অন্যযুগ/


চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ 

বেলি চোৱা বেলিকা 


চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল 

জাৰ লাগিছিল চকুত 

লানিকৈ ৰোৱা সেউজীয়াৰ মাজত 

শিৰীষৰ পাত সৰকি নামি আহিছিল বেলিটো 

আৰু চকুপতাৰ বৰফত 

বিচ্ছুৰিত পোহৰৰ প্ৰতিফলন 

হাওঁফাওঁৰ ভিতৰলৈ দীঘল উশাহত 


হাতৰ মুদ্ৰাত বুদ্ধ

শোক নাই  

আনন্দৰ আকুতিও নাই 

  

কেৱল অননুভৱনীয় শীতলতা

শিৰৰ পৰা ভৰিপতালৈ


ভূমাস্পৃহা

বেলি চোৱা বেলিকা। 


ভৰশূন্য পোৰা দুপৰীয়া 


দ পানীৰ মাজৰ

পিতনিৰ অন্ধকাৰত

পোৰা দুপৰীয়া


অবিধেয় তৃষ্ণা

অন্তৰ্দাহী  প্ৰাণ


মহানগৰীৰ বিভ্ৰম

পোহৰৰ চাট মৰা অভিপ্ৰায়


ওপঙি ৰোৱা দোমোজা

জখলা বগোৱা বাটত 


কঠিন ৰূপৰ ভাৱৰীয়া

সলনি হাট বজাৰৰ প্ৰতিটো কৌশলত


শীতল কফিনত 

অনেক হিচাপ-নিকাচ 

ভৰশূন্য পোৰা দুপৰীয়া। 



গধূলি পৰত বাতাল 


গধূলি পৰত ভিজা গোন্ধ 


পোহৰ অভিমুখে বাতাল 


হাফলুৰ অন্ধকাৰ

আড়ষ্ট পাতাল জীৱন 

মাটিৰ সেমেকা সোৱাদ জিভাত 

পোহৰলৈ ঘৃণা

অথবা অগ্নিভীতি 


অন্তিম সময়

আলোক ধিয়াই উৰে


পোৰা দেহত শেষ নৃত্যৰ ছেও

পাখি সৰি নিঃশেষ হ'ব 


নতুবা নৱজীৱন। 



নিশাৰ ৰঙামেঘ


এই বাটেদি গৈছিল নে তেওঁ

যি বাটত সহস্ৰ বুদ্ধৰ ছাঁ পৰিছিল 

অথবা যি বাটত নৈয়ে 

সলাইছিল বৰণ 

নিশাৰ ৰঙামেঘে কঢ়িয়াই আনিছিল 

শকুন্তলাৰ অভিজ্ঞান 

হয়তো কুঁহিপাতৰ সুবাস লৈ

গছ এজোপাৰ আঁৰত

তেওঁ ৰৈ আছিল কাৰোবালৈ

চেঁচা বতাহত সেমেকি থকা

শিল এছটাত বহি

বুকুৰ ভিতৰত 

কঢ়িয়াই ফুৰিছিল 

বহুতো ঘৰ। 

(টোকা : 'বাতাল' - উঁইপৰুৱা)

ঠিকনা :

অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট ৭৮৫০১৩।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ