অন্যযুগ/


কফিন

মূল : ৱি‍লিয়াম ষ্টেনলি ব্ৰেথৱেট
অনুবাদ : মৌচুম বৰুৱা
পৃথিৱীৰ বুকু সাবটি
শুই আছোঁ—
কবৰৰ অন্ধকাৰত৷
য’ত ঘৃণা নাই, চতুৰতা নাই, জ্ঞান নাই
আৰু নাই সেই সকলো
যি ম্লান কৰি দিয়ে মানুহৰ আত্মিক বন্ধুত্বক৷

সকলো কাম শেষ কৰি মই আঁতৰি গৈছিলোঁ
তৃপ্ত হৃদয়েৰে৷
এতিয়া স্বপ্নহীন নিদ্ৰাৰ গভীৰতাত
কিমান যে সময় পাৰ হৈ গ’ল, তাৰ নাই একো খতিয়ান৷
ইয়াত এতিয়া মাথোঁ
শব্দহীন, দৃষ্টিহীন, গভীৰ নিঃসঙ্গতা৷ 

তোমালোকৰ পৃথিৱীৰ একোৱেই
ইয়াত মোক জগাব নোৱাৰে—
গোলাপৰ ৰং, নূপুৰৰ সিঞ্জন, গানৰ মূৰ্ছনা
মদিৰাৰ ৰাগী অথবা আন একোৱেই নোৱাৰে৷
কাৰণ, ইয়াত নাই
ছয় ঋতু, ৰাতিৰ অন্ধকাৰ, কিম্বা
সূৰ্যৰ আলোক উজ্জ্বলতা৷


অনুবাদকৰ টোকা :

ৱি‍লিয়াম ষ্টেন্‌লি ব্ৰেথৱেট বিংশ শতিকাৰ এগৰাকী উল্লেখযোগ্য আফ্ৰিকান মূলৰ কবি, সাহিত্য সমালোচক আৰু নৃতত্ত্ববিদ৷ তেখেতৰ জন্ম ৬ ডিচেম্বৰ ১৮৭৮ চনত আৰু মৃত্যু  ৮ জুন, ১৯৬২ তাৰিখে৷ আমেৰিকাত বসবাস কৰা আফ্ৰিকান মূলৰ কৃষ্ণাঙ্গসকলে সন্মুখীন হোৱা বৰ্ণবৈষম্যই আছিল ব্ৰেথৱেটৰ কবিতাৰ মূল উপজীব্য৷ তেখেতৰ প্ৰকাশিত উল্লেখযোগ্য কাব্য গ্ৰন্থকেইখনমান হ’ল— ‘Lyrics of Life and Love’ (১৯০৪), ‘The House of Falling Lovers’ (১৯০৮), ‘Selected Poems’ (১৯৪৮) ইত্যাদি৷

ঠিকনা :
জ্যোতিবন
ডিব্ৰুগড়— ৭৮৬০০৩
ভ্ৰাম্যভাষ - ৯৯৫৪৪৮০০৫৯
ৰূপনগৰ, দূৰদৰ্শন কেন্দ্ৰৰ সমীপত

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ