অন্যযুগ/


মন্দাকিনী

কৰিশ্মা জে. কে. বৈষ্ণৱী


কুঁৱলীৰ আচ্ছাদনত বুৰ যোৱা একা-বেঁকা বাটেৰে গন্তব্যস্থানৰ বহু কাষ পালোঁহি। এই যাত্ৰাৰ শেষলৈ আৰু মাথোঁ কিছু মাইল বাকী। এই যে আমি য'ত শেষ বুলি ভাবোঁ, তাত আচলতে আৰম্ভহে হয়- এনে এক ধাৰণা আছিল মোৰ। শৰতৰ প্ৰাকক্ষণ। পাহাৰীয়া বাটেৰে দলদোপ-হেন্দোলদোপকৈ টেক্সিখন আগ বাঢ়িছে। মেঘাচ্ছন্ন আকাশ ক্ৰমশঃ কিছু মুকলি হৈছে। হেঙুলী বেলিৰ ক্ষীণ আভা মোৰ গালে-মুখে পৰিছে। এঙামুৰি এটা দি দুভৰি মেলি দিলোঁ। দিনৰ চাৰে চাৰি বজাত পোৱাগৈ কথা, ভূমিস্খলনৰ বাবে ডেৰঘণ্টা সময় বেলি হ'ল। ভাগ্যে বৰ বিশেষ সংহাৰী নাছিল। প্ৰকৃতিৰ বুকুত মনুষ্যৰ যিমানেই অৱদমন চলিব সিমানেই মনুষ্য প্ৰকৃতিৰ তাণ্ডৱৰ ভুক্তভুগী হ'ব।

- সীতাকুঞ্জ,সীতাকুঞ্জ...

- মেডামজী আপ কিধৰ উতৰেংগে? গৌৰীকুণ্ড?

- হাঁজী।

ভাৰতভূমিৰ চাৰিধামৰ অন্যতম ধাম কেদাৰনাথ। তালৈ বুলিয়ে মোৰ এই যাত্ৰা। কেৱল মোৰেইনে? গৌৰীকুণ্ড শেষৰটো বেʼছ কেম্প। আজি নিশা তাৰেই কোনোবা এখন হ'ম ষ্টে'ত কটাই কাইলৈ পুৱাই কেদাৰনাথলৈ বুলি আগ বাঢ়িম। বৰ্তমানলৈকে মোৰ এয়াই পৰিকল্পনা। অৱশ্যে আমি ভবাৰ দৰেই কথাবোৰ নহয় অথচ নভৱাকৈয়ে বহু কিবাকিবি হৈ যায়।

- হাঁ মেডামজী হাম পহুঁছ গয়া।

- এৰা...

 

লোকে লোকাৰণ্য, বিৰ দি বাট নোপোৱা অৱস্থা। Google map-ত লʼকেচন উলিয়াই লʼলোঁ। "স্বাগতম হʼম ষ্টেʼ"। ৰাতিটো ইয়াতে কটোৱা যাওক! এটাচ্‌ড বাথৰুমৰ সৈতে ছিংগ্‌ল বেʼডৰ সুবিধাজনক এটা কোঠা। মই এই ক্ষেত্ৰত অভিজ্ঞ। কেইবছৰমান আগলৈকে লʼজ, হʼম ষ্টেʼ, কেম্পছাইটৰ কোঠালিবোৰেই মোৰ বাবে ঘৰ হৈ পৰিছিল। আজি জিৰʼ ফেষ্টিভেল, কাইলৈ হৰ্নবিল, পৰহিলৈ অʼৰেঞ্জ ফেষ্ট। Travel freak আছিল বেজিল। তাৰ সতেই মই বহু নেদেখা ঠাই দেখিলোঁ, নজনা কথা শিকিলোঁ, নুশুনা গীত শুনিলোঁ। সি খোদ য়ুকত কিমান বাৰ যে গাই শুনাইছিল, How many roads must a man walk down before you call him a man?

একাপ কাঢ়া কফিত চুমুক দিছোঁ, সতেজতাই দেহ জুৰ পেলাইছে। চিগাৰেটৰ কুণ্ডলি পকোৱা ধোঁৱাত সাঁচতীয়া ভাবনাৰ অগা-দেৱা। নিশাৰ গভীৰতাত একাকিত্বই বৰকৈ খাই মাৰে।

কাহিলিপুৱাতে সাৰ পালোঁ, সময় চাৰি বাজি পঞ্চল্লিছ মিনিট।

মৃত্যু এক শিল্প, সাহিত্যকে কৈ যোৱা কথা। মোৰ বাবে মৃত্যু জগতৰ এক নিদাৰুণ সত্য, যাৰ পৰা পৰিত্ৰাণ নাই। জীৱিত কালত ক'তবাৰ আমি এই সত্যক নেওচা দি জী উঠিব খোজোঁ। নিজকে ভাঙি-পাতি গঢ়া আৰু মৰহি যোৱাৰ পৰা কথমপি জী উঠাৰ মাজত বহুত তফাৎ। জন্ম-মৃত্যুৰ মাজত এডাল সাঁকো, মায়াৰ প্ৰপঞ্চ! কেতিয়া আৰু কিয় এই জগতৰ সকলো মায়া-মোহে লগ এৰা দিয়ে? জী উঠাৰ তাড়ণা হেৰায়?

পেটে কলমলাইছে। ধোঁৱাবলা ৰঙা চাহ আৰু গৰম গৰম মেগি খাম। পাহাৰত মেগি খোৱাৰ মজাই বেলেগ। বে'কপেক লৈ ট্ৰেকিং আৰম্ভ কৰি দিলোঁ। হওঁতে সহজ উপায় নোহোৱা নহয়। প্ৰায় ১৬ কিঃমিঃ এই বাট ইচ্ছা কৰা হ'লে চমুৱাই হেলিকপ্তাৰৰ জৰিয়তে ১৫ মিনিটৰ কৰিব পাৰিলোহেঁতেন। পিছে মনে নামানিলে। খোজেৰেই যাম। বোধহয় ৯-১০ ঘণ্টামান লাগিব। মোৰ খোজকঢ়াৰ অভ্যাস পুৰণি। বেজিলৰ সৈতে প্ৰাতঃভ্ৰমণৰ পৰাই আৰম্ভণি।

বতৰটো গোমা। এটোপ-দুটোপকৈ বৰষুণ সৰিছে। ফিৰফিৰীয়া বতাহ এছাটি বলিছে। চিৰবাচা পালোঁহি। চাৰিওফালে মাথোঁ সেউজীয়া আৰু সেউজীয়া। প্ৰকৃতিৰ কি অনুপম সৃষ্টি! পাহাৰৰ ঠায়ে ঠায়ে ঝৰ্ণা।পানীৰ সুৰসুৰণিৰ যি স্বৰ তাৰ মাদকতাই সুকীয়া। মোৰ কাষৰে‍-পাঁজৰে‍ অলেখ ভক্ত। কিছুৱে খচ্চৰ, পনি, পাল্কী ইত্যাদিৰ সহায় লৈছে। কʼভিডৰ আতংকত সকলোৰে শ্বাসৰুদ্ধ অৱস্থা আছিল, এতিয়া সেই আতংকৰ শাম কাটিছে। বোধহয়, সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে। ষাঠিৰ ঊৰ্ধৰ মহিলা এগৰাকীক পৰিয়ালৰ আন আন সদস্যই পাল্কী ল'বলৈ খুউব জোৰ কৰিছিল। তেওঁ আঁকোৰগোজ, শিৱজী কৌ জল ছাৰহায়েংগে তৌ ছীৰফ পেডেল যাকে হি ছাৰহায়েংগে। অত আস্থা! অত ভক্তি!

কেডাৰনাথ ১০.৫ কিঃমিঃ।

- আৰে, আৰে সাৱধান হোৱাঁ। ছাইন ব'ৰ্ড চাওঁতে চাওঁতে পিছল খাই পৰি নগʼলেই ৰক্ষা।

- এই ঠাইত যে ৰেলিংডাল ভগা,মনেই কৰা নাছিলোঁ।তুমি অসমৰ?

- অসমৰ হয়নে নহয় তাতে অলপ contradiction এটা আছে, পিছে অসমীয়া কʼব জানো, বুজিও পাওঁ। আমি একেখন টেক্সিত আহিছিলোঁ। হয়তো তুমি মন নকৰিলা।

- আচ্ছা, চাহ একাপ খাব পৰা যায় লগে-ভাগে?

- নিশ্চয়৷

ডাঁৱৰ আতৰি ৰ'দ নামিছে। ৰিঙা ৰিঙা অনুভৱ এছাটিয়ে কোবাই থৈ গ'ল। কাষেৰে পাৰ হৈ যোৱা দোলাভাৰীকেইজনলৈ বৰকে অনুকম্পা জাগিল। কেঁকো-জেকোকৈ যথেষ্ট ওজনৰ ভাৰ বৈছে। জী থকাৰ বাবেই অতখন সংগ্ৰাম, আয়োজন।

জয় ভোলেনাথ কি জয়!

হৰ হৰ মহাদেৱ!

ওম নমঃ শিৱায়!

সেয়া ভক্তগণে সমস্বৰে‍ চিঞৰিছে। শিৱ! কি এক অলৌকিকি শক্তি... সৃষ্টিকৰ্তা, পালনকৰ্তা, ত্ৰাণকৰ্তা। ক্ৰমশঃ উশাহ ঘন হৈ আহিছিল, মৃদু ফোঁপনি এটা অনুভৱ কৰিছিলোঁ। হঠাৎ যেন নোহোৱা হʼল।

- এয়া তোমাৰ প্ৰথম নে আগতে ট্ৰেকিং কৰাৰ অভ্যাস আছে?

- নহয়, নহয়। মোৰ প্ৰথমটো ট্ৰেকিং আছিল শ্বিলঙৰ ৱে'-শ্বাওডং ফলছ্। খোজেৰে মাত্ৰ ২০ মিনিটৰ বাট! প্ৰথমবাৰ শ্বিলঙলৈ গৈছিলোঁ, বেজিলৰ সৈতে। তাৰ পাছত জুক' ভেলী, দেৱকুণ্ড, লাডাখ, বৈষ্ণু দেৱী ইত্যাদি ইত্যাদি লিষ্টখন বিৰাট দীঘল।

- বঢ়িয়া,বঢ়িয়া পিছে বেজিল?

- মোৰ স্বামী।

NIT দুৰ্গাপুৰলৈ M.Tech-ৰ বাবে আহিছিল সি, মই B.Tech-ত ভৰ্তি হৈছিলোঁ। You have to dream, before your dream can come true! ডিপাৰ্টমেণ্টৰ প্ৰৱেশদ্বাৰত লিখি ৰখা এয়া আব্দুল কালামৰ কথা। এজাক সপোনপিয়াসী যৌৱনে ভিৰ কৰিছিল। নৱাগতক আদৰাৰ জোৰদাৰ আয়োজন চলিছিল। অথচ মোৰ কোনো ধৰণৰ হেঁপাহ নাছিল, নাছিল আগ্ৰহ। তেতিয়ালৈকে মৃত্যুৰ বিভীষিকাই খেদি ফুৰিছিল মোক। মোৰ বায়'ল'জিকেল জন্মদাতা কোন মই জ্ঞাত নহয়। মোক এজন সৎ-সবল-সাহসী ব্যক্তিয়ে সামাজিকভাৱে ডাঙৰ-দীঘল কৰিছিল। যাৰ আদৰত মৃত মানুহ জী উঠে, জী থাকে। মোক কৈছিল, তুমি ভগৱানৰ সন্তান। খুউব কম সময়ৰ বাবে দেতিক কাষৰত পাইছিলোঁ, সৰহ সময় বৰ্ডি‍ঙত থাকোঁতেই গ'ল। শামুকৰ দৰে খোলাত সামৰি-সুতৰি। বিশ্ববিদ্যালয়ত নামভৰ্তিৰ দুদিন আগত দেতিৰ উশাহ টুটিছিল, হাৰ্ট ফেইলিয়ৰ। বিশ্বাসাতীত উদাৰ, হাহিমুখীয়া মানুহজনক তিলফুলৰ দেশত সামৰি, নতুন এখন ঠাইত ভৰি থোৱা মোৰ বাবে মুঠেও সহজ কথা নাছিল।

গালেখন কঁকালত আটি আটি বান্ধি লৈ চুচুক-চামাককৈ ক্লাছলৈ আগ বাঢ়োঁ। দেতিৰ নগা শ্বালখনেৰে ভালদৰে কাণ-নাক ঢাকি লওঁ। উমাল এক সান্নিধ্যৰ উপস্থিতি যেন অনুভৱ হয়। ক্লাছৰ শেষত লাইব্ৰেৰীলৈ বাট পোনাওঁ। গছ হ'ব লাগিব, ছাঁ দিয়া গছ। লতা হ'লে নহ'ব- দেতিয়ে কোৱা কথা। শাৰী শাৰী ৰেকত অজস্ৰ কিতাপ। এবাৰ যদি কিতাপক সংগী কৰি লোৱা যায় সহজে লগ এৰা নিদিয়ে।

তাৰ মাজতে বেজিল মোৰ জীৱনলৈ আহিল, সেই যে হাতখন খামুছিলে... তাৰ স্পৰ্শ কামনাৰ ঊৰ্ধত আছিল। য'ত আশ্বাস আৰু বিশ্বাসে খোপনি পুতিছিল। মৰুৰ মৃতপ্ৰায় শুকান বনত সেউজীয়াই ভিৰ কৰাৰ দৰে। সি শিৱৰ দৰে আছিল... উদাত্ত প্ৰেমিক! অস্থিৰ, বহেমিয়ান, খেয়ালী মনৰ মানুহজনৰ সৈতে সংসাৰ কৰা প্ৰায় ঝামেলাই আছিল, অথচ তেওঁৰ ভালপোৱা, আদৰ-যতনে মোক আৱৰি ৰাখিছিল।

- কি ভাবত বিভোৰ? চাহ ঠাণ্ডা হ'ল!

- অহ্ মনেই কৰা নাই

- মহাদেৱে যেনেদৰে সৃষ্টি কৰিলে ঠিক সেইদৰে বিনাশ কৰিলে।' তেৰ চনত বানৰ যি মহাপ্ৰলয়, নিমিষতে ৰামবাৰাৰ দৰে গাঁও ধ্বংসস্তুপত পৰিণত হ'ল, হাজাৰ-বিজাৰ জীৱৰ সলিল সমাধি ঘটিল।

- প্ৰকৃতিৰ বুকুত মানুহৰ যি আপদ যজ্ঞ, তাৰ প্ৰাপ্তি কেৱল বিনাশ। ভাবি চালে এই জীৱনত একোৱেই নাই।

- কি কথা কোৱাহে... খোদ জীৱনটোৱেই আছে।

- জীৱন থকা আৰু জী থকাৰ তফাৎ নাই জানো?

- এই যে তুমি, মই অতবোৰ মানুহ ইয়াত আহি ভিৰ কৰিছোঁহি, কিয়?

- মোক্ষৰ বাবে, প্ৰশান্তিৰ বাবে আৰু প্ৰেম... প্ৰেমৰ বাবে।

- মই নিজক প্ৰাণভৰি ভাল পাওঁ। মই মেডুছা নহওঁ, কিন্তু নাৰ্চিছিষ্ট।

- ব'লা, আগ বাঢ়োঁ। এতিয়াও বহু দূৰ বাকী৷

বাটৰ কাষে কাষে ভক্তৰ বাবে গৰম পানী, নেমু চৰবতৰ ব্যৱস্থা কৰা হৈছে। মাত্ৰ প্ৰস্ৰাৱাগাৰ-শৌচাগাৰৰ ব্যৱস্থা কিছু দূৰত‌ আছে। ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ অথচ মানুহবোৰ সচেতন নহয়। প্লাষ্টিক, জাবৰ-জোথৰৰ প্ৰকোপৰ পৰা এই ঠাই মুক্ত নহয়। কেদাৰনাথক স্বৰ্গৰ আখ্যা দি, তাত প্ৰৱেশ কৰিয়েই জানো আমাৰ দায়িত্ব শেষ?

মুহূৰ্ততে কহৰাই চৌপাশ ছানি ধৰিলে। সুদূৰৰ খাৱৈ, বতৰৰ অনিশ্চয়তা, খৰস্ৰোতা নদীৰ ধ্বনিয়ে মোৰ এই যাত্ৰা ৰোমাঞ্চকৰ কৰি তুলিছে। পাহাৰৰ এঢলীয়া বাটত লাঠিত ভৰ দি খুপি খুপি দুয়ো আগ বাঢ়িলোঁ। মোৰ সহযাত্ৰী। যেন কোনো মৃৎশিল্পীয়ে গঢ়ি তোলা প্ৰতিমা! কিয় নাজানো তেওঁৰ নামটো সোধাৰো প্ৰয়োজনবোধ নকৰিলোঁ। আন্তৰিকতাই যথেষ্ট, অন্তৰংগতাৰ ভৰ বেছি।

সুদূৰত এচমকা পোহৰ।

জয় শ্ৰী কেদাৰ!

সন্ধিয়াৰ আৰতিৰ মংগলধ্বনি ৰিণি ৰিণি ভাহি আহিছে।

অৱশেষত চোৱাঁ চোৱাঁ... কেদাৰনাথ!

তাই উৎফুল্লিত হৈ পৰিছে। দুচকুৰে সৰসৰাই বৰষা নামিছে। কেমেৰাত বন্দী কৰি থʼব যেন সমগ্ৰ পৰিৱেশ, প্ৰতিটো মুহূৰ্ত। এই আপোনভোলা ছোৱালীজনী ভালে থাকক।

আমাৰ দৰ্শন হৈ গ'ল। নেদেখাজনৰ দ্বাৰত সমগ্ৰ বিশ্ব, জীৱকুল আৰু সৰল ছোৱালীজনীৰ কল্যাণ কামনা কৰিলোঁ।

আজি মোৰ বাবে এটা বিশেষ দিন, মোৰ জন্মদিন। এই দিনটো দেতিয়ে জীৱিতকালত ধুম-ধামেৰে উদ্‌যাপন কৰিছিল। এই দিনটোতেই তেওঁ মোক মৰহি যোৱাৰ পৰা পুনৰবাৰ জীয়াই তুলিছিল। পাৰ কৰি অহা তেত্ৰিছটা বসন্তত এটা কথা উদ্ধাৰ কৰিলোঁ। মোৰ বাবে, এই জগতৰ সত্য প্ৰেম আৰু মৃত্যু।

বেজিলৰ খুউব ইচ্ছা আছিল কেদাৰনাথলৈ অহাৰ। সেইমতে আমি যো-জা কৰিছিলোঁ। হঠাৎ ক'ভিডৰ প্ৰথমটো লকডাউনে বেজিল আৰু মোৰ সকলো পৰিকল্পনাত যতি পেলালে। দ্বিতীয়টো ল'কডাউনে মোৰ জী থকাৰ ইচ্ছাশক্তিত যতি পেলালে। মোৰ কপালৰ ৰঙা বেলি অকালতে বুৰ গ'ল।

মোৰ সহযাত্ৰীক শেষ বিদায় জনাই প্ৰকৃত গন্তব্যস্থানলৈ আগ বাঢ়িলোঁ। পূবে ধলফাট। হিমচেঁচা বতাহজাকত সৰ্বশৰীৰ শিল যেন মোৰ। প্ৰশান্তিৰ উশাহকণ বুকুলৈ উজাই লʼলোঁ। চকুহাল জাপ খাই আহিল।

এতিয়া বেজিলৰ অস্থি বুকুত বান্ধি "স্বৰ্গৰ গংগাত" মই চিৰদিনৰ বাবে শুই পৰিম।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ