অব্যক্ত নিৰ্বাণ ৰাজখোৱা
(ইটালিত তেতিয়া ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাস আৰম্ভ হৈছে। গোজ আৰু তেওঁৰ বন্ধুও সেই মহামাৰীত ঢুকাল। দুয়ো আছিল যুৱ বিজ্ঞানী। গোজৰ বন্ধুৰ ডায়েৰীখন পোৱা গ’ল।)
১৪/০৩/২০২০
‘যোৱাঁ নে?’
‘কৰিবনো কি, যাবতো লাগিবই। হয় বাহিৰত গুলী খাই মৰাঁ, নহ’লে ভিতৰত গুলী খাই মৰাঁ। পলাব পৰা যাব, কিন্তু মৰাটো খাটাং, আনক লগত লৈ যোৱাৰ সিদ্ধান্ত ল’ব নালাগে।’
২১/০২/২০২০
ছাপিয়েঞ্জাত টাইৱানৰ ‘লেবৰেট’ (lab rat) আহিছে আৰু আমি সিহঁতক পৰীক্ষা কৰিব লাগে। নাজানো এই ডাইৰেক্টৰজনে প্ৰতিটো কামতে মোক আৰু গোজ (Guez)-ক কিয় খটুৱায়। হয়তো মৰম বা বিশ্বাস হিংসা-জেদ। মই নাজানো। আজি সিঁহতক পৰীক্ষা কৰিম। ‘লেবৰেট’ এটা অদ্ভুত জীৱ। ভয় লাগিছে, লগতে খং আৰু অলপ শিহৰণ। গোজক লগ ধৰি চাপিয়েঞ্জা বিশ্ববিদ্যালয় পালোঁগৈ। ‘লেবৰেট’বোৰক জীৱনত অষ্টমবাৰৰ বাবে দেখিলোঁ। কি অদ্ভুত জীৱ। মাজৰ সময় এছোৱাত বিশ্ববিদ্যালয়খন জনপ্ৰাণীহীন হৈ পৰিল। মই আৰু গোজ। শিলত হাতুৰি মৰাৰ নিচিনা সুৰত গোজে মাত লগালে।
‘এইটো অলপ বেলেগ যেন লাগিছে। দুটা খচ্ছৰ মিশ্ৰণ হৈছে। মই একো ভালকৈ বুজি পোৱা নাই। কিবা অদ্ভূত অণুজীৱ যেন লাগিছে। সোনকালে চোৱাঁহি। ই এটা পেটাৰ্নত নাচি থকা নিচিনা লাগিছে। ই এটা লক্ষণ দেখুৱাই থকা যেনহে লাগিছে মোৰ। ধেৎ ভালকৈ বুজি পোৱা নাই।’
গোজে বুজি পোৱা নাই, মইতো বুজিবলৈ চেষ্টাই কৰিব পৰা নাই। প্ৰায় ৪৫ মিনিটমান অকলে থকাৰ পাছত তিনিজন প্ৰফেছাৰ মাখিৰ দৰে ফৰফৰাই লেবৰ ভিতৰলৈ সোমাই আহিল। এজনে মোক ধৰি সুধিলে–
‘বন্ধু তোমালোকে এই লেবৰেটকেইটাত নিশ্চয় কিবা দেখিছা, মোক ভালকৈ বুজাই কোৱাঁ, তোমালোকে কি দেখিছা?’
আৰে মই কি ক’ম? যিটো ভংগীত আহি তেওঁ মোক সুধিছেহি মইতো অ-আ একো বুলি ক’বও পৰা নাই। গোজে আগবাঢ়ি আহি বুকু ফিন্দাই ক’বলৈ ধৰিলে, ‘ছাৰ আমি এটা অণুজীৱ আৱিষ্কাৰ কৰিলোঁ।’
বাঃ কি ফুৰ্তি গোজৰ। তাৰ মুখৰপৰা চকু আঁতৰাই মই যেতিয়া প্ৰফেছাৰৰ ফালে চালোঁ, দেখিলোঁ তেওঁ গোজৰ ফালে অবাক হৈ চাই আছে। তেওঁ ক’লে–
‘তুমি লেবৰেটকেইটাক খালি হাতে নিশ্চয় চোৱা নাই! লেবকোট পিন্ধি আছিলানে? সঁচা কথা কোৱাঁ।’
মইতো বুজি পোৱা নাই, কিবা এটা নিশ্চয় হৈছে! আমাক লগে লগে ডাইক্টেৰৰ অফিচলৈ পঠিওৱা হ’ল। তাত সকলো প্ৰফেছাৰ আৰু আমাৰ বিশ্ববিদ্যালয়ৰ ডাইৰেক্টৰো আছিল। ভাবিলোঁ কিবা কামৰ কাৰণে আমাক প্ৰমোছন দিয়া হ’ব। বা একেটা কাৰণতে আমাৰ পদবী তললৈও নিয়া হ’ব পাৰে। কোনে জানে কি হ’ব ! বৰ্তমান মই নিজৰ আসনতে বহিলোঁ। তেনেতে ডাইৰেক্টৰে ক’বলৈ আৰম্ভ কৰিলে-
‘চীনত এটা অচিন ৰোগে দেখা দিছে। চীনৰ কোনোবা এটা প্ৰভিন্সত এই বেমাৰটো তীব্ৰ গতিত বিয়পিছে। এই একে বেমাৰৰ লক্ষণ চিভিটাভেক্কা বন্দৰৰ কৰ্তৃপক্ষ আৰু আশে-পাশে থকা মাননুহৰ গাত দেখা দিছে। তেওঁলোকে উশাহ লওঁতেও কষ্ট পাইছে হেনো।’
তেতিয়া গোজে সুধিলে, ‘এই লেবৰেটকেইটা কোনটো বন্দৰৰপৰা আহিছে।’
প্ৰফেছাৰজনে উত্তৰ দিলে–
‘এগজেক্টলী! এই লেবৰেটকেইটা চিভিটাভেক্কালৈয়ে আহিছিল। মই ভাবোঁ, ইহঁতেই এই বেমাৰটোৰ কাৰণ। আৰু এই ল’ৰাজনে ইহঁতৰ গাত এটা নতুন অণুজীৱও দেখিছে। এই জীৱটোৱে বেমাৰটোৰ প্ৰতিটো লক্ষণকে স্পষ্টকৈ ফুটাই আছে।’
তাৰ পাছত আমাৰ বিশ্ববিদ্যালয়ৰ ডাইৰেক্টৰজনে মাত দিলে, ‘মোৰ মতে আমি ইয়াত বহি কথা পাতি থাকি লাভ নাই। কাইলৈ তোমালোক দুয়োজন আৰু প্ৰফেছাৰ আৰ্ণল্ড চিভিটাভেক্কালৈ যাবা। আৰু সকলোবোৰ বুজি আহি আমাৰ ৰিজাল্টবোৰ দিবা।’
মই কেতিয়াও চিভিটাভেক্কালৈ গৈ পোৱা নাই। মানুহে কয় বৰ বিশাল বন্দৰ। মইতো ইটালিৰ বাহিৰলৈ গৈ পোৱা নাই। এবাৰ লণ্ডনলৈ গৈছিলোঁ, কিন্তু প্লেনত। আজি ইমানতে ৰাখিছোঁ। কাইলৈ চিভিটাভেক্কা পামগৈ।
২২/০২/২০২০
চিভিটাভেক্কা পালোঁহি, প্ৰচণ্ড জাৰ। ভবাতকৈ মানুহ আৰু জাহাজ দুয়োটাই কম আছিল। ভবা নাছিলোঁ তাত কিবা বেমাৰ হৈ আছে। প্ৰফেছাৰে একো নোকোৱাকৈ লেবৰেট অহা জাহাজখনৰ ফালে আঙুলিয়াই দিলে আৰু আগ বাঢ়িবলৈ ধৰিলে। তাত জাহাজৰ কৰ্মকৰ্তা কেইজনমানক সোধা হ’ল–
‘এই জাহাজখনত টাইৱানৰ পৰা কিবা পেকেজ আহিছিল নেকি?’
তেওঁলোকে হয় বুলি কোৱাত আমি সুধিলোঁ, ‘সেই একেটা কেবিনতে বেলেগ কিবা বস্তু আহিছিল নেকি?’
‘হয় আহিছিলে, ভেছুভিয়াছ আৰু ৰোমলৈ এমাজন্ পেকেজ।’
‘আটাইতকৈ বেছি পেকেজ্ ক’লৈ আহিছিল?’
‘ৰোমলৈ কেৱল দুটা আহিছিল। বাকী সোতৰটা ভেছুভিয়াছলৈ আহিছিল।’
আমি বুজিলোঁ যে, ভেছুভিয়াছত ইতিমধ্যে সংক্ৰমণ আৰম্ভ হৈছে। আমি সকলোৰে পৰা অনুমতি লৈ ভেছুভিয়াছলৈ মেডিকেল টীম পঠিয়ালোঁ। আৰু ছাপিয়েঞ্জা ইউনিভাৰছিটিৰ নিৰ্দেশত আমিও টিকট বুক কৰিলোঁ। মোৰ জীৱনত ইমান খৰধৰকৈ একো কামেই হৈ পোৱা নাই। মই বুজি পোৱা নাছিলোঁ, আমাৰ কি হ’ব, মোৰ কি হ’ব, মোৰ মা-দেউতাৰ কি হ’ব?
৩০/০২/২০২০
আজি ভেছুভিয়াছ পালোহি। বৰ্তমানৰ জনশূন্য চহৰখনৰ সৈতে ২০০০ বছৰ আগতেই লাভাত ঠাহ খোৱা পম্পেই চহৰখন অতি সুন্দৰ লাগিছে। ৰাস্তাত গাড়ী-গোড়া একো নাই। মেডিকেল টীমো আহি পোৱা নাই। সকলো ঘৰৰ ভিতৰত সোমাই আছে। পৰ্দাৰ ফাকেদি উশাহ ল’ব নোৱাৰি যন্ত্ৰণাত থকা মানুহবোৰক দেখিলোঁ। নিজকে দোষী দোষী যেন অনুভৱ কৰিলোঁ। মেডিকেল টীম আহি সকলো ব্যক্তিৰপৰা নমুনা ল’বলৈ আৰম্ভ কৰিলে। তিনিদিনমান লাগিব চাগে। আমি ইয়ালৈ আহিলো হয়, কিন্তু কিয় আহিলোঁ সেইটো নাজানো। আমাক চাগৈ মেডিকেল টীমক সকলো কথা বুজাবলৈ পঠিওৱা হৈছে। ইতিমধ্যে ইয়াত ১২ গৰাকী ব্যক্তি মৰিছে। বেমাৰত ভুগি থকা মানুহবোৰক দেখি বুজি পালোঁ যে সেই ১২ গৰাকী মানুহ মৰাটো অতি ভাল কথাই হৈছে। কাৰণ নমৰাকৈ যিকেইজন ব্যক্তিয়ে বেমাৰটোত ভুগি আছে, তেওঁলোকে নিশ্চয় মৰিলেহে শান্তি পাব। আমি আমাৰ কামত মন দিলোঁ।
০৪/০৩/২০২০
আজি আমাৰ কাম শেষ হৈছে। ক’বলৈ গ’লে মোৰ ইয়াৰপৰা যাবলৈ মন যোৱা নাই। চাফা আকাশ, ওখ ওখ পাহাৰ, এখন লাভাৰে ঢকা চহৰক কেতিয়াও এৰি থৈ যাবলৈ মন যোৱা নাই। কিন্তু কি কৰিম! মোৰ আৰু গোজৰ শক্তি একেবাৰে কমি আহিছে। আমাৰ ৰখাব নোৱাৰা কাহ হৈছে আৰু উশাহ লওঁতেও কষ্ট হৈছে। আমি নিশ্চয় সংক্ৰমিত হৈছোঁ। কিন্তু আমি কথাটো সকলোৰে পৰা লুকুৱাই ৰাখিছোঁ। ইটালিত দ্ৰুতগতিত সংক্ৰমণ বাঢ়ি আহিছে আৰু শ শ মানুহ মৰিছে। মোৰ ধাৰণা হৈছে, এয়াই পৃথিৱীত মানৱ সভ্যতাৰ বিলুপ্তিৰ আগজাননী। সেই কাৰণে ভেছুভিয়াছৰ পাহাৰ এটাৰ ওপৰত জুপুৰি এটা সাজি থাকি যাওঁ বুলি ভাবিছিলোঁ। কিন্তু মা-দেউতালৈ চিন্তা লাগিছে। সেয়েহে মই আৰু গোজ ৰোমলৈ ৰাওনা হ’লোঁ।
১০/০৩/২০২০
আমি ৰোম পালোঁহি। যিটো ষ্টেছন মানুহেৰে নধৰা হৈ থাকে আজি সেই ষ্টেছনটো জনশূন্য। সকলো ব্যক্তি হয় হস্পিটেলত আছে, নহয় অডিনৰ ভালহালা*ত আছে। মই নাজানো। মোৰ শৰীৰৰ অৱস্থা অতি বেয়া হৈ আহিছে। গে’টত এজন ডাক্তৰে আমাৰ নমুনা সংগ্ৰহ কৰিলে। যিটো মই বিচৰা নাছিলোঁ। কাৰণ মোৰ গাত বেমাৰটো আছে বুলি মই জানো। ঠিক ভবাৰ দৰেই হ’ল। মই এই পেজটো হস্পিটেলৰ পৰাই লিখি আছোঁ। মোৰ মা-দেউতালৈ চিন্তা লাগিছে। তেওঁলোক বা কেনে আছে। তিনিদিনৰপৰা ফোন ধৰা নাই।
১২/০৩/২০২০
আজি ডাক্তৰ এজন আহিছিল। তেওঁ বিভিন্ন পৰীক্ষা কৰিলে। তেওঁক মই চিনি পাওঁ। মোৰ দেউতাৰ লগৰীয়া। আমাৰ ঘৰলৈ আহিয়ে থাকে। অলপ পাছত তেওঁ এটা গহীন নিশ্বাস ল’লে।
‘তুমি পাৰিবা চিন্তা নকৰিবা। তুমি নিশ্চয় পাৰিবা। মাত্ৰ নিজৰ ওপৰত ভৰসা ৰাখিবা।’
এই কথাষাৰ সান্ত্বনাতকৈ মৃত্যুৰ সংকেত যেন হে লাগিল।
১৪/০৩/২০২০
মোৰ এনে লাগিছে যেন আজি মোৰ শেষ দিন। কিন্তু মোৰ নিজৰ অৱস্থাতকৈ আনৰ অৱস্থা দেখিহে উশাহ ৰৈ যাব খুজিছে। কোনোবা এদিনাখন কাৰোবাৰ দেউতাকক বগা কাপোৰে ঢকা দেখিছোঁ, কোনোবা এদিনা মাক আৰু কেতিয়াবা কাৰোবাৰ সন্তানক। নিতৌ মৃতদেহ দেখিছোঁ। আৰু আজি ৰাতিপুৱা কেতিয়াও দেখিবলৈ নিবিচৰা সত্তেও গোজক বগা কপোৰৰ তলত দেখিলোঁ। আজি সেই একেজন ডাক্তৰেই আহিছে।
‘খুৰা মই কথা ক’ব পৰা নাই। ডায়েৰী লিখাৰ অভ্যাসৰ কাৰণে অকল হাত দুখন চলি আছে।’
ডাক্তৰে কৈ গ’ল– ‘তোমাৰ মা-দেউতা...’
[*অ’ডিনৰ ভালহালা: অডিন হ’ল ভাইকিংসকলৰ এজন দেৱতা। তেওঁ আঠটা ঠেং থকা এটা ঘোঁৰা লৈ যুদ্ধক্ষেক্ৰলৈ গৈছিল। যুদ্ধৰ সংবাদ তেওঁক দুটা বিশাল ঢোঁৰা কাউৰীয়ে আনি দিছিল। ভালহালা হ’ল অ’ডিনৰ ৰাজমহলৰ এটা বিশাল ঘৰ, বিশ্বাস অনুসৰি যুদ্ধত মৃত্যু হোৱা সৈনিকসকলৰ আত্মাবোৰ তালৈ যায়গৈ। ভালহালাত কেতিয়াও দুখৰ ছাঁ নপৰে বুলি ভবা হয়।]
ঠিকনা: ষষ্ঠ শ্ৰেণী, ছেইণ্ট মেৰীজ হাইস্কুল, লখিমপুৰ
ইমেইল: anrajkhowago@gmail.com