অন্যযুগ/


জোনালী

 অত্ৰেয়ী গোস্বামী



 

মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷ পিছৰ বিধে পাতলকৈ গুলপীয়া ৰঙৰ আভাস এটা দিয়ে৷ তাইৰ ছালখন সেইটো ৰঙৰ৷ কাম কৰোতে গালদুখন টিক্‌টিক্‌কৈ ৰঙা পৰি থাকে৷ ওখ ছফুটমানেই হ’ব৷ ওখই শকতে মিলা৷ তাইৰ কামবোৰ বৰ লেহেমীয়া, হ’লেও নিৰহ-নিপানী৷ সেয়েহে বৰানী খুড়ীৰ সোঁহাত যেন৷ আমাৰ ঘৰৰ পিছফালে ঢাপৰ সিপাৰে এনেয়ে থকা মাটিখিনিতে একোঠলীয়া জুপুৰি এটাত সিহঁত থাকিছিল৷ তাই, গিৰীয়েক, ছোৱালীজনী আৰু এমূৰ জপৰা বগা চুলিৰ শাহুৱেকজনী৷ ৰাতি হ’লে মানুহটোৰ গগন ফলা আটাহকেইটাই যিমান পৌৰুষত্ব জাহিৰ কৰে পুৱা হ’লে মানুহজনীৰ জঠৰ কঁকাল আৰু সেৰ পতা পিঠিটোৱে সেই অহংকাৰ নিমিষতে উৰুৱাই লৈ যায়৷ পুৱা তাই সুদা পেটেৰে হাজিৰা কৰিবলৈ ওলায়৷ সিও চাধা এপালি মুখত সুমুৱাই দা এখন কাষলতিৰ তলত ভৰাই কোঁ-কোঁৱাই ওলাই গুচি যায়৷ আগদিনাৰ নিচা থাকেই৷ ছোৱালীজনীৰ বাবে চৰুত চাউল সিজোৱা থাকে৷ অঙঠাৰ মাজত পোৰা আলু এটাও থাকে৷ তাকে খাই তাই স্কুললৈ যায়৷ তাইৰ বাবে দুপৰীয়া সাঁজৰ চিন্তা নাথাকে৷ সকলো কামে-কাজে ওলাই যোৱাৰ পাছত বুঢ়ী মানুহজনীয়ে আৰ ঘৰে তাৰ ঘৰে চাহ পানী এটোপা বিচাৰি ফুৰে৷

এইখিনিলৈকে কথাবোৰ সৰল ৰেখা এডালৰ দৰে পোন৷ আকৰ্ষণ বুলিবলৈ একো নাই৷ পাঠকেও আমনি পাব লগীয়াহে৷ কাৰণ, এনেকুৱা এটা আৰম্ভণি মুঠেই আশা কৰা নাযায়৷ কিন্তু ইয়াৰ আগলৈকে মই সেই ধুনীয়া আটিল দেহৰ তিৰোতাগৰাকীৰ নামটোকে জনা নাছিলোঁ৷ তাই কেতিয়াবা আমাৰ ঘৰতো লাচনি-পাচনি কৰি দিছিলহি৷ মানুহজনীয়ে বৰকৈ কথা নকয়৷ গতিকে আমাৰ মাজত বিশেষ কথা-বতৰা নহৈছিল৷ ছোৱালীজনীৰ পঢ়া-শুনাৰ ইটো-সিটো খবৰ দিনটোৰ হাজিৰাৰ টকাকেইটা দিওঁতেই যি লৈছিলোঁ৷ তেতিয়াই এটা কথা বুজা গৈছিল যে কোনো দিনে হাঁহি এটা নসৰকা এই তিৰোতাগৰাকীৰ নাম জোনালী৷

জীৱনটো বৰ বিচিত্ৰ৷ কেতিয়া কোন দিশে গতি কৰিব কোনেও নাজানে৷ এটা কথা ঠিক যে, জীৱনৰ পকনীয়াতকৈ নদীৰ পকনীয়া ভাল৷ জীৱনৰ পকনীয়াই মানুহবোৰক বোবা কৰি পেলায়৷ এই জীৱন অনেক কথাৰ সমাহাৰ৷ এই কথাবোৰে মানুহক খোলা এটাৰ ভিতৰলৈ ঠেলি নি থাকে৷ খোলাটোৰ ভিতৰত মানুহবোৰে কথাৰ দ’ম একোটা পহৰা দি থাকে৷ এনেকুৱা অনেক কথাৰ ৰখীয়া হৈ থকা জোনালীয়ে মোক এদিন বাতৰি এটা হৈ মেৰিয়াই ধৰিলেহি৷ মেৰটো বিজলুৱা অজগৰ এটা যেন লাগিল৷ মই বৰ ভয়ে ভয়ে নিজকে মুক্ত কৰিবলৈ যত্ন কৰিলোঁ৷

এদিন মই বৰানী খুৰীৰ ঘৰলৈ গৈছিলোঁ৷ জোনালীয়ে ঘৰ মচি আছিল৷ তাই ৰঙীন বোৱা মেখেলা এখনৰ সৈতে পকোৱা সূতাৰ চাদৰ এখন গাত মেৰিয়াই লৈছিল৷ হাত খঁৰা ৰঙা ব্লাউজটো দেখিলেই গম পোৱা যায় যে গৰমৰ দিন বাবে হাতটো কাটি তাই নিজেই চিলাই কৰি লৈছে৷ (ঠাণ্ডা দিনত লগাই ল’বলৈ তাই বাৰু ব্লাউজৰ হাত দুটা ক’ত থৈছিল?) চাদৰখন জোনালীৰ বাবে অলপ চুটি হৈছিল৷ মই তাইলৈ চাই আছিলোঁ৷ গাল দুখন টিক্‌টিকিয়া ৰঙা৷ আমাৰ বিশেষ কথা পতা নহ’ল৷ মই খবৰ লওঁতে তাই কৈছিল যে সিহঁত আজিকালি আমাৰ পিছফালে নাথাকে, নিজৰ ঘৰলৈ গ’ল৷ কথাটো শুনি কিবা এটা ভাল লাগিল৷ বৰানী খুড়ী কেই বছৰমানৰ বাবে আঁতৰৰ টাউন এখনলৈ যাব৷ ল’ৰা-ছোৱালীহালে ভাল ঠাইত পঢ়াৰ সুযোগ পাইছে৷ তেৱোঁ লগতে থাকিবগৈ ভাড়া ঘৰ লৈ৷ ঘৰত খুড়া অকলে থাকিব৷ মই খা-খবৰ লৈ ঘূৰি আহিলোঁ৷

হঠাতে হোৱা অসুস্থতাই মানুহৰ সৈতে মোৰ যোগাযোগ নোহোৱা কৰিলে৷ মই অলপ ভয় খাইছিলোঁ৷ মানুহৰ স্বাস্থ্যই আচল সম্পদ৷ স্বাস্থ্যৰ হীন-ডেঢ়ি হ’লে সকলোতে আউল লাগে৷ বাৰে বাৰে নাভাবোঁ বুলি একাষৰীয়া কৰি থোৱা কথাবোৰে মগজুটো তোলপাৰ লগাই থাকে৷ তেনেকুৱা সময়বোৰতে এদিন বৰানী খুড়ী আহিছিল আমাৰ ঘৰলৈ৷ মই এফালৰ পৰা মোৰ কথাবোৰ কৈ গ’লো৷ তেওঁ বৰ বিশেষ গুৰুত্ব নিদিয়া যেন লাগিল৷ মোৰ খুব বেয়া লাগিল৷ মই তেওঁ মোৰ খবৰ ল’বলৈ অহা বুলিয়েই ভাবিছিলোঁ৷ পিছে মানুহজনীক বৰ ভাবুক যেনো লাগিল৷ আচম্বিতে তেওঁ মোৰ হাতখন থাপ মাৰি ধৰি হুকহুকাই কান্দি পেলালে৷ মই হতভম্ব হ’লোঁ৷ কি কৰোঁ কি নকৰোঁকৈ তেওঁৰ হাতৰ ওপৰত মোৰ হাত থৈ যিমান পাৰোঁ সিমান কোমলকৈ তেওঁলৈ চালোঁ৷ মোৰ দৃষ্টিত আছিল অনেক প্ৰশ্ন৷ তেওঁ তৎপৰ হ’ল আৰু ক’বলৈ আৰম্ভ কৰিলে-

: তাই মৰি থাকিল অ’?

: কোন?

: জোনালী৷

মোৰ মুখৰ মাত নোহোৱা হ’ল৷ মানুহ এনেকৈ নোহোৱা হয়নে? সেইহেনজনী গজগজীয়া মানুহ নোহোৱা হ’লনে? মই কোনোমতে নিজকে চম্ভালি ল’বলৈ চেষ্টা কৰিলোঁ৷ ভিতৰি থৰথৰকৈ কঁপনি উঠিছিল মোৰ৷ জোনালীৰ মৃত্যুৰ খবৰটোৱে মোৰ দুৰ্বল মন আৰু শৰীৰ বাৰুকৈয়ে জোকাৰি পেলালে৷ মই নিজকে চম্ভালি কিবা এটা ক’বলৈ লওঁতে মাতটো বৰ নিশকতীয়া হৈ ওলাল৷

: তাইৰ কি হৈছিল খুড়ী?

এইবাৰ বৰানী খুড়ী মোৰ কাষ চাপি বহিল৷ তেওঁ শাৰীৰ আচলেৰে নাক-মুখ মোহাৰি সোঁতসোঁতাই থাকিল৷ মই কোনোমতে পানী এগিলাছ আনি দিলোঁ৷ তেওঁ কোট্‌কোটকৈ পি থ’লে, যেন বহুদিনীয়া পিয়াহে মানুহজনীক চেপি-খুন্দিহে আনিব খুজিছিল৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈ তেওঁ ক’লে, “তাইক গিৰীয়েকে ডোখৰ ডোখৰকৈ কাটি পেলালে৷” মই বহা ঠাইতে ঢলি পৰিলোঁ৷ এই কথাটো শুনাৰ পিছত প্ৰকৃতিস্থ হ’বলৈ মোৰ বহুত দিন লাগিল৷ জোনালী বোলা সত্তা এটা মোৰ সৈতে এনেদৰে সংপৃক্ত হৈ পৰিল যে দিনে দিনে মোৰ প্ৰেছাৰ, হিম’গ্লবিন কমি কমি গৈ থাকিল৷ এদিন মোৰ শুভবুদ্ধি উদয় হ’ল৷ নিজক ভালে ৰখাৰ প্ৰতিশ্ৰুতি নিজকে দিলোঁ৷ নিজক আব্দাৰ কৰা হ’লোঁ৷ নিজলৈ মোহ বাঢ়িল৷ নিজৰ প্ৰতি থকা ভালপোৱাও মানুহৰ এক নিচা (আচলতে প্ৰেম মানেই নিচা)। মই আত্মপ্ৰেমৰ নিচাত বন্দী হৈ থকা সময়তো জোনালী হ’লে মোৰ কাষৰ পৰা আঁতৰি নগ’ল৷

ক্ৰমশঃ জোনালীৰ ঘটনাটো মানুহে পাহৰি পেলালে৷ নাপাহৰিলোঁ মই আৰু পাহৰিব নোৱাৰিলে বৰানী খুড়ীয়ে৷ তাইক পাহৰিবলৈ ওচৰ-চুবুৰীয়াৰ এসপ্তাহো নালাগিল। পাহৰি যাব পৰাটো মানুহে লাভ কৰা শ্ৰেষ্ঠ আশীৰ্ৱাদ৷ পাহৰিব নোৱাৰিলে কত যে বেমেজালি লাগিলহেঁতেন৷ জীৱশ্ৰেষ্ঠ হৈও মগজুৰ বিস্মৰণ ক্ষমতাৰ বাবেই মানুহে সময়ৰ শোক সময়ত পাহৰি যায়৷

বৰানী খুড়ীহঁত টাউনলৈ যোৱাৰ আগদিনা মই তেওঁলোকৰ ঘৰলৈ এনেয়ে এপাক গৈছিলোঁ৷ খুড়ীয়ে মোক হাতত ধৰি ভিতৰলৈ টানি নিয়াদি নিলে৷ তেওঁৰ চকু-মুখ উখহা৷ মই অলপ অপ্ৰস্তুত হ’লোঁ৷ তেওঁ মোক বহিবলৈ কৈ বাথৰূমত সোমাল৷ হয়তো মুখখন ধুই ল’লে! কোঠাটোত কাপোৰবোৰ, অত্যাৱশ্যকীয় বাচন-বৰ্তনবোৰ ভাগে ভাগে টোপোলা কৰি বান্ধি থোৱা আছিল৷ মই সেইবোৰকে চাই থাকিলোঁ দুই মিনিটমান৷ তেওঁ আহি মোৰ সন্মুখৰ বিছনাখনতে বহি ল’লে৷

“তাই কিবা জানিছিল৷ মানুহৰ ছিক্স ছেঞ্চ্ বুলিও কিবা এটা থাকে৷ নহ’লে তাই মোক সেইদিনাহে কথাবোৰ ক’ব লাগেনে? চোৱাঁচোন এইবোৰ সেইদিনা তায়েই ভাগে ভাগে জাপি থৈ গৈছিল৷ মই বোলোঁ, আজি নালাগে, আমি যাবলৈ সময় আছে নহয়৷ পাছত জাপিলেও হ’ব৷ নাই, তাই নুশুনিলে৷”

মই বুজিলোঁ, কথাবোৰে তেওঁক আমনি কৰিছে৷ 

: তাইনো আপোনাক কি কৈছিল?

: তাই সেইদিনা আহিয়েই ঝাৰুটো হাতত লৈয়েই মোক সুধিছিল, “বাইদেউ, আপুনিও মোক বেয়া তিৰোতা বুলি ভাবে নেকি?”

: তোকনো কোনে বেয়া বুলি ক’লে অ’ জোনালী?

:  বাইদেউ, মই এনেকুৱা নাছিলোঁ৷ মোৰ কাহিনী বেলেগ। আপোনাক ক’ম আজি৷

সমাজৰ এটা শ্ৰেণী কিছুমান কথাৰ প্ৰতি বৰ সচেতন৷ কোনোবাই বেয়া বুলি ভবাটো সিহঁতৰ বাবে বৰ লজ্জাজনক কথা৷ এই বেয়া আৰু ভালৰ কোনো ধৰা-বন্ধা সংজ্ঞা নাথাকে৷ জোনালীৰো তেনেকুৱাই হৈছিল৷ মানুহৰ বু-বু বা-বা তাইৰ কাণতো পৰিছিল৷ আমিহে একোৰে উৱাদিহ পোৱা নাছিলোঁ৷ যি কি নহওক বৰানী খুড়ীয়ে আকৌ ক’বলৈ আৰম্ভ কৰিলে৷

“জোনালী কাৰ ছোৱালী জানা? শইকীয়া ফাৰ্মাচীৰ মালিকৰ৷”

এইবাৰ মোৰ অবাক হোৱাৰ পাল৷ সেইজন মানুহ ধনে-মানে সমাজৰ আগশাৰীৰ মানুহ৷ তাতে মানুহজন বৰ নিৰহংকাৰী৷ মানুহে ভাল পায়৷ সমাজ প্ৰিয় মানুহ৷ সেইজন মানুহৰ ছোৱালী আছিল জোনালী? মোৰ বুজিবলৈ বাকী নাথাকিল যে কথাবোৰত বহুত পাক আছে৷

: দত্ত ছাৰ যে, তেওঁ জোনালীৰ দেওৰেক৷ 

: মানে অংকৰ দত্ত ছাৰ৷

: অঁ, অঁ৷

কেৱল অঞ্চলটোতে নহয় গোটেই জিলাখনতে অংকৰ শিক্ষক সমীৰ দত্তৰ এক বিশেষ স্থান আছে৷ মানুহৰ মতে তেওঁ অংকৰ বাঘ৷ অতি দুৰ্বল ল’ৰা-ছোৱালীয়েও তেওঁৰ ওচৰত পঢ়ি অংকত লেটাৰ পোৱাৰ উদাহৰণ আছে৷ আমি সকলোৱে তেওঁক সন্মান কৰোঁ৷ লৰা-ছোৱালীহঁতেও তেওঁক বৰ সমীহ কৰে৷ সেইজন দত্ত ছাৰেই জোনালীৰ দেওৰেক! মোৰ চকু ডাঙৰ হৈছে, মুখ মেল খাইছে৷ কথাবোৰ মোৰ কাৰণে আশ্চৰ্যকৰ হৈ পৰিছে৷ বৰানী খুড়ীয়ে কথাবোৰ কওঁতে মাজে মাজে নাক উজায়৷ শোকে তেওঁক খুন্দা মাৰি ধৰে৷

“শইকীয়াৰে ডাঙৰ জীয়েক জোনালী৷ যিবাৰ জোনালীৰ যঁজা ভায়েক-ভনীয়েকহালে নাম কৰি মেট্ৰিক পাছ কৰিছিল সেইবাৰ জোনালীয়ে কোনোমতে হায়াৰ ছেকেণ্ডাৰীৰ দেওনাখন পাৰ হৈছিল৷ ঘৰখনৰ বাবে সেইটোৱেই আছিল ডাঙৰ কথা৷ জোনালীয়ে পাছ কৰিব বুলি কোনেও আশাই কৰা নাছিল৷ পঢ়াৰ বাহিৰে তাই বাকী সকলো কাম ভালকৈ কৰিব পাৰিছিল৷ সেইবুলি পাকৈতো নাছিল৷ গতিকে মাক-দেউতাকে তলে তলে তাইক বিয়া দিয়াৰ কথা পাঙিলে৷ শেষত যেনিবা বন্ধুৰ বৰপুতেকৰ লগত জোনালীৰ বিয়া ঠিক কৰিলে৷ ল’ৰা সফল ব্যৱসায়ী৷ বয়সৰ পাৰ্থক্য অলপ বেছি হ’লেও ছোৱালীজনী ধনে-ধানে বিপদত নপৰিব বুলিয়েই ল’ৰাজনক দেউতাকে ঠিক কৰিলে৷ দত্ত পৰিয়ালৰ বৰবোৱাৰী হৈ জোনালীৰ জীৱন সুখেৰেই পাৰ হ’ল৷ বিয়াৰ পাঁচ বছৰৰ ভিতৰতে তাই ল’ৰা-ছোৱালী এহালৰ মাক হ’ল৷ অভাৱ কি, কামৰ বোজা কি তাই বুজিয়েই পোৱা নাছিল৷ 

পিছে কেণা লাগিল সপ্তমটো বছৰত৷ এদিন ৰাতি সিহঁতৰ ঘৰলৈ অহা ফোনকল এটাই জোনালীৰ জীৱনটোকে ওলট-পালট কৰি দিলে৷ ইথাৰৰ সিপাৰৰ পৰা ভাহি অহা অচিনাকি কণ্ঠটোৱে বিনাদ্বিধাই কৈ দিছিল যে “তোৰ গিৰীয়েৰ মৰিল৷ চাই যাহি আহ৷” সৰগ পৰা মানুহৰ দৰে তাই শিল হৈ পৰিছিল৷ দুয়োটা দেওৰেক ওলাই গৈছিল ককায়েকক বিচাৰি৷ পাছদিনাহে উদ্ধাৰ হৈছিল ছিৰিলাছিৰিল দেহাটো৷ এমা-ডিমা ল’ৰা-ছোৱালী দুটাৰ সৈতে মানুহজনীয়ে গোটেইখন ধুঁৱলি-কুঁৱলি দেখিলে৷ দিন যোৱাৰ লগে লগে মানুহৰ শোকবোৰ পাতলি যায়৷ সেই শোকৰ ঠাই আন কিছুমান দহনে দখল কৰি লয়৷ জোনালী কেতিয়াৰ পৰা নিজৰ ঘৰতে আলহী হ’ল তাই নিজেই তলকিব নোৱাৰিলে৷ তাহাঁত তিনিও ঘৰখনৰ বাকীবোৰৰ বাবে বোজা হৈ পৰিল৷ ডাঙৰ বোৱাৰীয়েকৰ শোৱনি কোঠাটোও ঘৰৰ বাহিৰ কৰা হ’ল৷ এইবোৰ কথা শইকীয়া পৰিয়ালে ঘুণাক্ষৰেও গমকে নাপালে৷ অৱশেষত ডাঙৰ দেওৰেক মানে দত্ত ছাৰে কৰি পেলালে সেই জঘন্য কাণ্ডটো৷

সেইখন ঘৰত চাকৰ-নাকৰৰ অভাৱ নাছিল৷ মিছাইলো আছিল তাতে৷ তেওঁলোকে তাক সৰুতেই আনিছিল৷ সি খেতি-খোলাৰ কাম কৰিছিল৷ বিয়া হোৱাৰে পৰা জোনালীৰ তাৰ লগত বিশেষ কথা-বতৰা নহৈছিলেই৷ তাইক কণমানি দুটাৰ সৈতে বাহিৰত থাকিবলৈ দিওঁতে সিহে মাত দিছিল৷ সেইটো কথাৰে অচিলা লৈ তাৰ লগত আগৰে পৰা তাইৰ লেটিপেটি আছে বুলি ধৰি-বান্ধি দুয়োটাকে দত্ত ছাৰে বিয়া পাতি দিছিল৷” এইখিনিলৈকে কৈ বৰানী খুড়ী অলপ ৰ’ল৷ মোৰ মানুহ নামৰ দুঠেঙীয়া প্ৰাণীটোলৈ ঘৃণা উপজিল৷ ছিঃ! দত্ত ছাৰৰ প্ৰতি তিলমানো ভাল ভাব নাথাকিল৷

“তাৰ পাছত কি হ’ল জানা? জোনালীৰ দেউতাকক তেওঁলোকে ক’লে বোলে সিহঁতৰ নাক-কাণ কাটি হালোৱাটোলৈ তাই পলাই গ’ল৷ ইপিনে মিছাইলৰ নিজৰ বুলিবলৈ থিয় দিবলৈও মাটি অকণ নাছিল৷ টেঁটুত আৰু তিনিটা প্ৰাণী৷ আগ-পিছ ভাবি তাই ল’ৰা-ছোৱালী দুটাক মাকৰ ওচৰত থৈ আহিল৷ সেই সুযোগতে কোনেও শুনিব নোখোজা কথাবোৰ ভায়েকে শুনিছিল৷ সুধিছিল সি কিবাকিবি৷ তাই মাত্ৰ সন্তান দুটা লঘোণে থাকিবলগীয়া নোহোৱাৰ ব্যৱস্থা এটা কৰি থৈ গুচি আহিছিল৷

তাৰ পাছত মিছাইল আৰু তাই ক’ৰবালৈ গুচি গৈছিল৷ সিহঁত ক’ত আছিল, কি কৰিছিল কোনেও খবৰ লোৱা নাছিল৷ কোনোমতে দুটা পেট পুহি তাহাঁত জীয়াই আছিল৷ কেই বছৰমানৰ পাছত তাহাঁতৰ ল’ৰা এটা হ’ল৷ তাৰ পাছত ছোৱালীজনী৷ চাৰিজনীয়া সংসাৰখনত অভাৱ বাঢ়িল৷ তাই দুঘৰমান মানুহ বেছিকৈ গোটালে৷ পাৰ্ট টাইম কৰে৷ তথাপি নুকুলায়৷ অভাৱৰ দিনবোৰতে মিছাইলৰ মদৰ নিচা বাঢ়ি যাবলৈ ধৰিলে৷ এদিন সুস্থ মগজুৰে চিন্তা কৰি দুয়োটা আকৌ নিজৰ ঠাইলৈকে ঘূৰি আহিল৷

ইয়াত মিছাইলে স্থায়ী কাম এটা গোটাই ল’লে৷ তায়ো কেইঘৰমানত ইটো-সিটো কৰি চলি থাকিল৷ ল’ৰাটোক মানুহ এঘৰত থ’লে৷ তাৰ বয়স তেতিয়া বয়স দহবছৰমান হ’ব৷ মানুহঘৰৰ কৃপাত সি দুশ্ৰেণীমান পঢ়িলেও৷ তেওঁলোকেই কলঘৰৰ কাম এটাত সুমুৱায়ো দিলে৷ ছোৱালীজনী ক্লাছ নাইন পাওঁতেই পলাই গ’ল৷ জোনালীয়ে ভালেই পালে। এনেয়েও জীয়েকক লৈ তাইৰ চিন্তা বাঢ়িছিল৷ এতিয়া অন্ততঃ ভোকত নাথাকে৷

লাহে লাহে জোনালীয়ে বেছিকৈ কাম কৰিবলৈ ল’লে৷ শৰীৰৰ যাতনা, মনৰ অশান্তি, জীৱনৰ থাউনি নোহোৱা গতি আৰু অপুষ্টিয়েও জোনালীৰ সৌন্দৰ্য ম্লান কৰিব পৰা নাছিল৷ জোন হেন জোনালী! মিছাইলৰ মদৰ নিচা বাঢ়ি বাঢ়ি গৈ থাকিল৷ সমানে বাঢ়িবলৈ ধৰিলে সন্দেহ৷ জোনালীয়ে ওচৰৰ দুটামান টেণ্ট হাউছৰ বাচন ধোৱাৰ কামো ল’লে৷ যিখন ঘৰত তাই দুহাতেৰে নোগোটালে চৰু নজ্বলে সেইখন ঘৰতে তাই অদৰকাৰী জীৱ এটাহে হ’ল৷ অশ্ৰাব্য গালি-গালাজ ওচৰ-চুবুৰীয়াৰ কাণতো ছিটিকি পৰিছিল৷ ল’ৰাটো ঘৰলৈ আহিলে বাপেক শান্ত হৈ থাকে৷ সি থকা মানুহঘৰৰে মাটি কেইলোচামান এনেয়ে পৰি আছিল৷ তাতে তাহাঁতক থাকিবলৈ দিলে৷ কোনোমতে চালিৰ পৰা ঘৰ নামৰ কিবা এটালৈ সিহঁতৰ উন্নতি হ’ল৷ পিছে যি যিমান পানীৰ মাছ৷ মিছাইলে ভাবিলে যে মালিকৰ লগত তাইৰ হলিগলি বেছি৷ সেইবাবেহে মাটি দিলে৷ এই কথাটোৱেই গৈ কোনোবাখিনি পালেগৈ৷ পুতেকে মাকক কাম কৰিবলৈ যাবলৈ মানা কৰা হ’ল৷ সি বেয়া পায়৷ পিছে তাই কাম নেৰিলে৷

সেইদিনা তাই হেঁহো-নেহো কৰি আছিল৷ মই তাইক পোহৰে পোহৰে যাবলৈ কৈছিলোঁ৷ ময়েই তাইক মৰিবলৈ পঠিয়ালোঁ সেইদিনা৷ ওচৰৰ কোনেও চিঞৰ এটাও নুশুনিলে৷ তাই আমাৰ ঘৰৰ পৰা যোৱাৰ পাছতে সি তাইক কাটি পেলালে৷ মাজনিশা থানালৈ গৈ ক’লেগৈ “মই মোৰ মাইকীটো কাটি পেলালোঁ”৷ তাৰ হাতত থকা দাখনত তেতিয়াও তেজ লাগিয়েই আছিল বোলে৷ পুলিচ আহি পোৱালৈ ডিঙিৰ পৰা ওলমি থকা মূৰটোৰে সৈতে টুকুৰা-টুকুৰ হৈ জোনালী তেজৰ ডোঙাত শ এটা হৈ ওপঙি আছিল৷”

কেঁচা মজিয়াত কেঁচা তেজৰ মাজত মই জোনালীক চুই চালোঁ যেন লাগিল৷ তেতিয়া বৰানী খুড়ী মোৰ ওচৰত নাছিল৷ মই একে জাপে উঠিলোঁ আৰু ঘৰলৈ আহি গোটেই কথাখিনি হুবহু লিখি থ’লোঁ৷ কেৱল এটা নিজা বাক্য লিখিব খুজিছিলোঁ জোনালীৰ বাবে৷ ক’তা মোৰ কলমটোৱে দেখোন নিলিখা হ’ল৷ চিঞাহী শুকাল হ’বলা৷ দোৱাতটো ওভতাই থৈও এটোপালো চিঞাহী নাপালোঁ৷ 

অৱশেষত ময়ো তেন্তে জোনালীৰ প্ৰতি অন্যায়হে কৰিলোঁ! এই সময়ত এটা কথাৰ সম্ভেদ বিচাৰি মই উৱাদিহ নোপোৱা হৈছোঁ৷ এই যে বৰানী খুড়ী, এওঁনো কোন? আমাৰ ওচৰত দেখোন বৰা উপাধিৰ কোনোৱেই নাই৷

ছেঃ! এটোপাল চিঞাহী পোৱা হ’লে!

মোৰ গা বেয়া হওঁতে মানুহবোৰে মোক মানসিক ৰোগী বুলি কৈছিল৷

                                    -------

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ