অন্যযুগ/


ভাব বিতান

ননী বৰদলৈ

 

বাঁহীৰ মাত এটা ঢপলিয়াই আহিছে

বাঁহীত ৰাতিৰ সুৰ

বাঁহীটোৰ সুৰত উটি আহিছে দুটি জোনাকী৷

             ***

 মেঘৰ আঙুলিৰ ফাঁকেৰে

কেইটোপালমান বৰষুণ সৰি পৰিছিল

পানীপিয়াজনী চিঞৰি চিঞৰি উৰি গল৷

            ***

বৰষুণৰ পাছত গো-বাটটোৰ গৰুৰ খোজত

অগণন জোন

আকাশত মাথোঁন এটা৷

            ***

ৰজনীগন্ধা এজোপা ফুলিলেই

বতাহজাক মতলীয়া হয়

মদাৰজোপাই নীৰৱে উচুপে৷

           ***

দুখ এটাই বুকুখন যেতিয়া দ-কৈ খান্দে

দুখন সাগৰৰ লহৰে

ওপচাই পেলায় কূল, দোকোলটকা বানেৰে৷

 

কবিৰ ঠিকনা:
বৰডুবি
ডাক :   হুগ্ৰীজান৷
পিন : ৭৮৬৬০১
জিলা : তিনিচুকীয়া৷
৯৪৩৫১৩৫৮৫০/ ৭৫৭৫৯৬৭৩৭২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ