অন্যযুগ/


শিক্ষা, শিক্ষা ব্যৱস্থা আৰু সংগঠিত ছাত্ৰ সমাজ

 কৰৱী বৰ্মন কলিতা  

শিক্ষা মানৱৰ জীৱনব্যাপি চলা এক অবিৰত প্ৰক্ৰিয়া। এখন ৰাষ্ট্ৰৰ বা দেশৰ উন্নতিৰ বাবে প্ৰতিজন নাগৰিক শিক্ষিত হোৱাটো খুবেই প্ৰয়োজনীয়। আনুষ্ঠানিক শিক্ষা লাভৰ মাধ্যমেৰে প্ৰতিজন দেশৰ শিশুৱেই দেশৰ ভৱিষ্যৎ গঢ়িব বুলি আশা কৰা যায়। দেশৰ পিতা মহাত্মা গান্ধীয়ে কৈছিলে ‘‘Education is the thing which makes physical, mental, spiritual development of a child.’’ অৰ্থাৎ দেশৰ প্ৰতিজন শিশুৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশ সাধনেই হল শিক্ষা। এই উদ্দেশ্য আগত লৈ তেখেতে ভাৰতবৰ্ষত বুনিয়াদী শিক্ষাৰ আঁচনিৰ পৰিকল্পনা কৰিছিল। 

বৰ্তমান কালত বিভিন্ন শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছে লগতে চৰকাৰৰ তৰফৰ পৰা শৈক্ষিক দিশৰ গুণগত মান উন্নত কৰাৰ অৰ্থে ২০১৭ চনৰ পৰা গুণোৎসৱ-  দৰে অনুষ্ঠান দেশৰ  বিভিন্ন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হৈছে। এই বিভিন্ন শৈক্ষিক নীতিসমূ,  চৰকাৰৰ জ্ঞানজ্যোতি আদি আঁচনিসমূহ সফল কৰি তুলিবলৈ সমান্তৰালভাৱে শৈক্ষিক অনুষ্ঠানৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ অৱদান প্ৰয়োজনীয় হব। অভিভাৱকসকলৰ লগতে ছাত্ৰ সমাজখনৰো এই ক্ষেত্ৰত সদিচ্ছা থকাটো প্ৰয়োজনীয় হব। আমাৰ ভৱিষ্যৎ প্ৰজন্মক আনুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে  জ্ঞানৰ আলোক সঞ্চাৰিত কৰি দৈহিক, মানসিক, আধ্যাত্মিক দিশৰ পৰা বিকশিত কৰি ভৱিষ্যতৰ একোজন সুদক্ষ নাগৰিক হিচাপে গঢ়ি তোলাৰ দায়িত্ব ঘৰখনৰ বা শিক্ষানুষ্ঠানৰ যিমান, সিমানেই সমাজৰ প্ৰতিজন ব্যক্তি, প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িতসকলৰো। প্ৰকৃতপক্ষে সকলো পক্ষৰে কৰণীয় যথেষ্ট। এই শিশুসকল, ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতেই এখন সুস্থ সমাজৰ, এখন ঐতিহ্যপূৰ্ণ ৰাষ্ট্ৰৰ উন্নয়ন সম্ভৱ। অভিভাৱকে এই ক্ষেত্ৰত সঠিক ঘৰুৱা পৰিৱেশৰ পৰিধিত নিজৰ সন্তানক শিশু অৱস্থাৰ পৰাই সৎ চিন্তা, সৎ আচাৰ-আচৰণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰিব লাগিব। শিশুসকলৰ মাজত সুন্দৰ শৃংখলাবদ্ধ জীৱনৰ অভ্যাস গঢ় দিব লাগিব। শিক্ষক-শিক্ষয়িত্ৰীসকলেও প্ৰকৃত মানৱ সম্পদেৰে সমাজ গঢ়াত এক অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰে। তেওঁলোকেও কৰ্মস্থলী নিজৰ নিজৰ শৈক্ষিক দায়িত্বখিনি সুচাৰুৰূপে পালন কৰি দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ পথপ্ৰদৰ্শক হিচাপে এক উল্লেখনীয় ভূমিকা লব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৈতিক, আধ্যাত্মিক উৎকৰ্ষ সাধনৰ নিমিত্তে বিভিন্ন প্ৰতিষ্ঠানেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। সুস্থ শৈক্ষিক বাতাৱৰণ গঢ়ি তুলিবলৈ বিদ্যালয়ৰ সন্মুখত ধঁপাত, শিখৰ, গুটখা, মাদক দ্ৰব্য আদি সামগ্ৰীসমূহ  বিক্ৰী কৰাত বাধা প্ৰদান কৰিব পাৰে। আমাৰ ছাত্ৰ সমাজৰ মাৰ্গদৰ্শকস্বৰূপ ছাত্ৰ সংগঠনমূহেও বিভিন্ন পদক্ষেপ লোৱা দেখা যায়। আমাৰ স্থানীয় ছাত্ৰ সংগঠন নুনমাটি ছাত্ৰ সংস্থা এই ক্ষেত্ৰত আদৰ্শস্বৰূপ। নিজৰ সমাজখনৰ সীমাবদ্ধ স্তৰত সুস্থিৰ কৰি ৰাখিবলৈ তেওঁলোকৰ সক্ৰিয়তা প্ৰতি বছৰেই পৰিলক্ষিত হয়। সমূহ ছাত্ৰ সংস্থাৰ বিষয়ববীয়াই প্ৰতি বছৰেই গ্ৰীষ্মকালীন সময়ছোৱাত পিছপৰা স্থানীয় ছাত্ৰ-ছাত্ৰীৰ বাবে অতিকৈ অভিজ্ঞ শিক্ষকসকলক লৈ বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে। প্ৰতি বছৰে ছহিদ দিৱস পালন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰসমাজক উৎসাহিত কৰিবলৈ পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰে। তেওঁলোকে আনকি হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে শুভেচ্ছামূলক বেনাৰ আদি প্ৰস্তুত কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি আহিছে। লগতে আকৌ বিভিন্ন সজাগতামূলক সভাও অনুষ্ঠিত কৰি আহিছে। তেওঁলোকৰ এই আদৰণীয় পদক্ষেপসমূহে, আমাৰ ছাত্ৰসমাজক উপকৃত কৰি আহিছে আৰু আগলৈও কৰি যাব বুলি আমাৰ দৃঢ় বিশ্বাস।

বিষয় শিক্ষয়িত্ৰী (দৰ্শন বিভাগ)

গুৱাহাটী 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ