অন্যযুগ/


লতা আৰু ককা

স্বপ্নালী কলিতা

এদিন পুৱা ককাৰ পিঠিত লতা  উঠি ললে

ককাক বোলে, লা ককা এৰাবাৰীৰ ফালে৷

 

ককাই বোলে হেৰৌ লতা!

লৈ যাৱ তই?

এৰাবাৰীৰ আমৰ তলত 

ভূতৰ আপোন ঘৰ৷

 

ককা, ককা কিনো কোৱা!

সকলো যে‍ মিছা,

যোৱাৰ ভয়ত কিয় তুমি

মিছা মাতি আছা!

 

ভূতৰ ঘৰত বহি আমি আমৰ জুতি ল,

ৰাহি হোৱা দুটা বাৰু ভূতলৈও থম৷

 

আমাৰ স্কুলৰ ৰাতুল ছাৰক 

তুমি যদি চিনা,

তেনেহলে ছাৰে কোৱা

কথাখিনি শুনা৷

 

বিজ্ঞানে আমাক দিছে নতুন নতুন দান,

ভালদৰে চিনি-বুজি লোৱাই আমাৰ কাম৷

ভূত বুলি একো বস্তু পৃথিৱীতেই নাই,

ভয়ৰ বাবে সকলোৱে ভূত দেখা পায়৷

 

সেয়ে ককা, লা বলা, এৰাবাৰীলৈ‍ যাম,

গছে-বনে কথা হোৱা উলাহেৰে চাম৷

পকা আমৰ ৰঙা ডালত হাঁকুটি লগাম,

আমৰ কলি চুপি চুপি বনৰ শোভা চাম৷

 

লতাৰ কথা শুনি ককাৰ হোৰাল মুখৰ বাক্,

খোজ ললে মনে মনে পিঠিত উঠাই লতাক।

 

 

ঠিকনা :

বৰটিং নাওশলীয়া

জিলা: গোলাঘাট(অসম)

পিন: ৭৮৫৬২৬

ফোন নং: ৯১০১৮৪০৭৫৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ