অন্যযুগ/


খোৱাৰ পাতত গুপ্তঘাতক

 ৰিপুঞ্জয় বৰদলৈ

কভিড-১৯ বা কনাই মহামাৰিীৰ ৰূপ লোৱাৰ সময়ত বিশষজ্ঞসকলে বাৰে বাৰে কৈ আছে যে যিসকল ব্যক্তিৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বেছি, তেনে ব্যক্তিক যিকোনো ভাইৰাছে সহজতে অসুস্থ কৰিব নোৱাৰে৷ সেইবাবে চিকিৎসকসকলৰ মতে আমি সেজীয়া শাক-পাচলি আৰু ফল-মূল যিমান পাৰি সিমান খাব লাগে৷ কিন্তু যি পৰিৱেশত এই শাক-পাচলি আৰু ফল-মূল উৎপাদিত হয়, তেনে পৰিৱেশত বাৰু পুষ্টিকাৰক গুণবোৰ থাকিবনে? আজিৰ তাৰিখত বুকু কঁপাই তোলা এই প্ৰশ্নৰ উত্তৰ দিবলৈকে এই লে‍খাটো যুগুতোৱা হৈছে৷ বিশ্বৰ আগশাৰীৰ দেশবোৰত উপলব্ধ সেউজীয়া শাক-পাচলি আৰু ফল-মূলত গধুৰ ধাতুৰ উপস্থিতি পোৱাটোৱে বিশ্ব স্বাস্থ্য সংস্থাক চিন্তিত কৰি তুলিছে৷ প্ৰথম বিশ্বৰ দেশসমূহক বাদ দি ভাৰতৰ কথা চিন্তা কৰকচোন৷ মাজতে ছায়েঞ্চ ৰিপৰ্টাৰ নামৰ আলোচনীখনত সোণালী নাগৰ নামৰ লেখিকাগৰাকীয়ে তেখেতৰ প্ৰবন্ধত দিয়া তথ্যসমূহ অতি ভয়াৱহ৷ ভাৰতৰ নাগপুৰস্থিত ‘পৰিৱেশ কাৰিকৰী গৱেষণা সংস্থা’ (CSIR-NEERI)-এ যমুনা নৈৰ বানপানী হোৱা অঞ্চলত কৰা খেতিৰ পৰা উৎপাদিত শস্য সম্পৰ্ অধ্যয়ন কৰিছিল৷ অনুষ্ঠানটোৱে পশ্চিম দিল্লীৰ গীতা কলনি, ময়ূৰ বিহাৰ আৰু চমানপুৰ সদৰ (নে খদৰ) অঞ্চলৰ পৰা ফুলকবি, বন্ধাকবি, পালেং, মেথি শাক, বীট, বেঙেনা, ধনি‍য়া এই সাতবিধ শাক-পাচলিৰ ক্ষেত্ৰত পৰীক্ষা কৰি লেড, কেড্‌মিয়াম, মাৰ্কাৰি বা পাৰা আৰু নিকেলৰ দৰে গধুৰ ধাতুৰ অৱস্থিতি লাভ কৰি স্তম্ভিত হৈ পৰিছিল৷ শাক-পাচলিসমূহত ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু গুণগত মান নিৰূপক সংস্থা (FSSAI)-এ শাক-পাচলিত লেডৰ পৰিমাণ ২.৫ মিলিগ্ৰাম প্ৰতি কেজি হিচাপত থাকিলে কোনো অপকাৰ নহয় বুলি থিৰাং কৰিছিল৷ তেনে স্থলত দিল্লীৰ উক্ত অঞ্চলসমূহৰ শাক-পাচলিত সীহৰ পৰিমাণ প্ৰতি কেজিত ২. মিলিগ্ৰামৰ পৰা ১৩. মিলিগ্ৰাম পোৱাটোৱে সকলোকে চিন্তিত কৰি তুলিছে৷ সীহৰ এই উপস্থিতিৰ কাৰণ হিচাপে মাটিত মিহলি হোৱা বিভিন্ন কীটনাশক, ৰং, বেটাৰী, গেৰেজৰ আৱৰ্জনা, পলিথিন আদিয়েই মূল কাৰণ বুলি চিহ্নিত কৰিছে৷ খাদ্যত সীহৰ বিষক্ৰিয়া ঘটিলে কেঞ্চাৰ বা কৰ্কট ৰোগৰ লগতে দেহৰ অংগসমূহৰ বিভিন্ন বেমেজালিৰ সৃষ্টি কৰি সুস্থ ব্যক্তি এজনক চিৰৰুগীয়া কৰি তুলিব৷ যমুনাৰ পাৰত উৎপাদিত হোৱা পানীলাওত বিশেষজ্ঞসকলে ২৮.০৬ পিপিএম পৰিমাণৰ সীহ, ১৩৯.৯০ পিপিএম পৰিমাণৰ মাৰ্কাৰি বা পাৰা আৰু ৩১৮.৭০ পিপিএম পৰিমাণৰ আৰ্ছেনিক পাইছে৷ নিয়মানুসৰি সীহ আৰু মাৰ্কাৰি থাকিব লাগিছিল ০.১ পিপিএম আৰু ১.০ পিপিএম৷ তাতোকৈ আচৰিত কথাটো হল খাদ্য সুৰক্ষা আৰু গুণগত মান নিৰূপক সংস্থাই আৰ্ছেনিকৰ সুৰক্ষিত উপস্থিতিৰ পৰিমাণ বৰ্তমানলৈকে নিৰ্ধাৰণ কৰা নাই৷ কাৰণ অনুষ্ঠানটোৱে কল্পনাও কৰা নাছিল যে শাক-পাচলিত আৰ্ছেনিকৰ উপস্থিতি পোৱা যাব৷ গতিকে যমুনাৰ সেউজীয়া আৰু সজীৱ শাক-পাচলিয়ে আমাৰ দেহলৈ মাৰাত্মক ৰোগহে কঢ়িয়াই আনিছে৷

নদীৰ কাষ বা অন্য ঠাইৰ গধুৰ ধাতুৰে প্ৰদূষিত মাটিত আমি প্ৰায়ে খেতি কৰোঁ৷ এই মাটিত হোৱা শস্যই মাটিৰ পৰা কেড্‌মিয়াম, ক’পাৰ, নিকলে, জিংক্, আৰ্ছে‍নিক, সীহ আদি গধুৰ ধাতুসমূহ শিপাৰ যোগেদি শোষণ কৰি উদ্ভিদজোপাৰ ডা, পাত, ফলত জমা কৰি ৰাখে৷ এই ধাতুসমূহ আমি খোৱা শাক-পাচলি আৰু ফল-মূলৰ কাণ্ড, পাত আৰু ফলৰ পৰা আমাৰ দেহলৈ অতি সহজে সোমাই পৰে৷ এইবোৰ কাৰণত যমুনাৰ পাৰত খেতি কৰা শাক-পাচলিত মানৱ দেহৰ বাবে মাৰাত্মক গধুৰ ধাতুৰ অৱস্থিতি পোৱা গৈছে৷ আজিৰ তাৰিখত ভাৰতৰ প্ৰায় সকলো নদ-নদীয়েই মানুহৰ পেলনীয়া আৱৰ্জনা কঢ়িওৱা নলালৈ পৰিৱৰ্তন হৈছে৷ উদ্যোগৰ পৰা নিৰ্গত বৰ্জিত পানী, মাটিত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সাৰ, গছত ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ কীটনাশক, ঘৰ ৰঙীন কৰিবলৈ ব্যৱহাৰ কৰা ৰং, গাড়ী-মটৰত ব্যৱহাৰ হোৱা বিভিন্ন কুলাৰ, বিল, ডিজেলৰ উপৰি অন্যান্য আৱৰ্জনা, প্লাষ্টিকৰ সামগ্ৰী, ই-আৱৰ্জনা আদিয়ে সকলো নদ-নদী আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নৈখন, ত এসময়ত সংগীতসম্ৰাট ভূপেন হাজৰিকাই সাঁতুৰিছিল, মাছ মাৰিছিল আৰু আজি ভৰলু বুলি কলে ওকালি আহিবলৈ ধৰা এক অনুভৱ৷ ভৰলু নৈ কেতিয়াবাই মৰিল, এতিয়াৰখন কেৱল এটা মল কঢ়িওৱা নলাহে৷ বহুতৰে মনোভাব ভৰলুখন মৰিল আমাৰ কি হ? তেখেতসকলে বাৰু কি খাদ্য খায়? পুৱাতে ফুটপাথত ওলোৱা সজীৱ শাক-পাচলি, কচু-ঢেঁকীয়া আদি কিনি আনি ঘৰৰ পৰিয়ালক সুস্থ-সবল কৰিবলৈ প্ৰয়াস নকৰে জানো? ভৰলুৰ দৰে অন্য প্ৰদূষিত নৈ বা প্ৰদূষিত মাটিত উৎপাদিত শাক-পাচলি বা ফল-মূলৰ লগতে কচু-ঢেঁকীয়া আদিত গধুৰ ধাতুসমূহ নিশ্চয় থাকিব৷ পানীলাওৰ দৰে খাদ্যত সীহ, পাৰা আৰু আৰ্ছেনিক থকাটো কম মাৰাত্মক কথানে? অৰ্থাৎ আমাৰ কৃতকৰ্মৰে অভিশাপস্বৰূপে এই গধুৰ ধাতুসমূহে খাদ্যৰ জৰিয়তে গুপ্তঘাতকৰ দৰে হত্যালীলা আৰম্ভ কৰিছে৷ আমাৰ জীৱনশৈলী উন্নত কৰিবলৈ প্ৰকৃতিৰ বুকুত এৰি দিয়া ধাতুসমূহ খাদ্যৰ মাজেৰে আমাৰ দেহত সোমাই আমাৰে মৃত্যু ঘণ্টা বজাবলৈ আৰম্ভ কৰিছে৷

২০১৫ চনৰ বিশ্বৰ ভূমি সম্পদ স্থিতাৱস্থাৰ প্ৰতিৱে‍দনত (SWSR) মাটিত নিহিত হৈ থকা গুপ্তঘাতক গধুৰ ধাতুসমূহ যি খাদ্যৰ জৰিয়তে মানৱ শৰীৰলৈ প্ৰৱাহিত হৈছে, সেইসমূহ চিনাক্ত কৰি উলিয়াইছে৷ খাদ্যত পোৱা এই গধুৰ ধাতুসমূহ হ সীহ, কেড্‌মিয়াম, পাৰা, আৰ্ছেনিক, পলিক্লৰিনেটেড বাইফিনাইল্‌ছ (PCB) আৰু পলিচাইক্লিক এৰমেটিক হাইড্ৰকাৰ্বন (PAH)-ৰ লগতে এণ্টিবায়টিকৰ দৰে অন্যান্য চিকিৎসাজাত আৱৰ্জনা আদি৷ এই গধুৰ ধাতুসমূহৰ উৎস হ

কল-কাৰখানাৰ লগতে উন্নয়নমূলক কামসমূহ : শিল্প বিপ্লৱৰ পাছৰ পৰা মানৱ সভ্যতাৰ উন্নয়নৰ নামত উদ্যোগীকৰণৰ লগতে চহৰীকৰণ, ৰাস্তা-ঘাট আদিৰ উন্নয়নৰ বাবে আমি দৈনিক গধুৰ ধাতুসমূহ মাটি আৰু পানীত এৰি আছোঁ৷

কৃষি-কাৰ্য আৰু পশুপালন : বিশ্বত জনসংখ্যা বিস্ফোৰণৰ পৰিণতিত আমি খাদ্যশস্যৰ চাহিদা পূৰণ কৰিবলৈ নতুন ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিবলৈ লৈছোঁ৷ কৃষি-কাৰ্যত ব্যৱহৃত এই নতুন উপাদানসমূহ প্ৰাকৃতিক ৰসায়ন নোহোৱাৰ বাবে ইহঁত সহজে মাটিত মিলি নাযায়৷ এইবোৰ মাটি আৰু পানীৰ লগত একে অৱস্থাতে থাকি শাক-পাচলিৰ জৰিয়তে আমাৰ খাদ্যৰ তালিকাত সোমাই পৰে৷ যাৰ পৰিণতিস্বৰূপে সমগ্ৰ জীৱজগতৰ খাদ্যশৃংখলক প্ৰভাৱিত কৰি তুলিছে৷

যাতায়াত আৰু যোগাযোগ ব্যৱস্থা : যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে পৰিৱেশত কিছুমান নতুন প্ৰদূষকে‍ দেখা দিছে৷ যেনে গাড়ীৰ পেলনীয়া টায়াৰ, ইন্ধনৰ দহন, বিল, কুলাৰৰ লগতে গাড়ীৰ ক্ষয় হোৱা অংশবোৰে গধুৰ ধাতু মাটি আৰু পানীত মিহলি হোৱাত ক্ৰিয়া কৰি আছে৷

২০১৫ চনত বছৰজুৰি পালন কৰা আন্তৰ্জাতিক ভূমি বৰ্ষৰ মূল উদ্দেশ্য আছিল ‘‘স্বাস্থ্যৱান ভূমিতহে সেউজ সপো দেখিব পাৰোঁ’’৷ অৰ্থাৎ প্ৰদূষিত বা অস্বাস্থ্যকৰ ভূমিত উৎপাদিত সকলো বস্তুৱেই বিহ হৈ পৰে৷ গছৰ শিপাই মাটিত থকা সকলো গধুৰ ধাতু কাণ্ড, ফল-মূল, পাত আদিত সঞ্চিত কৰি ৰাখে৷ এই পাত, ফল-মূল, কাণ্ড আমি প্ৰাণীবোৰে খাদ্য হিচাপে গ্ৰহণ কৰি অলাগতিয়াল আৰু দেহৰ বাবে মাৰাত্মক গধুৰ ধাতুসমূহ গ্ৰহণ কৰি সমগ্ৰ পৰিৱেশতন্ত্ৰটোৰ স্থিতাৱস্থাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হৈছে৷

সহকাৰী শিক্ষক 
চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়
বিশ্বনাথ, অসম, 
ভ্ৰাম্যভাষ: ৯৮৬৪৩৬৬১৬১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ