অন্যযুগ/


উত্তৰ সত্য

দিগন্ত শইকীয়া


এই যে আমি কওঁ কাউৰী টেঙৰ বৰ

ই সত্য নহয়

 

অনেক মাধ্যমৰ চিকাৰ কাউৰী

চাবলটাৰ্ন কাউৰী

খাটিখোৱা কাউৰী

জমাদাৰ কাউৰী

 

কুলিৰ মিঠা মাত শুনিলেই কাউৰীলে’ মনত পৰে

যিমান কবিতা যিমান গান যিমান সাধু কুলিক লৈ আছে

সিমান কবিতা সিমান গান সিমান সাধুৰ নেপথ্য কাউৰী

 

কোনে কাৰ বাহত কণী পাৰে

কোনে ডেউকাত জুই বান্ধি আওমৰণে মৰে

কোনে কাৰ ভোকৰ মঙহ তোষামোদৰ ডাঁৰিকীৰে সৰুৱাই নিয়ে

 

কোন কৃষ্ণাংগ কাহিলি পুৱাতে কপাহ খেতিত নামে

লেদেনা ওকটে কোনে

 

কান্ধ সলাই কাণ সলাই

এক প্ৰকল্প... এক অভিপ্ৰায়...

এক প্ৰক্ষেপণ... উত্তৰ সত্য

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ