অন্যযুগ/


তুমি অহাৰ দিন

অমিতাভ ফুকন


তুমি অহাৰ দিনাই নৈৰ পাৰত কঁহুৱা

জোনাকত মুকুতা

সুৱাসত শেৱালি


তুমি অহাৰ দিনাই গ্ৰহণ লুকায়

কোলাহল ঘৰচিৰিকাৰ

হেঁপাহৰ ডোঙা


তুমি অহাৰ দিনাই

নাচোনত দেও-দৰিকণা

সখিয়তীৰ উলাহ


তুমি অহাৰ দিনাই সুগন্ধি শাৰদী আই

ৰাংঢালী সুৰীয়া বীণ

সুদিনৰ শব্দ মেলা

পদুমৰ প্ৰদীপ

পৃথিৱীৰ পোহৰ উদযাপন 


তুমি অহাৰ দিন

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ