অন্যযুগ/


দ্বিতীয় আগমন

অনুবাদ কবিতা :

The Second Coming – W.B. Yeats

অনুবাদ: ড পোনা মহন্ত

(প্ৰখ্যাত আইৰিশ্ব্‌ কবি ৱিলিয়াম বাট্‌লাৰ য়েট্‌ছৰ (William Butler Yeats, 1865– 1939) The Second Coming নামৰ কবিতাটো আধুনিক পাশ্চাত্য সাহিত্যৰ উৎকৃষ্ট সৃষ্টিসমূহৰ অন্যতম বুলি সমালোচকসকলে ভাবে৷ বাইবেলৰ Revelation খণ্ডত উল্লিখিত যীশু খ্ৰীষ্টৰ ‘ছেকেণ্ড কামিং’-ৰ কাহিনীৰ আধাৰত চিত্ৰকল্প নিৰ্মাণ কৰি কবিয়ে কবিতাটোত প্ৰথম মহাসমৰ, ৰুছ বিপ্লৱ আৰু আইৰিশ্ব্‌ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত য়ুৰোপ তথা পাশ্চাত্য জগতৰ সামাজিক, ৰাজনৈতিক আৰু বৌদ্ধিক পৰিস্থিতি চিত্ৰিত কৰিছে৷ য়েট্‌ছে বিশ্বাস কৰিছিল যে মানৱ সমাজৰ ইতিহাস এক প্ৰকাৰ চক্ৰানুক্ৰমিক (চাইক্লিক্‌: চক্ৰৱৎ) গতিৰে পৰিৱৰ্তিত হৈ থাকে: বৌদ্ধিক আৰু আধ্যাত্মিক শক্তি আৰু উৎকৰ্ষৰে বিশিষ্টতা লাভ কৰা এটা যুগৰ পাছত দৈহিক আৰু পাশৱিক শক্তিৰে বলীয়ান যুগ এটা আৰম্ভ হোৱাটো স্বাভাৱিক আৰু অৱশ্যম্ভাৱী৷ গ্ৰীক-ৰোমান যুগৰ পাছত আহিল খ্ৰীষ্টিয়ান যুগ৷ কবিৰ মতে খ্ৰীষ্টিয়ান সভ্যতা প্ৰধানতঃ আধ্যাত্মিক আৰু বৌদ্ধিক সভ্যতা, আৰু একবিংশ শতিকাত যি সভ্যতা বা যুগৰ সূচনা হ’ব, সেইটো হ’ব অৰাজকতা আৰু পাশৱিক শক্তিৰ উত্থানৰ যুগ৷ সেয়ে তেওঁ যি ছায়ামূৰ্তি (Vision) দেখিবলৈ পাইছে, সেইটো যীশুৰ দ্বিতীয় আগমন নহয়; ই হ’ল স্ফিংক্সৰ (Sphinx) লেখীয়া এক অদ্ভুত জন্তুৰ আগমন, যি যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে পৃথিৱীলৈ আহে৷ এণ্টি-ক্ৰাইষ্ট (Anti-Christ) বা যীশুবৈৰী এই ভয়ানক শক্তিৰ আগমনে অন্ধকাৰ আৰু ধ্বংসমুখী যুগৰ সূচনাৰ ইংগিত দিয়ে৷ কবিতাটোত স্পষ্টকৈ প্ৰকাশিত হোৱা নাই যদিও য়েট্‌ছে‍ বিশ্বাস কৰা ইতিহাসৰ বিৱৰ্তন সূত্ৰমতেই এইটো ইংগিত পোৱা যায় যে যীশুৰ দ্বিতীয় আগমনে এই অন্ধকাৰ যুগ ধ্বংস কৰি পুনৰ বিশ্বত ন্যায়, সততা আৰু বৌদ্ধিকতাৰ যুগ প্ৰৱৰ্তন কৰিব৷

ক্ৰিষ্টিয়ান মিথ’লজিৰ চিত্ৰকল্প প্ৰয়োগ কৰা বাবে আৰু কেতবোৰ শব্দ আৰু প্ৰকাশভংগীৰ বাবে এই কবিতাটো অসমীয়া বা ভাৰতীয় ভাষালৈ অনুবাদ কৰা সহজ নহয়৷ তথাপি কবিতাটো অসমীয়ালৈ ভাঙিবলৈ প্ৰয়াস কৰা হ’ল৷ সাম্প্ৰতিক প্ৰাসংগিকতাৰ বিষয়টো পাঠকসমাজলৈ এৰিলোঁ৷)

 

দ্বিতীয় আগমন

 

শংকুটোত ঘূৰ্ণায়মান শেনটোৱে

নুশুনা হয় শেনচোৱাৰ কথা;

ভাগি-ছিগি পৰিছে সকলো; ঢিলা হৈছে কেন্দ্ৰৰ মুঠি;

অৰাজকতাৰে প্লাৱিত পৃথিৱী;

চৌপাশে তেজৰ জোৱাৰ, আৰু সৰ্বস্থানত

সৰলতাৰ হৰলুকি;

উত্তমৰ অভাৱ ঘটিছে প্ৰত্যয়ৰ

আৰু প্ৰৱলভাৱে উত্তেজিত অধমসকল৷

নিশ্চয় কিবা এটা প্ৰকট হওঁ হওঁ;

হয়তো দ্বিতীয় আগমন সমাগত৷

তেনেতে দৃষ্টি মোৰ ধূসৰিত কৰিছে

কিম্ভূত-কিমাকাৰ এক মূৰ্তিয়ে৷

মৰু-বলুকাৰ কোনোবা প্ৰান্তৰ পৰা

সিংহৰ শৰীৰ আৰু মনিচৰ শিৰযুক্ত

সূৰ্যসদৃশ নিৰুদ্বেগ আৰু নিৰ্দয় চাৱনিৰে

উৰু দাঙি ধীৰে ধীৰে আগবাঢ়ে এই ছায়ামূৰ্তি;

ইয়াৰ চৌপাশে উৰিছে ঘৃণা আৰু ক্ৰোধৰ প্ৰকাশেৰে

মৰুপ্ৰান্তৰ পখীকুল৷

অন্ধকাৰ নামিছে পুনৰ, কিন্তু মই বুজিছোঁ

কুৰিটা শতাব্দীৰ শিলাবৃত নিদ্ৰা

ভংগ কৰিছে এটি শিশুৱে৷

আৰু কি যে ৰুক্ষ জানোৱাৰ!

আগমনৰ সময় হোৱাত

ধীৰ আৰু আপচু খোজেৰে আগুৱায়

বেথ্‌লিহেমত জন্মিবৰ বাবে?

টোকা :

Gyre: আইৰিশ্ব্‌ শব্দ, সূতা কাটিবলৈ ব্যৱহাৰ কৰা মহুৰাৰ নিচিনা এটা সাধন (আকৃতিত শংকুৰ দৰে)৷ এই সাধাৰণ বস্তুটোক কবিয়ে মানৱ সভ্যতাৰ ইতিহাসৰ এক প্ৰতীকৰূপে প্ৰয়োগ কৰিছে৷ দুটা শংকুক এটাৰ সৰু আগটোৰে ইটোৰ বহল ভূমি অংশ (Base) স্পৰ্শ কৰাকৈ ছবি আঁকি কবি য়েট্‌ছে ইতিহাসৰ পৰিৱৰ্তনশীল পৰ্যায়ৰ ব্যাখ্যা কৰিবলৈ বিচাৰিছে৷ তেওঁৰ মতে এটা পৰ্যায় বা যুগৰ পৰিসৰ সাধাৰণতে দুহেজাৰ বছৰৰ৷

Falcon... falconer: শেন আৰু শেনচোৱাৰ (শেনৰ প্ৰশিক্ষক/ গৰাকী) সম্পৰ্কৰ যোগেদি কবিয়ে যীশু আৰু গীৰ্জাৰ মাজৰ মধ্যযুগীয় সম্পৰ্কৰ প্ৰসংগ টানি সাম্প্ৰতিক কালত মানুহৰ চিন্তাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱাৰ যি অৱস্থা, তাৰ ইংগিত দিছে৷ শাসিতৰ ওপৰত শাসকৰ নিয়ন্ত্ৰণ নোহোৱাৰ কথাও সূচাইছে৷

Spiritus Mundi: Spirit of the World. য়েট্‌ছৰ মতে প্ৰতিজন ব্যক্তিৰ মন বা চিন্তাশক্তি এক ব্যাপক সমষ্টিগত বুদ্ধিমত্তাৰ (Collective intelligence) সম্পৰ্কিত, যিটোৱে ব্যক্তিৰ মনত কেতবোৰ বিশ্বজনীন প্ৰতীক জন্মোৱাত সহায় কৰে৷ কবিতাটোৰ পিছৰ শাৰীকেইটাত বৰ্ণনা কৰা ছায়ামূৰ্তিটো কবিৰ মনৰ এনে ধৰণৰ এক সৃষ্টি৷

(অনুবাদকাল: ২০১২ চন)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ