।”

“মা তল খাওঁ।”

“বাবা তল নহয় কল... ক...ল”

“এইডাল খাপ মা।”

“খাপ নহয়, সা...প।”

এইদৰে প্ৰতিটো শব্দ শুধৰাই গলে অতি সোনকালে শিশুৱে ভাষাৰ শুদ্ধ ৰূপটো গ্ৰহণ কৰিবলৈ সুবিধা পাব পাৰে। অন্যথা ভুল শব্দটোৰেই সিহঁতে বাক্য গছন কৰিবলৈ শিকে আৰু পাছত একেখিনি কথাৰে শুদ্ধ ৰূপটো শিকাবলৈ যাওঁতে একেখিনিয়েই কষ্ট আৰু সময়ৰ অপচয় হয়।

৩) গান

গানে শিশুৰ মাত-কথাৰ ওপৰত বহু প্ৰভাৱ পেলায়। শিশুক শুওৱাৰ সময়ত এটি ঘোষা নতুবা মিহি সুৰৰ গানেৰে নিচুকাব লাগে। ইয়াৰ দ্বাৰা সিহঁতৰ শ্ৰৱণ শক্তি বৃদ্ধি হয় আৰু মন কৰিলে দেখিব যে প্ৰায় এক-দুই সপ্তাহৰ পাছতে সিহঁতে সেই সুৰটো অথবা গানৰ এফাকি গুণগুণাবলৈ আৰম্ভ কৰিব। কামৰ মাজেৰেও যদি চিৰসেউজ গীতবোৰ মাতৃগৰাকীয়ে গুণগুণাই থাকে শিশুটিয়ে আপোনা-আপুনি সেই কথা-সুৰ সংগ্ৰহ কৰি লয়।

৪) পৰিয়ালৰ সকলো সদস্যৰ নাম আৰু সম্বন্ধবোৰ সৰুতেই সিহঁতক শিকাব লাগে। খুৰা, পেহী, জেঠাই, মাহী, বৰমা, আইতা ইত্যাদি সম্বন্ধবোৰ সম্পূৰ্ণ শুদ্ধ ৰূপত উপস্থাপন কৰি পৰিয়ালৰ প্ৰতিজন সদস্যৰ সতে শিশুটিক পৰিচয় কৰাই দিব লাগে। ঘৰলৈ কোনোবা আলহী আহিলে পোনপ্ৰথমেই শিশুটিক সুধিব লাগে “চিনি পাইছানে এখেত কোন?” (এওঁ, এখেত, এইগৰাকী আদি শব্দবোৰ কোন কোন ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে, আওপকীয়াকৈ হলেও শিশুক শিকোৱাটো জ্যেষ্ঠসকলৰ কৰ্তব্য হোৱা উচিত।) তাৰ পাছতে আলহীৰ সৈতে সিহঁতক পৰিচয় কৰাই দিব লাগে। সিহঁতক আলহীৰ লগত নিজাকৈ কথা পাতিবলৈ বা মিলিবলৈ সুবিধা দি জ্যেষ্ঠসকল অলপ আঁতৰি দিব লাগে। সেইদৰেই শিশুটিৰ মনৰ লজ্জাবোধ ক্ৰমশঃ নোহোৱা হৈ আহে আৰু মানুহৰ লগত মিলিব পৰা এটা সামাজিক আচৰণ গঢ় লৈ উঠে। ৰাস্তাৰে কৰবালৈ ফুৰিবলৈ গলেও শিশুটিক ওচৰ-পাঁজৰৰ ঠাইখিনি আৰু মানুহৰ ঘৰবোৰ নাম সহিতে পৰিচয় কৰাই দিব লাগে যাতে অহা-যোৱা কৰোঁতে সি উপযুক্ত নাম আৰু সম্বন্ধ নিজেই জুৰি মানুহক মাতবোল কৰিব পাৰে।

মুঠৰ ওপৰত শিশুৰ প্ৰাক্‌শৈ‍শৱ কালছোৱাতেই আমি সিহঁতৰ আচৰণগত দিশটো উন্নীত কৰিব পাৰোঁ। যাৰ বাবে মাকৰ লগতে দেউতাক আৰু পৰিয়ালৰ বাকী সদস্যসকলৰো সান্নিধ্যৰ প্ৰয়োজন।

দ পৰ্বতীয়া

বাৰালীমৰা সত্ৰ
তেজপুৰ-৭৮৪১০৫
ফোন নং: ৮৮৭৬৬৪৪০৬৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ